পিৰালিৰ চুক TO ডিজিটেল, হিয়াৰ আমঠু বিয়নী মেল – অসীমা দত্ত শইকীয়া
ৰসাতলে যাইতি, ঘৰৰ পৰা আনিছিলি কি? সেইটো ছোফা আনিলি ট্ৰাকৰ ওপৰত আনোঁতেই গছৰডাল লাগি খুৰা এটা তাতে থাকি আহিল। কি কাঠৰ ঐ বাপেৰক সুধিবিচোন। ইয়াত তোৰ দম নচলিব।
পুৱাতে গিৰিয়েকৰ দপদপনি শুনি তাই ৰ’ব নোৱাৰিলে। তায়ো মেলি ধৰিলে কলেজৰ দিনৰ হাতনি পেৰাতো। ……হ’ব, আম্বানীৰ পুতেকক দেখিছিলোঁ কি দিছিল ভালপাই থাকোঁতে। খুজি লোৱা উপহাৰটোও পোৱাৰ দিনা হোষ্টেলৰ বাৰাণ্ডাত নাল নাইকীয়া চকীত ধৰিহে কথমপি ৰৈছিলোঁ। তাকো খুজিছিলোঁ শূৰ্পণখাৰ দৰে নাকতো আগে ভাগে কাটি লৈ নিজে। লগৰবোৰে কিমান দেখুৱায় সিহঁতৰ বয়ফ্ৰেণ্ডৰ গিফ্টবোৰ। মোৰ যে নাই যি নাই ধানৰ বাকলি এটাও নাই দেখুৱাবলৈ। তাকে এদিন ক’লত যি তাৱত সুধিছিল…কি কি ৰং ভালপোৱা তুমি? ভাবিছিলোঁ সুতে-মূলে একেলগে দিব দেহি! মনতে হিচাপ কৰি সদ্যহতে তিনিযোৰ দিলেই হ’ব বুলি ক’লোঁ…ৰঙা, বেঙুণীয়া, হালধীয়া ৰং মোৰ প্ৰিয়। লগৰবোৰৰ আগত ফুটনিও মাৰিলোঁ, মোক সাতযোৰমান চুৰিদাৰ দিম বুলি কৈছে, মইহে তিনিযোৰেই হ’ব বুলি ক’লোঁ। সকলোৱে মোক লাকী বুলি পাৰ্টিও খুজিলে। আহিছিল সেই ক্ষণতো সোনকালেই। পিছত কুৰিয়াৰৰ ল’ৰাটোৱে দি যোৱা কৰিনা কাপুৰৰ ফিগাৰৰ পেকেটতো দেখি মোৰ মনে চেবাইছিল, পিছে লুকুৱাবলে নেপালোঁৱেই লগৰবোৰে তোৰ ফাৰ্ষ্ট গিফ্ট চাওঁ চাওঁ বুলি যি উথপথপ লগাই গিফ্টটো নেফানেফ কৰিলে,… তিনিটা ৰঙৰ ফুল জৌ জৌ কৈ সৰিছিল পেকেটটোৰ পৰা। সোনাৰু, এজাৰ, কৃষ্ণচুড়া। তথাপি ৰোমাণ্টিক মনৰ বুলি আকোঁৱালি লৈ আজি মোৰ এই গতি।
ঘৈণীয়েক অঞ্জলীৰ নকিয়া ফুলচাইজ বেটাৰীহেন ভলিউমৰ ওচৰত তাইৰ গিৰিয়েকটো সেপেকা সেপেক হয়, ফুটাই দিয়া বিহফোঁহা টাইপ। সদাই ঘৰখনৰ আৰম্ভণিতেই মানুহজনে তাৱত কৰে। চাৰিবজাতে ঘৰৰ মুধচত চিঞৰা মুৰ্গীটোৰ দৰে চিঞৰিব আৰু ঘৈণীয়েক অঞ্জলিয়ে তাক হাঁকুতিয়াই আনি মোটোকা মাৰি থৈ দিয়ে। সন্তানহীন ঘৰখনত যেন দুযোৰ বৰতাল। বৰতালৰ মাতত শাহুৱেক শহুৰেক চেপেটা মাৰে। অঞ্জলি মুখচোকা মানুহটোক লৈ অসুখী যদিও শহুৰেক শাহুৱেকক লৈ সুখী বহুত।নিজৰ জীৰ দৰে মৰমত থাকে তাই।
অঞ্জলিৰে গিৰিয়েকৰে লগাৰ দিনাও আবেলিলৈ আহিছিল শাহুৱেকৰ লগৰ কেইজনী। শাহুৱেকে তাইক সতৰ্ক কৰি দিছিল। তম্বুতো সলাই চাদৰ মেখেলা পিন্ধ। মানে মেক্সিটো। এইকেইজনী এনেই অহা নাই। তোৰে বাপুৰে ওখনা-ওখনিখন চাগৈ কাষৰ ঘৰৰ ভাইকণৰ মাকে শুনিলে, সেয়ে চাগে পাৰ্টিটো গঠন কৰি লৈ আহিছে আলেখলেখ ল’বলে। তই হাঁহি মাতি ওলাবি বোৱাৰী।
তামোলৰ বঁটাতো লৈ অঞ্জলিৰ শাহুৱেক লগৰ কেইজনীৰ ওচৰলৈ ওলাই গ’ল। আগফালৰ বাৰাণ্ডাত সাতগৰাকীমান বহি বিভিন্ন আলোচনা।ভাগৱতৰ দশম অধ্যায়ৰ পৰা গাঁৱৰ কণপাইৰ পুতেকে অজাতি অনালৈকে নানা ৰকমৰ কথা।
মাজতে অঞ্জলিয়ে চাহৰ ট্ৰেখন লৈ আথে বেথে ওলাই গ’ল আগফালে। আঁঠু কাঢ়ি চাহৰ বাটিবোৰ ভাগে ভাগে চমজাই তাই শাহুৱেকৰ কাষতে বহিল।ভাইকণৰ মাকে গল হেকাৰি মাৰি মুখত থকা তামোলৰ চোবাটো দলিয়াই চাহৰ লগত অহা পানী এগিলাচেৰে মুখখন কুলকুলি কৰিলে। চাদৰৰ আগেৰে মুখখন মচি তেওঁ ক’লে…বুইছ তহঁতে যিয়েই নকৱ কণপাইৰ পুতেকে অজাতিয়েই আনক বা জাতিয়েই আনক পলুৱাই, সিহঁত হালৰ আকৌ মিল আছে। অনা এমাহেই হ’বৰ হ’ল আজিলৈ ডাঙৰ মাত এটা শুনা নাই ঘৰখনৰ পৰা। কিছুমানৰ যে আমাৰ ঘৰৰ ভিতৰলৈকে বৰতাল বজাদি বজা শুনো। কথাষাৰ কৈ চাহত শোহা মৰা মানুহজনীলৈ চাই অঞ্জলি আৰু শাহুৱেকে চকুৱে চকুৱে চালে। আচলতে এইষাৰ অঞ্জলিকে দিছে।
তেনেতে পুতুকণৰ মাকে মুখ মেলিলে……থ হেৰৌ নতুনে নতুনে সবেই মাইকীজনীক মূৰৰ ওপৰত উঠায়, পুৰণা হ’বলে দে। পোঁৱতী মাইকী হোৱাৰ পিছতহে মতাৰ মৰম ওলায়। আনকনো কি দোষিবি, আমাৰ শাস্ত্ৰতে দেখা নাই মহিলা ভগৱান কিজনী পুৰুষৰ লগত সমানে ঠাই কেইজনীয়ে পাইছে। সদায় গোৱা প্ৰাৰ্থনাটোত মন কৰিবিহঁতচোন…ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম ৰাম ৰাম ৰাম ৰাম। হেৰৌ মতামানুহেনো জীৱৰ জন্ম দিয়েনে। জননিবোৰে জন্ম দি দি এতিয়া মৰিছে নাম কিন্তু তলিতে ৰৈ গ’ল ব্ৰহ্মাৰে সেই মতামানুহটোৰে। আৰু লক্ষ্মীক দেখিছহঁত ক’ত বহে ভৰি পিতিকি নাৰায়ণৰ শয্যাখনত।
পুতুকণৰ মাকৰ তত্ত্বগধুৰ কথাত দুজনীমানে জেঠীয়ে আহাৰ দেখিলে শ্ল’ মোচনত নেগুৰ লৰোৱাদি মূৰবোৰ লৰালে। তাৰে পাৰ্টিতো গঠন কৰি অনা ভাইকণৰ মাকে উৎসাহিত হৈ তেওঁৰ গৱেষণা পত্ৰখন পাঠ কৰিলে… অকল প্ৰাৰ্থনাতেই নে আমাৰ বিহুতো দেখা নাই সেই যে হুচৰিত গায়…… দেউতাৰ পদূলিত গোন্ধাইছে মালতী। চাচোন পদূলিতো সাৰে মাকে, ৰুলে মালতীজোপা মাইকীমানুহজনীয়ে শেষত নাম হ’লগে কাৰ দেউতাকৰ।সেই মতামানুহটোৰ।
বুইছ অঞ্জলি তই হাজাৰ শাহু শহুৰক মৰম কৰি চলা ঘৰ লাগিলে, নিজৰ মতাটোৰে যদি পেট নাপাৱ কথাই প্ৰতি দন, কম বান্দীৰ জীৱন নে এইটো!উপায় নাই চলিবই লাগিব।
অঞ্জলিক উদ্দেশ্যি কোৱা ভাইকণৰ মাকৰ কথা কেইষাৰে তাইক হুলে বিন্ধাদি বিন্ধিলে। এই মানুহজনীয়ে প্ৰয়াত গিৰিয়েকৰ পেঞ্ছনৰ টকাৰে আজাদিকৈ চলি আছে। পুতেকৰ ভাল সংস্থাপন এটাও নহ’ল যদিও সি সৰু সুৰাকে ব্যৱসায় কৰি পৰিয়ালটো চলাই আছে। সেইদিনা তেখেতৰ বোৱাৰীয়েকে অঞ্জলিক লগ পাই কৈছে……বুইছে অঞ্জলি বৌ, হাজাৰ ধনী হওক ঘৰখনত নিজৰ মানুহটোৰ ইনকম নহ’লে বৰ কথা হজম কৰিব লাগে। অলপতে ঘৰখনলে ৱাশ্বিং মেচিন এটা আহিল। হ’লে কি হ’ব।ইলেকট্ৰিচিটি ব’ৰ্ডত ফিট নকৰি মায়ে ৱায়াৰ টানি তেওঁৰ ৰূমৰ ওচৰৰ ব’ৰ্ডখনত ফিট কৰে চলাবৰ সময়ত। নিজৰ কাপোৰ কেইটা ধোৱে মেচিনত আৰু ধুই হ’লে মেচিন খুলি, বৰ্ডখন সামৰি তলা মাৰি থৈ দিয়ে। মেচিনটো মায়ে কিনা যে। আজিকালি বুঢ়া বুঢ়ী মানুহবোৰক পুতেক বোৱাৰীয়েকে জঞ্জাল বুলি দলনিত পোনা মেলাদি মেলে। কিন্তু তাৰ মাজত তেওঁলোকে দিয়া জ্বালাবোৰ ব্ৰেকেটত ৰৈ যায়।কোৱা নাই সন্তানে তেনে কৰক বুলি মহাপাপ সেয়া। তথাপি তেওঁলোকেও বুজক আনৰ ঘৰৰ ছোৱালী কি? ………ভাইকণৰ ঘৈণীয়েকৰ কথাখিনি অমুলক নহয়। অঞ্জলিৰ শাহুৱেকৰ লগৰ এই প্ৰতিগৰাকী মানুহৰ নাতি নাতিনীৰে ভৰা সংসাৰ অথচ কি কথা লৈ ব্যস্ত। এইক্ষেত্ৰত অঞ্জলিৰ শাহুৱেক ব্যতিক্ৰম। অৱশেষত অঞ্জলিয়ে মুখ খুলিলে…… আপোনালোকে যে এনেকৈ চাহৰ জুতি লৈ ঘৰে ঘৰে কোন নাৰী কিমান সবল পৰীক্ষা কৰি ফুৰে, কিয় সৌ মুখৰ আগৰ ৰাজুৰ মাকজনীৰ খবৰ এটা ল’বলৈ নাযায়। পুতেক বোৱাৰীকে এৰি দিলে চোৱা চিতা কৰিবলে দিগদাৰ বুলি। চকী পাৰি আগফালে বহি কান্দি থাকে। অথচ আপোনালোক কোনো নাযায় তেখেতৰ ওচৰলৈ। একো নকয়গৈও সেই পুতেক বোৱাৰীয়েক হালক। অসুখীয়া মানুহজনীক অলপ আপদাল কৰিবলৈ নকয় কিয়, সাহস নাই? বোৱাৰীয়েকজনীৰ মুখখন চোকা যে। ভয়!!
আপোনালোকে জানেনে, আপোনালোকৰ বয়সৰ মানুহৰ বাবে চহৰত কাঠফুলাৰ দৰে বৃদ্ধাশ্ৰম গঢ় লৈ উঠিছে। আমাৰ গাঁৱত তেনে ব্যৱস্থা নাই বাবে ৰাজুৰ মাকৰ দৰে বোৰে শাস্তি সহি নীৰৱে আছে। বহুত সুখত আছে আপোনালোক ঘৰখনৰ ছত্ৰছায়াত। এনেকৈ আনক সমালোচনা কৰি ঘৰে ঘৰে ঘূৰি ফুৰাতকৈ সেই একে বয়সৰ মানুহজনীৰ বাবে কিবা এটা কৰক। আপোনালোকৰ পেঞ্ছন আছে। বয়সস্থ গোটেই কেইজনী গোটখাই কিবা এটা কৰিলে তেখেতৰ বোৱাৰীয়েকে একো নকয়।
অঞ্জলিৰ কথাখিনিয়ে তেওঁলোকৰ মনত ৰেখাপাত কৰিলে। নিজৰ পৰা, গাঁওখনৰ পৰা তুলি পোৱা টকাৰে তেওঁলোকে সেই মানুহজনীক চিকিৎসা কৰালে। সলনি হ’ল মানুহকেইজনী…… সলনি হ’ল তেওঁলোকৰ ঘৰবোৰো।লগতে সমাজখনো…
2) আবেলি বজাৰৰ পৰা ঘূৰোতে একেটা চুবুৰীৰে মুখতে থকা বৰুৱানীৰ ঘৰলৈ দত্তনীয়ে হেপা মেলি চালে। মানুহজনী আজিকালি ছ’চিয়েল মিডিয়াত বৰকৈ লগ নোপোৱা হ’ল। নহ’লে পুৱাই গুদমৰ্নিঙটো তেওঁৰ পৰাই পায়…, একমাত্ৰ পৰিয়াল থকা ভগৱান মহাদেৱৰ সপৰিয়ালৰ ফটো এখনৰ সৈতে দিনতো শুভাৰম্ভ কৰি দহোটামান আপদেট দি নিশা বাৰ বজাত গুডনাইটেৰে সামৰে সেইখন শাস্ত্ৰ। বৰুৱানীক বেলকনিত বহি থকা দেখি দত্তনীয়ে মাতিবলে লৈয়ো মেলা মুখ জপাবলে বাধ্য হ’ল। কাৰণ তেওঁ দত্তনীক দেখিয়েই মুখ সিফালে ঘূৰালে এদোনমান কৰি। দত্তনীয়ে বুজিলে ফেচবুকতে আৰম্ভ হোৱা দন্দখন বাস্তৱতো তেওঁ অব্যাহত ৰাখিছে। সেইদিনা দত্তনীয়ে ফেচবুকাইটিছ বুলি প’ষ্ট এটা দিছিল। তাকে কাট মাৰিছে বুলি বৰুৱানীৰ গাত লাগিল। নহ’লে দুইজনী ইনবক্সত নলে-গলে লগা। দত্তনীৰ চকুত নপৰাটোও বৰুৱানীয়ে ইনবক্সত জনায়। ……তাতো অফলাইন পালে ফোনেকে কৰিব……অঁ বোলো দত্তনী দেখিছানে নাই আমাৰ চুবুৰীৰ ঘন মণ্ডলৰ বোৱাৰীয়েকৰ ফটো? নাটেশ্বৰীজনীয়ে লাজ চৰম পুৰি খালে। গোৱালে গৈ সেইবোৰ ফটোকে দিছেনে! এইৰ ফেচবুকত কোনোবা আছে ৰাতি দুটালৈকে গ্ৰীণ লাইট জ্বলিয়ে থাকে।
দত্তনীয়ে আজিকালি এইবোৰ এৰাই চলে। আগতে এবাৰ দি সেকা পাই থৈছে। ওচৰৰে প্ৰণৱ শৰ্মাৰ জীয়েকজনী মুছলীম ল’ৰালে পলাই গ’ল। তাকে বৰুৱানীয়ে ল’ৰাটোৰ ফটো চেভ কৰি দত্তনীক ইনবক্সত দি দুখ কৰিলে। পিছত দত্তনীয়েও সহযোগ কৰাত তেওঁ নিজৰ মেছেজ দিলিট কৰি দত্তনীৰ সোপাই মেছেজৰ স্ক্ৰীণচট ফেচবুকত দি দিলে। প্ৰণৱ শৰ্মাৰ পত্নীয়ে দেখি ৰুদ্ৰ ৰূপ ধৰিল। শেষত স্ক্ৰীণচত গৈ সাম্প্ৰদায়ীক সংঘৰ্ষৰ ৰূপ ল’লেগৈ। দত্তনীৰ বিপক্ষে ভালেকেইখন যুঁজাৰু বিমান ওলাল।আগতে যাৰ পোষ্টত দত্তনী হেপ্পী ঈদ হৈ আছিল তেওঁলোকেও ব্লক মাৰিলে। কেনেবাকে যুদ্ধখন শাম কাটিল। তেতিয়াৰ পৰা দত্তনী সাৱধান হ’ল।মাজতে বৰুৱানীৰ একাউণ্টটো হেক হ’ল সেয়া দত্তনীৰ পুতেকেই ঠিক কৰি দিলত পুনৰ তেওঁলোক নলে গলে লাগিল। দত্তনীয়ে ফেচবুক কমালেও বৰুৱানীয়ে সকলো খবৰ দি থাকিছিল।আজি অমুকে গুগলৰ খোৱা ফটো গ্ৰুপত দিছিল উলিয়াই দিলে।
মাজতে বৰুৱানীয়ে গ্ৰুপ এটা খুলিলে। মহিলাৰ সুপ্ত প্ৰতিভাৰ হকে। তাতে বৰুৱানীৰ কামোৰত দত্তনীয়ে ফেচবুকে ঘৰৰ কামত কিমান বিঘিনি ঘটাই তাকে লৈ ফেচবুকাইটিছ বুলি জমনি পোষ্ট দিলে। কেনেকৈ মবাইলটো মংগলসুত্ৰৰ দৰে হ’ল এৰিব নোৱাৰা। যেনেকৈ আগতে দেউতাকে দলঙা বা চেপা পাতি ঘনে ঘনে কি মাছ উঠিল চায়, ঠিক তেনেকৈ ফেচবুকটো কিবা এটা দি লাইক কমেণ্ট চেক কৰোঁতেই আধা সময় যায়। ষ্টিকাৰ কমেণ্টবোৰ পুঠি খলিহনা। শলগা কমেণ্টবোৰ যেন ৰৌ বৰালী। ঘৰত হাজাৰ বেদনাইট চলিলেও লিপষ্টিক এলেপা লৈ ফটো দি ফেচবুকত গুদনাইট দিয়া সমাজখনত সৱ মচগুল। সেই পোষ্টটোকে গ্ৰুপত এপ্ৰুভ হ’বলৈ পালেহে কেইবাজনীয়েও গাত লগাই লৈ ঢোঁৰা কাউৰীৰ দৰে পোষ্টতে দত্তনীক খুটি তকলা কৰি পেলালেহি। বৰুৱানীয়েও তেওঁলোকৰ খোঁটত সহযোগ কৰিলে।
দত্তনীৰ উঠিল ফাই। তেৱোঁ যাইলাং থাকেলাং বুলি ৰণ শিঙা বজাই, মেখেলা উজাই বহি ল’লে। গ্ৰুপৰ পুৰণা পোষ্ট উলিয়াই তেওঁ লাগি গ’ল হাতে কামে। খোঁট মৰা কেইজনীক বিশেষকৈ। একে চুবুৰীৰে কলিতানীয়ে মোৰ হাতৰ কামৰ চিলাই কেনে হৈছে ফেৰেনচ বুলি দিয়া চাদৰ মেখেলাযোৰত দত্তনীৰ কমেণ্ট………ভাল হৈছে। এইযোৰ বেপাৰীৰ পৰা লোৱা। সি প্ৰথম মোৰ ওচৰলৈকে আহিছিল, মইহে আপোনাৰ ওচৰলৈ পঠিয়াইছিলোঁ। তাকে নিজে চিলোৱা বুলি দিছে!
অলপ পিছত কলিতানীৰ ফালৰ পৰা তেওঁ ব্লক। দত্তনী পুনৰ আগবাঢ়িল চুবুৰীৰ সিমুৰৰ বৰানীৰ পোষ্টলে। মোৰ নাতিটোৰ বাৰ্থডেৰ বাবে নিজে বনোৱা কেকৰ উপহাৰ। ভাল লাগিছেনে ফেৰেনচ।
দত্তনীয়ে কমেণ্ট মাৰিলে…কিয় সেইদিনা বাৰ্থডেত এইটো খাওঁতে আপোনাৰ বোৱাৰীয়ে চেৰীগাৰ্ডেনৰ কেক বুলিহে কৈছিল চোন।
অলপ পিছত সেইফালৰ পৰা ব্লক।
দত্তনী নৰ’ল। খুঁচৰি পালেগৈ কলিতানীৰ গাড়ীখন। ফিলিং সাতখন আঠখন আমাৰ নিউ কাৰ। দত্তনীয়ে কমেণ্টালে………… এইখন ক’ৰ নতুন।আমাৰ এখেতৰ অফিচৰ আহমেদৰ পুৰণি গাড়ীখন। এইখন লৈ আহমেদ আমাৰ ঘৰলে বহুত বাৰ আহিছে। আপোনালোকে ল’ব বুলি মিছেচ আহমেদে কৈছিল মোক মনত আছে।
………পুনৰ ব্লক দত্তনী। শেষত দত্তনী ৰ’লগৈ ৰেচিপি কুইন হাজৰিকানীৰ পোষ্টত। তেওঁৰ গমৰ লাড়ু দুটামানত কমেণ্টালে……… অঁ বোলো আমি গ’লে চোন মেৰি গল্ড বিস্কুট আৰু লালচাহ হে দিয়ে। এইসোপা কেতিয়া বনাইনো। হোটেলৰ পৰা আনি সজাই দি ফটোখনৰ ৰাণীজনী হ’লে কিটো হ’ব হয়নে! বোৱাৰীয়েকে কয় নহয়……ম’ম বনাই চাৰিটা। অকল ফেচবুকত দিবলে। ঘৰত এফালকৈও ভাগত নপৰে।
সেইসোপা কমেণ্টৰ পিছত দত্তনীক লিষ্টত থ’বনে! মুঠতে দত্তনী চুবুৰীটোৰ অনলাইন দন্দুৰী হৈ পৰিল। আগৰ তাঁতৰ শালৰ, পথাৰৰ, নামঘৰৰ বিয়নীমেলখন আজিকালি ডিজিটেল হ’ল। কোনে কাৰ ভিতৰুৱা কথা জানে সেয়াই বেছি আপদেত হ’বলে ল’লে। কাৰো ঘৰলৈ কোনো নাযায়, এতিয়া ইনবক্সে ইনবক্সে বিয়নীমেল। এয়াই আধুনিক যুগৰ ডিজিটেল মেল।
দত্তনীয়ে ফেচবুক দিলিত কৰি ঘৰৰ কামত মনোযোগ দিওঁ বুলি আশ্বস্ত হ’ল।
☆ ★ ☆ ★ ☆
12:53 pm
উহ কি লিখিলা মজ্জা ?☺
2:41 pm
পিৰালিতে বহি থকা যেন লাগি গল ??
2:44 pm
কি যে মজ্জা লাগিল অসীমা বা..
2:50 pm
ভাল লাগিল..
3:05 pm
হাঃ হাঃ আপোনাৰ ফেন। একমাত্ৰ পৰিয়াল থকা ভগৱান! Gk ও বাঢ়িল
3:43 pm
মজা বা?????
4:06 pm
হা হা, তামাম লিখিছে
4:07 pm
কেনেকৈ লিখে বাৰু ??
5:38 pm
হা হা মজা ।বঢ়িয়া লাগিল ।
10:31 am
পঢ়িলো বাই , বাস্তৱিক দেই
7:47 pm
মজা লাগিল
7:02 pm
সাংঘাতিক ভাল লাগিল দেই ।