আপদীয়া পদ্য -নীলু নেওগ
(১)
তোৰ নাম বোলে বগী
আলকেটেৰা হেন ক’লা৷
হৰিণী নয়নীৰ আকৌ
চকু এটা কেঞা!
(২)
পাছ বেঞ্চত বহোঁতেই
ল’ৰা ডাঙৰ হ’ল৷
ভাইগে সলালে গতি
এতিয়া সি কোটিপতি
ভাওনা উদ্বোধন কৰিব পৰা হ’ল৷
(৩)
মালৰ গ্লাছত মোৰ ওঁঠৰ চুমুক
হুৰা হুৰে ওলাইছে কবিতা
ঘৰলৈ গৈ মই আজি
ঘৈণীক জনাই দিম
মই কিমান প্ৰেমিক
পতেশ্বৰী মোৰ,
বেলনামাৰীডাল বাৰু ক’ত ৰাখিছা?
(৪)
এনেই মই দেখাত ধুনীয়াই
চকু এটা কেঁৰা মাত্ৰ
ফেচবুকত চেনি খাই থকাসকলক কওঁ,
মোৰ মোবাইলৰ কেমেৰাটোৰহে বাহাদুৰি
ইভাগে মই খালি পাত্ৰ৷
(৫)
কথা এটা শুনিছোঁ
আমাৰ বোলে ফটা ঢোলৰ
নগাঁৱত হ’ব মিত
মই যাব নোৱাৰোঁ
মনটো কিন্তু তাতেই থাকিব
খুৱাই খাব, চোৱাই চাব,
নাচনী কেইজনীৰ কঁকাল বেঁকা হ’ব
কেমেৰাত থকাসকলৰ কিমান যে ভাগ্য
আলুগুটি আলুগুটি ফটো তুলি
গ্ৰুপত দিব৷
আমি নিমিত্ৰহে মাত্ৰ
গ্ৰুপৰ ফটোত লাভ ৰিয়েক্ট কৰি
পালন কৰি যাম আমাৰ দায়িত্ব৷
জয় হওক ফটাঢোলৰ
☆ ★ ☆ ★ ☆