ফটাঢোল

“এখন জটিল মনস্তত্বমূলক নাটক : সত্যপ্ৰসাদ বৰুৱাৰ ‘মৃণালমাহী’ ” – চাহিন জাফ্ৰি

অসমীয়া নাট্য জগতৰ এজন চিৰ স্মৰণীয় ব্যক্তি সত্যপ্ৰসাদ বৰুৱাক(১৯১৭-২০১১) নাট্যপ্ৰভাকৰ নামেৰেও জনা যায়। তেওঁ একেধাৰে নাট্যকাৰ, অভিনেতা, নাট পৰিচালক ,নাট প্ৰযোজক ,সমালোচক আৰু নিবন্ধকাৰো আছিল। নাটক আৰু অভিনয়কে জীৱনৰ একমাত্ৰ সাধনা হিচাবে লোৱা বৰুৱাই ভালেকেইখন মৌলিক নাটক ৰচনা কৰাৰ উপৰিও কেইবাখনো অভিযোজিত আৰু অনুবাদ নাটকো ৰচনা কৰিছিল। চাকৈ-চকোৱা(১৯৪০),কল্পনাৰমৃত্যু(১৯৪০),শিখা(১৯৫৭),জ্যোতিৰেখা(১৯৫৮),শ্বাশ্বতী(১৯৬৬),ভাস্বতী(১৯৬৬),দুপৰনিশা(১৯৬৬),জৱালা(১৯১৬),নায়িকা নাট্যকাৰ(১৯১৬),মৃণালমাহী(১৯৭৬),ধৰালৈ যিদিনা নামিব সৰগ(১৯৮৬),আশা(১৯৮৬),ফুলকলি(১৯৮৬)অনাৰকলি(১৯৫৭),কুনালকাঞ্চন(১৯৮৬),সিংহাসন(১৯৮৬) আদি নাটক তেওঁ ৰচনা কৰিছিল।

সত্যপ্রসাদ বৰুৱাৰ মৃণালমাহী নামৰ নাটকখন ফ্রয়েডীয় মনস্তত্ত্বমূলক নাটক। সন্তানহীনা নাৰী এগৰাকীৰ সন্তান লাভৰ কামনা আৰু তীব্র নিসংগতাৰ ফলত সৃষ্টি হােৱা এবিধ জটিল মানসিক ৰােগে কি দৰে এগৰাকী নাৰীৰ জীৱনলৈ বিপর্যয় নমাই আনিলে, সেই শােকাবহ ঘটনাটোক নাটকখনৰ জৰিয়তে বর্ণনা কৰা হৈছে। মৃণাল বৰুৱা নামৰ নাৰীগৰাকীয়ে তীব্র মানসিক প্রক্রিয়া বা Obession ৰ ফলত সৃষ্টি হােৱা এক অচিন ব্যাধিক গর্ভসঞ্চাৰ বুলি ভ্রমাত্মক ধাৰণাৰ বশৱৰ্তী হয়। বিজ্ঞানৰ ভাষাত ‘চিওডােচায়েচিচ্’ (Pseudocyesis)নামৰ এক মানসিক ৰােগত আক্রান্ত হােৱাৰ ফলত তেওঁৰ দেহত কৃত্রিম গর্ভধাৰণৰ লক্ষণে দেখা দিয়ে।

নাটকখনৰ কাহিনী অনুসৰি ঠিকাদাৰ ভৱেশ বৰুৱাৰ পত্নী মৃণাল এগৰাকী ভাল গৃহিণী। কিন্তু সন্তানহীনতাৰ দুখে তেওঁক খুলি খুলি খাইছিল। মাতৃত্ব লাভৰ প্ৰবল বাসনাই তেওঁক দিনে দিনে নিসঙ্গ কৰি তুলিছিল। কিন্তু ইয়াৰ বুজ ল’বলৈ তেওঁৰ স্বামী ভৱেশ বৰুৱাৰ অকণাে আহৰি নাই। ভৱেশৰ বন্ধু-পুত্র দীপকে তেওঁলােকৰ ঘৰতে থাকি কলেজত পঢ়িবলৈ ধৰিছিল আৰু মৃণালক তেওঁ মাহী বুলি মাতিছিল। দীপকৰ উপস্থিতিয়ে মৃণালৰ নিসঙ্গতাক কিছু পৰিমাণে আঁতৰ কৰে।ঠিক তেনে সময়তে কেশৱ হাজৰিকা নামৰ ডেকা ইঞ্জিনিয়াৰ এজনৰ তেওঁলােকৰ ঘৰলৈ আগমন ঘটে। হাজৰিকাৰ লগত মৃণালৰ বন্ধুসুলভ সম্পর্ক এটা গঢ়ি উঠে যদিও ই বেছি দিনলৈ নিটিকিল। চাকৰিসূত্রে অন্য ঠাইলৈ বদলি হােৱাত তেওঁ গুচি যাব লগা হয় আৰু মৃণাল পুনৰ নিসংগ হৈ পৰে। সেই সময়তে

মৃণালক উক্ত মানসিক ৰােগটিয়ে আক্রমণ কৰে আৰু মৃণালৰ গাত সন্তানসম্ভৱা নাৰীৰ সকলো লক্ষণ ফুটি উঠে। কথাটো গম পােৱাৰ লগে লগে মৃণালৰ স্বামী ভৱেশ বৰুৱা ঈর্ষাত জ্বলি-পকি উঠে,কিয়নাে তেওঁৰ ভালদৰেই জানে যে তেওঁৰ সন্তান জন্ম দিয়াৰ ক্ষমতা নাই।মৃণালৰ ওপৰত তেওঁৰ সন্দেহ জন্মে আৰু সেয়া হাজৰিকাৰেই অবৈধ সন্তান বুলি ধৰিবলৈ প্ৰায়েই তেওঁলােকৰ মাজত তর্কাতর্কি হয়। এদিন নিশা সুৰামত্ত অৱস্থাত ভৱেশ বৰুৱাই মৃণালক প্ৰহাৰ কৰে আৰু তাৰ ঠিক পিছদিনাই মৃণালৰ মৃতদেহটো বাথৰুমত ওলমি থকা অৱস্থাত পােৱা যায়।নাটকখনত এইকথাখিনি ঘােষক ৰূপী দীপকৰ মুখেৰে এইবুলি জনা যায় ―

“দীপক : পাছদিনা পুৱা মৃণাল মাহীৰ দেহাটোক ডিঙিত ফাঁচ লাগি বাথৰুমত ওলমি থকা পোৱা গ’ল। সকলোৱে জানিলে মৃণাল মাহীয়ে আত্মহত্যা কৰিছে। মহাদেৱে পুলিচক খবৰ দিলে।পুলিচ আহিছিল।শৱটো পোষ্টমৰ্টেম কৰা ডাক্তৰে মাহীদেউৰ ইউটেৰাছত সন্তান ফিটাচৰ অৱস্থিতিৰ কোনো সন্ধান নাপালে।মোৰ ছাট্ কৰে মনত পৰি গৈছিল মেডিকেল জাৰ্নেল এখনত পঢ়া মনস্তাত্বিক বেমাৰ এটাৰ কথা।বেমাৰটোৰ ডাক্তৰী নাম হ’ল-‘চিওডোচায়েচিচ্’ (pseudosayesis). হাজৰিকাৰ প্ৰতি গঢ়ি উঠা অনুৰাগ আৰু সন্তানৰ কামনা দুয়ো লগলাগি মহাদেউ সন্তান জন্ম দিয়াৰ বাবে অক্ষম হোৱা সত্বেও মাহীদেউৰ শৰীৰত অন্তঃসত্তা হোৱাৰ সকলো লক্ষণে হয়তো মনস্তাত্বিক কাৰণতে দেখা দিছিল।শ্মশানত মাহীদেউৰ চিতাত দপদপাই জ্বলি উঠা জুইকুৰাৰ ফালে চাই চাই মোৰ মনলৈ এই ভাৱটোৱেই আহিছিল যে মাহীদেৱে চাগৈ আত্মহত্যা কৰা নাই।ভুল বুজি আৰু সন্দেহ কৰি মহাদেৱে কিজানি মাহীদেউক হত্যা কৰিছে।সেইদিনা চিতাৰ জুইৰ উত্তাপেও মোৰ চকুৰে নিগৰি ওলোৱা চকুপানী শুকাব পৰা নাছিল।ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিলোঁ পৰজনমত মোৰ অতি মৰমৰ মৃণালমাহীয়ে যেন শান্তি পায়।”(মৃণালমাহী, সত্যপ্ৰসাদ বৰুৱা, পৃ.৩৬৮)

চাৰিটা মাত্ৰ চৰিত্ৰৰে পূৰ্ণ নাটকৰ কাহিনীত নাট্যকাৰে অভিনৱত্ব প্ৰদান কৰিছে।এগৰাকী নাৰীৰ সন্তান জন্ম দিয়াৰ তীব্ৰ বাসনা আৰু সন্তান জন্ম দিবলৈ অক্ষম স্বামীৰ পত্নীৰ প্ৰতি অবিশ্বাসৰ মনোবেদনা অতি মৰ্মস্পৰ্শীভাৱে নাটকখনত উপস্থাপন কৰা হৈছে।আনহাতে, নাটকখনৰ আন এটা লক্ষণীয় দিশ হৈছে― মধ্যবয়সীয়া বিবাহিত মহিলাৰ প্ৰতি অবিবাহিত ডেকা ল’ৰাৰ প্ৰেম।নাটকৰ কাহিনীত এয়াও এক লক্ষণীয় অভিনৱত্ব।আৰু লক্ষণীয় কথা হ’ল― কেশৱ হাজৰিকা আৰু মৃণাল উভয়ে উভয়ৰ প্ৰতি অনুৰাগী হ’লেও তেওঁলোকৰ কোনেও প্ৰতিষ্ঠিত নীতি-নিষ্ঠাৰ পৰা অব্যাহতি নিবিচাৰে।সামাজিক ৰীতি-নীতিৰ বিৰুদ্ধে তেওঁলোকে ক’তো বিৰক্তি-বিতৃষ্ণা প্ৰকাশ কৰা নাই।মৃণালেও নিজৰ স্বামীক এৰি হাজৰিকাৰ সংগ বিচৰা নাই।

নাটকখনৰ আটাইতকৈ প্ৰয়োজনীয় আৰু উল্লেখযোগ্য কৃতিত্ব এয়ে যে আৰম্ভণিৰ পৰা শেষলৈকে এটা উৎসুকতাই দৰ্শকক মুগ্ধ কৰি ৰাখে।উৎসুক্য বজাই ৰাখিব পৰাটো নাট্যকাৰৰ এটা প্ৰয়োজনীয় গুণ আৰু এই গুণ বজাই ৰখাত নাট্যকাৰে সফলতা লাভ কৰিছে।

সত্যপ্ৰসাদ বৰুৱা এজন সফল নাট্যকাৰ।অসমীয়া নাট্যজগতত জ্যোতিপ্ৰসাদ আগৰৱালাৰ পাছতে সত্যপ্ৰসাদ বৰুৱাই এক সুস্থ নাট্য আন্দোলন গঢ়ি তোলাৰ প্ৰয়াস কৰিছিল।বিষয়বস্তু, আংগিক, চৰিত্ৰ চিত্ৰায়ন আদি সকলো বিষয়তে তেওঁ গতানুগতিকতাক পৰিহাৰ কৰি অসমৰ মঞ্চত যে এক আধুনিক নাট্য আন্দোলনৰ ধ্বজা ধৰিছিল তাত কাৰো দ্বিমত থাকিব নোৱাৰে। চৰিত্ৰৰ মানসিক সংঘাতৰ মাজেৰে মানুহৰ মনোজগতৰ বিশ্লেষণ আৰু চিনাকি জগত খনকে আৰু ওচৰৰ পৰা জুখি চোৱাৰ প্ৰয়াসে তেওঁৰ নাট্যসমূহক নতুনত্ব প্ৰদান কৰিছিল।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *