ফটাঢোল

বৰলাৰ বিষয়ে এখন ৰচনা -ৰশ্মি শইকীয়া

জানুৱাৰী মাহৰপৰাই আমাৰ সম্পাদক বোপা মানে আমাৰ ৰঙীন গল্ডী বৰুৱাই লেখা এটা দিবৰ বাবে তাগিদা দি আছে৷ পিছে অমুকী আকৌ আম্বানীৰ দৰেই বিজি মানুহ৷ “ফগ” পাৰফিউমৰ এডভাৰ্টাইজৰ দৰেই যদি ভাৰতৰ শিক্ষকসকলক এতিয়া কি চলি আছে সোধা হয়, উত্তৰ আহিব “নিষ্ঠা”৷
দুমাহ ধৰি দিনৰ দিনটো নিষ্ঠাৰ ট্ৰেইনিং দিয়াত ব্যস্ত, শয়নে সপোনে মোৰ জীৱনটোত কেৱল “নিষ্ঠা”৷ গতিকে এনে ক্ষেত্ৰত লিখনিৰ কথা ভাবিবই নোৱাৰি৷
পিছে সম্পাদক বোপা জানো কম৷ যদিও আমাৰ এই পৰ্যন্ত দেখা দেখি হোৱা নাই তেখেতৰ আৰু মোৰ জন্মস্থানৰ মাজৰ দূৰত্ব কেইকিলোমিটাৰ মানহে৷ গতিকে লোকেল বন্ধু বুলি অলপ টান এটাও আছে৷ অৱশেষত বৰলা সম্পাদক বোপাৰ কথামতেই লিখিবলৈ বহিলো৷ এইখিনিতে বৰলা বুলি কওঁতেহে মনলৈ আহিল, পৃথিৱীলৈ অহাৰপৰা এই বুঢ়ী বয়সলৈকে, শদিয়াৰপৰা ধুবুৰীলৈকে যিমান বৰলা লগ পালো তাৰেই শ্ৰেণীবিভাজন এটা কৰিব পাৰি দেখোন৷
অভিধানখন মেলি বৰলা শব্দৰ অৰ্থ বিচাৰি চাওঁতে পোৱা গ’ল, “কেতিয়াও বিয়া নপতা মানুহক বৰলা বুলি কোৱা হয়”৷ বৰলাৰ সমাৰ্থক হিচাপে ডঙুৱা, লঠৰু,ডাংবৰলা, ডাং মুঠীয়া, অপত্নীক, ভাৰ্যাহীন আদি শব্দ পোৱা যায়৷ বায়’লজিকেল ক্লাচিফিকেচনৰ দৰেই মইও বৰলা নামৰ প্ৰাণীবিধৰ ক্লাছিফিকেচন কৰাৰ এটা চেষ্টা চলালো৷
ৰাজ্য – মানুহ৷
পৰ্ব – মতা মানুহ৷
বৰ্গ – বিয়া নপতা মতা মানুহ৷
প্ৰজাতি – দুটা, স্থায়ী বৰলা আৰু অস্থায়ী বৰলা৷
প্ৰকাৰ – বিভিন্ন৷ তলত কেইপ্ৰকাৰমান বৰলাৰ সংক্ষিপ্ত বিৱৰণ দিয়া হ’ল –
(১) ট্ৰেজিক বৰলা : এই প্ৰকাৰৰ বৰলা সাংঘাতিক ধৰণে প্ৰেমিক হয়৷ জীৱনত এবাৰেই প্ৰেম হয় তেওঁলোকৰ৷ যেতিয়া প্ৰেমিকাৰ ঠগ খাই জীৱনলৈ ট্ৰেজেডী নামি আহে তেতিয়াই কেতিয়াও বিয়া নকৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ অৱশ্যে পৃথিৱীত এওঁলোকৰ সংখ্যা অতি নগন্য হোৱাৰ বাবে “ৰেড ডাটা বুকট” অতিশয় বিপদাপন্ন প্ৰজাতি হিচাপে চিহ্নিত কৰা হৈছে৷
(২) ৰাজনৈতিক বৰলা – এই প্ৰকাৰ বৰলা সংখ্যাত কম হ’লেও গোটেই পৃথিৱীতে দপদপাই  আছে৷ “প্ৰতিগৰাকী সফল পুৰুষৰ আঁৰত যে এগৰাকী নাৰী থাকে” এই বচনফাঁকি ইতিমধ্যে তেওঁলোকে অসাৰ বুলি প্ৰমাণিত কৰিছে৷ নাৰীৰ প্ৰতি স্বভাৱগত আকৰ্ষণ থাকিলেও ৰাজনীতিৰ লগত দৌৰোতে দৌৰোতে এওঁলোকৰ বিয়াৰ বয়স উকলি যায়গৈ৷ অৱশ্যে সংসাৰ কৰি পোৱা পত্নী, সন্তানৰ সুখকণৰ বাহিৰে সকলো ধৰণৰ সুখেই ষোল অনাই উপভোগ কৰে৷
(৩) ভয়াতুৰ বৰলা – এওঁলোক আগধতুৱা টাইপৰ৷ ঘৰে বাহিৰে পতিৰ ওপৰ পত্নীৰ অমানুষিক অত্যাচাৰবোৰ দেখি দেখি বিয়া পতাৰ সাহসকণ হেৰুৱাই পেলায়৷ কেতিয়াবা ৰাস্তাই ঘাটে, বজাৰে সমাৰে হেপ্পী ফেমিলি জাতীয় নমুনাবোৰ দেখি বিয়া পাতিবলৈ মনটো ডাঠ কৰে যদিও ওচৰৰ বৌৱেক, খুৰীয়েকহঁতৰ “কালী মা” সদৃশ ৰূপ দেখি বিয়া পতাৰ সপোনখিনি সমাধিস্থ কৰি পেলায়৷
(৪) মিতব্যয়ী বৰলা – এই প্ৰকাৰটো আকৌ মাখিচুছ টাইপৰ৷ ভাতৰ কাঁহীখনত কিবাকৈ এটা ভাত ৰৈ গ’লেও তেওঁলোকৰ হাৰ্ট এটেক অহাৰ উপক্ৰম হয়৷ ওচৰৰ বিয়াই সবাহে এসপ্তাহমানৰ আগৰেপৰা এসপ্তাহমান পিছলৈকে মাত লগোৱাৰ চলেৰে ডাইৰেক্ট  খোৱাৰ পাতত বহি খৰচখিনি ৰাহি কৰে৷ গতিকে এওঁলোকৰ বাবে সংসাৰ কৰা মানে ডিঙিত শিল বান্ধি দ পানীত জাঁপ দিয়াৰ দৰেই একে কথা হয়৷ গতিকে সুবিধা পালে জীয়ৰী, বোৱাৰীক ভৰিৰপৰা মূৰলৈকে চকুৰে স্কেনিং কৰিয়েই সংসাৰ পতাৰ দৰে অময়া সুখকণ লভিবলৈ চেষ্টা কৰে।
(৫) চেনীগুটি বৰলা – সাংঘাতিক ৰোমাণ্টিক জীৱ৷ স্থায়ী আৰু অস্থায়ী দুয়োটা ৰূপতে পোৱা যায়৷ শ্ৰীকৃষ্ণ গোপীসকলৰৰ মাজত কেন্দ্ৰবিন্দু হৈ থকাৰ দৰেই তেওঁলোকো জীয়ৰী বোৱাৰীৰ কেন্দ্ৰবিন্দু হৈ থাকিব বিচাৰে৷  বৰ্তমান বৰলা প্ৰজাতিটোত এন প্ৰকাৰটোৱেই সৰ্বাধিক৷ তেওঁলোকৰ গাৰ্লফ্ৰেণ্ডৰ সংখ্যা কিমান নিজেও গম নাপায়৷ প্ৰেমিকাৰপৰা পোৱা সুখবোৰ হেৰাই যোৱাৰ ভয়তেই তেওঁলোকে বিয়াৰ নপতাৰ দৰেই কঠোৰ সিদ্ধান্ত লয়৷ অৱশ্যে তাৰে কিছুমানে বিয়া কৰাই পুনৰ খুলশালী, পত্নীৰ বান্ধৱী আদিৰ দৰে জীৱৰ ওপৰত চকু দিয়া দেখা যায়।
(৬) আনলাকী বৰলা : এই প্ৰকাৰটো আকৌ অলপ বেলেগ ধৰণৰ৷ তেওঁলোকে বিয়া কৰাব বিচাৰে অথচ পচন্দৰ ছোৱালী নাপায়৷ জীৱন সংগীৰ নিৰ্বাচনৰ ক্ষেত্ৰত তেওঁলোকে অলপো কম্প্ৰমাইজ কৰিব নিবিচাৰে৷ ফলত ছোৱালী বিচাৰি থাকোতে তেওঁলোকৰ বিয়াৰ বয়স পাৰ হৈ যায়৷ বুঢ়া কালত তেওঁলোকে অলপ কম্প্ৰমাইজ কৰিব বিচাৰে যদিও তেওঁলোকলৈহে বিয়া হ’ব খোজা ছোৱালী নাপায়৷ শেষত বিয়া পতাৰ অদম্য ইচ্ছাকণ লৈয়ে তেওঁলোকে চকু মুদিব লগা হয় ৷
আমাৰ বৰলা ফটাঢুলীয়াৰ সংখ্যাও অলপ নহয় কিন্তু৷ গতিকে আপোনালোকে সময় পালে তেওঁলোকৰ এটা শ্ৰেণীবিভাজন কৰি চাবচোন।
☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *