ফটাঢোল

ইতিবাচক মনােভাব গঢ়াৰ সংকল্প – গীতিমালিকা নেওগ

চাই থাকোতেই ২০১৯ বৰ্ষই বাগৰ সলালে। প্ৰকৃততে এখন কেলেণ্ডাৰ সলনি হােৱাৰ বাহিৰে বাকী সকলােবােৰ গতানুগতিক হৈয়ে ৰ’ল। পুৱাৰেপৰা সেই একেই কর্মব্যস্ততা। তাৰিখটো নজনা হ’লে কোনাে পার্থক্য নথকা এটা দিন। সূর্য উদয় হৈছে আৰু অস্ত গৈছে। কিন্তু এই দৈনন্দিন সকলাে কাম-কাজৰ মাজতাে আমি নৱবৰ্ষৰ প্রথম দিনটোত আনক শুভেচ্ছা জনাইছোঁ, হাঁহি-ধেমালিৰে আনন্দ অনুভৱ কৰিছোঁ। ২০২০ বৰ্ষটোকো আদৰি লৈছােঁ তাৰ ওপৰতেই আলম লৈ জীৱন যাপনৰ পদ্ধতি কিছু সলনি কৰিবলৈ চেষ্টা কৰিব পাৰোঁ। খ্রীষ্টোফাৰ মার্লিয়ে কৈছিল — জীৱন হ’ল এটা বিদেশী ভাষা। কোনাে মানুহেই তাৰ শব্দবােৰ শুদ্ধকৈ উচ্চাৰণ কৰিব নােৱাৰে। কিন্তু মই ক’ব বিচাৰোঁ যে প্রচেষ্টা চলাই গ’লে এদিন নহয় এদিন শুদ্ধ উচ্চাৰণৰ নিশ্চয় কাষ চাপিব পাৰি।

নতুন বছৰৰ আৰম্ভণিতে তেনে এটা সংকল্প ল’বলৈ সকলােকে আহ্বান জনাইছোঁ। তাৰ পদক্ষেপ হিচাপে জীৱনটো ইতিবাচক মনােভাবেৰে গঢ়ি তােলক। ইতিবাচক মনােভাবে জীৱন সলনি কৰিব পাৰে। আমি অহৰহ যি মানসিক আনন্দ, সুখ বা দুখ অনুভৱ কৰো সেয়া আমাৰ মনৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ নকৰে। আমি জীৱনৰপৰা কি পাইছোঁ বা পােৱা নাই তাৰ ওপৰতে সম্পূর্ণ নির্ভৰ কৰে। প্ৰকৃততে আমাৰ সুখ আৰু দুখ নিৰ্ভৰ কৰে আমি কি ভাবাে, ভবাৰ পৰিৱেশ আৰু পৰিস্থিতিৰ ওপৰত। নতুন বছৰৰ দিনবােৰ পাৰ হৈ যােৱা বছৰটোৰ দিনবােৰৰ দৰেই ঘাত-প্রতিঘাত, আনন্দ-বিষাদ, হাঁহি-কান্দোনেৰে ভৰি পৰিব। কেৱল প্ৰতিটো কথাকে ইতিবাচক মনােভাবেৰে গ্ৰহণ কৰিবলৈ চেষ্টা কৰক। ইতিবাচক মনােভাবে জীয়াই থকাৰ বাবে প্ৰেৰণা যােগায়। জীৱনত আশাবাদৰ জন্ম দিব। নেতিবাচক মনােভাব বা চিন্তাধাৰাক দূৰ কৰিব পাৰিলে দুঃশ্চিন্তাক জয় কৰিব পাৰি। যদিহে ইতিবাচক মনােভাবক জীৱনৰ অন্যতম লক্ষ্য হিচাপে গ্রহণ কৰা হয়, তেন্তে ই নিশ্চিতভাৱে জীৱন সলনি কৰি দিব। জীৱনটো সুখেৰে পৰিপূৰ্ণ হােৱাৰ লগতে উজ্জ্বল আৰু কৃতকার্যতাৰে ভৰি পৰিব। কোনাে ধৰণৰ নেতিবাচক চিন্তাই যাতে মনৰ ওপৰত ক্রিয়া কৰিব নােৱাৰে সেই বিষয়ে সংকল্প লৈ সেই প্রতিজ্ঞা নিৰন্তৰ নিজৰ সচেতন মনটোক সোঁৱৰাই থাকক। তেনে মানসিক অৱস্থাত কেতিয়াও নেতিবাচক চিন্তাই মনটোক আৱৰি ধৰিব নােৱাৰে। নিজক হতাশাত আক্রান্ত হােৱাৰ কোনাে সুযােগ দিব নালাগে। মনত গভীৰ আত্মবিশ্বাস গঢ়ি তােলক। জীৱনত সন্মুখীন হােৱা সমস্যাৰ সৈতে যুঁজি থাকিব নালাগে অথবা সমস্যাৰ কথা ভাবিব নালাগে। কেৱল সমস্যাৰ সমাধান-সূত্র উলিয়াওক। দেখিব সমস্যা আপােনা-আপুনি আঁতৰি গৈছে।

ইতিবাচক মনােভাবৰ বাবে কেইটামান প্ৰচেষ্টাৰ প্ৰয়ােজন— যিয়ে স্পষ্ট কৰে গঠনমূলক মনােভাব, সৃষ্টিমূলক মনােভাব, আশাবাদ, জীৱনত নতুন কিবা এটা কৰাৰ সংকল্প। সকলাে সময়তে মনটো সজীৱ কৰি ৰখা প্রয়ােজন। কৃতকার্যতাৰ দৃঢ়তাই পৰাজয়ক দূৰ কৰে আৰু লগতে যিকোনাে কামৰ বাবে উৎসাহ দিয়ে। বিপদ-বিঘিনি আঁতৰ কৰে। নেতিবাচক কথাবােৰ আশীর্বাদ হৈ জীৱনলৈ ঘূৰি আহে। জীৱনৰ উজ্জ্বল দিশটোৰ ফালে চাবলৈ চেষ্টা কৰিব লাগিব, তেতিয়া আন্ধাৰবােৰ নােহােৱা হৈ থাকে। এনে কৰােতে কেতিয়াবা একেটা বিষয়ত বহুবাৰ চেষ্টা কৰিব লগা হ’ব পাৰে। প্ৰকৃততে মানুহৰ মনৰ শক্তিৰ ক্ষমতাৰ কোনাে পৰিসীমা নাই — যদিহে তাক আমি সীমাবদ্ধ কৰি ৰাখিব নিবিচাৰোঁ। কিয়নাে, মনে জীৱনৰ যিখন ছবি আঁকিব পাৰে আৰু যিটো বিশ্বাস কৰে, তাকেই বাস্তৱায়িত কৰিব পাৰে। তাৰ বাবে লাগিব বিশ্বাস, দৃঢ়বিশ্বাস আৰু আত্মবিশ্বাস। এই বিশ্বাসৰ বাবেই মার্কনিয়ে ইথাৰ তৰংগৰ মাজেদি শব্দৰ প্ৰৱাহক সম্ভৱ বুলি কৈছিল। তেওঁৰ সেই বিশ্বাসৰ বাবেই বহুবাৰ ব্যর্থতাৰ পাছতাে ৰেডিঅ’ৰ আৱিষ্কাৰ কৰি বিজয় মুকুট পিন্ধিছিল।

কেনেকৈ ইতিবাচক মনােভাবে জীৱনৰ ওপৰত ক্রিয়া কৰে সেই বিষয়ে মনােবিজ্ঞানীসকলৰ বিভিন্ন গৱেষণা হৈছে। এই কথা প্রমাণে হৈছে। তাৰে এক শেহতীয়া সংযােজন কৰিছে নর্থ কেৰােলিনা বিশ্ববিদ্যালয়ৰ মনােবিজ্ঞানী বাৰবাৰা এল ফেড্রিকচনে। তেওঁ এই বিষয়ত একেৰাহে ১৬ বছৰ কেইবাজনাে বিশিষ্ট সহযােগীক লগত লৈ গৱেষণা কৰিছিল। গৱেষণাৰ অন্তত তেওঁ সবিস্তাৰে ইতিবাচক মনােভাব জীৱনৰ ওপৰত পৰা প্ৰভাৱৰ বিষয়ে ব্যাখ্যা কৰিছে। নেতিবাচক মনােভাবৰ মগজুৰ ওপৰত প্ৰভাৱৰ বিষয়ে এটা সুন্দৰ উপমা তেওঁ দিছে।

এজন মানুহ এটা পথত অকলে খােজকাঢ়ি গৈ আছে। তেওঁ খােজ কাঢ়ি যােৱা পথৰ দুয়ােকাষ ঘন জংঘল। হঠাতে সন্মুখৰপৰা এটা বাঘ মানুহজনৰ ফালে আগুৱাই আহিল। মানুহজনে বাঘটোৰপৰা বাচিবলৈ উভতি দৌৰিবলৈ ধৰিলে। তেওঁৰ তাৎক্ষণিকভাৱে ভয়ৰ জন্ম হ’ল আৰু ভয়ে তেওঁক পৃথিৱীৰ সকলাে কথাৰপৰা বিচ্ছিন্ন কৰি দৌৰাৰ কাৰ্য কৰালে। এয়া নেতিবাচক মনােভাব প্রতিক্রিয়া। সেই মানুহজনে এজোপা গছত উঠিব পাৰিলেহেঁতেন, অর্থাৎ আত্মৰক্ষাৰ পথ বাছি লােৱাত ব্যর্থ হ’ল। নেতিবাচক চিন্তাই মগজুৰ সকলাে চিন্তাৰ দুৱাৰ বন্ধ কৰি দিয়ে।

ইতিবাচক চিন্তাৰ প্ৰমাণ ল’বলৈ ফেড্রিকে পাঁচটা দলৰ ওপৰত পৰীক্ষা চলাইছিল। তেওঁ প্ৰতিটো দলক সৰু সৰু ঘটনা ছবিৰ আকাৰত দেখুৱাইছিল। প্রথম দুটা দলক তেওঁ সৃষ্টিমূলক মনােভাব দেখুৱাইছিল। তাৰে এটা সৃষ্টিৰে অনুভৱ কৰা আনন্দ আৰু আনটো আছিল সৃষ্টিৰে অনুভৱ কৰা সন্তুষ্টিৰ ওপৰত। তৃতীয় দলটোক দিছিল কিছুমান নিৰপেক্ষ মনােভাবৰ ছবি। চতুর্থ দলটোক দেখুৱাইছিল নেতিবাচক মনােভাব খং, ক্রোধ আদিৰ ছবি আৰু পঞ্চম দলটোক দেখুৱাইছিল ভয় উদ্ভৱ হােৱা কিছুমান ছবি। তাৰ পাছত প্ৰতিটো দলকে কেইখিলামান উকা কাগজ দি নিজৰ মতামত ব্যক্ত কৰিবলৈ কৈছিল। কেৱল প্রথম পৃষ্ঠাটো প্রথম শাৰীটো আৰম্ভ কৰিব লাগিছিল এনেদৰে মই ভাবাে যে..

পিছত দেখা গ’ল ইতিবাচক মনােভাব দেখা পােৱা দল দুটাই সবিস্তাৰে ব্যাখ্যা কৰিব পাৰিলে। অর্থাৎ ইতিবাচক মনােভাবে মনৰ ওপৰত বহুত ক্রিয়া কৰে। তাৰ তুলনাত বাকীকেইখন ছবি দেখা দলবােৰ তুলনাই নহয়। নেতিবাচক ছবি দেখা পােৱা দল দুটাই সামান্য প্রতিক্রিয়া ব্যক্ত কৰিলে।

প্রকৃততে মানুহৰ মনটো এটা আচৰিত বস্তু। মানুহৰ মনটোৱেই একমাত্র সত্তা। যি জীৱনক প্রভাবিত কৰে। এই মনতেই থাকে সকলাে সমস্যা সমাধানৰ উপায়। সেয়ে মনক গঢ়ি-পিটি কিদৰে ইতিবাচক মনােভাবেৰে গঢ় দিব লাগিব সেই কথা শিকি ল’ব লাগিব। ইয়াৰ বাবে লাগিব অটল বিশ্বাস। হেনৰী ফ’র্ডে বিশ্বাস কৰিছিল যে ঘোঁৰাই টনা গাড়ীৰ সলনি তেওঁ ইঞ্জিনেৰে চলা দ্রুতবেগী গাড়ী তৈয়াৰ কৰিব পাৰিব।

তেওঁৰ সেই বিশ্বাসক সেই সময়ত বহুতেই পাগলৰ প্রলাপ বুলি কৈছিল যদিও ফ’ৰ্ডৰ আছিল নিজৰ ওপৰত অটল বিশ্বাস। সেই বিশ্বাসৰ বাবেই তেওঁ মটৰগাড়ী স্রষ্টা হ’ব পাৰিছিল, যিয়ে সভ্যতাৰ ৰূপ সলনি কৰি দিছিল।

ইতিবাচক মনােভাবেহে বিশ্বাসৰ জন্ম দিয়ে। এই মনােভাবেই সকলাে কাম সম্ভৱ কৰি তােলে। প্রখ্যাত হেলেন কিলাৰ আছিল জন্মান্ধ, বােবা, বধিৰ। কিন্তু তেওঁৰ নিজৰ ওপৰত আছিল বিশ্বাস যে তেওঁ আন মানুহৰ দৰে পঢ়িব পাৰিব। সেই বিশ্বাসেই তেওঁৰ জীৱনলৈ আনিছিল নতুন প্রাণ। বছৰৰ আৰম্ভণিতে আমিও সংকল্পবদ্ধ হওঁ যে ইতিবাচক মনােভাবেৰে জীৱনটো সুন্দৰকৈ গঢ়ি তুলিম।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *