ফটাঢোল

নাটক-পৰীস্মিতা দাস

                        ১
বৰ বৰ ভাষণ দিয়ে কথাৰ ফুলজাৰী
মিটিং পাতি কৈ ফুৰে সমান পুৰুষ নাৰী
দুৰ্বলতাক হাঁহে
পোহৰলৈ নাহে
ঘৰত আহি ঘৈণীৰ আগত দেখুৱাই মতাগিৰি ৷
                      ২
সমাজত তেওঁ লৈ ফুৰে ডাঙৰ এখনি আসন
নাৰী সুৰক্ষাৰ বিষয়েও দি ফুৰে ভাষণ
নাৰীৰ কাষেৰে যায়
লুভীয়া দৃষ্টিৰে চায়
নিজৰ মনক কেতিয়াও কৰিব নোৱাৰে শাসন ৷
                     ৩
 মাতৃভাষা বচাবলৈ লিখে বৰ বৰ প্ৰৱন্ধ
সাহিত্যিক বুদ্ধিজীৱিৰ সৈতে গঢ়ি তোলে সম্বন্ধ
পুতেকে কয় খিচিৰি ভাষা
পুৰণ কৰে মনৰ আশা
স্মাৰ্ট বনোৱাৰ যুদ্ধত পৰি হৈ পৰে অন্ধ ৷
                     ৪
বৃদ্ধাশ্ৰমে বৃদ্ধাশ্ৰমে দান কৰি ফুৰে
মুখত মৰম সানি লৈ ফটো তোলাত ধৰে
মাক-দেউতাকৰ খবৰ নাই
কিদৰে থাকে কি খায়
বুঢ়া-বুঢ়ী বুলি কৈ কেটেৰ-জেঙেৰ কৰে ৷
☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *