শেষ দিন-বৈদুৰ্য্য বৰুৱা
যোৱা ডিচেম্বৰৰ ‘কা’ আন্দোলনৰ সময়ৰ কথা।চাৰিওফালে হাহাকাৰ, হাজাৰ হাজাৰ উগ্ৰ জনতা, প্ৰতিবাদ, দগমগিয়া টায়াৰৰ জুই, ক’লা ধোঁৱাৰে আকাশ চানি ধৰিছে। গুলিয়া-গুলি, কাৰফিউ, কেইবাদিনো ধৰি লক-ডাউন। ৰাস্তালৈ ওলাবলৈ ভয়! পিঠিত কেতিয়া কোন পক্ষৰ মাৰ পৰে ঠিক নাই!
সেইসময়ত সকলোৰে চিন্তা, এইদিন কেতিয়ালৈকে চলে কোনো ঠিক নাই, গতিকে ঘৰত খোৱাবস্তু যোগাৰ ৰখাহে কথা। জীয়াই থাকিব লাগিব। চিধা কথা, সামৰ্থ্য অনুসৰি যিমান দিনলৈ পাৰি সিমান দিনলৈ খোৱা বস্তু যোগাৰ ৰখাটোৱেই জ্ঞানীৰ কাম।
ময়ো যিহেতু এজন জ্ঞানীলোক গতিকে সেইদিনৰ কোনোবা এটা দেওবাৰে ৰাস্তাৰ কাষত বহা সাপ্তাহিক বজাৰখনত লৰালৰিকৈ সামৰ্থ্য অনুসৰি দুবেগমান শাক-পাচলি বজাৰ কৰিলোঁ। বজাৰ কৰি থাকোঁতেই অকস্মাৎ মন কৰিলোঁ বহু শাক-পাচলিৰ মাজৰ পৰা এক জ্ঞানীবৃদ্ধ জহা কোমোৰাই মোলৈ চাই আছে। মই লগে লগে ত্ৰিশ টকাত কোমোৰাটো কিনি পেলালোঁ।
কা আন্দোলনো লাহে লাহে শেষ হ’ল, আকৌ সকলো আগৰ দৰে পৰিবেশ ঘূৰি আহিল, সকলো কথা লাহে লাহে পাহৰিলোঁ।
তেনেতে হঠাতে তিনিমাহৰ পাছত জীৱনত কেতিয়াও নেদেখা কৰ’না ভাইৰাছৰ আন্দোলনটো সমগ্র পৃথিৱীজুৰি আৰম্ভ হৈ গ’ল। চাৰিওফালে হাহাকাৰ!আকৌ এটা কঠিন দিন আহি গ’ল, এইবাৰ জীৱনক লৈ যম আৰু মানুহৰ টনা-টনি। একৈশ দিনীয়া লক-ডাউন। ঘৰত সোমাই থাকিব লাগিব, বাহিৰলৈ ওলালে হয় কৰ’নাই ধৰিব পাৰে নহয় পুলিচৰ মাৰ পৰিব পাৰে! কিন্তু জীয়াই থাকিবই লাগিব, চিধা কথা। সুযোগ বুজি সামৰ্থ্য অনুসৰি বজাৰ কৰিলোঁ। চাউল, নিমখ, তেল, আলু, চয়াবিন, বুট, মটৰ..মই যিহেতু জ্ঞানী, মই জানো কোনবোৰ বস্তু বহুদিনলৈ বেয়া নহয়। সন্ধিয়া ঘৰলৈ আহি দেখিলোঁ শ্ৰীমতীয়ে পাকঘৰৰ মজিয়াৰ চুক এটাৰ পৰা কিবা এটা টানি টানি উলিয়াইছে! এটা বৃদ্ধ জহা কোমোৰা ওলাই অহা দেখা গ’ল। এখেতক যেন মই আগতে ক’ৰবাত দেখিছিলো! ক’ত দেখিছিলোঁ বাৰু? ইমান চিনাকি চিনাকি লাগিছে!
ইউৰেকা!
এইটো সেই কা আন্দোলনৰ সময়তে কিনা! খোৱা নহ’ল আৰু! ঠিক আছে, আজিৰ পৰা আৰম্ভ কৰি দিয়াই ভাল।
শ্ৰীমতীয়ে কৈ উঠিল,
: হেই..হেই..হেই…না…না..সেইটো এতিয়া নহয়…এতিয়া নহয়….সেইটো থৈ দিয়া…সেইটো থৈ দিয়া…একেবাৰে শেষৰ দিনৰ বাবে…একেবাৰে শেষৰ দিনৰ বাবে…!
মই চিঞৰি উঠিলোঁ!
☆ ★ ☆ ★ ☆
4:30 pm
এৰা, এতিয়া সাঁচি সাঁচি খোৱাৰ সময়। ভাল লাগিল।
6:18 pm
সাঁচি খাবা, দিনেৰাতিয়ে শুবা। 🙂
ভাল লাগিল।