কলী ঔচ বগী ঔচ ঘেচেক-মধুমিতা বৰুৱা শইকীয়া
সাহিত্য সভাই কি কৰি আছে? কেব হ’লে অসমীয়া ভাষাৰ মুদা মৰিব। আমি সচেতন নহ’লে কেনেকৈ হ’ব?
মিছেছ চলিহাই বুটিকৰ পৰা কিনা সুন্দৰ মেখেলা চাদৰযোৰ পিন্ধি পিন্ধি কৈ আছে। চলিহা ঠাণ্ডা মানুহ। পৰাপক্ষত উচ্চ বাচ্য নকৰে। তাতে কেবৰ কথাত বিৰোধ কৰাটো তেওঁৰ বিবেকৰ বাহিৰৰ কথা। অস্তিত্বৰ সংকটৰ কথা। পাছে, নিজৰ মানুহজনীৰ কথাকেইষাৰেহে তেওঁক বিছাই ডকাদি ডাকিলে।
কথা আৰু কামৰ মিল নাই মানুহজনীৰ| কথা কাণ্ডত চলিহাৰ ৰক্তচাপ কেতিয়াবা বাঢ়ি যায়। কথাৰে সংসাৰ জিনা মানুহ বুলিও অৱশ্যে স্বীকাৰ নকৰি নোৱাৰে তেওঁ। হকে বিহকে মাত্ৰ টেঁটুফালি চিঞৰি থাকিব পাৰিলেই হ’ল মানুহজনীৰ।
শান্তিৰ খাতিৰত সহাৱস্থান কৰি থকা চলিহাই বিতৃষ্ণা লাগিলেও উচ্চ বাক্য সাধাৰণতে নকৰে।আজিও লাহেকৈ চলিহাই ক’লে, “হে’ৰা আচল কথালৈ আহাঁ। ইমান কৈ পাতনি মেলিছা কিয়?”
মিছেছ চলিহাই তপৰাই মাত দিলে, “তুমি ভাবা নেকি আমাৰ ক্লাবত অকল আমি স্ফূৰ্তি তামাশাই কৰোঁ? ভুল বুজিছা। জাষ্ট ফান বুলিয়েই অকল গেট টুগেডাৰবোৰ নকৰোঁ বুইছা। বহুত কন্সট্ৰাকটিভ কামো আমি কৰো দেই। বেহুদা ডাউন দি থাকা অ’। এয়া চোৱা, আজি আমাৰ ক্লাবত ভাষা সজাগতাৰ ওপৰত কাকতি বাইদেউৰ লেকচাৰ আছে।
মই ভাতপানী ৰান্ধি থৈ গৈছো। কাষ্টাৰ্ডৰ ওপৰত জাষ্ট এটা ক্ৰিমী লেয়াৰ এটা দি ল’বা। আৰু শুনা বেটাই কল কৰিলে ক’বা গ্ৰীণ মাংসৰ কাৰীখন মই তাক ৰান্ধিবলৈ শিকায় দিম ফোনতে। পালকৰ জোচ অলপ ৰেডি কৰি থবলৈ ক’বা দেই প্ৰিন্স বেটাক।
চলিহা মনে মনে থাকিল। অভ্যাস হৈ গৈছে চলিহাৰ। ভাতৰ লগত পানী খোৱাৰ দৰে নিত্য নৈমিত্তিক কথা এইবোৰ।
চলিহা মনে মনে থকা দেখি এইবাৰ সঁচাকৈয়ে
মিছেছ চলিহাৰ খং উঠি গ’ল। আই ফোনটো আলফুলে ধৰি থেকেচি থোৱাৰ দৰে কৰি বকি দিলে চলিহাক, “হে’ৰা, হোৱাট ৰাবিছ! কিবা এটাতো এনচাৰ দিব পাৰা। ডিজগাচটিঙ। অলৰেডি আই এম লেট। হাৰি হনী। জাষ্ট অনলি ৱান এনচাৰ।
উৰ্ধ্বমুখী বায়ুৰ চাপ এটাই যেন তড়িৎ সঞ্চালন কৰি চলিহাৰ মগজুলৈ পঠিয়াই দিলে।
উঠি অহা খঙখিনি যিমান পাৰে কমাই নিৰুদ্বেগচিত্তে এইবাৰ উত্তৰ দিলে, অকে ডাৰ্লিং, কলী ঔচ বগী ঔচ ঘেচেক।
মিছেছ চলিহাই বুজি নাপালে। মিছেছ চলিহা আশ্বস্ত হ’ল, এট লাষ্ট চলিহাই উত্তৰ এটাতো দিলে। মিছেছ চলিহাৰ এটিটিউদৰ ওচৰত চলিহা সদায় হাৰি যায়।
মিছেছ চলিহাই আনন্দতে চলিহাক ক’লে, “প্লিজ ৱান হাগ ডাৰল’।”
উপায়ন্তৰ চলিহাৰ ওঁঠত হাঁহি এটা বিয়পি গ’ল।নিসন্দেহে সেইটো এটা শ্লেষৰ হাঁহি আছিল।
☆ ★ ☆ ★ ☆
1:07 pm
সুন্দৰ
1:14 pm
ভাল লাগিল
10:51 am
ভাল লাগিল। ?