ফটাঢোল

নাৰীৰ দৃষ্টিত পুৰুষৰ সৌন্দৰ্য আৰু আকৰ্ষণীয় ব্যক্তিত্ব- ৰচনা: শ্ৰী সঞ্জীৱ মজুমদাৰ

দৌৰ্দণ্ড প্ৰতাপী পুৰুষৰ পৃথিৱীত আত্মহননৰ মধুৰ স্বাদ

তেজত বহন কৰি

লুপ্ত-লীন হৈ, অশ্ৰু আৰু তেজৰ কণিকাৰে লিখিছোঁ মাথোঁঁ পুৰুষৰ বাবেই কবিতা৷ পুৰুষাধিপত্যবাদী তিমিৰাচ্ছন্ন শব্দপুঞ্জৰে অৱগুণ্ঠিতা আৰু

দুৰু দুৰুকৈ বুকু কঁপি উঠা বৈৰীতাৰ মাজতো স্বতন্ত্ৰ, স্বাভিমান
আৰু স্ব-নিয়ন্ত্ৰণ বিচাৰি চলাথ কৰিলোঁ নিজৰ সাৰ্বভৌম এলেকা,

যদিও জানো
প্ৰায় অসম্ভৱ এই পুৰুষ বিশ্বত৷

তাৰ পিছতো পুৰুষৰ পীড়নৰ কথা লিখিবলৈ গৈ
পুনঃপীড়িত হোৱাৰ কামনাৰে
প্ৰতি পলে পৰিছোঁ পুৰুষৰ প্ৰেমত৷ ’

সৃষ্টিৰ আৰম্ভণিৰে পৰা আজিলৈকে নাৰীক প্ৰকৃতিৰ সৌন্দৰ্য্যৰ স’তে তুলনা কৰি বহু প্ৰেম-পীৰিতিৰ গদ্য আৰু পদ্য লিখা হৈছে৷ প্ৰকৃতিয়ে নিজৰ দুই অকৃত্ৰিম সৃষ্টি, নাৰী আৰু পুৰুষক দিছে দুটা ভিন্ন শাৰীৰিক অৱয়ব তথা কায়িক আৰু আত্মিক মিলনৰ এক অনন্য মাধ্যম৷

নাৰী আৰু পুৰুষৰ মাজত থকা সম্পৰ্কৰ এক যুগান্তকাৰী ঐতিহাসিক পটভূমিৰ পৰিপ্ৰেক্ষিতত পুৰুষ শাসিত জগতত নাৰীৰ অভিজ্ঞতা আৰু অনুভূতিৰ উচিত মূল্যায়ন আজিকোপতি হৈ উঠা নাই৷  ব্যক্তি আৰু সমষ্টিৰ সংজ্ঞা নিৰূপণৰ তাগিদাত একাকাৰ হৈ পৰা সামাজিক বৈষম্যৰ সক্ৰিয়তাৰ মাজত নাৰীমনৰ চাহিদাৰ ব্যাখ্যা আজিৰ তাৰিখতো এক ৰূপক হৈয়েই আছে৷

এতিয়ালৈকে নাৰীৰ দেহ বল্লৰী কেনে হ’লে পুৰুষৰ বাবে অধিক আকৰ্ষণীয় হ’ব এই ধৰণৰ বহু জল্পনা-কল্পনা, চিন্তা-চৰ্চা নানা মহলত হৈ আহিছে৷ কবি সাহিত্যিক সকলে সমগ্ৰ বিশ্বৰ সৌন্দৰ্যৰ আধাৰ বিচাৰি পাই আহিছে নাৰীৰ মাজত৷ শিল্পীয়ে নিজৰ তুলিকাৰে, কবিয়ে কবিতাৰ ছন্দত পুৰুষ সমাজৰ হেঁপাহ পলুৱাই যোৱাকৈ নাৰীক অংকন কৰিছে৷ অৱশ্যে ইয়াৰ বাবে প্ৰকৃতিৰ অৱদানৰ কৃতিত্ব অসীম, কাৰণ প্ৰকৃতিয়েও নাৰীকহে সৌন্দৰ্য্যৰ মূৰ্ত প্ৰতীক হিচাপে প্ৰতিষ্ঠা কৰিছে৷

নাৰী আৰু পুৰুষৰ সৌন্দৰ্যক লৈ সমাজে নিৰ্ণয় কৰা প্ৰচলিত অৱধাৰণাৰ পৰা পুৰুষৰ দৰে নাৰীসকলেও ওলাই আহিছে৷ যদিও নাৰীৰ মনৰ দৰেই, নাৰীৰ ভাল লগা-নলগা বিষয়টো বৰ ৰহস্যময় আৰু জটিল৷ বিশেষকৈ পুৰুষৰ প্ৰতি আকৰ্ষিত হোৱাৰ ক্ষেত্ৰত বাহ্যিক আৰু মানসিক এই দুয়োবিধ সৌন্দৰ্যৰ সমন্বয়ৰ কামনা কৰে যদিও দূৰ্ভাগ্যজনকভাবে ইয়াৰ কোনো আদৰ্শভিত্তিক মান নাই৷

সামাজিক বাস্তৱতাৰ বাবে নাৰীয়ে নিজৰ মনৰ কথা প্ৰকাশ কৰিব পৰা নাছিল বা কৰিব বিচৰা নাছিল, সেয়ে ইমান দিনে পুৰুষৰ সৌন্দৰ্যৰ বিষয়ে নাৰী মনৰ ধাৰণাৰ কথা জনাৰ কোনো অৱকাশ নাছিল৷ কিন্তু তাৰ পিছতো বৰ্তমানৰ নাৰীসকলে বহু বিষয়ত, যিবোৰ এটা সময়ত নাৰীৰ বাবে নিষিদ্ধ বিষয়বস্তু হিচাপে গণ্য কৰা হৈছিল, এনেধৰণৰ বহুতো কথা খোলামেলাভাৱে আৰু যথেষ্ট ইতিবাচক দৃষ্টিভংগীসহ আলোচনা কৰাৰ উপৰিও নিজা বক্তব্য ৰাখিবলৈ লৈছে৷

কিন্তু পুৰুষৰ প্ৰকৃত সৌন্দৰ্য কি?

গল্প, কবিতা বা সাহিত্যত এজন পুৰুষৰ দৃষ্টিত নাৰীৰ সৌন্দৰ্যৰ বৰ্ণনা নানানভাৱে কৰা হৈছে৷ কিন্তু ইয়াৰ বিপৰীতে অৰ্থাৎ নাৰীৰ চকুত পুৰুষৰ আকৰ্ষণীয় দিশবোৰৰ ব্যাখ্যা এতিয়াও অহা নাই বা আহিলেও খুবেই কম৷ সেইবুলি ইয়াৰ অৰ্থ এইটো নহয় যে, পুৰুষক নিৰ্বাচন কৰাৰ ক্ষেত্ৰত নাৰীসকলৰ কোনো পছন্দ-অপছন্দ বুলি কথা এটা নাই৷ নিশ্চয় আছে কিন্তু সেয়া নিশ্চিত ভাবে প্ৰতি গৰাকী নাৰীৰ পছন্দ বিভিন্ন৷

নাৰী জীৱনৰ বাস্তৱতা, মনোজগত আৰু আত্মমূল্যায়নৰ দ্বাৰা পুৰুষ সম্পৰ্কীয় নিজস্ব অভিজ্ঞতা আৰু অনুভূতিৰ পম খেদি প্ৰচলিত সামাজিক কাঠামোৰ বিপৰীতে নাৰীমনৰ কিছু গোপনীয় তথ্য আৰু সত্য হৃদয়ংগম কৰিবলৈ এক প্ৰয়াস কৰা হৈছে৷ পুৰুষৰ প্ৰতি যেতিয়া এগৰাকী নাৰীয়ে দৃষ্টি নিক্ষেপ কৰে পোন প্ৰথমতে পুৰুষৰ কিছু গুণৰ কথা উল্লেখ কৰা হৈছে যিবোৰে সাধাৰণতে নাৰীক আকৃষ্ট কৰে৷

ইতিহাস, ধৰ্ম-গ্ৰন্থসমূহত পুৰুষ সম্পৰ্কে বৰ্ণনা আছিল যে পুৰুষ মানেই সুঠাম দেহ-শক্তিশালী-সাহসী ইত্যাদি, ঠিক যিদৰে নাৰীক অবলা আৰু সৌন্দৰ্যৰ ক্ষেত্ৰতো কেৱল বাহ্যিক দিশটোৰ বিষয়ে বৰ্ণনা কৰা হৈছিল৷

অতীজৰে পৰা নাৰী বীৰপুৰুষৰ প্ৰতি আকৰ্ষিত হৈ আহিছে৷  সেয়া ৰামায়ণৰ শ্ৰীৰাম, লক্ষ্মণৰ পৰা মহাভাৰতৰ শ্ৰীকৃষ্ণ, অৰ্জুন আদিৰ প্ৰতি নাৰী জাতি আকৰ্ষিত হৈ আহিছে৷ ইতিহাসৰ এই খ্যাতিমান বীৰ সকল পৌৰুষৰ প্ৰতীক বা প্ৰতিনিধি আছিল৷ খ্যাতি সকলোৰে বাবে কাংক্ষিত বিষয়! কিন্তু সেইবুলি সকলোৱে জনপ্ৰিয় তাৰকা হ’ব লাগিব, তেনেকুৱাও নহয়৷ কিন্তু তাৰ পিছতো যিসকল পুৰুষ সামাজিকভাৱে জনপ্ৰিয় বা কোনো এটা বিষয় পাৰদৰ্শিতা বা খ্যাতি অৰ্জন কৰে, সেই সকল পুৰুষৰ নাম নাৰীৰ পছন্দ তালিকাত শীৰ্ষস্থানত অৱস্থান কৰে৷

সৌন্দৰ্য এটা নান্দনিক বিষয় যদিহে আপুনি তাক উপভোগ্য কৰি তোলাৰ উপস্থাপনা বুজিবলৈ সক্ষম হয়৷ প্ৰকৃততে যিকোনো বিষয় বা বস্তুৰ সৌন্দৰ্য নিৰ্ভৰ কৰে প্ৰাসংগিকতাৰ ওপৰত৷

এজন পুৰুষক কেতিয়া ধুনীয়া বা সুন্দৰ বুলি কোৱা হ’ব! ’ছিক্স পেক বডী’ নে ’ছিক্স ফিট হাইট’! বিশ্বায়নৰ পুঁজিবাদী তত্ত্ব‌ই যিদৰে নাৰীৰ সৌন্দৰ্যৰ সংজ্ঞা নিৰ্ধাৰণ কৰিছে, একেদৰেই পুৰুষৰ সৌন্দৰ্যৰ সংজ্ঞাও নিয়ন্ত্ৰণ কৰিছে৷ এই সৌন্দৰ্যৰ প্ৰতি আকৰ্ষিত হোৱাৰ ফলত আজি কালি চহৰে নগৰে গঢ়ি উঠিছে জিমবোৰ৷ পুৰুষসুলভ সুঠাম দেহৰ অধিকাৰী হোৱাৰ প্ৰয়াসেৰে উঠি পৰি লাগিছে আজিৰ তৰুণ প্ৰজন্ম৷

তেতিয়া হ’লে যিজন যুৱক বা পুৰুষৰ ’ছিক্স পেক’ নাই সেইজনক সুন্দৰ বুলি গণ্য কৰা নহ’ব নেকি? ’ছিক্স ফিট হাইট’ নথকা, মূৰত চুলি যাৰ কম- সেইজনক সৌন্দৰ্যৰ এই প্ৰতিযোগিতাত পৰাজিত বুলি বিবেচনা কৰা হ’ব নেকি? আচলতে পুৰুষৰ সৌন্দৰ্য‌ কি বা কেনেকুৱা, এজন পুৰুষ কিদৰে সুন্দৰ হ’ব পাৰে? এই প্ৰশ্নৰ উত্তৰ স্বৰূপে, পুৰুষৰ যে পুৰুষসুলভ সৌন্দৰ্যক লৈ আমি কথা পাতোঁ সেইয়া প্ৰকৃততে কি?

প্ৰত্যেক মানুহে নিজক অইনৰ ওচৰত আকৰ্ষণীয় কৰি তুলিব বিচাৰে৷ কিন্তু আমাৰ বহুতৰে ধাৰণা, নিজক আকৰ্ষণীয় কৰি ৰখাৰ বিষয়টো কেৱল নাৰীসকলৰ ক্ষেত্ৰত প্ৰযোজ্য৷ কিন্তু এইটো সম্পূৰ্ণ ভুল ধাৰণা৷ বৰ্তমানৰ পুৰুষ সকলো অতি সৌন্দৰ্য সচেতন৷ বেছিভাগ পুৰুষে নিজক ব্যতিক্ৰমীভাবে উপস্থাপন কৰি নাৰী দৃষ্টি আকৰ্ষণ কৰিবলৈ নিজৰ যত্ন লবলৈ লৈছে৷ সকলোৱে নিজৰ ব্যক্তিত্বক বিশেষভাৱে উপস্থাপন কৰিবলৈ বিচৰাটো স্বাভাৱিক৷

সুখী জীৱন প্ৰত্যেক মহিলাৰ বাবে কাম্য৷ বিশেষকৈ আৰ্থিক নিৰাপত্তা নাথাকিলে, মহিলাৰ মনৰ মানুহ হৈ উঠা বৰ কঠিন৷ এটা কথাৰ ওপৰত কাৰো দ্বিমত থকা উচিত নহ’ব যে, বেছিভাগ মহিলাই বিলাসবহুল জীৱনযাপন পছন্দ কৰে আৰু সেইবাবেই আঢ্যৱন্ত পুৰুষ সদায় মহিলাৰ প্ৰথম পছন্দ৷ তাৰ পিছতো নাৰীৰ বাবে পুৰুষৰ কিছু আকৰ্ষণীয় বিষয় আছে৷

পুৰুষৰ কিছু অদ্ভুত বিষয় আছে, যিবোৰ নাৰীৰ ওচৰত অধিক আকৰ্ষণীয়৷ কিন্তু বহুতো পুৰুষে এই কথাবোৰ বুজি নাপায় আৰু জানিব‌ও নিবিচাৰে৷ সৰহভাগ পুৰুষৰ ধাৰণা, নাৰীৰ ওচৰত আকৰ্ষণীয় হ’বলৈ হলে বিত্তবান হ’ব লাগিব৷ আৰু বহুতেই ভাবে যে নাৰীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ হ’লে দেখনিয়াৰ হ’ব লাগিব৷ সুন্দৰ চেহেৰা, টকা প‌ইচাৰে নাৰী হৃদয় জয় কৰা কেতিয়াও সম্ভৱ নহয় যদিহে কিছু সাধাৰণ গুণ পুৰুষৰ মাজত উপস্থিত নাথাকে৷

পুৰুষৰ সৌন্দৰ্য হৈছে এক প্ৰকাৰৰ মানুহৰ মাজত পৰিলক্ষিত এক বৈশিষ্ট্যৰ সমাহাৰ৷ পুৰুষ প্ৰাকৃতিকভাবে দৃঢ় আৰু শক্তিশালী৷ এই শক্তিয়ে পুৰুষক দিছে সমগ্ৰ অন্যায়ৰ বিৰুদ্ধে থিয় হোৱাৰ প্ৰতিবাদী সাহস৷ নিজৰ লগতে অন্য লোকৰ স’তে অস্তিত্ব ৰক্ষাৰ ক্ষমতা, মূলত: এই ৰক্ষণাত্মক অভিবৃত্তিয়েই হৈছে পুৰুষসুলভ সৌন্দৰ্য৷

জিম বা ব্যায়ামৰ ফলত পুৰুষে আয়ত্ত কৰা যি সৌন্দৰ্য সেইয়া মূলত: শাৰীৰিক সৌন্দৰ্য৷ কিন্তু পুৰুষসূলভ সৌন্দৰ্য লুকাই থাকে পুৰুষৰ সাহসিকতা আৰু শক্তিমত্তাৰ মাজত আৰু এই কথা আজিৰ সমাজৰ এগৰাকী নাৰীৰ বাহিৰে কোনোৱেই ভালদৰে বুজি নাপায়৷ এই ক্ষেত্ৰত বহুতৰ মনত প্ৰশ্নৰ উদ্ৰেক হ’ব পাৰে, যে জিমলৈ গৈ অৰ্জন কৰা শাৰীৰিক সৌষ্ঠৱৰ কোনো মূল্য নাই নেকি! অৱশ্যেই আছে৷

কিছুমানৰ বাবে পুৰুষৰ ওখ, চাপৰ, ক’লা বা বগা যিয়েই নহ‌ওক কিয় যদি তেখেতৰ শৰীৰৰ ফিটনেছ সম্পৰ্কে যত্নৱান হয় আৰু নিজকে ফেশ্বনেবল বুলি উপস্থাপন কৰিব পাৰিলেহে তেওঁলোকৰ প্ৰতি আকৃষ্ট হয়৷ কিন্তু তাৰ পিছতো এগৰাকী পুৰুষ তেতিয়াহে সুন্দৰ বুলি বিবেচিত হ’ব যেতিয়া তেওঁৰ মানসিকতা হ’ব ধনাত্মক প্ৰকৃতিৰ৷ যিগৰাকী পুৰুষে নিজৰ লগতে নিজৰ আশপাশে থকা সকলোকে সন্মান কৰিব, য’ত ত’ত নিজৰ শক্তি প্ৰদৰ্শন নকৰিব, বৰং অন্যায়ৰ বিৰুদ্ধে নিজৰ শক্তি প্ৰয়োগ কৰিব! তেওঁৰ সাহসিকতা দেখি মানুহ উদ্বুদ্ধ হ’ব আৰু তেতিয়াহে সুন্দৰ হ’ব! অকল আকৰ্ষণীয় শৰীৰ বনালেই সুন্দৰ হ’ব নোৱাৰি৷ বৰং সৌন্দৰ্য থাকে এজন পুৰুষৰ দৈনন্দিন জীৱনত সকলোৰে স’তে কৰা সুন্দৰ ব্যবহাৰত৷

তাৰ পিছতো সৰহভাগ নাৰীৰ বাবে পুৰুষৰ সৌন্দৰ্য মানে মানুহজনৰ পৰিচ্ছন্নতা, সেইয়া শাৰীৰিক আৰু মানসিক দুয়োটা ক্ষেত্ৰত প্ৰযোজ্য৷

বহুক্ষেত্ৰত দেখা যায় যে চেহেৰা পাতিত দেখনিয়াৰ পুৰুষ এজন হয়তো আপাত: দৃষ্টিত সকলো নাৰীৰ বাবে কাম্য হ’ব পাৰে কিন্তু নাৰীৰ বাবে শৰীৰ আৰু মন দুয়োটাৰে পৰিচ্ছন্নতাই এক ধৰণৰ সৌন্দৰ্য৷

কিছুমান নাৰীৰ অদ্ভুত পছন্দ আছে যেনে কিছু মহিলাই কেঁচা-পকা চুলিৰ পুৰুষক পছন্দ কৰে৷ কিছুমানৰ বাবে চুলি নথকা তপা হলেও সমস্যা নাই কিন্তু তপা মূৰটোৰ তালুখন চিকচিকিয়া অৰ্থাৎ ফু মাৰি ভাত খাব পৰা হ’ব লাগিব৷ কিছু মহিলাই আকৌ এনেধৰণৰ পুৰুষক পছন্দ কৰে যিজন বাহ্যিকভাৱে কিছু পৰিমাণে বিশৃংখল কিন্তু মনৰ ফালৰ পৰা নিয়ন্ত্ৰিত প্ৰকৃতিৰ৷

কিছু নাৰীয়ে আকৌ খুব গতানুগতিক ধৰণৰ পুৰুষক পছন্দ নকৰে৷ পুৰুষৰ প্ৰতি নাৰীৰ পছন্দৰ পৰিসৰ আগতকৈ বহুগুণে বিস্তাৰ কৰিছে৷ এইক্ষেত্ৰত চলচ্চিত্ৰ, বৈদ্যুতিন আৰু সামাজিক মাধ্যমে এক বিশেষ ধৰণৰ ভূমিকা গ্ৰহণ কৰিছে৷

নিজৰ লগতে নাৰীক কেৰিয়াৰ সম্পৰ্কে উৎসাহ যোগোৱা তথা নাৰীৰ কেৰিয়াৰক গুৰুত্ব দিব জনা পুৰুষসকলক অধিক দায়িত্বশীল বুলি ভাবে আৰু পছন্দ কৰে৷

যিসকল পুৰুষ নিজৰ ভৱিষ্যৎ পৰিকল্পনাৰ বিষয়ে সতৰ্ক থাকে নাৰীয়ে সেইধৰণৰ পুৰুষক পছন্দ কৰে৷ সেয়েহে মনৰ জোখেৰে মানুহজনী পাবলৈ হ’লে নিজৰ কেৰিয়াৰ সম্পৰ্কে সচেতন হ‌ওক৷

কিছু নাৰীয়ে সৃজনশীল, আত্মবিশ্বাসী লগতে শাৰীৰিক সামৰ্থ্য তথা বচনভঙ্গী সম্পৰ্কে সচেতন পুৰুষক পছন্দ কৰে৷ পুৰুষৰ প্ৰতি আকৰ্ষণ বোধ কৰিবলৈ বেছিভাগ নাৰীয়ে পৰিষ্কাৰ পৰিচ্ছন্নতা, সাজপাৰৰ ৰুচিবোধ, মাৰ্জিত আচৰণ আৰু কথা বতৰা মাজত পৰিলক্ষিত চেন্স অব হিউমাৰ অৰ্থাৎ ৰসবোধক বেছি গুৰুত্ব দিয়ে৷

প্ৰচলিত ধাৰণা অনুসৰি প্ৰাণ খুলি হাঁহিব জনা মানুহবোৰক বিশাল হৃদয়ৰ অধিকৰী হিচাপে গণ্য কৰা হয়৷ আকৌ প্ৰতিটো কথাতে কাৰণে-অকাৰণে হঁহা মানুহৰ ৰসবোধ যে খুব সূক্ষ্ম নহয় এইয়া সকলোৱেই জানে৷ নাৰীয়ে পুৰুষৰ হাঁহিৰ আধিক্য সহজভাৱে নলয় অৰ্থাৎ এই ধৰণৰ পুৰুষক চেলেপু বুলি ধাৰণা কৰে৷

কিন্তু ৰসবোধ নথকা পুৰুষৰ প্ৰতি সাধাৰণতে নাৰী কেতিয়াও আকৃষ্ট নহয়৷ আচলতে ৰসবোধক বুদ্ধিমত্তাৰ নিদৰ্শন হিচাপে গণ্য কৰে নাৰীয়ে! নাৰীয়ে পুৰুষৰ কথা বতৰাৰ মাজত বুদ্ধিমত্তা বিচাৰে৷ অকল এয়েই নহয়, চেন্স অব হিউমাৰ নাথাকিলে নাৰীৰ মন নগলে৷ যি কোনো প্ৰশ্নৰ বুদ্ধিদীপ্ত উত্তৰে নাৰীক বৰ সহজে আকৰ্ষণ কৰে৷ তদুপৰি যিসকল পুৰুষৰ হাঁহি বেচ আন্তৰিক তথা প্ৰাণোচ্ছল তেনেবোৰ পুৰুষক নাৰীয়ে অধিক পছন্দ কৰে৷ পুৰুষৰ এটা প্ৰাণোজ্জ্বল হাঁহিয়ে নাৰীক প্ৰেমত পেলাবলৈ এক অমোঘ অস্ত্ৰ হিচাপে কাম কৰে৷ প্ৰয়োজনতকৈ বেছি গহীন অথবা কাৰণে অকাৰণে হাঁহি থকা পুৰুষক নাৰীয়ে বৰ এটা পছন্দ নকৰে৷ পৰিমিত সুন্দৰ হাঁহিৰ গৰাকী যিকোনো পুৰুষে নাৰীৰ মন জয় কৰিবলৈ সক্ষম হয়৷

তদুপৰি পুৰুষ গৰাকী কিমান সপ্ৰতিভ, অইনক সন্মান জনায় বা কিমান প্ৰাণৱন্ত এই সকলোবোৰৰ এক বিশেষ ভূমিকা থাকে৷ সকলোৰে উৰ্দ্ধত পুৰুষৰ সুন্দৰ মানসিকতাক নাৰী সকলে মুখ্য বুলি গণ্য কৰা দেখা যায়৷

অধিক সংখ্যক নাৰীৰ বাবে পুৰুষৰ উচ্চতা আৰু কণ্ঠস্বৰৰ প্ৰতি এক বিশেষ আকৰ্ষণ থাকে৷  তদুপৰি পোছাকৰ স’তে সামঞ্জস্য ৰাখি কি ধৰণৰ জোতা পিন্ধিছে, তাৰপৰাও পুৰুষৰ ৰুচি তথা ব্যক্তিত্বৰ উমান লোৱাৰ চেষ্টা কৰা দেখা যায়৷ বেছিভাগ নাৰীয়ে পুৰুষৰ মাজত থকা “কেয়াৰিং মেণ্টালিটি“ক বেছি জৰুৰী হিচাপে গণ্য কৰা দেখা যায়৷ যি পুৰুষে নাৰী সংগীৰ সৰু সৰু কথাবোৰৰ যত্ন লয় নাৰীৰ বাবে তেনে পুৰুষতকৈ আকৰ্ষণীয় আৰু আবেদনময় আৰু একোৱেই হ’ব নোৱাৰে৷

আন কিছু সংখ্যক নাৰীয়ে এজন পুৰুষৰ বাহ্যিক সামৰ্থ্য আৰু সৌন্দৰ্য্যৰ উপৰিও তেখেতৰ কথাবাৰ্তাৰ ধৰণ, দায়িত্বশীলতা, সমাজ তথা বিশ্বৰ প্ৰতি থকা দৃষ্টিভঙ্গী আৰু মানুহৰ প্ৰতি থকা সন্মানবোধক বেছি গুৰুত্ব দিয়ে৷

পুৰুষৰ সৌন্দৰ্যৰ ওপৰত, সমাজত প্ৰচলিত কিছুমান সংজ্ঞা আছে যেনে “টল-ডাৰ্ক-এণ্ড হেণ্ডচাম“, এই বিষয়বোৰো সকলো নাৰীৰ বাবে গ্ৰহণযোগ্য নহয়৷ এই ধৰণৰ ধ্যান-ধাৰণাসমূহ এতিয়া আৰু নাই৷ এটা আশাব্যঞ্জক কথা এই যে আজিৰ নাৰীয়ে এই বিষয়ে মুক্তভাৱে কথা পাতিবলৈ আৰু নিজৰ পছন্দ-অপছন্দ সম্পৰ্কে কথা পাতিবলৈ লৈছে৷

এজন পুৰুষ নাৰীৰ পছন্দযোগ্য হোৱাৰ ক্ষেত্ৰত মুঠ তিনিটা বিষয় বৰ গুৰুত্বপূৰ্ণ, প্ৰথম হৈছে পুৰুষৰ কণ্ঠ তথা বচনভংগী দ্বিতীয়তে কথা কোৱাৰ বিষয়বস্তু তথা বিষয়ৰ গভীৰতা আৰু তৃতীয়তে কিছুমান সাধাৰণ চলা ফুৰাৰ আদব কায়দা৷ যেনে খোৱাৰ সময়ত কোনো ধৰণৰ শব্দ নকৰা, নাকৰ ভিতৰত আঙুলিৰে ৰুকি ৰুকি শুকান শেঙুণ বিচাৰি চলাথ নকৰা৷

এটা অপ্ৰিয় সত্য এই যে সাধাৰণতে নাৰীৰ সুন্দৰ চেহেৰা দেখিয়েই অধিকাংশ পুৰুষ প্ৰেমত পৰে! কিন্তু নাৰীয়ে ইমান সহজে কোনো পুৰুষৰ প্ৰেমত নপৰে৷ নাৰীয়ে পুৰুষৰ মাজত বহুতো কিবাকিবি সন্ধান কৰে৷ যদি তালে মানে মিলি যায় তেতিয়াহে প্ৰেমত পৰে! বহুতো পুৰুষে ভাবে বছ টকা থাকিলেই নাৰীয়ে তেখেতক পছন্দ কৰিব, কিন্তু এইয়া সত্য নহয়৷ কিছু সৰু সৰু বিষয় আছে যিবোৰ নাৰীয়ে প্ৰথম দেখাৰ পৰাই পুৰুষৰ মাজত বিচাৰি ফুৰে৷

যিকোনো নাৰীৰ শিক্ষা, সচেতনতা অথবা নাৰীৰ স্বাধীনভাবে মত প্ৰকাশৰ সুযোগ থকা বা নথকাৰ স্থিতি আদিৰ দ্বাৰা এগৰাকী নাৰীৰ ব্যক্তিত্ব গঢ় লৈ উঠে গতিকে এই বিশেষ পৃষ্ঠভূমিৰ পৰা ওলাই অহা নাৰীসকলৰ ৰুচিবোধ বেলেগ বেলেগ হোৱাটো স্বাভাৱিক৷ গতিকে পুৰুষ সম্পৰ্কে বয়স-ভেদে প্ৰতিগৰাকী নাৰীৰ সৌন্দৰ্যবোধ, দৃষ্টিকোণ আদি বৈচিত্ৰ্যময় হোৱাটো নিতান্তই স্বাভাৱিক কথা৷ কম বয়সীয়া নাৰীৰ প্ৰতি থকা পুৰুষৰ দুৰ্বলতাৰ বিপৰীতে নাৰীয়ে সাধাৰণতে নিজতকৈ বেছি বয়সৰ পুৰুষক পছন্দ কৰে৷ কাৰণ এইসকল পুৰুষ পৰ্যাপ্ত অৰ্থ উপাৰ্জনকাৰী আৰু লগতে জীৱন সম্পৰ্কে যথেষ্ট অভিজ্ঞ বুলি নিৰ্ভৰশীল সংগী হ’ব বুলি বিবেচনা কৰে৷ এই ধৰণৰ মানসিকতাক নাৰী গৱেষকসকলে ‘জৰ্জ ক্লুনী এফেক্ট’ নাম দিছে৷ হলিউডৰ বিখ্যাত অভিনেতা জৰ্জ ক্লুনীয়ে ষাঠিবছৰ বয়স অতিক্ৰম কৰাৰ পিছতো, নিজতকৈ বহু কম বয়সীয়া যুৱতীৰ স’তে প্ৰেম কৰি বিবাহ কৰা বাবে গবেষকসকলে এই নাম দিছে৷

আমাৰ দেশত পুৰুষে নিজৰ শক্তিমত্তা দেখুৱাবলৈ বাটে পথে কাজিয়া কৰা বা ছোৱালী জোকোৱা আদি ঋণাত্মক আচৰণ কৰে আৰু এইধৰণৰ হীন মানসিকতা সম্পন্ন এজন পুৰুষক নাৰীয়ে কেতিয়াও সুন্দৰ বুলি গণ্য কৰিব নোৱাৰে৷

পোছাক-পৰিচ্ছদৰ নিৰ্বাচনৰ ক্ষেত্ৰত নাৰী পুৰুষতকৈ বহু আগবঢ়া পুৰুষৰ বাবে এইয়া ব্যক্তিগত স্বাচ্ছন্দ্য আৰু অন্যটো হৈছে পৰিবেশগত স্বাচ্ছন্দ্য৷ পুৰুষৰ সাজ-পোছাকো এনে হোৱা উচিত যাতে আপোনাৰ আশে পাশে থকা মানুহক দৃষ্টিত বিৰক্তিৰ সৃষ্টি নকৰে৷ এই ধৰক কোনো ব্যক্তিবিশেষে যদি ধ্ৰুপদী সংগীতৰ অনুষ্ঠানলৈ গোলাপী ৰঙৰ শ্বাৰ্ট আৰু বেঙুনীয়া ৰঙৰ পেণ্ট পিন্ধি যায়, সেইয়া নিশ্চয় পৰিৱেশ সাপেক্ষ নহ’ব৷ কিন্তু ডিস্কো পাৰ্টিত এইধৰণৰ সাজ নিশ্চয় পিন্ধিব পাৰি৷ এই ধৰণৰ চেতনাবোধ নথকা পুৰুষ সকল নাৰীৰ পুতৌৰহে পাত্ৰ৷  পুৰুষৰ সাজ পোছাক খুব দামী হোৱাৰ প্ৰয়োজন নাই, কিন্তু ৰুচিসন্মত হোৱা উচিত৷ ৰুচিসম্মতভাৱে সাজ-পোছাক পৰিধান কৰা পুৰুষৰ প্ৰতি সহজে আকৃষ্ট হয় নাৰীসকল৷ সাজ-পোছাকৰ মাজত ৰুচিবোধ আৰু ফেশ্বন, দুয়োটাই যদি উপস্থিত থাকে তেনেহলে নাৰী অধিক আকৰ্ষিত হয়৷ যেনে বগা চাৰ্টৰ সতে ডীপ কালাৰৰ পেণ্ট পিন্ধা পুৰুষৰ সৌন্দৰ্য নাৰীৰ ওচৰত বহু বেছি আকৰ্ষণীয় কৰি তোলে৷ দীঘল হাতৰ চোলা কিলাকুটিলৈ কোচাই ললে নাৰীৰ দৃষ্টি আকৰ্ষণ হয়৷ তদুপৰি নাৰীয়ে পুৰুষৰ মাজত এক আবেদনময় সৌন্দৰ্য বিচাৰি পায় আৰু তেনে পুৰুষ অইন দহজনতকৈ বেলেগ বুলি প্ৰতিপন্ন হয়৷

পুৰুষৰ সৌন্দৰ্যক লৈ আমাৰ সমাজত কিছুমান ভ্ৰান্তিমূলক ধাৰণা আছে৷ চিগাৰেট খোৱা বা মদ খাই বৰ মতা দেখুৱাই ফুৰা আদি যে কোনো পুৰুষালি আচৰণ নহয় এই কথা সমাজৰ লগতে নাৰী সকলেও বুজিবলৈ শিকিছে৷

নাৰীয়ে সেইগৰাকী পুৰুষক সুন্দৰ দেখে, যিগৰাকী পুৰুষে নাৰীক আয়ত্ত নকৰে কিন্তু জয় কৰিব জানে৷ আত্মবিশ্বাসী পুৰুষসকলক নাৰীয়ে বহু বেছি পছন্দ কৰে৷ পুৰুষৰ কথা পতাৰ ধৰণ দেখিয়েই বুজিব পাৰে পুৰুষ গৰাকী কিমান আত্মবিশ্বাসী৷ আনহাতে অত্যধিক আত্মবিশ্বাসী পুৰুষক নাৰীয়ে নিৰ্ভৰযোগ্য বুলি নাভাবে সেয়ে তেনে পুৰুষৰ পৰা আঁতৰিহে ফুৰে৷

অতি বেছি সুদৰ্শন পুৰুষ সকল বৰ আত্মকেন্দ্ৰিক, নিজকলৈ অধিক সচেতন আৰু অহংকাৰী প্ৰকৃতিৰ হয়৷ কিন্তু নাৰীয়ে বিচাৰে যে তেওঁৰ সঙ্গী পুৰুষগৰাকী তেওঁৰ ওচৰত নমনীয় হৈ থাকক, তেওঁক যেন বিশেষভাৱে গুৰুত্ব দিয়ক, অকল নিজৰ অহমিকাক নহয়৷

পুৰুষৰ দৈহিক ভংগিমাৰ ভাষা বা বডী লেংগুৱেজ হৈছে পুৰুষ মনৰ আইনা আৰু আইনাৰ স’তে অতি নিবিড় সম্পৰ্ক থকা যিকোনো নাৰীয়ে এই ভাষা বুজিবলৈ এপলকো নালাগে আৰু এই কথা নতুনকৈ কোৱা নিষ্প্ৰয়োজন৷

আশেপাশে থকা মানুহৰ স’তে কৰা ব্যৱহাৰ লক্ষ্য কৰি নাৰীয়ে এজন পুৰুষৰ মানসিকতাৰ উমান লয়৷ সাধাৰণভাৱে যি কোনো অপৰিচিত পুৰুষৰফালে চালে নাৰীয়ে পুৰুষৰ দৃষ্টিৰ ওপৰত নজৰ দিয়ে৷ কোনজন পুৰুষৰ দৃষ্টি কোন ফালে নিৱদ্ধ হৈ আছে, সেইটোৰ প্ৰতিও নাৰীৰ চোকা নজৰ থাকে৷ পুৰুষৰ নজৰৰ ওপৰত নজৰ ৰাখি নাৰীয়ে পুৰুষৰ মানসিকতাক অনুধাৱন কৰিবলৈ সক্ষম হয়৷ এগৰাকী পুৰুষে তেখেতৰ আশে-পাশে থকা মানুহৰ পথে বা বন্ধুবৰ্গৰ পথে কিধৰণৰ ব্যবহাৰ কৰিছে অথবা কোন মানুহৰ স’তে মিলামিছা কৰিছে বা কাৰ স’তে কিদৰে কথা কৈছে— সেইটো পুৰুষৰ মানসিকতাৰ এক বিৰাট পৰিচায়ক৷

নাৰীয়ে দীৰ্ঘদেহী পুৰুষ পছন্দ কৰে সচা, কিন্তু উচ্চতাই শেষ কথা নহয়৷ গুৰুত্বপূৰ্ণ কথাটো হৈছে এগৰাকী পুৰুষে নিজক কিদৰে উপস্থাপন কৰিছে৷ আচল কথাটো হ’ল নাৰীয়ে অনুধাৱন কৰিব বিচাৰে যে এজন পুৰুষে নিজৰ যত্ন ল‌ওঁতে সফলভাৱে থাকিব পাৰিছেনে নাই৷ নাৰীয়ে ভাবে, যি পুৰুষে নিজে নিজৰ যত্ন ল’ব নোৱাৰে বা নাজানে, তেওঁনো মোৰ কি যত্ন ল’ব?

কিছু পুৰুষসূলভ গুণে নাৰীক আকৰ্ষণ কৰে, পুৰুষৰ প্ৰতি দুৰ্বল কৰি তোলে৷ সেইয়া কিন্তু সকলো সময়তে উচ্চতা, গাৰ বৰণ বা বাহ্যিক সৌন্দৰ্য নহয়৷ কাংক্ষিত পুৰুষৰ মাজত আৰু বহু কিবাকিবি আশা কৰে আৰু বিষয়টো সম্পূৰ্ণৰূপে মনো-দৈহিক৷ দৈহিকৰ কথাতো আছেই, তদুপৰি থাকিব লাগিব আবেগ-অনুভূতিও৷

বহল কান্ধৰ পুৰুষৰ মাজত নাৰীয়ে নিৰাপত্তা আৰু উষ্ণতা বিচাৰি পায়৷ অধিকাংশ নাৰীয়ে বহল কান্ধ বিশিষ্ট পুৰুষক বেছি পছন্দ কৰে৷ সাধাৰণতে নাৰীয়ে পুৰুষক নিজৰ মানসিক অৱলম্বন হিচাপে পাবলৈ আকাংক্ষা কৰে৷ এজন বহল কান্ধৰ পুৰুষে মহিলাৰ নিৰ্ভৰশীলতাৰ এই ভাৱনাক আৰু বেছি মজবুত কৰি তোলে৷ নাৰীৰ অৱচেতন মনে পুৰুষৰ বহল কান্ধৰ যোগেদি নিজকে সুৰক্ষিত অনুভৱ কৰে৷
সৰহ ভাগ নাৰীৰ বাবে আদৰ্শ পুৰুষ হৈছে তেখেতৰ পিতৃ, কাৰণ পিতৃৰ যত্নশীল পৰশত জীপাল হৈ উঠে নাৰীৰ আত্মবিশ্বাস আৰু গঢ়ি উঠে নিৰ্ভৰশীলতা৷ সেয়ে নাৰীয়ে যিকোনো পুৰুষৰ স’তে প্ৰেমত পৰাৰ আগে ভাগে সংগী পুৰুষৰ মাজত প্ৰথমেই নিজৰ পিতৃৰ দৰে এজন দায়িত্বশীল আৰু যত্নবান পুৰুষৰ সন্ধান কৰে৷

নাৰীয়ে প্ৰচুৰ মহিলা বন্ধু থকা পুৰুষক সাধাৰণতে জীৱনসংগী কৰাৰ ক্ষেত্ৰত এৰাই চলিব বিচাৰে৷ আচলতে সৰহভাগ মহিলাই বিচাৰে, তেখেতৰ সংগী মাথোঁঁঁঁ তেখেতৰ প্ৰতিহে আকৃষ্ট হৈ থাকিব আৰু অইন কোনো মহিলাক মনৰ মন্দিৰত ঠাই নিদিব৷

নিতৌ বাটে-ঘাটে অহা যোৱা কৰোঁতে অজস্ৰ অচিনাকি পুৰুষৰ স’তে দেখা সাক্ষাৎ হয় নাৰীৰ৷ তাৰ মাজতে কোনোবা কোনোবাই কিছুমান বিশেষ কাৰণৰ বাবে নাৰীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়৷ লুকাই চুৰকৈ হ‌উক বা, পোনপটীয়াকৈয়েই হ‌উক— তেতিয়া সেই পুৰুষক নোচোৱাকৈ থাকিব নোৱাৰে৷ কিন্তু নাৰীয়ে যেতিয়া কোনো পুৰুষৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰে তেতিয়া আচলতে পুৰুষৰ মাজত থকা কোনবোৰ দিশৰ প্ৰতি নজৰ দিয়ে?

*পুৰুষ সকল উপকৃত হ’ব পৰাকৈ, সকলো পুৰুষৰ জ্ঞানাৰ্থে কিছুমান নাৰীৰ ঈপ্সিত পুৰুষৰ আকৰ্ষণীয় শাৰীৰিক সৌন্দৰ্য্য আৰু ব্যক্তিত্বৰ তালিকা এখন আগবঢ়োৱা হ’ল, মন কৰক:

পুৰুষে চশমা পিন্ধিলে বেছি বুদ্ধিদীপ্ত, সৰল আৰু আবেদনময় হৈ উঠে, সেইবাবে চশমা পিন্ধা পুৰুষৰ প্ৰতি নাৰীৰ আকৰ্ষণ সদায় বেছি৷ চশমাৰ উপৰিও দীঘল আৰু ঘন চকুৰ পতাৰ অধিকাৰী পুৰুষৰ প্ৰতি নাৰীৰ আকৰ্ষণ সদায় বেছি আৰু এই পাপৰিৰ বাবেই বেছিভাগ নাৰীয়ে প্ৰেমত পৰে৷

গভীৰ কণ্ঠস্বৰৰ অধিকাৰী পুৰুষসকলক নাৰীয়ে গম্ভীৰ প্ৰকৃতিৰ বুলি গণ্য কৰে আৰু সেইয়ে নাৰীৰ বাবে অধিক আকৰ্ষণীয়৷

সুন্দৰ সুবাস নিশ্চয় সকলোৰে পছন্দৰ বিষয়৷ দেহৰ দুৰ্গন্ধ নথকা পুৰুষ সকল যথেষ্ট আত্মবিশ্বাসী আৰু সাৱলীল হ’ব পাৰে৷ গতিকে পুৰুষে মৃদু সুঘ্ৰাণযুক্ত পাৰফিউম ব্যৱহাৰ কৰি নাৰীৰ নৈকট্য প্ৰাপ্তি কৰাত সফল হ’ব পাৰে৷

দাঢ়ি-গোঁফ থকা পুৰুষ নাৰীৰ বাবে আকৰ্ষণীয় কিন্তু নিয়ন্ত্ৰণাধীন আৰু পৰিপাটিকৈ ৰখা দাঢ়িহে নাৰীৰ পছন্দ৷ আচলতে দাঢ়ি-গোঁফ থকা পুৰুষক বহু বেছি পৰিণত বুলি নাৰীয়ে গণ্য কৰে আৰু পৰিণত পুৰুষৰ প্ৰতি বেছি আকৰ্ষণ অনুভৱ কৰে৷ প্ৰকৃততে নাৰীৰ বাবে পৰিচ্ছন্নতা সকলো সময়তেই এক গুৰুত্বপূৰ্ণ বিষয়৷

পুৰুষৰ পেশীবহুল বাহু টি-চাৰ্টৰ মাজেদি যেতিয়া জিলিকি উঠে বহুতো নাৰীৰ দৃষ্টি স্থিৰ হৈ পৰে৷ পেশীবহুল পুৰুষ, নাৰীৰ বাবে সদায়েই প্ৰিয় কিন্তু কৃত্ৰিমভাবে তৈয়াৰ কৰা অস্বাভাবিক পেশী বেছিভাগ নাৰীয়ে পছন্দ নকৰে৷

ধুনীয়া ওঁঠ অকল নাৰীৰেই আকৰ্ষণীয় হ’ব তেনে কোনো কথা নাই, পুৰুষৰ ওঁঠ দুযুৰিও নাৰীৰ বাবে আকৰ্ষণীয় আৰু মিঠা হ’ব পাৰে৷ বেছিভাগ নাৰীয়ে পাতল ওঁঠৰ অধিকাৰী পুৰুষক বেছি পছন্দ কৰে৷ ধূম্ৰপান নকৰা ওঁঠ নাৰীৰ প্ৰথম পছন্দ৷

পুৰুষৰ হাত ভৰিৰ সৌন্দৰ্য নাৰীৰ ওচৰত এক আকৰ্ষণীয় বিষয়৷ পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু নখ কাটি চিকুনাই ৰখা হাত-ভৰিৰ পুৰুষক নাৰীয়ে এক বিশেষ ভাৱে মৰ্য্যদা দিয়ে৷ অযতন মলিয়ন সাজ-পোছাক, বিশৃংখল দাঢ়ি-চুলি, দীঘল তথা মলিৰে পৰিপূৰ্ণ নখ, মোজাৰ দুৰ্গন্ধ, জধলা চাৰ্ট বা লেতেৰা জিনছ পেণ্ট পিন্ধি জহুদ মাৰ্কাৰ উদাসী কবি বা হিপ্পীৰ ভাও দিয়া দিন শেষ৷ আজিৰ যুগৰ নাৰীয়ে এইবোৰ একেবাৰেই পছন্দ নকৰে৷ নাৰীৰ মন পাবলৈ হ’লে এইবোৰ বাহুল্য আজিয়েই এৰক৷

খুব ওখ নহলেও, বেছিভাগ নাৰীয়ে নিজতকৈ চাপৰ পুৰুষক জীৱন সঙ্গী হিচাবে পাবলৈ বাঞ্ছা নকৰে৷ একেদৰেই তপা আৰু পেটুৱা পুৰুষৰ নাম নাৰীৰ বাতিল তালিকাত প্ৰথমতেই থাকে৷ এই তিনিওটা বিষয় প্ৰত্যেক গৰাকী নাৰীয়ে প্ৰথম দৰ্শনতেই অনুধাৱন কৰে৷

নাৰীয়ে, পুৰুষে পিন্ধা জোতাযোৰ কিমান পৰিষ্কাৰ তাৰ প্ৰতিও সজাগ দৃষ্টি ৰাখে৷ সাজ-পোছাকৰ দৰেই মানুহৰ জোতাযোৰেও ব্যাক্তি গৰাকীৰ বিষয়ে বহু কথা উন্মোচন কৰে৷ জোতাযোৰৰ পৰাই নাৰীয়ে মানুহ জনৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা অথবা বৰ্তমানৰ আৰ্থিক স্থিতিৰ লগতে বহুতো কথাৰ উমান ল’ব পাৰে৷

এজন পুৰুষ কিমান মনোযোগী শ্ৰোতা এই কথাটো যথেষ্ট গুৰুত্ব সহকাৰে বিবেচনা কৰে৷ যি পুৰুষে অইনৰ কথা শুনিবলৈ অনীহা কৰে, তেনে পুৰুষে নাৰীৰ হৃদয় কেতিয়াও জয় কৰিব নোৱাৰে কাৰণ প্ৰত্যেক গৰাকী নাৰীৰ বাবে তেওঁৰ সঙ্গীজন এক উত্তম শ্ৰোতা হোৱাটো কামনা কৰে৷

পুৰুষ এগৰাকী কিমান খৰচী বা মিতব্যয়ী এই ধৰণৰ কথাবোৰ, শ্বপিং ম’ল আদি মাৰ্কেটত বজাৰ কৰি থকা ব্যস্ততাৰ মাজতেই এগৰাকী নাৰীয়ে বুজিবলৈ সক্ষম হয়৷ সকলো সময়তে বেছি খৰচী পুৰুষকেই যে নাৰীয়ে বেছি পছন্দ কৰিব তেনেকুৱাও নহয়৷ চাই-চিতি খৰচ কৰা পুৰুষৰ বিবেচনাবোধ বেছি বুলিহে বেছিভাগ নাৰীয়ে ধাৰণা কৰে আৰু তেনে পৰিণত পুৰুষক আন্তৰিকতাৰে পছন্দ কৰে৷

নাৰীৰ বিচাৰ্য তালিকাৰ ভিতৰত পুৰুষৰ সৌজন্যবোধ, শিষ্টাচাৰ, বয়োজ্যেষ্ঠ লোকৰ প্ৰতি শ্ৰদ্ধা, কণ্ঠস্বৰ, কথা ক‌ওঁতে কৰা শব্দৰ উচ্চাৰণ, শব্দচয়ন, স্বৰ, স্বৰগতি ইত্যাদি বহুতো সূক্ষ্ম কথাবোৰ সন্নিৱিষ্ট হৈ আছে৷ অৱশেষত ম‌ই অপেক্ষা কৰিম সেই দিনটোলৈ যিদিনা আধুনিক নাৰীয়ে পুৰুষক লৈ সৃষ্টি কৰিব জগতৰ আটাইতকৈ সুন্দৰ আৰু প্ৰেমৰ মহাকাব্য আৰু বাজিব কেৱল প্ৰেমৰ ভৈৰৱী সুৰ৷

*****সমাপ্ত****
☆ ★ ☆ ★ ☆

17 Comments

  • Ronjon Baruoh

    সুন্দৰ লেখনিৰে আলোচনীখন উজলাই তোলাৰ বাবে ফটাঢোল ই-আলোচনীৰ হৈ আন্তৰিক কৃতজ্ঞতা জনাইছো

    Reply
  • Mukut bhatracharjya

    বহু বিৰতিৰ পাছত এটা ধুনীয়া লিখনি পঢ়িলো আপোনাৰ পৰা। ভাল লাগিল

    Reply
    • Anonymous

      ধন্যবাদ, সময় উলিয়াই পঢ়া বাবে।

      Reply
  • ভাল লাগিল দাদা ৷ নাৰীৰ মন সুন্দৰকৈ বুজাবলৈ চেষ্টা কৰিলে ৷

    Reply
    • Sanjeev P Mazoomdar

      ধন্যবাদ, সময় উলিয়াই পঢ়া বাবে।

      Reply
  • Gitu hazarika

    ভাল লাগিল ।।

    Reply
    • Sanjeev Mazoomdar

      ধন্যবাদ, সময় উলিয়াই পঢ়া বাবে।

      Reply
  • নীলাক্ষি দেৱী ডেকা

    বহুতদিনৰ পাছত আপোনাৰ লিখনি পঢ়িবলৈ পালোঁ দাদা। বৰ ভাল লাগিল।

    Reply
    • Sanjeev Mazoomdar

      ধন্যবাদ, সময় উলিয়াই পঢ়া বাবে।

      Reply
  • Barbie Punnag

    দাদা আপোনাক চেলুট জনাইছোঁ। ইমান ধুনীয়াকৈ নাৰীৰ মন অধ্যয়ন কৰিব পাৰিছে !???

    Reply
    • Sanjeev Mazoomdar

      ধন্যবাদ, সময় উলিয়াই পঢ়া বাবে।

      Reply
  • দাদা কথাবোৰ জানিবলৈ পায় সুখী হলোঁ।

    Reply
    • Sanjeev Mazoomdar

      ধন্যবাদ, সময় উলিয়াই পঢ়া বাবে।

      Reply
    • Sanjeev Mazoomdar

      ধন্যবাদ তবীবৰ, সময় উলিয়াই পঢ়া বাবে। মনৰ ধনী, নাৰীৰ চকুৰ মণি।

      Reply
  • বিজুু গগৈ

    দাদা ভাল লাগিলে পঢ়ি৷

    Reply
    • Sanjeev Mazoomdar

      ধন্যবাদ বিজু, সময় উলিয়াই পঢ়া বাবে।
      “পুৰুষ মনৰ ধনী, নাৰীৰ চকুৰ মণি।”

      Reply

      Reply
  • থানেশ্বৰী কূৰ্মী গঞ্জু।

    আপোনাৰ লিখা ভাল লাগিল। পুৰুষৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হল—সুচৰিত্ৰবান হোৱা। লগতে যিসকল পুৰুষে নাৰী জাতিক সন্মান কৰে সুৰক্ষা প্ৰদান কৰে ,সততাৰে, সুন্দৰ আদৰ্শৰে সুসমাজ গঠনত অৰিহণা যোগায় , যাৰ বাহ্যিক চেহেৰা সুন্দৰ নহয়, অথচ মন-আত্মা অতি সুন্দৰ, তেনে পুৰুষক নাৰীয়ে ভাল পায়, আৰু সন্মান কৰে।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *