ফটাঢোল

কণপাই পাৰ্টীৰ নিৰ্বাচনী ৰণসজ্জা – অভিজিত কলিতা

কণপাইসকলে সকলো বেয়া কাম কৰিব পাৰে কিন্তু যি কৰে অপেনলি কৰিব, তাত কোনো লুকঢাক নাই। (এইটোৱেই প্ৰমাণ যে কণপাইৰ হিডেন এজেণ্ডা থাকেই, এনেকে কথা কোৱা সকলোৰে থাকে) সেয়ে কণপাইসকলে মুকলিকৈ স্বীকাৰ কৰে যে ধৰ্ম চৰ্ম, সমাজ সেৱা, মানৱ কল্যাণ, মৌলিক অধিকাৰৰ যুঁ‌জ, এই সকলোবোৰৰ পিছত সকলোৰে এটাই ধাণ্ডা, সেইটো হ’ল ক্ষমতা। মানে চলে বলে কৌশলে কোনো এখন ঠাইৰ ৰাজনৈতিক অধিকাৰ হস্তগত কৰি সেই ঠাইখনত সম্পদবিলাকৰ ওপৰত অধিকাৰ সাৱ্যস্ত কৰাই কণপাইধৰ্মীসকলৰ মূল লক্ষ্য।

বহুতে কামটো পোনে পোনে নকৰে, মুখলজ্জাৰ ভয়ত তাক ওপৰত কোৱা কোনো এটা পোছাক পিন্ধাই লয়। তাৰ বাবে তেওঁলোকৰ বহুত অসুবিধা হয়, অনবৰত ডিপ্লমেটিক মুখা এখন পিন্ধি থাকিব লাগে, কিবা কিবি বাদ আঁ‌জুৰি ফুৰিব লাগে। কণপাইসকলে এইবিলাক অসুবিধাৰপৰা নিজকে আঁ‌তৰাই ৰাখিব খুজিছে, সেয়ে আজি সকলো কণপাই ভক্তৰ হৈ অমুকাই মুকলিকৈ ঘোষণা কৰিব খোজো যে,

“আমি ধৰ্ম, মানৱ কল্যাণ, উন্নতি, সমতা আদি কথাবিলাক ৰাইজক দেখুৱাবলেহে কৈ থাকো, আমাৰ আচল ধাণ্ডা অসম তথা ভাৰতৰ আৰু পাৰিলে সমগ্ৰ বিশ্ব আৰু মংগল গ্ৰহৰ ৰাজনৈতিক ক্ষমতা দখল কৰা। আৰু তাৰ বাবে সকলো কণপায়ে নিজৰ মগজুৰে ঢুকি পোৱা যিকোনো দুস্কৰ্ম, সুকৰ্ম কৰিব লাগে। আচলতে কৰাতো বাধ্যতামূলক। সাম, দাম, দন্দ্ব, ভেদ ব্যৱহাৰ কৰি কণপাই ধৰ্মৰ লোকসকলক ক্ষমতালৈ আনিব লাগে, এয়ে কণপাইসকলৰ জীৱনৰ একমাত্ৰ উদ্দেশ্য। জয় মহাপ্ৰভূ কণপাই কী।”

বাৰু, এতিয়া কথা হ’ল, এখন ঠাই নিজৰ দখললৈ অনাৰ নানান ধৰণৰ উপায় আছে, যেনে যুদ্ধ কৰি জয় কৰা, ৰজাক সিংহাসনচ্যূত কৰা, ধেৰ কিবা কিবি। এইবিলাক কামত অলপ ৰিস্ক বেছি। আমি কোনো কণপায়ে নিজৰ জীৱনৰ ৰিক্স লোৱা উচিত বুলি নেভাবো। কাৰণ সহজ উপায় থাকোতে আওমৰণে মৰা কণপাইসকলৰ নীতিবিৰুদ্ধ কথা।

এতিয়া আলোচনা কৰা যাওক উপায়বোৰ কেনে হ’ব? ক’ৰপৰা কেনেকৈ আৰম্ভ কৰিম? এইবিলাক দিকদৰ্শণ দিবলৈকে এই বকলা লিখিব লগা হ’ল।

প্ৰথমতে কওঁ যে আমি আমাৰ কাৰ্য ভাৰতবৰ্ষৰ অসম নামৰ ঠাইটুকুৰাৰপৰা আৰম্ভ কৰিব খুজিছোঁ। অসমক নিৰ্বাচন কৰাৰ কাৰণকেইটা তলত দিয়া হ’ল,

১) অসমীয়াসোপা তামাম বুৰ্বক (আচলতে সৰল) আৰু ওপৰচকুৱা। লগতে এওঁলোকৰ যথেষ্ট সংখ্যক লোক অতি লুভীয়া, ধন টকা পইচা খ্যাতি এইবোৰ দেখুৱাই প্ৰায়বিলাক অসমীয়া মানুহকে আঙুলিৰ ঠাঁ‌ৰত নচুৱাব পাৰি।

২) ইহঁতসোপাই আজিলৈকে ঠিকেই কৰিব পৰা নাই অসমীয়া কোন? এইটো আমাৰ কণপাইসকলৰ বাবে বৰ সুবিধাৰ কথা। আমি তেওঁলোকৰ মাজত সোমাই নিজকে অসমীয়া বুলি দাবী কৰি দিলেই হ’ল, কোনেও গেৰাণ্টী দি ক’ব নোৱাৰে যে আমি কিবা আচহুৱা প্ৰাণীহে, অসমীয়া নহয়।

৩) আগতে কথাটো বেলেগ আছিল, কিন্তু আজিকালি অসমীয়াবোৰৰ জাত্যাভিমান নাইকিয়া হ’ল, নিজৰ ভাষা, নিজৰ সংস্কৃতিক লৈ তেওঁলোকে আজিকালি হীনমান্যতাত ভোগে। এই হীনমান্যতাৰ সুবিধা লৈ এওঁলোকৰ কঁ‌কাল ভাঙিবলৈ সহজ হ’ব।

৪) অসম বোলা ঠাইখনত ৰাজনৈতিক ক্ষমতা অসমীয়াৰ ভোটেৰে চূড়ান্ত নহয়, ইয়াত ইলেকচন জিকিবলৈ আমদানিকৃত ভোটাৰ লাগে।

এইবিলাক সাতে সোতৰই মিলাই, কণপাই প্ৰভূৱে অসমকে তেওঁৰ বিশ্বজয় অভিযানৰ প্ৰথম যুদ্ধক্ষেত্ৰ হিচাপে নিৰ্বাচিত কৰিছে। মানে অসমত লোহা গৰম হৈয়েই আছে, হাতুৰি মাৰিলেই হ’ল।

সেয়ে প্ৰভূৰ হৈ অমুকাই সমূহ কণপাইধৰ্মীক অবগত কৰাব খুজিছে যে,

ক) আপোনালোকে সদম্ভে দাবী কৰক যে অসমভূমিত কণপাইসকলহে খিলঞ্জীয়া, বাকীবোৰ সকলো বিদেশী। কেইবা মিলিয়ন বছৰৰ আগতে কণপাই ধৰ্মী সকলে বান্দৰৰ ৰূপত অসমৰ গছে বনে বগাই ফুৰিছিল। কিন্তু কিছু লাখ বছৰৰ পাছত কিছুমান বহিৰাগত বান্দৰে আহি আমাক স্বভূমিৰপৰা অপসাৰণ কৰি নিজে ইয়াত নিগাজীকৈ বহি লয়। সেই বহিৰাগত বান্দৰবিলাকেই পিছত মানুহলৈ ৰূপান্তৰ হৈ আজি অসমভূমিত গজগজীয়াকৈ বহি আছে। আজি আমি কণপাইধৰ্মী সকলো মানুহলৈ পৰিৱৰ্তিত হোৱাৰ পাছত আজি ইয়ালৈ নিজৰ অধিকাৰ পুনৰ কাঢ়ি ল’ব লাগিব। সকলো বহিৰাগত অসমৰপৰা ওলাই নোযোৱালৈকে আমাৰ সংগ্ৰাম অব্যাহত থাকিব।

কোনে জানে হে কোন বান্দৰ ক’ত আছিল? গতিকে আপোনাৰ দাবী কোনেও নুই কৰিব নোৱাৰে, তাৰ সুবিধা লওক। আন্তৰ্জাতিক লেভেলত প্ৰচাৰ চলাওক।

খ) ওপৰৰ মতবাদটো যিসকলে বিশ্বাস নকৰে বা উপলুঙা কৰে, তেওঁলোক কণপাইৰ শত্ৰু, তেওঁলোকৰ জীয়াই থকাৰ কোনো অধিকাৰ নাই। তেওঁলোকক চ’চিয়েল মেডিয়াত ট্ৰ’ল কৰি কৰি আত্মহত্যা কৰাবলৈ বাধ্য কৰিবৰ বাবে কণপাই ঈশ্বৰে আপোনালোকক পোনপটীয়া নিৰ্দেশ দিছে। তাৰ বাবে আপোনালোকক অলপ পইচা পাতিও দিয়া হ’ব।

গ) কণপাইপাৰ্টীত উত্তৰ কোৰিয়াৰ দৰে আভ্যন্তৰীণ গণতন্ত্ৰ বিৰাজমান, মানে আমাৰ গণতন্ত্ৰৰ সংজ্ঞাটো অলপ বেলেগ ধৰণৰ। আমাৰ পাৰ্টীত কণপাই ভগৱানে যি কয় তাকে ‘গণ’ অৰ্থাৎ কণপাই কৰ্মীসকলে নিৰ্বিবাদে, নিৰ্বিচাৰে, নিজৰ মগজুটো বন্ধকত ৰাখি মানি ল’ব লাগিব, তাকে আমাৰ ভাষাত গণতন্ত্ৰ বুলি কোৱা হয়। বাকী আনসকলে দিয়া গণতন্ত্ৰৰ ব্যাখ্যা ভুল, আৰু ভুল ব্যাখ্যা দিয়াসকলক চলে বলে কৌশলে নিপাত কৰিবলৈ কণপাই ঈশ্বৰে আপোনালোকক আজ্ঞা দিছে।

ঘ) অসমীয়া জাতিটো নানান জাতি উপজাতিৰে ভৰপূৰ। আমাৰ প্ৰভূৱে ধ্যানৰ বলত গম পাইছে যে, এখিনি ঠাইৰ ৰাজনৈতিক ক্ষমতা দখল কৰিবৰ বাবে সেই ঠাইত থকা মানুহখিনিৰ মাজত বিভাজন অনা অতিকৈ প্ৰয়োজন। গতিকে প্ৰভূৱে সকলো নিষ্ঠাবান কণপাই কৰ্মীক আদেশ কৰিছে, যাতে তেওঁলোকে অসমৰ মানুহখিনি মাজত যিমান পাৰে, ধৰ্ম, বৰ্ণ, জাতি, প্ৰজাতি, গাৰ ৰং, উচ্চতা আদি বিভাজন প্ৰচাৰ কৰি দিয়ে। উদাহৰণ স্বৰূপে কোনো এজন বগা ৰঙৰ মানুহকপতাই লৈ, তেওঁৰ ফেচবুক টুইটাৰ আদিৰ যোগে ক’লা বা মাগুৰ বৰণৰ লোকসকলক ইতৰ প্ৰাণী, মাক বাপেকৰ পাপৰ ফলত ৰঙ কলীয়া এনেধৰণৰ উত্তেজক মন্তব্য কৰাওক আৰু সেইবোৰ ভাইৰেল কৰক। তেতিয়া মাগুৰ বৰণীয়াসকল চেণ্টি হৈ জপিয়াই পৰিব। আপোনালোকে দুইফালে পিঙাই পিঙাই যুঁজখন বঢ়াই থাকক। শেষত গৈ মাগুৰ বৰণীয়া মুক্তি সংগ্ৰাম সমিতি নামৰ সংগঠন খুলিবলৈয়ো উৎসাহ দিয়ক, কিন্তু চাব যাতে কোনেও আপোনাৰ প্ৰকৃত পৰিচয় বুজি নেপায়। ইফালে আপুনি বগাজনকো জেক মাৰক যে কলীয়াই সংগঠন খুলিলে, আপোনাৰ সৰ্বস্ব লুটি খাব এতিয়া। তেওঁকো নিজৰ সংগঠন খুলিবলৈ যি পাৰে সহায় কৰক। আপোনাৰ কাম হৈ গ’ল। মনত ৰাখিব, সংগঠনৰ সংখ্যা যিমানে বাঢ়িব, একতা সিমানেই কমিব।

ঙ) অসমীয়াসকলক বাৰম্বাৰ কৈ থাকক যে তহঁত অকৰ্মণ্য, কোনো কামৰ যোগ্য নহয়, অলপ ধতুৱা, ভয়াতুৰ, এলেহুৱা, অশিক্ষিত, ঐতিহ্যহীন, বৰ্বৰ আৰু কিবা কিবি। কৈ কৈ কৈ তেওঁলোকৰ আত্মবিশ্বাস চূৰ্ণ বিচূৰ্ণ কৰি দিয়ক। এইটো কাম কৰোঁতে আপোনালোকে অসমৰ বুদ্ধিজীৱি সকলৰো সম্পূৰ্ণ সহযোগ পাব। তেওঁলোকে আচলতে এইটো কাম বহুবছৰৰ আগৰপৰাই কৰি আহিছে। হিটলাৰে শিকাইছিল, মিছা কথা এটা বাৰে বাৰে কৈ থাকিলে মানুহে তাকে সঁচা বুলি ভাবিবলৈ আৰম্ভ কৰে। আপোনালোকেও সেইটো টেকনিক ব্যৱহাৰ কৰক। আত্মবিশ্বাস নথকা লোকক ভাঙিবলৈ সহজ।

চ) অসমত কিছুমান পঢ়া শুনা জধামূৰ্খ আছে, তেওঁলোকৰ পঢ়াতে গন্দগোল, কিবা কিবি আদৰ্শৰে তেওঁলোকৰ মগজ ভৰি আছে আৰু সেইবিলাক আদৰ্শৰ বাবে তেওঁলোকে নিজৰ জাতি, মাটি, ভেঁটি জলাঞ্জলি দিবলৈ প্ৰস্তুত। সেইসকল লোকক মালা পিন্ধাই, গামোচা দি, নিজৰ ফলীয়া কৰক, দৰকাৰ হ’লে পইচা পাতিও দিব, কাকনো পইচা নেলাগে। বা ডেকা চানেকীয়াসকলক, অলপ ভিতৰপকীয়া সুবিধা কৰি দিয়ক। পৃথিৱীৰ সকলো কামেই বোলে পেট আৰু পেটৰ অলপ তলৰ কিবা অংগৰ বাবে কৰা হয়। বুজিছে নহয়? গতিকে সঠিক ঠাইত সঠিক উপাচাৰ প্ৰয়োগ কৰি তেওঁলোকক হাত কৰক। এওঁলোক সদায় প্ৰতি‍ষ্ঠান বিৰোধী। যিয়েই ৰজা হয়, এওলোকে তাৰে বিপ‍ক্ষে থাকে, বাকী এওঁলোকৰ আন একো কাম নাই। পিছে এওঁলোকৰ কথা ৰাইজে শুনে। গতিকে অসমীয়া ৰাইজক বিভ্ৰান্ত কৰিবলৈ এওঁলোকক হাত কৰা প্ৰয়োজন।

আৰু বহু কাম আছে, কণপাই ঈশ্বৰৰ আদেশ হ’লে অমুকাই আপোনালোকক নীতি নিৰ্দেশনা দি যাব, আপোনালোকেও এইবিলাক আখৰে আখৰে পালন কৰি যাব। নকৰিলে আপোনালোক কণপাই ঈশ্বৰৰ কোপত পৰিব, আৰু মৃত্যুৰ পাছত ওপৰ বৰচাপৰি গাঁৱত স্থান পোৱাৰ পৰা বঞ্ছিত হ’ব। গতিকে সকলোৱে সমস্বৰে কওক,

“জয় কণপাই ঈশ্বৰৰ জয়। কণপাই যো বলতা হেঁ, ৱ হোতা হেঁ। যো কণপাই কো নেহী মানতা ৱ দেশদ্ৰোহী হেঁ।”

☆ ★ ☆ ★ ☆

5 Comments

  • HEMANTA KAKATI

    জয় কনপাই মহাৰাজৰ জয়! কনপাই হেই তো মুমকিন হেই!

    Reply
  • Rintumoni Dutta

    জয় কণপাই ঈশ্বৰৰ জয়। কৃষ্ণহে বুলিলো, তামাম

    Reply
  • কাবেৰী মহন্ত

    কণপাই হে ট’ মুমকিন হে!
    জয় কণপাই মাই পৰভু কি জয়!

    Reply
  • জয় কনপাই!
    খুব ভাল লাগিল!

    Reply
  • Anonymous

    মংগল গ্ৰহত যাবলৈ পালে মইও জইন কৰিম দেই কণপাই পাৰ্টি ত। সুন্দৰ বিশ্লেষণ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *