ফটাঢোল

গান্ধী চিটৰ অভিজ্ঞতা  – দেবজিৎ শইকীয়া

অসম বন্ধ..বিশেষ কাৰণত গুৱাহাটী যাব লাগে৷ যেন-তেন ৰঙা বাছ এখন পাই জঁপিয়াই উঠি দিলোঁ৷ চিট আছিল পিছে চিটবোৰত মানুহবোৰ বহি আছিল৷ ভাল মেনেজ কৰিব জানো বুলি মোৰ এটা নাম আছে৷ কণ্ডাক্টৰজনক কাণে কাণে কিবা এটা ক’লোঁ….তেওঁ মোৰ চেহেৰাটোলৈ ভালদৰে দুবাৰমান লক্ষ্য  কৰি ক’লে…আহক৷ মানুহৰ বেগবোৰৰ ওপৰেদি বগলীৰ দৰে ঠেং অ’ত এটা ত’ত এটা দি গান্ধী চিট পালোঁগৈ৷ ভদ্ৰ মহিলা দুগৰাকীয়ে আগুৱা-পিচোৱা কৰি ৬ ইঞ্চিমান ঠাই উলিয়াই দিলে৷ ময়ো বহিবলৈ ব্যৱহাৰ কৰা দেহৰ অংশটো ঠেলি হেঁচি…. এডজাষ্ট কৰি ল’লোঁ৷ পিছে যি পাতহে ড্ৰাইভাৰে গাড়ীখন চলাইছিল…নক’ব আৰু….ডলাৰ ধান জৰাদি জাৰি জাৰি গৈ থাকিল আৰু ময়ো এটলিষ্ট যি কেইজন মান দেৱ-দেৱতাৰ নাম সৰুৰে পৰা মুখস্থ কৰি ৰাখিছিলোঁ বা জানো মনতে আওৰাই গৈ থাকিলোঁ৷ মাজে মাজে স্পীড ব্ৰেকাৰত যি হে একোটা ব্ৰেক মাৰে….মোৰ ইচ্ছাৰ বিৰুদ্ধে দেহাটো ২ ফুট মান টেক অফ কৰাই …বায়ুত কিছু সময় ৰাখি মহিলা দুগৰাকীৰ কোঁচত লেণ্ডিং কৰাই দিয়ে৷
নাপাই দেই, নাপাই, শেষৰ চিটৰ মাজৰ অংশত বহিব নাপায়৷ যি কি নহওক দুবাৰ মানটো দেহাটো ক’ত উফৰি পৰে ঠিক নাই বুলিয়েই নেকি ….টেক অফ কৰাৰ আগতেই উমান পাই মহিলা দুগৰাকীয়ে মোৰ দুয়ো ফালে হাত দুখনত টানি ধৰি ৰাখিলে৷
মই এটা কথা লক্ষ্য কৰিলোঁঁ…জোকাৰণিত সকলো মানুহ বা বস্তু প্ৰায় নিজৰ জেগাতে থাকে…মইহে উফৰি পৰোঁ….নিজৰ দেহাটো নহয় যেন টেনিছ বলহে৷ এবাৰ দুইটা ভৰিৰে আগচিটত তলৰ লোহা দুডালত জোৰৰে হেঁচি হাতৰে দুইফালে থকা আগৰ চিট দুটাৰ পিঠিত খামুচি ধৰিলোঁ৷ নাই জোকাৰণিয়ে মোৰ সকলো চেষ্টা প্ৰচেষ্টাক পাট্টাই নিদিয়ে৷ এবাৰটো মই জোকাৰিব পাৰে এতিয়া বুলি ভবাৰ আগতেই অহা জোকাৰণিত একো নাপাই আগচিটৰ মানুহজনৰ চুলিত ধৰিবলৈহে বাকী থাকিলগৈ৷
যি কি নহওক মোৰ দেহাটো আৰু দুৰ্দশা দেখি খিড়িকীৰ কাষত থকা জনে ক’লে…. বোলে বাইদেউ তেখেতৰ কোচত গধুৰ বেগ জাতীয় কিবা এটা দি দিয়কহে অলপ জাৰ্কিংটো কমিব…..….শেষৰ বাৰটো এনেকুৱা ব্ৰেক মাৰিলে….মানুহ বহা চিটবোৰৰ মাজৰ বেগ পলিথিন সকলোৰে ওপৰেদি গাড়ীতকৈও বেগত জঁপিয়াই আহি দৰ্জামুখ পালোঁহি….
অসমৰ ৰাষ্টাত গাঁত বা গাঁততটো অলপ হ’লেও ৰাষ্টা থাকিবই….সেই বুলিয়েই সি বেটা ড্ৰাইভাৰে ইমান জোকাৰিব লাগেনে কওকচোন….গাড়ীখন ৰখাই লৈয়োটো সি ব্ৰেক মাৰিব পাৰে…………৷
☆ ★ ☆ ★ ☆

4 Comments

  • Raktim Deka

    ভাল হাঁহিলো দেই। সুন্দৰ

    Reply
  • Mukut bhattacharjya

    হা হা মজা লাগিল পঢ়ি

    Reply
  • Chandana Das

    ভাল লাগিল ছাৰ।

    Reply
  • Debajit Saikia

    সকলোকে ধন্যবাদ জনালো৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *