ফটাঢোল

ফটা লিমাৰিক- ধনজিত বৰুৱা

নাভাবিব আমাৰসকলে কেৱল দেশ ফুৰে বুলি
বিচাৰি আছোঁ আপোনালোকলৈ এটা গছৰ পুলি
লাগিব তাত সোণৰ  লাও
হ’ব সোণালী আমাৰ গাঁও
ষ্টীলৰ হেন্দালি সাজি লওঁ বুলি পইছা আছোঁ তুলি

কোনো এখন দেশে কেতিয়াও নহয় মান্তি
পাৰমাণৱিক অস্ত্র বিসৰ্জি আনিব যে শান্তি
জৈৱিক অস্ত্রৰ সংযোজন
যেন মৌলিক প্ৰয়োজন
মানুহৰ ভৱিষ্যত আজি মানুহৰ মনতে ভ্ৰান্তি

শান্তিৰ পাৰ উৰাই যিজনে খোঁচনিত ৰিভলভাৰ
অবুজ সাধাৰণ মানুহ ভাবি চালেই হাঁহাকাৰ
মনৰ সুপ্ত অসুৰবোৰ
আনে স্বাৰ্থৰ যুদ্ধবোৰ
জীবনাদর্শ বুমেৰাং হৈ প্ৰশ্ন বাণেৰে প্ৰতিকাৰ
☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *