বুদ্ধিজীবি -মনজিৎ
১)
: ঐ চুল কাটনা হে?
: বহক না দাদা৷ কেনকে কাটিম কক?
: ইয়ে চাইড চে চটা চটা কৈ কাট দৌ৷ চুল পক গেয়া হে৷
: হ’ব দাদা৷
: আটচে চে কাটনা খাৰাব কৰনে চে দেখ লেনা
: আপনি চিন্তা নকৰিব দাদা৷ ধুনীয়াকে কাটি দিম ট’
কাষৰ চকী খনত বহি চুলি কাটি থকা অৱস্থাত শুনা কথোপকথন৷
ইয়াত হিন্দীত কৈ থকাজন বাহিৰাগত খাটি অসমীয়া আৰু খিলঞ্জীয়া বিহাৰী নাপিত৷
দুদিন পিছত ভাষা সংস্কৃতিৰ সংকটৰ বাবে হোৱা আন্দোলনৰ একেবাৰে আগত টেঁটুফালি জয় আই অসম চিঞৰি যোৱা দেখিলোঁ৷
২)
: সামান্য ট্ৰেফিক এটা হৈ তুমি ক’ত সাহস পালা মোৰ গাড়ীত লক লগাবলৈ৷ মই কোন নাজানো৷
: ন পাৰ্কিংত গাড়ী ৰখালে আমাৰ হাতত কোনো উপায় নাথাকে৷ যিমানেই ভি আই পি নহওক কিয়৷
: বাঃ তোৰ ইমান সাহস মোৰ সতে মুখে-মুখে তৰ্ক কৰ! চাকৰি খাই আছোঁ চাই থাক৷
ন’ পাৰ্কিংত পথালিকৈ ৰাখি থোৱা গাড়ীখনত ট্ৰেফিক পুলিছে লক লগাই দিয়াৰ বাবে ট্ৰেফিক পুলিছজনক ভাবুকি দি থকা মানুহজনৰ টিভিৰ টক শ্ব’ত গৈ প্ৰায়েই সন্ধিয়া নিয়ম-কানুন, শৃংখলাব্ধতাৰ ওপৰত আড্ডা দিয়াৰ পুৰণা অভ্যাস৷
৩)
: এই মানুহবোৰৰ মুৰ্খামিৰ বাবেই চহৰখন লেতেৰা হয়, এজাক বৰষুুণতে বানপানী হয়৷
: হয় হে, ইমান লেতেৰা কৰে খং উঠি যায় কিবা৷
: য’তে ত’তে পিকাই য’তে ত’তে জাবৰ পেলাই ক’ৰ পৰা চাফা হৈ থাকিব৷
: ওঁম থিক কৈছা৷ by d way গাড়ীখন শ্ল’ কৰাচোন সেই ডাষ্টবিনতোৰ ওচৰত পলিথিনটো পেলাব লাগে৷
এইবুলি গাড়ীৰ ভিতৰৰ পৰাই দলিয়াই দিয়া জাবৰৰ পলিথিনটোৰ ডাষ্টবিনৰ বাহিৰতে পৰি ৰ’ল৷
☆ ★ ☆ ★ ☆