নাটনিৰ এশিকনি- সবিতা হাজৰিকা
যোৱাবছৰ মোৰ সৰু মাছৰ ব্যৱসায়টোত আয়তকৈ ব্যয় বেছি হ’ল । গুৰু শনিদেৱৰ আশীৰ্বাদপুষ্ট জীৱন মোৰ। সেয়ে নাটনি দেৱীয়ে লগ নেৰাই হৈছে মোৰ ।
মই মানুহজনী “আকালো নাই ভঁৰালো নাই” বিধৰ, যি পাওঁ তাৰেই মোটামুটি চলি যায় । ধোৱাখুলীয়া বুলি মাতাশ্ৰীয়ে ভোৰভোৰাই থাকে যদিও মই মানি নলঁও । দৰকাৰী বস্তুকেইপদ কাকো খাতিৰ নকৰাকৈ যোগাৰ কৰি লঁও ।
“আজি হাঁহি আছো,ক’বতো নোৱাৰোঁ.. কালিলৈ বা কি হ’ব….!” এনেধৰণৰ গান টেটুফালি গাই মাক শুনাই শুনাই সুখত থাকিব বিচৰা বিন্দাছ প্ৰানী মই।
বয়স বাঢ়ি অহালৈ চাই মুখমণ্ডলত বলিৰেখা নপৰাকৈ ‘মেইনটেইন’ কৰি থকা কথাটোত , অগৰং – বগৰং সৰুসুৰা সমস্যাবোৰ সমাধান কৰোঁতে কিমান খৰছ হয়..প’ন্ড্ছ ক্ৰীম পাউদাৰতে আবদ্ধ থকা মায়ে কি বুজিব!
এনেকুৱা দিনবোৰতে ৰাতি বিচনাত পৰি পৰি কিবা এটা চমৎকাৰ হোৱাৰ কল্পনা কৰি থাকো । হাজাৰ , পাঁচশ টকীয়া নোটৰ বান্দোলেৰে ফিটফিটীয়া হৈ থকা ক’লা ৰঙৰ টকাৰ বেগ এটা হেৰাই পাই হঠাৎ মালামাল হৈ যোৱাৰ বাসনাই কেতিয়াবা টোপনি খেদে। দেশৰ লগতে বিদেশ ভ্ৰমণৰ সপোনটো পূৰ্ণ হোৱাৰ লগতে বহুত সমস্যা , টেনশ্যন কমি যাব… এই ধুনীয়া কল্পনাটোও শনিদেৱৰ কৃপাত কৰিবলৈ এৰি দিলোঁ যোৱা সোমবাৰৰ ঘটনাটোৰ পাছত।
যোৱা শনিবাৰে এনায়েকৰ ঘৰত থকাকৈ অহা ভাগিনটোক সোমবাৰৰ দিনা স্কুল পোৱাকৈ থৈ ঘৰমুৱা হৈ চাইকেল চলাই আহি আছো । টেটেৰা কলাফুল বিষাই যোৱাকৈ পেডেল মাৰিছো, দহ বজাৰ আগত ঘৰ পাবগৈ লাগে। দানা দিবহি লাগিব গাহৰিক। ইতিমধ্যে সেইকেইটাই চিঞৰত গগন ফালিছে চাগে ভোকত!
ফোঁ-ফোঁৱাই আহি আছোঁ । ফটকৈ পাঁচটকীয়া নোট এখন চেপি পাৰহৈ এক ফাৰ্লংমান গৈ ব্ৰেক মাৰি সোঁভৰি চোঁচৰাই ৰৈ ঘুৰি চালোঁ। হয় , পাঁচটকীয়া আচল্ নোটেই হয় । আজিকালি আকৌ বদমাইছ এমখাই নকলী টকা পেলাই ৰং চোৱা ভিডিঅ বনাই নহয় । তৰিৎগতিত চিন্তা কৰিছোঁ , বুটলি লম নে নলম!
এল পি স্কুলত পৰি থকা কাঠপেঞ্চিল , মাটি পেঞ্চিল , শ্বাৰ্পনাৰ , ৰবৰ সৰস্বতী আয়ে দুখ পাব বুলি বুটলি থোৱা টোপোলাটোৰ পৰা কিমানক যে দান দিলোঁ, কিনো বেয়া কৰিলোঁ !!
মনটোৱে কৈছে ” ৰশ্মি অ’ , লখিমী বস্তু হে , কতজন আহিছে গৈছে , কোনেও বাৰু নোটখন পাব নালাগেনে??!! নেদেখাজনে তোলৈকে ৰাখিছে হেৰ’, অৱমাননা নকৰিবি। যা বুটলি ল’- মনৰ কথাকে মানি চাইকেল ৰখাই নোটখন বুটলি ইফালে সিফালে চালোঁ কোনোবা আহিছে নেকি বিচাৰি ..নাই কাকো নেদেখিলো আশে পাশে । বৰকৈ ভাৱিবলৈও সময় নাই মোৰ । চাইকেলৰ আগফালৰ বাকচটোতে নোটখন লৈ ধামধুম আহি চোতালতে চাইকেল থৈ গাহৰিৰ দানা যতনাই অলপ দূৰত থকা গঁৰাললৈ ঢপলিয়াইছো।
তেনেতে “ঐ ৰশ্মি” বুলি পিছফালৰ পৰা কোনোবা এজনে মাত দিয়াত ঘুৰি চাই দেখিলো ইটো চুবুৰীৰ দদাইদেউ এজন ।
-” অঁ দাই, কঁওকচোন কি হ’ল?” ভাৱিছো কিনো হ’ল হঠাৎ মানুহজনৰ , ইমান খৰকৈ চাইকেল কোবাই আহিছে।
দদায়ে চাইকেলৰপৰা ননমাকৈয়ে সোধো নোসোধোকৈ সুধিলে ” তই কিবা এটা পালি নেকি বাৰু ৰাস্তাত? “
“অহ’… পইচা পাঁচটকা ন’?” থতমত খাই জোখতকৈ ডাঙৰকৈ ওলোৱা মাতেৰে উত্তৰ দিলোঁ । তেতিয়ালৈকে গাহৰিৰ চিঞৰত পাঁচটকাৰ কথা পাহৰিয়েই গৈছিল ।
মোৰ উত্তৰ শুনি দদায়ে চাইকেলখন ঘুৰাই চকুৱে মুখে এসোপামান সন্দেহ সানি ক’লে “পাঁচটকা নহয় অ’, পাঁচশ টকা হে… “।
দদাইদেউৰ কথা শুনি ঠাইতে তভক মাৰিলো, গাহৰিৰ চিঞৰো নুশুনা হ’লো । কন্দনামুৱা হৈ দদাইক ক’লো ” অ’ দাই মই পাঁচটকা হে পাইছিলোঁ , চোতালতে চাইকেলৰ বাকচটোতে আছে , লৈ যাওক লাগিলে…” ।
দদায়ে ” নালাগে ” বুলি কৈ গুচি গ’ল।
মোৰ ইফালে ঠাইতে হাঁহিমেই নে কান্দিম অৱস্থা , কিহে পাইছিল মোক! ভাল ছোৱালী বোলা ইমেজটোত অলপ হ’লেও দাগ লাগিল আজি।
গাহৰিকেইটাই দানা খোৱা চাই চাই নিজকে সান্তনা দিছোঁ , যি হ’ল, হ’ল আৰু…মাছ , গাহৰি পোহাৰ বাদে উপায় নাই , হঠাৎ ধনী হোৱাৰ সপোন দেখাতকৈ বহুগুণে ভাল সৰুসুৰা ব্যৱসায় কৰাটো । হে ইশ্বৰ , গুৰু শনিদেও ..ধন্যবাদ জনালোঁ তোমাক । মোৰ দ্বাৰা যে তুমি কেতিয়াও কাৰো অপকাৰ হোৱা বা বেয়া কাম হোৱাটো নিবিচাৰা , তাকে বুজাবলৈ এইখন লটিঘটি কৰিলা হয়নে?? নাটনিক লগত লৈ ভাল এশিকনি দিলা প্ৰভু । এনেকৈয়ে নিজকে বুজাই, হেৰাই পোৱা টকাৰে ধনী হোৱাৰ বাসনাক মনৰ পৰা চিৰবিদায় দিলোঁ!
☆ ★ ☆ ★ ☆
10:08 pm
সুন্দৰ লেখনিৰে আলোচনীখন উজলাই তোলাৰ বাবে ফটাঢোল ই-আলোচনীৰ হৈ আন্তৰিক কৃতজ্ঞতা জনাইছো