ফটাঢোল

বিজিতৰ ডাউকী নদী ভ্রমণ- বিজিত শইকীয়া

নিজৰ চেহেৰাটো মোৰ দৰে সকলোৱে ভাল পায় নহয়নে? ধুনীয়াকৈ সাজি-কাজি ক’ৰবালৈ ওলাই যাবলৈ সকলােৱে মন এটা নিজৰ মাজতে লুকাই ৰাখে। মই কিন্তু মোৰ নিজৰ চেহেৰাটোক বৰ বেছি ভাল পাওঁ। আইনাৰ আগত ৰৈ মুখখনত সাতটা মান ভাজ আৰু চুলিকেইডালত এশ এটা ভাজ দিওঁ।

আনকি তপাসকলেও চুলিকেইডালৰ বাবে মাথাটো হাতেৰে লাহেকৈ চুই চায়। মই মানে মানুহটো পাঁচফুট কেই ইঞ্চিমান ওখ। সম্পূর্ণ ছয়ফুট হ’বলৈ নাপালোঁ। সৰুতে মানুহবোৰে যে মোক ‘ধুন পেচ’ বুলি আৰু মোৰ পিতাইক ‘ক’লা চপৰা’ বুলি জোকাইছিল। পিতাইক জোকোৱাৰ বাবে মই এবাৰ গাঁৱৰে বুঢ়া এজনৰ মূৰলৈ মাটিৰ পকা চপৰা এটা মাৰি পলাইছিলোঁ। তেখেতৰ গাতো জগৰ নাছিল। মোৰ পিতাই আছিল মোৰ দৰেই কেটুমনি ক’লা ৰঙৰ আৰু সেই বাপেকৰে পুতেক মই।

মুখৰ ভিতৰতে এফাল এফাল দাঁতকেইটা মান আছে। বগা ৰঙৰ মানুহ দেখিলে বেছিকৈ নিকটাই কথা পাতোঁ বোলো,

“চাহঁত তহঁতেও, মোৰো যে বগা ৰং অলপ মুখৰ ভিতৰতে আছে।”

অৱশ্যে, মুখমণ্ডলৰ সৰহ ভাগ ক’লা ঘন অৰণ্যৰে আৱৰা। সেয়ে, এতিয়াও গাঁঁৱৰ খুড়া দাদাকেইজনে ‘ক’লা চপৰা’ বুলি জোকায় মোক। মই ভাবোঁ, বিভিন্ন দেশৰ জলবায়ু আৰু মানুহৰ দৈনন্দিন কাম কাজে তেওঁলােকৰ দেশৰ নাগৰিকৰ শৰীৰৰ ৰঙৰ ওপৰত প্ৰভাৱ পেলায়। মোৰ যে বগা মানুহ দেখিলে বিৰাট হিংসা লাগে।

চাকৰী সূত্রে সিদিনা বিৰাট বগা ৰংৰ বন্ধু এটাক লৈ মেঘালয় ৰাজ্যৰ ডাউকী নদী চাবলৈ ওলালোঁ। বন্ধু দিল্লীৱালা। সি যিমান বগা, মই সিমান ক’লা৷ সময় সুবিধা পালেই দুয়ো পিটপিটাই ফুৰোঁ অসমৰ ধুনীয়া ঠাইবোৰ। সেইদিনা আমি মেঘালয় ৰাজ্য আৰু বাংলাদেশৰ সীমন্তৰ মাজত অৱস্থিত ডাউকী নদী চাবলৈ যাত্ৰা কৰিলোঁ। শ্বিলংৰ নেৰানেপেৰা বৰষুণ আৰু অকোৱা-পকোৱা বাটেৰে আমি শ্বিলংৰ পুলিচ বজাৰৰ পৰা আশী কিলোমিটাৰমান নিলগৰ শ্বিলংৰ সেই ধুনীয়া ডাউকী নদীৰ লগতে বাংলাদেশ।

সীমা পালোঁ। ডাউকীৰ নদীখন সম্ভৱ ভাৰতৰ পৰা বৈ গৈছে বাংলাদেশৰ ফালে। নদীখন দুইখন দেশৰ সীমাতে। দুই-তিনি মিটাৰৰ মূৰে মূৰে শিলেৰে দম কৰি সীমা বান্ধি চিনাক্ত কৰি ৰাখিছে। কাষে কাষে দুইখন দেশৰ সীমা সুৰক্ষা বাহিনীৰ জোৱানসকল থিয় দি আছে। কোনো ব্যক্তি, এখন দেশৰ পৰা আনখন দেশলৈ সোমাৱ নোৱাৰে। সীমাৰ শিলৰ দমকেইটাৰ ওচৰত ৰৈ মানুহবোৰে একোটা মোলায়ম হাঁহিৰে ফটো উঠাত ব্যস্ত। আমাৰ দৰে কিছু ভ্রমণকাৰীয়ে নৌকা বিহাৰ কৰি আছে ডাউকীৰ গভীৰ নীলা পানীত। কোনো কাৰণত বাংলাদেশৰ মানুহ আমাৰ দেশত আৰু আমাৰ দেশৰ মানুহ বাংলাদেশত সোমাবলৈ দিয়া হোৱা নাই জলৰাশিৰ মাজেৰে। জোৱানসকলে হুইচেল বজাই গছৰ পাত সৰাই আছে, মানুহবোৰক সংকেতবানী দিবলৈ৷ আমি দুয়ো সুন্দৰ পৰিৱেশত বিভোৰ হৈ সাউতকৈ ডাউকীৰ নীলা পানীৰ নাও এখনত বহি ল’লোঁ। লগে লগে নাৱৰীয়াই পইচা জমা কৰা কুপনটো সংগ্রহ কৰিলে। তেনেতে আমাৰ নিচেই কাষৰ নাওখনত নৌকা বিহাৰ কৰিবলৈ ওলােৱা আমাৰ অসমৰেই পৰিয়াল এটাৰ সৰু ল’ৰা এজনে দেউতাকক মোলৈ আঙুলি টোঁৱাই ক’লে যে মই এটা বাংলাদেশৰ মানুহ আৰু মনে মনে আহি সোমাই আছে ভাৰতত অথচ তাকহে হেনো বাংলাদেশলৈ সোমাই ফটো তুলিব নিদিলে!

লাহেকৈ ডাউকীৰ নীলা পানীত মোৰ মুখৰ প্রতিবিম্বটো চালোঁ। মনে মনে বুকুখন দুখেৰে ভৰি পৰিল, ৰ’দৰ পোহৰত পানী লাগি থকা মোৰ দাঢ়িৰে ভোবোকাৰ মুখখন ডাউকীৰ নীলা পানীত কলা ৰঙৰ স্কেচ্ছ এটাৰ দৰে লাগিল। স্বাভাৱিকতকৈ দুগুণ ক’লা দেখিলোঁ মই নিজকে। নিজৰ দেশতে মই আজি মোৰ গাৰ ৰঙাটোৰ বাবে কাৰোবাৰ মানত আজি বিদেশী হ’লোঁ। লগৰ দিল্লীৱালা বন্ধুৱে মোৰ মুখলৈ ৰ লাগি চাই ঢেক্‌ ঢেক্‌কৈ হাঁহি এটা মাৰিবলৈ ধৰিলে। সেই  গোটেই পৰিয়ালটোৰ মানুহকেইজনে মোলৈ থৰ লাগি চাই পুতেকক বুজাই দিলে যে, সৌ ক’লা ৰংৰ দাদাজন আমাৰ দেশৰেই! লগতে মোলৈ চাই চাই ফেচেকা ফেচেক হাঁহি। সেই সময়তেই যেনিবা আমাৰ নাওখন লাহেকৈ নাৱৰীয়াজনে ডাউকীৰ নীলা পানীৰ মাজলৈ বঠা বাই লৈ গ’ল।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *