পঞ্চপদী – হেমেন ডেকা
১.
শুনিছোঁ অশেষ সাংগীতিক আশ্বাস
শূণ্যতাৰ গ্ৰাসত সুগভীৰ বিশ্বাস
শোষিতৰ কথা কয়
শেহত পাহৰি যায়
শুৱলা শব্দই মাথোঁ কৰে উপহাস!
2.
কথাত জিলিকে বিয়াগোম ফাঁকি
কামত ফাং ফুং- মাথোঁ চালাকি
বাহুল্য বকনি
বিৰাট ফুটনি
ফটাফট প্ৰতিশ্ৰুতি দিয়ে বাকি৷
৩.
একাংশৰ ধান্দা- কেনেকৈ হ’ব পাৰি নেতা,
আবেগৰ বেপাৰী, আমাৰ যে কপাল ফুটা!
নুবুজোঁ আমি চতুৰালি,
চিন্তাত লাগে খেলিমেলি,
সেয়ে হ’লোঁ নেকি সিহঁতৰ বাবে পলু লেটা!
৪.
টোপ টোপ টোপ- ই যে বৰলৰ টোপ
টোপ দেখি চেঙেলীহঁতেও লয় চোপ
মনত আচৰিত আশা
পাহৰে পূৰ্বজৰ দশা
বৰশীত লাগি হয়গৈ চেতনা লোপ!
৫.
বছৰদিন আগে বোপা আছিল জাতীয়তাবাদী!
বৰকৈ কা কা কৰে আজিকালি দেখিলে প্ৰতিবাদী৷
বেয়া পায় বিৰোধী আন্দোলন,
বগলীৰ দৰে কি যে ভেশচন!
বিদেশীৰ ৰখীয়া হৈ তেৰাই কেনেকৈ এৰে গাদী?
৬.
বিষাক্ত ফুল হৈ ফুলি ৰ’ল ভুল!
কাৰনো প্ৰলোভনত গ’লোঁ ভোল?
বেচিলোঁ খেতিৰ মাটি,
সোণেৰে বান্ধিম ভেটি;
মিছা আশাত হ’ল মন ব্যাকুল!
৭.
সৱতে বিদেশীৰ ছায়া!
খোজেপতি কুহক মায়া৷
অ হৌ হৌ মহোহৌ,
মূৰতে মাৰিলি ঔ!
জাতিৰ ৰণ তয়াময়া৷
৮.
হেৰ’ ক’লীয়া ঢোঁৰা কাউৰী
ৰক্ততৃষ্ণা লৈ আহিলি উৰি
নকৰিবি কা কা
যা কাউৰী যা যা
এৰি দে তোৰ ছল-চাতুৰি৷
৯.
মুখত পিঠা ভৰাই মুক হ’ল শিষ্য
গুৰু বন্দনাত থাকে অহৰহ ব্যস্ত
কঢ়িয়াই কিম্ভুত জোলোঙা
খায় অৱশ্যে চিতভোলোঙা
উচ্ছিষ্টৰ সোৱাদ অপূৰ্ব সেয়া সত্য৷
১০.
আহা! এতিয়াহে আমাৰ মন পৰিছে শাত!
বিদেশীক বৰপীৰা পাৰি বাঢ়ি দিম ভাত
প্ৰভুক দিছো শৰাই,
গাদী ৰাখিব সদায়;
উৱা, খাৰখোৱাই দিছে মূৰে-কপালে হাত!
১১.
ক্ষমতাৰ বাবে কিছু কৰিব লাগে আপোচ!
ৰাইজক মিছা ক’বলৈ কিহৰ সংকোচ?
এয়েটো ৰাজনীতি,
দি যাওঁ প্ৰতিশ্ৰুতি
আমাৰ ভাষণ শুনি ভোজখোৱাহঁতো খুচ!
১২.
মাতব্বৰৰ দুচকুত মধ্যযুগীয় তৃষা
নিষ্পেষণত ৰাইজৰ মষিমূৰ আশা
এনেহে দিন-কাল পৰিল
চৌদিশ ধোঁৱাই আৱৰিল
বিষাদৰ জুইত জ্বলিল কাল অমানিশা!
☆ ★ ☆ ★ ☆
8:34 pm
ভাল লাগিল দাদা৷ বিশেষকৈ ৪নম্বৰটো বহুত ভাল লাগিল৷