ফটাঢোল

সাক্ষাৎকাৰ: জন নেতা হেকা লিম্বুৰ লগত এখন্তেক-হেমন্ত কাকতি

নমস্কাৰ, আমি অসমৰ একমাত্ৰ সৰ্বশ্ৰেষ্ঠ নিউজ চেনেল খুল্লাম-খোল্লাৰ পৰা আহিছোঁ৷ আমি এই মুহুৰ্তত আপোনাৰ পৰা জানিব বিচাৰিম, আপুনি ইমান জনপ্ৰিয় কিয়?
হেকা লিম্বু: চাওঁক, মই যিটো ভাবোঁ সেইটো কৰোঁ, গতিকে মানুহে ভাল পায়, আপুনি পইচা খাওঁক কিন্তু কামো কৰিব লাগিব৷ সব টকা খাই দিলে কেনেকৈ হব? পিচে মই কাম বহুত কৰিছোঁ গতিকে এইবাৰ অলপ টকা খাম! হেঃ হেঃ!
খু: খো:- বুজিছোঁ৷ আপোনাৰ এইবাৰৰ এজেণ্ডাৰ বিষয়ে অলপ আমাৰ ৰাইজক কব নেকি?
হেকা লিম্বু:- মোৰ ফাণ্ডাটো একদম ক্লিয়েৰ আছে৷ বাকী পলিটিচিয়ানৰ দৰে মোৰ কোনো “হিডেন এজেণ্ডা” নাই৷ যিটো বাহিৰত দেখিছে, সেইটোৱে ভিতৰত আছে৷ শুনক, যিবোৰ কাম যোৱা বাৰ কৰিব নোৱাৰিলোঁ, এইবাৰ নিশ্চয় কৰিম৷ বহু ঠাইত কামৰ ‘কমিচন’ নোলোৱাকৈ থাকি গ’ল৷ এইবাৰ ইনকাম টেক্সৰ অফিচাৰে টেক্স নেট সম্প্ৰসাৰণ  কৰাৰ দৰে মোৰো ‘কমিচন নেট’ পানী নসৰকা কৰিম৷ দেশৰ সকলো “আচাৰ-সংহিতা” পালন কৰি “ভ্ৰষ্টাচাৰ”ক এটা নতুন ‘আয়াম’ দিব লাগিব৷ বিনা কমিচনত কোনো কনট্ৰেক্ট নহব৷ কমিচনৰ ‘ৰেট’ কি হব, ক’ত ক’ত ভাগ হব সকলো নিৰ্ভুল প্লেনিঙত হব৷ দৰ্কাৰ হলে তাৰ বাবে এখন নতুন আয়োগ গঠন কৰা হব৷ যেনেকৈ সময়ে সময়ে মূদ্ৰাষ্ফীতি বা মূল্য সূচকাংকৰ হাৰৰ হীন দেঢ়ি হৈ থাকে তেনে এখন “ডাইনেমিক প্ৰাইচিং” ৰ লিষ্ট বনোৱা হব৷ আৰু সময়ে সময়ে জনতা জনাৰ্দনক জনোৱা হব৷ ধনী দুখীয়া নিৰ্বিশেষে সকলোৱে এই সুবিধা লাভ কৰিব৷ আল্টু ফাল্টু দালালৰাজৰ অন্ত পেলাই ক’ত কমিচন দিলে সঠিক কাম হব তাৰ জাননী জনতাই নিজৰ পদুলিতে গম পাই যাব৷ “জীয়ো, ঔৰ জীনে দো” ৰ আৰ্হিত আমি নতুন স্লোগান তৈয়াৰ কৰিছোঁ, “খোৱা আৰু খাবলৈ দিয়া”৷
আমাৰ এজেণ্ডাত আৰু কিছু মহত্বপূৰ্ণ আচনিক সংযোজন কৰাৰ কথা ভবা হৈছে৷ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ জৰিয়তে জমা হোৱা ধনৰাশিক আগৰ দৰে চুইচ বেংকত জমা কৰাৰ দৰে কেচা কাম কৰা নহব৷ কাৰণ “এনফৰ্চমেণ্ট ডিৰেক্টৰেট” বা “চি বি আই”ৰ দৰে সংস্থাবোৰে তাতো গৈ একাউণ্ট চিল কৰা বা জব্দ কৰাৰ নিয়ম প্ৰচলিত হৈছে৷ সেইকাৰণে দুই নম্বৰী টকাৰ কাৰবাৰৰ টকা অন্তৰীক্ষত স্থাপন কৰা মহাকাশ বেঙ্কত ৰখাৰ ব্যৱস্থা কৰা হব৷ বেছি “লফড়া” হলে এনেকুৱা ষ্পষ্টীকৰণ দিব পৰা যাব যে “ওপৰৱালাই যি দিছে সেয়া ওপৰতে জমা আছে৷ কিবা সমস্যা হলে ওপৰৱালাই জানে আৰু, আমি নিমিত্তহে মাত্ৰ!”
খু: খো:- বুজিছোঁ৷ সুন্দৰ আইডিয়া ছাৰ! শিক্ষাৰ ক্ষেত্ৰত এনে ধৰণৰ কিবা নতুন এজেণ্ডা হাতত লব নেকি? এই বিষয়ে অলপ আমাৰ ৰাইজক অলপ কওঁক৷
হেকা লিম্বু:- চাওঁক, শিক্ষাই হৈছে মেইন৷ আমি আমাৰ লৰা ছোৱালীৰ বহুমূলীয়া জীৱনটোক অনৰ্থক বেকাৰ কিছুমান শিক্ষা দি বৰবাদ কৰি আছোঁ৷ মোলৈ চাওঁক, মোৰ আনুষ্ঠানিক শিক্ষা বুলিবলৈ বিশেষ একো নাই, কিন্তু আজি মই ক’ত আৰু ৰাইজ ক’ত? সেই কাৰণে মই এই সমগ্ৰ শিক্ষা পদ্ধতিটোৰ এটা আমূল পৰিবৰ্তন আনিব বিচাৰিছোঁ৷ পৰীক্ষামূলক ভাবে মই অসমত এনে কিছু শিক্ষানুষ্ঠান পাতিম য’ত ক্লাচ টেনৰ পিচৰ পৰাই ৰাজনীতিৰ নতুন পাঠ্যক্ৰম আৰম্ভ কৰা হব৷ এই ক’ৰ্চত থাকিব বিশেষ কিছু কথা যেনে: বিৰোধী পক্ষক  ষড়যন্ত্ৰ কৰি কেনেকৈ ফচাব লাগে, ব্লেকমেইল কেনেকৈ কৰা হয়, ব্যক্তিৰ চৰিত্ৰ হনন কেনেকৈ কৰা হয়, বাহুবলী কেনেকৈ বনিব পাৰি, দাদাগিৰি কেনেকৈ কৰে, সাম্প্ৰদায়িকতা কেনেকৈ বিয়পোৱা হয়, ‘ফ্ৰদ’  কৰিও বুকু ফিন্দাই  আত্মবিশ্বাসেৰে কেনেকৈ ঘুৰিব পাৰি, লোকৰ বদনাম গাই গাই নিজৰ চৰিত্ৰক কেনেকৈ ঢাকোন মাৰি ৰাখিব পাৰি, উৰাবাতৰি কেনেকৈ আৰু কেতিয়া প্ৰচাৰ কৰি ৰাইজক বিপথে পৰিচালিত কৰিব পাৰি৷ মুঠতে ৰাজনীতিত মাৰাডোনা টাইপ ধুৰন্ধৰ খেলুৱৈ কেনেকৈ হব পাৰি তাৰ সম্পূৰ্ণ “চিলেবাচ” তাত থাকিব, যাতে প্ৰফেচনেল ডিগ্ৰী লাভ কৰিয়েই কুখ্যাত হৈ চিধাই ‘টপ লেভেল’ৰ ৰাজনীতিবিদ হৈ দেশক প্ৰগতিৰ পথত আগুৱাই লৈ যাব পাৰে৷ দেশভক্তি, নৈতিকতা, কৰ্তব্যনিষ্ঠা আদিৰ দৰে মূল্যহীন কথাবোৰ যাতে ল’ৰা ছোৱালীৰ মূৰত নাহে তাৰ বাবে প্ৰাইমাৰী লেভেলতে ব্যৱস্থা লোৱা হব৷
খু: খো: বহুত ভাল এজেণ্ডা চাৰ! কিন্তু কথাবোৰ পাবলিচিটিও হব লাগিব৷ তাৰ বাবে আমাৰ নিউজ চেনেলৰ কথাও ভাবিব পাৰে৷ আমি প্ৰচাৰ চলাম আপোনাৰ দলৰ হৈ৷
হেকা লিম্বু: এক্সাকলি! তাৰ বাবে আমাক আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ৰ নিউজ চেনেলৰো দৰ্কাৰ হব যিয়ে 24/7, মানে দিনে ৰাতিয়ে আমাৰ গুণগান আৰু বিৰোধীৰ অপপ্ৰচাৰ কৰিব লাগিব৷ অনৱৰতে চেপা উত্তেজনা, উত্তপ্ত পৰিস্থিতি আদি বিৰাজ কৰি ৰখাত নিউজ চেনেলৰ ভূমিকা অপৰিহাৰ্য্য৷  “চনচনী খেইজ” নহলে ৰাইজে ভাল নেপায়৷ দৰ্কাৰ হলে নিউজ বনাব লাগিব৷ মাৰপিট নোহোৱা ঠাইতো মাৰপিট কৰাব লাগিব৷ ভাই ভাই মিলিজুলি থকা ঠাইতো উত্তেজনা বৃদ্ধি কৰা কাৰবাৰ কৰিব লাগিব৷ এনে ধৰণৰ নিউজ ধৰক, এগৰাকী চলচিত্ৰ অভিনেত্ৰীক কিডনেপ কৰি ৰখা হ’ল, তাৰ পিচত গুজৱ ওলাব লাগিব যে ৰহস্যময় পৰিস্থিতিত “লাপতা” হোৱা অভিনেত্ৰী গৰাকীৰ কোন কোন ৰাজনেতাৰ লগত তেওৰ “লিং লাং” মানে অন্তৰংগ সম্বন্ধ আছিল!  বচ! চনচনী! তাৰ পিচত অভিনেত্ৰী আৰু ৰাজনেতা দুয়ো ফালৰ পৰা “মাল” অহা আৰম্ভ! কোনো মহিলাই ট্ৰান্সফাৰৰ বাবে নেতাৰ ঘৰলৈ যাওঁতে তেওঁৰ লগত “কি কি” হ’ল ইত্যাদী ইত্যাদী৷ মুঠতে জনতাক সকলো সময়তে ‘টেনচন’ত ৰাখি হাই প্ৰেচাৰ কৰিব লাগিব৷
খু: খো: একদম! আমি ইতিমধ্যেই এই কামত যথেষ্ঠ আগবাঢ়ি আছোঁ৷ সেয়ে আমি অসমৰ নাম্বাৰ ৱান নিউজ চেনেলৰ খিতাপ নিজেই নিজকে দি লৈছোঁ৷ আশা কৰো আপোনাৰ দৰে গুৰু ঘণ্টালৰ সান্নিধ্য আৰু আশিৰ্বাদ পালে আমি আৰু বহুত আগুৱাই যাব পাৰিম৷
হেকা লিম্বু: নিশ্চয়, ‘কাম’ৰ মানুহ মোক লাগে৷ মোৰ ‘আশিৰ্বাদ’ সদায়  সেইসকলৰ লগত থাকিব যিয়ে মোৰ এজেণ্ডা সফল কৰিব৷ বাই ডা ৱে মোৰ বিৰাট জৰুৰী কাম এটা আহি পৰিছেই৷ আজি কালিৰ ভিতৰতে কাম টো হব লাগে৷
খু: খো:- কি কাম ছাৰ?
হেকা লিম্বু: মোৰ বিৰোধী নেতা হাংগামা প্ৰধানৰ ওপৰত এটা ডাঙৰ কনট্ৰোভাৰ্চী নিউজ কৰিব লাগে৷ তেওৰ নাম লৈ মই অভিযোগ উঠাম৷ পুৰা দেশ কপি যাব লাগে৷ আমাৰ পাৰ্টীৰ মানুহক  পঠিয়াই তেওঁৰ পূট্টলিকা দাঁহ কৰোৱাম৷ চাৰিওফালে জুই লগাই দিম৷ আমাৰ পাবলিচিটি আহিব লাগে৷
খু: খো: হৈ যাব ছাৰ, আপুনি ৰেডী হওঁক৷ বাকী আপোনাৰ ভবিষ্যত উজ্বল হওঁক, আপুনিও খাওঁক আৰু আমাকো খাবলৈ দিয়ক!
হেকা লিম্বু: ধন্যবাদ!
☆ ★ ☆ ★ ☆

6 Comments

  • অনুৰূপ

    হেকা লিম্বু একদম চিধা চিধি কথা কোৱা মানুহ, বঢ়িয়া লিখিছে।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    বঢ়িয়া৷ ছিণ্ডিকেটৰ ঠিকাটো মোক দিব দেই৷

    Reply
  • অভিজিত কলিতা

    খাও আঔৰ খানে দো। মজা লাগিল

    Reply
  • Anonymous

    সাপ্ৰদায়ীক মেইন হেকা দা

    Reply
  • নীলাক্ষি দেৱী ডেকা

    ফাণ্ডাটো একদম ক্লিয়াৰ আছে। বহুত ভাল লাগিল দাদা।

    Reply
  • আপোনাৰ লেখা মোৰ সদায়ে প্ৰিয় দাদা ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *