ফটাঢোল

নাৰীৰূপী নৰ – সাক্ষ্যৰ জ্যোতি মহন্ত

ইউনিভাৰ্চিটিত পঢ়ি থকাৰ দিনৰ কথা, লাঞ্চ ব্ৰেকৰ সময় আছিল। ডিপাৰ্টমেণ্টৰ পৰা ওলাই মই, অাকাশ, লক্ষ্য, শিৱ আৰু লগৰ কেইবাটামান “ৰংঘৰ চাৰিআলিতে” হ’লোঁ।
শিৱই ক’লে – “ব’ল ব’ল অভিনন্দন যাওঁ, চাহ তাহ কিবা এটা খাওঁগে৷”
প্ৰতিটোৱে প্ৰায় 4/5 কাপ মান চাহ খাই খাই এঘন্টা মান লেকচাৰ মাৰি মাৰি পইছা দিবলৈ আহিছিলোহে….
আকাশে ক’লে – “ঐ সুমনৰ ওচৰত থকা ছোৱালীজনী চা…মজা লাগিছে বে”
লক্ষ্য – “ওমম…ভাল লাগিছে৷”
ধীৰাজ – “তাকে পিছ ফালৰ পৰাই ইমান ধুনীয়া লাগিছে সন্মুখৰ পৰাটো চাগে আৰু চালিয়া।”
আকাশ – “ষ্ট্ৰেইট কৰা চুলিখিনিৰে মজা লাগিছে, কিন্তু মুখখনেই নেদেখিলো নহয়”
“ঐ ছোৱালী পিছফালে এপাক ঘুৰি চা না আমাক”.. ৰাজিবে মুখত পান চোবাই চোবাই  ক’লে।
ছোৱালীজনীয়ে কিন্তু পিছফালে ঘুৰিয়ে নাচালে। তাই স্কুটি এখন লৈ টাউনৰ ফালে গ’ল!
ৰাজীৱে একে জাপে অভিনন্দনৰ সন্মুখত ৰৈ থকা Ape এখনত উঠিলগে৷ “ঐ ব’ল ব’ল ছোৱালীজনীৰ মুখখন নেদেখিলে শান্তি নাপাম বে….ক’লে যায় চাই আহো”। গোটেই গাল ধুমুহাৰ গতিত Ape ত উঠি ছোৱালীজনীৰ পিছে পিছে গ’লে। Ape খন ফুল স্পীডত গৈয়ো ছোৱালীজনীক পিছ পেলাব পৰা নাই। আকাশে হেণ্ডিমেনৰ নিচিনাকেই ওলমি গৈছে।
আকাশ – বাহহহ….কি ছোৱালী বে, ইমান স্পীডত চলাইছে আৰু হেলমেটো পিন্ধা নাই চা!
ৰাজীৱ – “হেলমেট গুলি মাৰ, চুলিখিনি কেনেকুৱা উৰিছে, সেইটো চা না।”
ছোৱালীজনী আমোলাপট্টীৰ পৰা চকিটিঙীৰ ফালে গ’ল আৰু Ape ও ছোৱালীজনীৰ পিছে পিছে৷ ছোৱালীজনী গৈ ASTCৰ ওচৰত ৰ’লগে আৰু ASTCৰ ভিতৰলৈ সোমাই যায়।
Ape খন ভালকৈ ৰখাবলৈ পোৱাই নাই, গোটেইকেইটা জপিয়াই নামি চিধাই ছোৱালীজনীৰ পিছে পিছে গ’ল। ASTC ত গৈ ছোৱালীজনীক বিচাৰি পোৱা নাই কোনেও!
তেনেতে লক্ষ্যই চকুৰে শিৱক দেখালে ছোৱালীজনীক। ছোৱালীজনী টয়লেট গৈছে।
শিৱ – সেইটো ল’ৰাৰ টয়লেটহে। ছোৱালীজনীয়ে নাচালেনে কিনো।
লক্ষ্য – ওমম নাচালে চাগে!
আকাশ – সেইবোৰ বাদ দে।  তাইক ওলাই আহিবলৈ দে, এবাৰ চেহেৰাটো চাবলেকে ইমান দূৰ আহিছো!
গোটেইকেইটা জুম হৈ খাপ পিটি ৰৈ আছে বাহিৰত ছোৱালীজনীক চাবলৈ। তেনেতে………..
ভিতৰৰ পৰা চুলি দীঘল ল’ৰা এটা ওলাই আহে। ল’ৰাটোক দেখিটো গোটেই কেইটাৰ হাঁহো নে কান্দো লাগিছে ৷৷ পিছফালৰ পৰা ষ্ট্ৰেইট কৰা চুলিৰে সাইলাখ ছোৱালী যেন লগা ছোৱালীজনী আচলতে ল’ৰাহে আছিল! এটাৰো মূখৰ মাত নাই। গোটেইকেইটাই ভেবা লাগি ল’ৰাটোকে চাই থাকিল। ল’ৰাটোৱেও টয়লেটৰ পৰা ওলাই আকৌ স্কুটি ষ্টাৰ্ট দি গুলি গতিৰে গুছি গ’ল ৷৷
(ইয়াৰ পিছত লাজে বিজে ইহঁতকেইটাৰ মুখখন কেনেকুৱা হৈছিল ভাৱি চাওক)
মৰেল – (চুলি দীঘল স্কুটি চলোৱা সকলো ছোৱালী, ছোৱালী নহবওঁ পাৰে, সি পিছফালৰ পৰা নাৰীৰুপী এটা “নৰ” ও হ’ব পাৰে)
☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply to Raktim Deka Cancel reply

Your email address will not be published. Required fields are marked *