লাজ – সঞ্জীৱ পল ডেকা
নাৰায়ণ কাকতিৰ অন্ঠ-কন্ঠ শুকাই আহিছিল।তেওঁৰ পুলিছি মেজাজটো হঠাৎ বাঢ়ি আহিব খুজিছিল।তথাপি তেঁও নিয়ন্ত্ৰণ কৰিলে।খঙেই বা কাৰ ওপৰত দেখুৱাব! ইমান সৰু চুবুৰীটোত যে এনেকুৱা এটা ঘটনা ঘটিব কোনেও ভবাই নাছিল।তাতে গাঁওখনৰ সৰহ সংখ্যক মনুহৰেই লিখা-পঢ়া নাই।এজন কেৰাণী আৰু এজন হাই স্কুলৰ শিক্ষকৰ বাহিৰে বাকী সকলোৰে এটাই জীৱিকা – দিনহাজিৰা।অৱশ্যে তিনিজন কাঠমিস্ত্ৰী,দুজনমান ৰিক্সাচালক,ঠেলাচালকো নোহোৱা নহয়।মুঠতে চুবুৰীটোৰ প্ৰায়বোৰ মানুহেই জীৱিকাৰ সন্ধানত ৰাতিপুৱাই ওলায় যায়।সন্ধিয়া আকৌ নিজ নিজ ঘৰলৈ উভতি আহে।
সুদীৰ্ঘ কৰ্মজীৱনৰ অভিজ্ঞতাত কাকতিৰ এই অভিজ্ঞতা এক অভিনৱ সংযোজন।সৰ্বদিশৰ পৰা পিছপৰি থকা এনেকুৱা এখন গাঁও এইখন দেশতে যে থাকিব পাৰে,কাকতিয়ে ভবাই নাছিল।তাতে ঘটনাটোও ৰোমাঞ্চকৰ।
দোষী ধৰা পৰক নপৰক ,ইয়াৰ পৰা যে একো কামত নাহিব কাকতিয়ে ইতিমধ্যেই অনুমান কৰিছিল। সেয়ে ঘটনাটো তেওঁ এক প্ৰকাৰৰ পাহৰিবলৈয়েই যত্ন কৰিছিল। কিন্তু পৰহি এছ পি চাহাবৰ পৰা পােৱা নির্দেশতহে তেওঁ পুনৰ এই গাঁৱত উপস্থিত হৈছেহি।
পথাৰৰ চুকত থকা মহীৰামৰ ঘৰৰ পৰা আহি কাকতিহঁতৰ দলটো প্রকাণ্ড আমগছ জোপাৰ তলতে ৰ’লহি। প্রত্যেকজনেই তেওঁলােকৰ নাক আৰু কপালত জিলিকি উঠা ঘামৰ টোপালবােৰ মচি ল’লে। তাৰ পিছত চিপাহী বিমলে কাকতিক উদ্দেশ্য কৰি আমজোপাৰ ফেৰেঙা ডালটোলৈ চাই মন্তব্য কৰিলে-
:এইজোপাই যত যি কুটৰ ঘাই ছাৰ। এইজোপা নহ’লে ঘটনাটো ঘটিবলৈকে নাপালেহেঁতেন ছাৰ। নে কি কয় ছাৰ?
কওঁতে বিমলে ঠিকেই কৈছে। পঞ্চায়তৰ কৰ্মীয়ে এইখন গাঁৱতহে আৰু বেনাৰখন মাৰিবলৈ পালেনে? যিবােৰ মানুহে ক’ৰ চুক কেইটা তাক নাজানে, সিহঁতে আকৌ বেনাৰৰ ভাষা কি বুজে?চৰকাৰৰ সাফল্য, বছৰ পূর্ণ হােৱা – এইবােৰৰ সৈতে সিহঁতৰ সম্পর্কই বা কি? বেনাৰৰ অৰ্থ বুজি নাপাই নিলে আৰু কোনােবাই সােলােকাই কিবা দৰকাৰ হ’ব পাৰে বুলি।সেইটো ইমান ডাঙৰ অপৰাধ হ’ব পাৰেনে যে পুলিছে অনুসন্ধান চলাই দিব লাগে। কাকতিৰ এছ পিলৈ মনে মনে বৰ খং উঠিল। সৰু সৰু মানুহবােৰে কিবা অপৰাধ কৰিলেই প্রশাসন যন্ত্র যে শক্তিশালী সেইটো দেখুৱাব খােজে, আনহাতে দেশখনত কিমান কি হৈ থকা নাই। মূল্যবান সম্পত্তি চুৰ কৰিছে কোটি কোটি টকাৰ কেলেংকাৰী ধৰা পৰিব লাগিছে।মেধাবীসকলক বঞ্চিত কৰি টকাৰ বিনিময়ত অযােগ্য শিক্ষকক নিযুক্তি দিব লাগিছে। কিন্তু অপৰাধীৰ শাস্তি ক’ত। তেতিয়া প্রশাসন যন্ত্রই কিয় অন্ধৰ ভাও লয়?
অৱশ্যে কাকতিৰ অপৰাধী বিচাৰি উলিওৱাত বাধা নাই। কিন্তু আজি এছ পিয়ে দিয়া কঠোৰ নিৰ্দেশতহে কাকতিৰ মনত কেইবাটাও ‘কিয়’ উদয় হৈছে। এছ পিয়ে তেওঁক কৈছিল- আপুনি ঘটনাটো সাধাৰণ ভাৱে লৈছে যেন লাগিছে। সেই দৰিদ্র, অশিক্ষিত মানুহবোৰক দেখি আপােনাৰ সহানুভূতি জগাটো সাধাৰণ কথা। কিন্তু অপৰাধী তেওঁলােকৰ মাজৰে নহ’লে হ’ব কোন? দুই-তিনি দিনৰ ভিতৰত দোষীক উলিয়াব নােৱাৰিলে আপােনাৰো লাজ মােৰো লাজ। ওপৰৰ পৰা ইফালে সদায়ে ফোনৰ উপৰি ফোন।
ঃ ছাৰ, কি ভাবিছে? – বিমলৰ মাতত কাকতিৰ সম্বিৎ ঘূৰি আহিল।
: দোষীক আমি দুই-এদিনৰ ভিতৰত ধৰিব লাগিব। নহ’লে সদায় এনেকৈ মাকো মাৰি থাকিব নােৱাৰি বুজিছ।
-কথাখিনি কৈ কাকতিয়ে আমগছজোপাৰ ফেৰেঙা ডালটোলৈ একেথৰে চালে। এই ডালটোতেই বিশ-পঁচিশ দিন পূর্বে শাসনত থকা চৰকাৰখনে এখন বেনাৰ মাৰিছিল চতুর্থ বছৰ সম্পূর্ণ হােৱাৰ উপলক্ষ্যে। তাত আছিল বিগত চাৰি বছৰৰ চৰকাৰখনৰ সাফল্যৰ খতিয়ান। কিন্তু আচৰিত, দুদিনৰ পাছত সেইখন অন্তর্ধান হৈ থাকিল। কোনে বা প্রথমতে কথাটো গম পালে, গৈ গৈ কথাটো মুখ্যমন্ত্ৰীৰ কাণ পর্যন্ত পালেগৈ। কেউফালে হৈ চৈ লাগিল।এই সমষ্টিৰ বিধায়কক মুখ্যমন্ত্ৰীয়ে ক’লে –
:কি হে তােমাৰ সমষ্টি? আমাক ইমান অপমান কৰিব পাৰে।
তাৰ পাছত তেওঁ এছ পিক নির্দেশ দিয়ে সােনকালে দোষীক আটক কৰিবলৈ।
ঘটনাটো ইতিমধ্যে বাতৰি কাকতত প্ৰকাশ হৈছে। প্রথম পৃষ্ঠাতে ছপা হৈছে – ‘চৰকাৰৰ বেনাৰ অন্তর্ধান। নিৰক্ষৰ চুবুৰিত ৰাজনীতিৰ খেল’।
আচলতে ঘটনাটো ইমানখিনি গৈ নাপালেহেঁতেন। গাঁৱে-ভূয়ে থকা সৰু সৰু ‘নেতা’বােৰৰ বাবেহে এনে হ’বলৈ পালে। সিহঁতেহে হুলুস্থূল লগাই দিছে এই ঘটনাত বিৰােধী দলৰ হাত আছে বুলি।ওপৰমহলেও তাকে সন্দেহ
কৰিছে। ইফালে সন্মুখত ইলেক্সন আহিব লাগিছে।
: আমি ইয়াত ৰৈ থাকি একো লাভ নাই। বাকী থকা ঘৰ কেইটা সােনকালে চাই লওঁ ব’ল। – কাকতিয়ে এটা হুমুনিয়াহ কাঢ়ি চিপাহীকেইজনলৈ চাই কলে।
কাকতিৰ দলটো লক্ষীমাষ্টৰৰ চোতাল পালেহি। মাষ্টৰৰ সৈতে কাকতিৰ ইতিমধ্যে ভাল চিনাকি গঢ়ি উঠিছে। মাষ্টৰে তেওঁক চকীখন আগবঢ়াই দিলে।
:নিয়মটো কৰোঁ আৰু। আমাৰ এইবােৰেই কাম বুজিছে ডেকা। জীৱনৰ কোনাে চার্ম নাই। – নাৰায়ণ কাকতিয়ে লক্ষী মাষ্টৰৰ ফালে চাই ক’লে।
বিমলহঁত ঘৰৰ ভিতৰলৈ সােমাই গ’ল। কাকতি বাহিৰতে ৰ’ল। এইখন চোতালতে পৰহি মিটিং আকাৰে মানুহবােৰক বুজাই দিয়া হৈছিল।লক্ষীমাষ্টৰে এই ক্ষেত্ৰত বহুত সহায় কৰিছিল। পুলিছে সভা পাতি ক’ৰবাত অপৰাধী ধৰা কাকতিয়ে কেতিয়াও শুনা নাছিল। তথাপি তেও মানুহবােৰক বুজাব খুজিছিল।
লক্ষীমাষ্টৰে মানুহবােৰক মাতি আনিছিল। গামােচা পিন্ধি উদং গাৰে কিছুমান আহিছিল, বুকুত মেঠনি মাৰি তিৰােতা কিছুমান আহিছিল। আনকি গোটেই গাতে ফোৰোহা ভর্তি নাঙঠ-পিঙঠ ল’ৰা-ছােৱালীও লক্ষীমাষ্টৰৰ বাৰাণ্ডাত ভিৰ কৰিছিল। সকলােৰে চকুত কাকতিয়ে দেখিছিল এক ভয়ার্ত দৃষ্টি।
কাকতিয়ে কৈছিল -আপােনালােকক ইয়ালৈ কিয় মাতি অনা হৈছে আপােনালােকে নিশ্চয় গম পাইছে। আজি এসপ্তাহ ধৰি মই আপােনালােকৰ ইয়ালৈ আহি থকা দেখিছে। ঘৰে ঘৰে অনুসন্ধান কৰি থকা দেখিছে। ইয়াৰ কাৰণ বেনাৰখন।বেনাৰখনত চৰকাৰৰ সাফল্যৰ কথা উল্লেখ আছিল। তাত আপােনালােকৰ দৰে দীন-দুখীয়াসকলক কৰা সাহায্যৰ কথা উল্লেখ আছিল।কিন্তু আচৰিত কথা আম গছজোপাৰ পৰা আপােনালােকে সেইখন নােহােৱা কৰিলে। চাওক, আপােনালােক সৰু মানুহ সৰু হৈয়ে থাকক। কাৰােবাৰ কু-চক্ৰান্তৰ বলি হৈ এনে অপৰাধ কৰিলে কঠোৰ শান্তি বিহা হ’ব। এতিয়াও সময় আছে, স্বীকাৰ কৰক কোনে এই কাম কৰিছে।
মানুহবােৰে একো মাত মতা নাছিল। পুলিছৰ আগত সিহঁতে মাত মাতিবলৈ সাহ কৰা নাছিল।নাৰায়ণ কাকতিৰ অনুৰােধত লক্ষীমাষ্টৰেও কৈছিল— আপােনালােকৰ সৈতে মােৰ তেজৰ সম্বন্ধ আছে। এই পুলিছ চাহাবে কি ক’লে নিশ্চয় শুনিলে।আমি হাজিৰা কৰি খােৱা মানুহ, ওৰেটো জীৱন হাজিৰা কৰিবই লাগিব। যি দলেই চৰকাৰ গঠন নকৰক, যি দলৰেই পতন নঘটক, আমাৰ দুখ কোনেও মােচন কৰিব নােৱাৰে। কিমান লাজৰ কথা, আমাৰ গাঁওখনৰ নাম পেপাৰত উঠিছে ।গােটেই দেশৰ ৰাইজে চোৰৰ গাঁও বুলি জানিছে। গতিকে স্বীকাৰ কৰক।
নাই, সভাই কাম নিদিলে। কাকতিয়ে ভাবিছিল সৰল মুখৰ মানুহবােৰে স্বীকাৰ কৰিবই নেকি। সিদিনা তেওঁ এবাৰ মাত্ৰ ভাবিছিল- দেখাত মূৰ্খ আৰু সৰল মানুহবােৰ ভিতৰি কমপ্লেক্স নেকি?
বিমলহঁত ওলাই আহিল। নাৰায়ণ কাকতিয়ে উঠি ক’লে- আহিছোঁ, শাস্তি দিছোঁ আৰু মিছাতে আপােনাক।
: নাই, নাই, আপােনালােকে কর্তব্য কৰিছে আৰু।
কাকতিহঁতৰ লগতে বাটৰ মূৰলৈ লক্ষীমাষ্টৰো আহিল।
এইখিনিতে একেলেথাৰিয়ে তিনিঘৰ মানুহ আছে। বিমলহঁত প্ৰথমতে মূৰৰ ঘৰটোলৈ গ’ল।
ঘৰ দুটা সৰু সৰু। চাপৰ চাপৰ। এটা ঘৰ নৰাৰে ছোৱা। দুয়ােটা ঘৰ কাঁহিবনেৰে বেৰ দিয়া। বাৰিষা যে দুয়ােটা ঘৰতে পানী পৰিব সেইটো সহজে অনুমেয়।নাৰায়ণ কাকতি আগেয়ে এইটো ঘৰলৈ অহা নাছিল।বিমলহ’তেই আহি গুচি গৈছিল। কাকতিয়ে লক্ষ্য কৰিছিল প্রথম তালাচি চলােৱাৰ দিনাখন প্রত্যেকেই যেন লাজ আৰু ভয় অনুভৱ কৰিছিল। কিছুমানে বেকেটা হাঁহিৰে কৈছিল- ছাৰ, আমাৰ কপােৰ কানি এয়াই আৰু। তাতে সৰু ল’ৰাটোই তাৰ ওপৰতেই হগা-মূতা কৰে। আপােনালােক চৰকাৰী মানুহবােৰে চাগে এনেকুৱা কাপােৰ দেখাই নাই।
কাকতিৰ মনটো মৰি গৈছিল। মুনিহ-তিৰোতা আৰু ল’ৰা-ছােৱালীৰে পাঁচোটা মানুহ একেখন বিচনাতে শােৱে। কাপােৰ বুলিবলৈ মাত্ৰ দুখন কেথাঁ।
নাৰায়ণ কাকতি চোতালত থিয় হৈ থাকোঁতেই হঠাতে তেওঁক অবাক কৰি মহিলা এগৰাকী ভৰিতে পৰিলহি। তাই কান্দিবলৈ ধৰিলে।
:চাওঁ, চাও কি হৈছে। কিয় কান্দিছে?
মহিলাগৰাকী থিয় হ’ল। তাৰ পাছত ক’বলৈ ধৰিলে ―ছাৰ মােক একো শাস্তি নিদিব ছাৰ। এই কণমানি ল’ৰাটোৰ কথা ভাবক ছাৰ। নহ’লে ইয়াক কোনে পােহপাল দিব? অন্ততঃ কাম কৰিব পৰা হ’লেও বেলেগ কথা আছিল।
: কি হৈছে নকয় কিয়? – কাকতিয়ে অলপ উমান পালে।
:ছাৰ ময়ে আনিছিলো সেই কাপােখন। কিন্তু ইমান যে হৈ চৈ হ’ব মই ভবা নাছিলো ছাৰ ―মহিলা গৰাকীৰ ভয়ার্ত কন্দোন তেতিয়াও শেষ
হােৱা নাই।
: ইমান দিনে কিয় মনে মনে আছিল? কাকতিয়ে প্রশ্ন কৰিলে।
ছাৰ পৰহি দিনাখন মই ঘৰত নাছিলোঁ। তাৰ আগেও আপােনালােকৰ মানুহ আহিছিল। কিন্তু ..
: ক’ত লুকুৱাই ৰাখিছিল ইমান দিনে? কিয় চুৰি কৰিছিল আপুনি?
:ছাৰ ইয়াৰ দেউতাকে গছ কাটি ফুৰিছিল। কিন্তু যােৱা কাতিতে গছৰ পৰা পৰি সিফলীয়া হ’ল। তাৰ পাছত ময়ে হাজিৰা কৰি ফুৰু, ভূই ৰুও,ধান জাৰো, আহু নিকাও…। কিন্তু হাজিৰাৰ পইচাৰে খাবলৈয়ে নােজোৰে।
বিধবা পেঞ্চনৰ কাৰণে কিমান দিন গ’লাে। একো নাপালোঁ… ছাৰ।
:কওক কিয় চুৰ কৰিলে?
: ছাৰ মােৰ পেটিকোটটো সেই বিয়াত দিয়াই। বাতি বাতি কিমান দিন পিন্ধিম ইফালে নিপিন্ধিও নােৱাৰো। ছাৰ মই সেই কাপােৰখনেৰে পেটিকেট সি লৈছোঁ। সেইটো ছাৰ, মেলি দিয়াটোৱেই। কিন্তু ছাৰ, মােক শাস্তি নিদিব।
… ছাৰ, পিন্ধি থকা কাৰণে আপােনালােকে বিচাৰি পােৱা নাছিল।
কাকতিৰ কি কওঁ কি নকওঁ লাগিল। বুকুখনৰ ক’ৰবাত তেওঁ প্রচণ্ড বিষ অনুভৱ কৰিলে। যি হওক বেনাৰখন এছ পিৰ অফিচত জমা দিবই লাগিব।
তেওঁৰ নিৰ্দেশত বিমলহঁতে পেটিকোটটোৰ সিয়নি কাটিলে। পানীত তিওৱা মার্কিন কাপােৰখনত অস্পষ্টকৈ কাকতিয়ে দেখা পালে- সাম্যবাদী চৰকাৰৰ বৃহৎ সাফল্য। দেশত দাৰিদ্ৰ দূৰীকৰণ, নিৰক্ষৰতা দূৰীকৰণ সকলােতে অভূতপূর্ব সাফল্য। তদুপৰি বিধবা পেঞ্চন, বৃদ্ধ লোণ…। তাৰ পাছত আৰু তেওঁৰ মাতি থাকিলৈ ইচ্ছা নগ’ল।
অসহায় হৈ কান্দি থকা মহিলাগৰাকীৰ ওচৰলৈ গৈ তেওঁ ক’লে -শুনিছে, আপুনি ভয় কৰিব নালাগে। আমি আপােনাক এৰেষ্ট নকৰো নহয়।শুনক, এয়া লওক পাঁচশ টকা। পেটিকোট কিনি ল’ব।নােটখনত থকা মহাত্মা গান্ধীৰ ছবি আৰু স্বাধীনতা বিপ্লৱৰ ছবিটিত চকু দিবলৈ নাৰায়ণ কাকতিৰ স’ত নগ’ল। খণ্ডিত বেনাৰখন লৈ তেওঁলােক জীপত বহিলহি।
☆ ★ ☆ ★ ☆
12:47 am
ভাল লাগিল পঢ়ি!
7:09 pm
একে ধৰণৰ এটা গল্প আগতে কৰবাত পঢ়িছো।
1:24 pm
সুন্দৰ।এনে ধৰনৰ গল্প বহুল প্ৰচাৰৰ প্ৰয়োজন।