ফটাঢোল

কৌতুক- নিপন গোস্বামী

‘এম পৰিবহন’ এপত নিজৰ লাইচেন্স, ইনচ্যুৰেন্স, আৰ চি উপলব্ধ হোৱা দেখি আমাৰ এওঁ উধাতু খাই দৌৰি আহি মোবাইলটো আগবঢ়াই ক’লে- হেৰি চাওকচোন চাওক, হেলমেটটোও ক’ৰবাত উলিয়াব পাৰি নেকি? হেলমেট পিন্ধি স্কুটী চলাওঁতে চলাওঁতে স্ট্ৰেইটেনিং কৰা চুলিকেইডালে যে কি ৰূপ লৈছে ??
মই বোলো – নালাগে, নালাগে ৷ হেলমেট পিন্ধি এইহেন মনমুগ্ধী চিকমিক চুলিকেইডালৰ সৌন্দৰ্য ম্লান কৰাৰ কোনো প্ৰয়োজন নাই ৷ মূৰত কিবা থাকিলেহে হেলমেট পিন্ধিব লাগে, ফোপোলা মূৰত ইয়াৰ কোনো সকাম নাই ৷
প্ৰতিফল : তিনিদিন ধৰি ঘৰত ডাইনিং টেবুল দেখা নাই ৷
☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *