ফটাঢোল

মানৱাধিকাৰ (মূল: ড. নৰেন্দ্ৰ কোহলী ) অনুবাদ: ধ্ৰুৱ

“দেশত মহিলা অলপো সুৰক্ষিত নহয়৷ তেওঁলোকৰ বিৰুদ্ধে অপৰাধ বাঢ়ি গৈ আছে৷ ” তেওঁ ক’লে

“ কাৰণ? ” মই সুধিলোঁ৷

“ অপৰাধীয়ে শাস্তি নাপায় বাবে সিহঁতৰ সাহস বাঢ়ি যায় আৰু সিহঁতক দেখি অন্য অপৰাধীৰ সৃষ্টি হয়৷ ”

“তেন্তে সমাধান কি? ”

“কঠোৰ শাস্তি৷ ”

“মানে? ”

“ধৰ্ষনকাৰীক মৃত্যুদণ্ড দিব লাগে৷ ” তেওঁ ক’লে৷

“ যেতিয়া ধনঞ্জয় চেটাৰ্জীক মৃত্যুদণ্ড দিয়া হৈছিল আপুনিও মমবাতি জ্বলাই,  চৰকাৰে অপৰাধীক শুদ্ধ হ’বলৈ সুবিধা নিদিয়ে ফাঁচীকাঠত ওলোমাই দিয়ে ইত্যাদি ইত্যাদি কৈ চৰকাৰৰ বিৰুদ্ধে বহুত কিবা কিবি কৈছিল৷ আপুনিওতো গোটেই ৰাতি মৃত্যুদণ্ডৰ বিপক্ষে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাসকলৰ মাজৰ এজন আছিল! ”

“ সেইটো মানৱাধিকাৰৰ মামলা আছিল৷ ” তেওঁ ক’লে, “সকলো মানুহৰে জীয়াই থকাৰ অধিকাৰ আছে৷ মানুহক আপুনি যিকোনো শাস্তি দিব পাৰে কিন্তু আপুনি তেওঁৰ জীয়াই থকাৰ অধিকাৰ কাঢ়ি আনিব নোৱাৰে৷ যিহেতু আপুনি কাৰোবাক জীৱন দান দিব নোৱাৰে, কাৰোবাৰ জীৱন কাঢ়ি লোৱাৰো অধিকাৰ নাই৷ ”

“ মানে হত্যাকাৰী আৰু ধৰ্ষনকাৰীৰো মানৱ অধিকাৰ আছে? ” মই সুধিলোঁ৷

“ কিয় নাই? তেওঁলোক মানুহ নহয় নেকি? ”

“ নহয় তেওঁলোক নৰপিশাচ, হিংস্ৰ পশু” মই ক’লোঁ৷ “এইটো কওক যে যিসকল কিশোৰী যুৱতী, বৃদ্ধাক ধৰ্ষণ কৰি হত্যা কৰা হয় তেওঁলোকৰ কি মানৱাধিকাৰ নাই? তেওঁলোকৰ কি জীয়াই থকাৰ অধিকাৰ নাই? ” মই আকৌ প্ৰশ্ন কৰিলোঁ৷

“ আছে৷ কিয় নাই? ” তেওঁ ক’লে৷

“ তেন্তে সেই ধৰ্ষণকাৰী হত্যাকাৰীটোৰ কি অধিকাৰ আছিল ধৰ্ষণ কৰি হত্যা কৰি কাৰোবাৰ জীয়াই থকাৰ অধিকাৰ কাঢ়ি অনাৰ? যদি দেশৰ চৰকাৰৰ ধৰ্ষণকাৰী আৰু হত্যাকাৰীৰ জীৱন কাঢ়ি লোৱাৰ অধিকাৰ নাই তেন্তে সেই হত্যাকাৰী, ধৰ্ষণকাৰীৰ আনৰ সন্মান আৰু জীৱন কাঢ়ি লোৱাৰ অধিকাৰ কেনেকৈ থাকিব? ”
“ নাই তেওঁলোকৰ সেই অধিকাৰ নাই”

“তেন্তে আপুনি সেই গোটেই ৰাতি এনেই প্ৰতিবাদ কৰিলে! ”

“এনেই প্ৰতিবাদ কৰিলোঁ? ”

“যেতিয়া আপুনি সেই ৰাতি প্ৰতিবাদ কৰিছিল মোৰ এনেকুৱা লাগিছিল যেন আপুনি দেশৰ সকলো শান্তিপ্ৰিয় মানুহক ভাবুকি দিছিল৷ ”

“এনেকুৱা একো নাছিল৷ ”

“আপুনি সাধাৰণ নাগৰিকৰ পক্ষত নে হত্যাকাৰী ধৰ্ষণকাৰীৰ পক্ষত? ”

“মই কেনেকৈ ধৰ্ষণকাৰীৰ পক্ষত হ’লোঁ? মইতো মাত্ৰ মানৱাধিকাৰৰ… “তেওঁ অলপ খঙাল সুৰত কওঁতেই মই আধাতে বাধা দি ক’লোঁ,

“ তেন্তে আপুনি ভাবে মনেন্দ্ৰসিং কোহলীয়ে মৃত্যুদণ্ড পাওক কাৰণ সিয়ো একে অপৰাধ কৰিছিল৷ ”

“ অঁ৷ সেই ঠাইৰ চৰকাৰে যদি বিচাৰে দিব পাৰে৷ মোৰ কি আহে যায়? ”

“ তেন্তে ধনঞ্জয় চেটাৰ্জীৰ এনে কি আছে যাৰ বাবে আপুনি বিচাৰে তাক মৃত্যুদণ্ড দিয়া নহওক? ”

“তেওঁৰ পিতৃ-মাতৃ বৃদ্ধ আৰু দুখীয়া৷ তেওঁলোককতো দয়া কৰিব লাগিছিল৷ “তেওঁ এতিয়াও তেওঁৰ কথাত দৃঢ় আছিল৷

“তেন্তে বৃদ্ধ আৰু দুখীয়া পিতৃ -মাতৃৰ পুত্ৰৰ আনৰ জীয়ৰীক ধৰ্ষণ কৰি হত্যা কৰাৰ অধিকাৰ আছে নেকি? ”

“মই এইটো কোৱা নাছিলোঁ৷ ”

“কৈছিলেতো আপুনি এইটোৱেই৷ আপুনি মাত্ৰ একো বুজি পোৱা নাই৷ ”

“মইতো মানৱাধিকাৰৰ পক্ষত… ”

“আপুনি ৰাক্ষসাধিকাৰৰ পক্ষত প্ৰতিবাদ কৰিছিল সেইদিনা”

“মই কেৱল এইটো কৈছোঁ যে আমি যিহেতু কাকো জীৱন দিব নোৱাৰোঁ কাঢ়ি অনাৰো অধিকাৰ নাই৷ পৃথিৱীৰ ডাঙৰ ডাঙৰ মহাপুৰুষসকলেও ইয়াকে কৈ গৈছে৷ ”

“সেই ডাঙৰ ডাঙৰ মহাপুৰুষসকলৰ জীয়ৰীক কোনেও ধৰ্ষণ বা হত্যা কৰা নাছিল৷ ” মই তেওঁক বাধা দিলোঁ৷

তেওঁ মনে মনে মোৰ ফালে চাবলৈ ধৰিলে৷

“আমাৰ কাৰো প্ৰাণ লোৱাৰ অধিকাৰ নাই? ”

“নাই” তেওঁ ক’লে৷

“লাগিলে সিহঁতে আমাৰ জীৱন লওক? ”

“আমাৰ আত্মৰক্ষাৰ অধিকাৰ আছে৷ ”

 “আত্মৰক্ষা তেতিয়ালৈকেহে হয় যেতিয়ালৈকে আমি জীৱিত আৰু সক্ষম থাকোঁ৷ ”

“তেতিয়ালৈকে কৰক৷ ”

“আৰু যদি কোনোবাই কাৰোবাক হত্যা কৰিবলৈ আহে বা হত্যা কৰি পেলায় তেতিয়া তাক প্ৰাণদান দিব লাগে৷ ”
“হয়৷ তাক বেলেগ শাস্তিও দিব পৰা যায়৷ ”

“আমি সেনা কিয় ৰাখোঁ? ” মই সুধিলোঁ৷

“দেশৰ ৰক্ষাৰ বাবে৷ ”

“ মইতো কম, সেইসকল লোকৰ প্ৰাণ ল’বৰ কাৰণে যিয়ে আমাৰ দেশক আক্ৰমণ কৰে, আমাৰ ভূমি কাঢ়ি নিয়ে৷ আমাৰ নাগৰিকক হত্যা কৰে বা বন্দী কৰে৷ আমাৰ দেশ ধ্বংস কৰিবলৈ চেষ্টা কৰে৷ ”

“হয় এনেকুৱাই৷ ” তেওঁ সহমত পোষণ কৰিলে৷

“তেন্তে সেনাৰ ৰূপেৰে চৰকাৰৰ কাৰোবাৰ প্ৰাণ কাঢ়ি লোৱাৰ অধিকাৰ আছে, কিন্তু ন্যায়পালিকাৰ ৰূপেৰে নাই? ”

“সেয়া দেশৰ শত্ৰুৰ কাৰণে৷ ”

“আৰু সমাজৰ শত্ৰুৰ কাৰণে নহয়? ”

“আমি সিহঁতৰ প্ৰাণ ল’ব নোৱাৰোঁ৷ মানৱাধিকাৰৰ কথা আছে৷ ”

“মানৱাধিকাৰ সকলো মানুহৰ আছে৷ দেশৰ শত্ৰুৰো৷ কালিলৈ আপুনিয়েই ক’ব আমাৰ বিদেশী আক্ৰমণকাৰীবিলাকৰো প্ৰাণ লোৱাৰ অধিকাৰ নাই৷ ”

“এনেকুৱা মই কিয় ক’ম? পাগল নেকি? ”

“ ইয়াৰ উত্তৰ চাগে আপুনিও দিব নোৱাৰিব কাৰণ আপুনি ধনঞ্জয় চেটাৰ্জীক কৰা সমৰ্থনৰো কোনো যুক্তি নাই”
“তেন্তে আপুনি কৈছে যে ধনঞ্জয় চেটাৰ্জীক ফাঁচী দিয়াটো উচিত আছিল? ” তেওঁ হতভম্ব হৈ প্ৰশ্ন কৰিলে৷

“সেই ছবছৰ বয়সৰ শিশুগৰাকীৰ মাক দেউতাকক সোধক যাৰ সন্তানক এটা ৰাক্ষসে বেয়া ধৰণেৰে ধৰ্ষণ কৰি হত্যা কৰিছিল৷ ” ময়ো অলপ আৱেগত আছিলোঁ, “ আৰু আপুনিওতো বাৰ্তালাপটোৰ আৰম্ভণিতে ধৰ্ষণকাৰীৰ বাবে মৃত্যুদণ্ডৰ পোষকতা কৰিছিল! ”

“ অহ, ” তেওঁ মূৰ খজুৱাই খজুৱাই ক’লে৷ “মই যেতিয়া মহিলা সংগঠনৰ সৈতে কাম কৰোঁ তেতিয়া ধৰ্ষণকাৰীৰ মৃত্যুদণ্ডৰ সমৰ্থন কৰোঁ আৰু যেতিয়া মানৱ অধিকাৰ সংগঠনৰ হৈ কাম কৰোঁ তেতিয়া ধৰ্ষণকাৰী হত্যাকাৰী সকলোৰে মৃত্যুদণ্ডৰ বিৰোধিতা কৰোঁ৷ নাজানো মই কি কৰি থাকোঁ৷ ”

“মই কওঁনে আপুনি কি কৰে৷ ” মই ক’লোঁঁ, “ আপুনি প্ৰতিবাদ কৰা আৰু ধৰ্ণা দিয়াৰ এটা যন্ত্ৰ, যাৰ চাবি বেলেগৰ হাতত থাকে৷ কোনোবাই বুটাম টিপে আৰু আপুনি চাবি দিয়া পুতলাৰ দৰে তেওঁৰ আদেশবোৰ পালন কৰি থাকে৷ ”

☆ ★ ☆ ★ ☆

4 Comments

  • rintumoni dutta

    সেইদিনা গ্ৰুপত পঢ়িলো। আজি আকৌ পঢ়িলো।

    খুব ভাল লাগিল

    Reply
  • মানৱ অধিকাৰৰ এইসি কী তেইসি।
    খুব ভাল লাগিল ।

    Reply
  • Nilakshi Devi Deka

    আকৌ পঢ়িলোঁ। বৰ ভাল লাগিল এইটো।

    Reply
  • Jyotshna Rani Das

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *