ফটাঢোল

ফটাপ্ৰেম-ৰাজশ্ৰী শৰ্মা

মানুহে কয় প্ৰেম শ্বাশ্বত,প্ৰেম পৱিত্ৰ, প্ৰেমত পৰা মানুহে জগতত ভালেই দেখে। যিয়ে প্ৰেম নকৰে সি দেৱতাতো নহয়েই, চয়তান তো জৰুৰ হ’ব।পিছে এই দেৱতা-চয়তানৰ যুঁজত মোৰ দৰে অবোধ বালিকা গৰাকী এনেদৰে টেপেকা খাই থাকিলো যে প্ৰেমৰ ক্ষেত্ৰত দেৱতাতো নহ’লোৱেই,চয়তান হোৱাৰহে সম্ভাৱনা প্ৰৱল হৈ পৰিল। স্কুল, কলেজ, বেকাৰ দিনবোৰ চব প্ৰেমবিহীনভাৱেই কটালো। হওঁতে দুই এজনক মোৰো ভাল নলগা নহয়, লাগিছিল। পিছে ল’ৰালৈ চকু দিয়াৰ আগতেই ঘৰত থকা সহোদৰ ৰূক্মবীৰ দুজন আৰু সিহঁতৰ বন্ধু -বান্ধৱ আটাইবোৰৰে মুখবোৰ চকুৰ আগত ভাহি উঠে। ৰূক্মবীৰ দুজনৰ তো কথাই নকওঁ, সিহঁত দুয়োৰে বন্ধু কেইটায়ো স্ব জ্ঞানে য’তে ত’তে ,বাছে ট্ৰেকাৰে,যেতিয়াই তেতিয়াই ভুমুকি মাৰি মোক সোঁৱৰাবলৈ নাপাহৰে যে আইজনী,তোমাৰ আৰু নহৈছে। তুমি প্ৰেমৰ নামত এচলু কি দুবাল্টি পানী ঢালি থোৱা। আমি তোমাক এই অসম বা ভাৰত মূলুকত অকলে নেৰো।
          বাৰু, যি কি নহওঁক। পঢ়া শুনাৰ দিনবোৰ পাৰ হ’ল। ডিগ্ৰী টো কিবাকে লৈয়েই চাকৰিত সোমাই আৰু হায়াৰ এডুকেচনলৈ পঢ়াটো ধোৱাচাঙত তুলি থ’লো। পইচা পাইছোৱেই,কি আৰু পঢ়ি থাকিম ন! এনেকৈয়ে কিছুদিন গ’ল।গুৱাহাটীৰ আগশাৰীৰ চকু চিকিৎসালয় খনত শিকিবলৈও পালোঁ বহুত। ৰোগীও পালো বহুত। ভাল বেয়া সকলো ধৰণৰ অভিজ্ঞতাও হ’ল। তেনেতে ২০১১ চনৰ মাঘৰ বিহুৰ পাছত এজন ৰোগীক লগ পালোঁ। বেচেৰাটোৰ হাই পাৱাৰ, চচমা পিন্ধি অফিচত দিগদাৰ পায় বেছি সময় কাম কৰিবলৈ, লগতে অফিচৰ কামত টুৰলৈ যাবলগীয়াও হয় মাজে সময়ে। গতিকে কনটেক্ট লেন্স লোৱাৰ মন। ঘটনাক্ৰমে মই সেইটো সময়ত কনটেক্ট লেন্স বিভাগতেই আছিলো। ৰোগীসকলক চোৱা, কিমান পাৱাৰ আছে, কি কাম কৰে, চাফ চিকুণতা কেনে, আৰু ঢেৰ কিবা কিবি চাই হে কথা বতৰা পাতি এজনক লেন্স দিয়া হয়। এইগৰাকী ৰোগীও আবেলি এটাত আহিল। সাধাৰণ পৰীক্ষা নিৰীক্ষা খিনি কৰা হোৱাৰ পাছত তেওঁ ক’লে কনটেক্ট লেন্স ল’বৰ মন হেনো। যিহেতু তেওঁৰ পাৱাৰ বেছি গতিকে মই পিছদিনালৈ মাতি পঠিয়ালো আকৌ পৰীক্ষা কিছুমান কৰিবৰ বাবে।
        পিছদিনা ৰাতিপুৱা আনদিনাতকৈ সোনকালে গৈও পালো। ন বজাত এপইণ্টমেণ্ট আছিল কাৰণে তাৰ আগতেই দুজন ৰোগী চাই সাজু মই। এনেতে আমাৰ বিভাগৰ নাৰ্চ বাইদেৱে ল’ৰাজনক আনি মোৰ ৰূমত থৈ গ’ল ফাইলটোৰে সৈতে। অ আই,এইজনক দেখোন ইমান হেনচাম দেখিলো আজি! আগদিনা ইমান ভাল লগা নাছিল যদিও ওখ পাখ ল’ৰা। সিদিনা ৰাতিপুৱাই দেখা কাৰণে নে কি জানো, ল’ৰাজনক ইমান ভাল দেখিলো। মোৰ কলিজা ঢপঢপাবলৈ ধৰিলে বোলো এতিয়া চকু চাওঁতে ল’ৰাৰ আগত কিবা বেবেৰিবাং নকৰিলেহে ৰক্ষা। লেন্স যোৰ দি কেনেকৈ পিন্ধিব লাগে, খুলিব লাগে আৰু যাৱতীয় কথাখিনি বুজাই তিনি মাহ পাছত দেখুৱাবলৈ কৈ পঠিয়ালো।এদিন দুদিনকৈ তিনিটা মাহো পাৰ হ’ল। মাজে মাজে মনত পৰিলেও পাহৰি যাওঁ হেনচাম ৰোগীজনৰ কথা। এনেতে এদিন আকৌ আবেলি সময়ত তেওঁ আহি ওলাল চেক আপ কৰাবলৈ। ইমান ধুনীয়াকৈ কথা বতৰা পাতিলে কি ক’ম আৰু। এইবাৰ পিছে তেওঁ অকলে নাছিল, লগত মাকো আছিল।চচমা সলাবলৈ বুলি আহিছিল।মাক গৰাকীয়েও ক’ত ঘৰ, ক’ৰপৰা পঢ়িছো এইবোৰ সুধিলে। দুয়োগৰাকীকে চাই মেলি বহুৱাই থওতেও ল’ৰাজনৰ লগত দুবাৰমান চকুত চকু থোৱা গৈছিল। কিন্তু দুয়োবাৰে মোৰহে লাজ লাগিল, বুকুৰ ঢপঢপনিও বাঢ়ি আহিল। লগৰ জনীয়ে জোকালে, “তোক শাহুৱেৰে পছন্দ কৰিলেই যা। এতিয়া আৰু তোক কোনে পায়।” তাইক দেখুৱাই দম দিলো যদিও মনটো ভাল নলগা নহয় অলপমান। সেই যে কয় মন মে লাড্ডু ফুটা টাইপ আৰু। ঘৰত গৈও কল্পনাতেই সপোন কোঁৱৰৰ লগত ম’ম’ ঘৰ, চি চি ডি, ডেলিকেচী এইবোৰতেই খাই ফুৰিলো। (আচলকৈ ইমান খৰচ কৰিবলৈ টকা পইচা নাছিল যে)…
           এনেকৈয়ে চলি আছিল মোৰ প্ৰেম ‌।মানে ফটাপ্ৰেম কাৰণ সিপিনৰ ফিলিং জানিবলৈ মোৰ হাতত কোনো উপায় নাছিল। মাহেকে পষেকে চেক আপত আহে, কেতিয়াবা কেতিয়াবা মই চাওঁ, কেতিয়াবা কোনোবা বেলেগে। লগৰ ছোৱালী কেইজনীয়ে পালে চেনিও খায় তাৰ লগত। হ’লেও মাত নলগোৱাকৈ নাযায় কেতিয়াও। এদিন তো কেণ্টিনত সিহঁতে চাহ খাই থাকোতে গৈ পোৱা বাবে কফিও খুৱালে একাপ, মোৰ একেবাৰে হিয়া থৌকি বাথৌ! কল্পনাতেই বিয়া পাতি ল’ৰা ছোৱালী স্কুলতো দিলো!!পিছে তেতিয়া তো ইমান ফেচবুক, হোৱাটচ এপ নাছিল। গতিকে নম্বৰ দিয়া লোৱাও হোৱা নাছিল আৰু। এনেদৰে চেগা চোৰোকাকৈ মোৰ একপক্ষীয় প্ৰেম চলি আছে, ল’ৰাটোৱেই দেখা পালে যিটোহে হাঁহি দিয়ে, এনে লাগে যেন সিও মোৰ প্ৰেমতে পৰিয়েই গ’ল!!
         তিনিমাহ মানৰ পিছত মোৰ পষ্টিং বেলেগত হ’ল। হঠাতে এদিন আমাৰ বিভাগৰ নাৰ্চ বাইদেৱে ক’লে বোলে তোমাৰ চিনাকি কোনোবা পেচেণ্ট এজন লেন্স ল’ব আহিছে বোলে, তোমাৰ পৰাই ল’ব বুলি জনাইছে। বেলেগক নেদেখুৱায় হেনো। ময়ো কোন নো এনেকুৱা ফেন ওলাল মোৰ বুলি দৌৰাদৌৰিকৈ নিজৰ কাম শেষ কৰি একে জাপতে দুটা চিৰি বগাই গ’লো দ্বিতীয় মহলালৈ বুলি। গৈ পাই ফাইলটো লৈয়েই দেখো ঔ আই,এখেত চোন। নীলা ৰঙৰ টি চাৰ্টটোত ইমান ভাল লাগিছে….. মোক দেখি হাঁহি এটা মাৰি আগুৱাই আহিল সি। মই কেবিনলৈ মাতি নি ফাইলটো উলিয়াই লওতেই নাৰ্চ বাইদেৱে আৰু এটা নতুন ফাইল দিলেহি এওঁৰ লগত আহিছে বুলি কৈ। পিছলৈ চাওঁ যে তাৰ পিছে পিছে ধুনীয়া মৰমলগা ছোৱালী এজনী। ভনীয়েক বুলি ভাবি ফাইলটো চাওঁ যে উপাধিটো চোন বেলেগ। অলপ বিমূঢ় হৈ চাই ৰওঁতেই সি ক’লে, ” হাই দেই, আপোনাক দিচটাৰ্বেই কৰিলো হ’বলা। এয়া মোৰ ফিয়’ন্সী। ডেৰ মাহ পিছত বিয়া, এসপ্তাহ মানৰ পৰা তাই চকুৰ অলপ প্ৰবলেম পাই আছে মানে। মই বোলো মই তো দেখুৱাবলৈ যামেই,তুমিও ব’লা। তাতে মোৰ খুব ভাল ফ্ৰেইণ্ড এগৰাকীও আছে। সেইকাৰণে আজি লৈয়েই আহিলো আৰু হা হা হা।”
       ময়ো নো কি ক’ম। ” ৱাহ, ইম্মান ভাল খবৰ। ভৱিষ্যতলৈ ঢেৰ শুভেচ্ছা যাচিলো দেই মোৰ ফালৰ পৰা। এতিয়া আহক,এইখন চকীতে বহকচোন। প্ৰথমতে নবৌকে চাই লওঁ ” বুলি জোৰকৈ হাঁহি এটা মাৰি চকুৰ সন্মুখলৈ মেচিনটো টানি ল’লো।
      এয়াই মোৰ প্ৰেমৰ কাহিনীভাগ আৰু,পিছে ফটাপ্ৰেম হে।
☆ ★ ☆ ★ ☆

19 Comments

  • নিভা

    আয়ৈ বেচেৰি।

    Reply
    • ৰাজশ্ৰী শৰ্মা

      কৈছাহেনে!

      Reply
  • Barbie Punnag

    বহুত দুখ পালোঁ বিদ্যা !??

    Reply
    • ৰাজশ্ৰী

      মোৰো বৰ দুখ হৈছিল জানা।

      Reply
  • Abinash Sarma

    বায়েই দুখ লাগি গে’ল

    Reply
    • ৰাজশ্ৰী

      কি কবি আৰ ভাই,ফুটা কপল।

      Reply
  • Himangshu

    বৰ্দোখ পালো হে।

    Reply
    • ৰাজশ্ৰী

      দাদা, দুখৰে কথাটো।

      Reply
  • ডলী তালুকদাৰ

    ভাল লাগিল

    Reply
  • দুখ লাগি গ’ল 🙂

    Reply
    • ৰাজশ্ৰী

      দাদা, দুখৰে কথাটো।

      Reply
  • ত‌ই যে প্ৰেমৰ নামত সপোন দেখি থাকোঁতেই গৈছে

    Reply
  • কাবেৰী মহন্ত

    কিযে দুখৰ কাহিনী!

    Reply
  • Nilakshi Devi Deka

    অন্তৰখন থানবানকৈ ভাঙি গ’ল হে!

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    বৰ দুখভৰা ফটাপ্ৰেম!

    Reply
  • লখিমী

    ইচ! বেচেৰী জনী। মই হোৱা হ’লে লেণ্স ওল্টা পাল্টা কৰি দি পঠালোহয়।
    মজা লাগিল বুলি নকও পাই।

    Reply
  • Gitu hazarika

    ভাল লাগিল

    Reply
  • জ্যোতিষ্ময় গগৈ

    বৰ ভাল লাগিল দেই পঢ়ি।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *