ফটাঢোল

সমালোচনাৰ কথা- উৎপল দত্ত

মন কৰিবচোন, চিনেমা এখন চাই উঠি সকলো সমালোচক হৈ উঠে। হওঁতে সকলােৰে মন এটা থাকে কিবা এটা মতামত দিয়াৰ, গতিকে দিয়ে বাৰু। মতামত দিয়াত আপত্তি নাই, কিন্তু কিছুমানে যে বিচাৰকৰ দৰে ৰায় দিয়ে, কিছুমান আছে আৰু এখোপ ওপৰলৈ যায়, দেশপ্ৰেম, জাতীয়তাবাদ সকলো আহি মূৰত হেঁচা মাৰি ধৰে! চাবই লাগিব চিনেমাখন, নহ’লে অসমীয়া সংস্কৃতি যাবগৈ। আৰে! চলচিত্ৰ সমালোচনা কি ইমান উজু?

চিনেমা নিৰ্মাতা আৰু সমালোচকৰ মাজত মতৰ মিল খুব কমেইহে দেখা যায়। এবাৰ এজন সমালোচকক সোধা হ’ল – অমুক চিনেমাখন কেনে? তেওঁ  উত্তৰ দিছিল, মূৰ কেইটামানে কথা কৈ আছে!!

এবাৰ এজন চিত্ৰ পৰিচালকক সুধিলোঁ, অমুকে লেখা সমালোচনাটো কেনে পালে?

উত্তৰ দিছিল, গল্পটো কৈছে আৰু লগত কেইটামান বিশেষণ।

কথাটো ঠিকেই কৈছিল, চাবচোন পঢ়ি, সমালোচনাৰ নামত আমাৰ ইয়াত কি থাকে। সেই গল্পটো আৰু বিশেষণবোৰ- হয়নে নহয়? কিছুমানেতো এনেকৈ লেখে যেন তেওঁ ভালপোৱা চিনেমাখন নোচোৱাটো যেন এটা দণ্ডনীয় অপৰাধ।

এবাৰ ভাবকচোন, প্ৰত্যেকজন দৰ্শকেই যে  চিনেমাৰ সমালোচক হয়, অইন কলাৰ সমালোচক নহয় কিয়? নাচৰ সমালোচক হোৱা কাৰোবাক দেখিছেনে? সমালোচনা বাদ দিয়ক, নাচ চাবলৈকে নাযায়। আৰ্টৰ সমালোচক?

এজনে এইক্ষেত্ৰত এটা ভাল উত্তৰ দিছিল,

: নাচ বুজি পোৱা টান, আৰ্ট বুজি পোৱা টান, সেই কাৰণেই।

: তেনেহ’লে নাটকৰ সমালোচনা নকৰে কিয়? নাটকতো বুজি পায় চাগৈ।

: নাটকত গ্লেমাৰ নাই, সেই কাৰণে।

গ্লেমাৰ শব্দটো শুনি এজন বন্ধু চিঞৰি উঠিল,

: অসমত গ্লেমাৰ?

: কিয়, চিনেমাত ওলোৱা সুন্দৰ-সুন্দৰীসকল?

: যাৰ নামত চিনেমা এখন নচলে তাৰ গ্লেমাৰ কেনেকৈ জোখা তোমালোকে? কিছুমানে ইলেকচন ৰেলীত খোজ কাঢ়িবলৈ টকা কেইহাজাৰমান দি নিয়ে, সেয়াই গ্লেমাৰ? কিছুমানে দোকানৰ ফিটা কাটিবও গ্লেমাৰ নিয়ে। শ্বাহৰুখ খান দেখোন বিয়াত নাচিবলৈকো যায়৷ আমাৰ ইয়াত বাৰ্থদে খাবলৈ মাতিলে যাবনে? কিয় নাযাব?

ধেই, সমালোচনাৰ পৰা আহি বেলেগ এঠাই পালোঁহি।

কথা হ’ল, এতিয়া সমালোচক আৰু স্ৰষ্টাৰ এক ধৰণৰ গোটবন্ধন আছে। ধৰক, মই এজনৰ কিতাপ এখন খুব ভাল বুলি লেখি দিম, তেওঁ অইনক ক’ব মোৰ কথা। তাৰ পাছত তেওঁৰ বন্ধুৰ কিতাপ এখনকো ভাল বুলি লেখি দিলোঁ, তাৰ পাছত তেওঁৰ বন্ধুৰ কিতাপ এখন। এতিয়া চাব, তিনি বন্ধু লগ হ’লে মোৰ কথা কি ক’ব – খুব ভাল সমালোচক। এনেদৰেই গোটবন্ধন শক্তিশালী হয়।

শক্তিশালী লেখকৰ (শক্তিশালীৰ অৰ্থ নুবুজিলে পাছৰখিনি পঢ়ি লাভ নহ’ব৷ এনেয়ে আগৰখিনি পঢ়িও একো লাভ হোৱা নাই) ভাল সমালোচনা লেখিলে নিজৰে ভাল অথবা লাভ।

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *