ফটাঢোল

ডি পি-গীতাৰ্থী গোস্বামী 

কিনো ক’ম ঔ ৰাইজক ! নিজৰ দুখৰ কথাবোৰ কৈ থাকিবলৈ লাজো লাগে । ইফালে আক’ ক’বলৈও মন যায় ?
নতুনকৈ ফেচবুক খোলাৰ সময়ৰে কথা । সিজনাই শিকাই বুজাই দিছে । অলপ অলপ নিচা বহিছে আউ । তেনেতে বান্ধৱী এজনীয়ে ক’লে বোলে -“হেৰৌ দিনটো ঘৰত অকলে থাক । মেচেঞ্জাৰটো খুলি লৈ কাৰোবাৰ লগত কথা পাতি থাকিব পাৰ দেখোন ।” কি কয় ঔ এইপাতে ? মোৰ কাম বন নোহোৱা হ’লনে কিবা । আইজনী, তোমাৰ দৰে কমোৱা তুলা নহয় দেই মই । কোনো দৰকাৰ নাই । পুৰুষৰ সঞ্জাত নাই ?
পিছে ভাবিলোঁ যদিও মনুষ্যৰ মেথা, লকলকাই আছে । বোলোঁ কি বস্তুনো এইটো খুলিয়েই চাওঁচোন । চুচুক চামাককৈ এদিন মোবাইলত খুলিলোঁ আউ মেচেঞ্জাৰটো । খুলি লৈ পুটুক্ পুটুক্ কৈ চাই আছোঁ মেচেজ আহিছে নেকি । প্ৰথম দিনা এটাও মেচেজ নাহিল ।
দ্বিতীয় দিনা ইস্কুলৰ বান্ধৱী দুজনীৰ লগত বহুত সময় কথা পাতিলোঁ । অকলে দুপৰীয়া শুই বহিহে থাকোঁ । কথা পাতি থাকিলে মনটোও ভালে থাকিব ।?
তৃতীয় দিনা দুপৰীয়ালৈ ধুনীয়া ল’ৰা এটাই হাত জোঁকাৰিলে । ময়ো আগ পিছ নুগুনি দিলোঁ নহয় হাত এখন জোঁকাৰি ।
অ’ কিচ্ন ! তেৰাই মেচেজ আৰম্ভ কৰিলে -“ki krisa ?” ময়ো লিখিলোঁ -“anai aso.” সি চিধাই ক’লে -“tumi bhut dhunia. Pise DP khon change koriba.” অ কিচ্ন গোঁসাই ! প্ৰথম শাৰীটো বুজি পালোঁ । মানে তুমি বহুত ধুনীয়া । কিন্তু পিছৰ শাৰীতযে লিখিলে “ডি পি” সেইটোহে ধৰিব নোৱাৰা হ’লোঁ ।
ধুনীয়া বুলি কওঁতে ভালেই লাগিছিল বাউ । পিছে ডি পি বুলি কওঁতেহে ……..।
ডি পি, ডি পি …….. .
মানে কিবা বেয়া কথা নি বাউ ? কিন্তু সলাবলৈ ক’লে যে ?? মানে কাপোৰ কানি জাতীয় কিবা নেকি ? নে ল’ৰাৰ পৰা ছোৱালী হোৱা কিবা কথা ?
ৰাম ৰাম ৰাম । সাতবাৰমান ভূমি চুই কৰ্ণত হাত দি সিমানতে মেছেঞ্জাৰ খতম ।
পিছে এই ডি পি শব্দটোৱে মোৰ পিছা নেৰাই হ’ল । কাক সোধোঁ, কাক সোধোঁ ? ??
সিজনাক সুধিবই নোৱাৰি । যিহে লাওপাত কচুপাত মুখ ! সিদিনা গধূলি বৰ মৰমত নাকৰ পৰা মাতটো উলিয়াই সুধিলোঁ বোলোঁ -” হেৰা, তোমাক চিকেন বনাই দিওঁ নে ?”
বোলে -“নালাগে ঔ আই । মই মানুহ হিচাপেই ঠিকেই আছোঁ । বৰ একেবাৰে যাদুকৰণী জনী ওলাইছে । মোক চিকেন বনাই দিয়ে !”
সেইজনাক ডি পিৰ কথা সুধিলে মোক কেইখন ভূৱন দেখুৱাই ঠিকনা নাই । ?
কাকো সুধিব নোৱাৰা হ’লোঁ । ছেহ্ …..
এদিন আবেলি মানুহজন অফিচৰ পৰা আহি চাহ খাবলৈ বহিছে ।
“হ’ৰা, ফেচবুক চলাব জনা হ’লা হ’বলা ? আজিকালি দুপৰীয়া ফেচবুকতে থাকা দেখোন ।”
অ’ আই, এইজনে কেনেকে জানিলে ? মোৰ একেবাৰে পেটতে হাতভৰি লুকাল । কেনেবাকৈ সেই ডি পিৰ কথাটোও ……….
“প্ৰভূ বচোৱা ।” মনে মনে ওপৰলৈ চাই এশটামান সেৱা কৰিলোঁ ।
“পিছে ডি পি খন সলাবা দেই ।”
হেঃ ? কি ক’লে ? নিজৰ কাণকেই যেন বিশ্বাস নকৰিম । মানে মই ভবাটোৱেই হ’ল ? সেপ ঢুকি ঢুকি মই তৎ পোৱা নাই ।
“মাৰৰ ঘৰত দাৰে কলপাত কাটি থকা ফটোখন গুচাই ভাল ফটো এখন দিবা বুজিছা ? নাই যদি কাইলৈ মই উঠাই দিম ।”
অ’ হৰি, মানুহটোৱে দেখোন ফটোৰ কথাহে ক’লে ?
একো নজনাৰ ভাও ধৰি মই ওচৰ চাপি আহিলোঁ ।
“কি ক’লা ?” আই ঐ, মোৰ সমান শান্ত মানুহ যেন নায়েই ! ?
“তোমাৰ ফেচবুকত দিয়া ডিচ্ প্লে পিকচাৰ, মানে ডি পি খন সলাই দিবা । বৰ বেয়া লাগিছে ।”
ডি পি মানে ডিচ্ প্লে পিকচাৰ ??
হে হৰি !!
অতদিনে গাত মেৰিয়াই থকা অজগৰ এডাল যেন সুৰসুৰকৈ মেৰ সোলোকাই ওলাই গ’ল ……।
☆ ★ ☆ ★ ☆

One comment

  • Raktim Deka

    খুব হাঁহিলোঁ। ভাল লাগিল পঢ়ি

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *