সৃষ্টি বিভ্ৰাট- হেমন্ত কুমাৰ বৰা
লেখকসকল বিভিন্ন প্ৰকাৰৰ৷ সকলোৰে নিজস্ব স্বকীয় শৈলী, গতিশীলতা, সৃষ্টিশীলতা আৰু আবেগিক পৰিপক্বতা আছে৷ মুঠতে সকলোৰে কল্পনাৰ ঘোঁৰাৰ পৰিধি, বেগ আৰু তাল (rythm) বেলেগ বেলেগ৷
এয়া সেই সময়ৰ কথা যেতিয়া আমাৰ পুৰণা এডমিন অবিৰাম কলিতাদেৱ, বহু বছৰৰ আগতে, প্ৰথম বাৰৰ বাবে ফটাঢোল আলোচনীৰ সম্পাদনাৰ দ্বায়িত্ব পাইছিল৷ তেখেত বৰ সৰবৰহি আৰু অনুসন্ধিৎসু প্ৰাণী যি সদায় নতুন পৰীক্ষামূলক গবেষণা কৰাত অগ্ৰগণী৷ স্বাভাবিকতেই আলোচনীখনৰ সৰ্বাংগীণ উন্নতিৰ বাবে তেখেতৰ উৰ্বৰ মস্তিস্কত এটি অনন্য পৰিকল্পনাৰ জাগৰণ ঘটিল৷ সেই মুহূৰ্তত তেখেতে গা ধোৱা ঘৰত সোমাই নিজৰ মাহেকীয়া স্নান মহোৎসৱত ব্যস্ত আছিল৷ পিচে গৰম গৰম, তাজা তাজা এই মহাপৰিকল্পনাৰ ৰাগীত ৰাগীয়াল হৈ, কৈলাশ পৰ্বতৰ মহাদেৱৰ দৰে, উলংগাৱস্থাৰেই সকলো পাহৰি ঘৰৰ চোতাললৈ লৰ ল’লে৷ “পাই গ’লোঁ, পাই গ’লোঁ! এই ৰিপুমণি দত্তডালৰ এফ আৰ পি বহুত বাঢ়ি গৈছে (অশ্লীল)! এইবাৰ মোৰ সম্পাদিত আলোচনীত সম্পূৰ্ণ নতুন ধৰণৰ লেখা প্ৰকাশ কৰি ময়ো চাল্লা ফ্লপুলাৰ হৈ যাম!”
ঘৈণীয়েকে অবিৰামৰ কাণ্ড কাৰখানা দেখি, তেখেতৰ নিজৰ মেখেলা এখনকে বহলকৈ মেলি ধৰি, পিছে পিছে চোঁচা মাৰিলে৷ কলিতাদেউৰ অলপ চেতনা ঘূৰি আহিলত, মেখেলাখনকে যেনেতেনে শৰীৰত মেৰিয়াই লৈ তৎক্ষণাত পুৰণা বন্ধু ভক্কৰ জ্যোতি বৰুৱা আৰু এই অধমলৈ কনফাৰেন্স কল লগালে৷
: আবে চনহঁত শুন! একদম ঝাকাশ্ব্ আইডিয়া আহি গৈছে বে ডিমাগত৷ এই ৰিপুমণি নে ফিপুমনি, সব্বকে (অশ্লীল) পানী খোৱাই দিম চাল্লা৷ কি ভাবে নিজকে৷ শুন, তহঁত দুইটাই খালি এটা কাম কৰ৷ দুইটাই মিলি এটা কাহিনী লিখ৷ খালি এটা মামুলি টুইষ্ট থাকিব এই ৰচনাত৷ কাহিনীটোৰ এটা দফা এটাই লিখিবি আৰু আনটোলৈ ইমেইল কৰি দিবি৷ পিছৰ দফাটো আনটোৱে লিখি আকৌ প্ৰথমটোলৈ ওভতাই ইমেইল কৰি পঠিয়াবি৷ প্ৰথমটোৱে পুনৰ পাছৰ অৰ্থাৎ তৃতীয় দফাটো লিখিবি৷ এইদৰে অনা নিয়াকৈ এই কাহিনীটো পুৰা কৰিবি৷ খালি এটা কথা মনত ৰাখিবি, কাহিনী আৰম্ভ কৰাৰ পৰা শেষ নকৰালৈকে, কাহিনীটোৰ প্ল’ট বা লেখাৰ দিশ আদিক লৈ ইটোৱে সিটোৰ লগত এক্কোৱে আলোচনা নকৰিবি৷ ইন্ ফেক্ট, তহঁত দুইটাই আজিৰ পৰা কাহিনী শেষ নোহোৱালৈকে একেবাৰে কথায়েই নাপাতিবি৷ ৱি শ্বেল কল ইট টেণ্ডেম ষ্টৰি ৰাইটিং! আৰু এটা কাম কৰিবি৷ মোৰ এই অপদাৰ্থ লিটিকাই ৰামেশ্বৰ গোস্বামীকো কপিত ৰাখিবি ইমেইলৰ৷ কটা একো কামততো নাইয়েই, অন্ততঃ বানানকেইটাই চাই দিব পাৰিব৷
ভক্কৰ আৰু মই প্ৰথমে অলপ তভক খায় নাই নুই কৰিছিলোঁ যদিও, অবিৰামে তাৰ স্বভাৱসুলীয়া ভিক্ষুকৰ আবেগতাৰে আমাক অবশেষত পতিয়ন নিয়ালে৷
আমাৰ প্ৰচণ্ড আবেগিক, সংবেদনশীল আৰু সৃষ্টিৰ পোকেৰে অন্তহীন ভাবে আক্ৰান্ত ভক্কৰ বাবুৱে ২/৩ ঘণ্টামানতে তেখেতৰ সৃজনীৰ প্ৰথম দফাটো লিখি পঠিয়ালেই৷ মই তেওঁৰ দৰে স্বয়ংক্ৰিয়ভাবে সৃষ্টিশীল নহয় যদিও, জেদত লাগি, ময়ো ২/৩ দিনৰ ভিতৰতে মোৰ ভাগৰ দফাটো লিখি ওভতাই পঠিয়ালোঁ৷ এইদৰে ইমেইলৰ আদানপ্ৰদানত আমাৰ কাহিনীটো গঢ় লৈ উঠিল৷ এইখিনিতে কৈ থওঁ যে কালৰ প্ৰতাৰণাত আমাৰ এই অমৰ কালজয়ী সৃষ্টিয়ে প্ৰকাশৰ পোহৰ নেদেখিলে যদিও, যোৱাকালি পুৰণা ইমেইল খোচৰোঁতে পুনৰুদ্ধাৰ হোৱা কাহিনীটো তলত ফটাঢোলৰ আগ্ৰহী সমাজলৈ আগ বঢ়ালোঁ৷
ভক্কৰৰ দফা:
তৰালীয়ে হুমুনিয়াহ এটা কাঢ়ি দূৰৰ সূৰ্য্যাস্তলৈ চালে৷ কিয় বাৰু এনে হয় জীৱনত? হৃদয়ৰ সমস্ত বিশ্বাসেৰে, নিজকে সম্পূৰ্ণকৈ বিলীন কৰি দি, ভাল পোৱাজনে কেনেকৈ এনেদৰে সকলো পাহৰি আঁতৰি যাব পাৰে৷ তাইৰ দৃষ্টি এইবাৰ তাইৰ শোৱনিকোঠাৰ বেৰত আঁৰি থোৱা তৰুণৰ একমাত্ৰ সোৱৰণী, তাৰ ফটোখনলৈ গ’ল৷ আকৌ এটা গভীৰ হুমুনিয়াহ উলাই আহিল তাইৰ৷ ছমাহেই হ’ল তৰুণ তাইৰ জীৱনৰ পৰা আঁতৰি যোৱাৰ৷ কিন্তু তাইযে আজিও পৰা নাই তাক পাহৰিব৷ পুৱাৰ চৰাইৰ কিচমিচনিত তাৰেই মাত শুনা যেন পাই৷ আবেলিৰ সূৰ্যাস্তৰ হেঙুল বৰণীয়া পোহৰত তাৰেই সুন্দৰ বৰণটো বিচাৰি পাই তাই৷ আনকি সন্ধিয়াৰ তৰাৰ তিৰবিৰণিয়েও তৰুণৰেই উজ্জ্বল চকুজুৰিলৈ মনত পেলাই দিয়ে তাইক৷
মোৰ দফা :
চন ২১৬৫, এণ্ড্ৰোমিডা গেলেক্সী, স্কাইল’ণ সৌৰমণ্ডল, স্কাইল’ণ B গ্ৰহ৷
কেপ্তেইন তৰুণ কাকতিয়ে তেওঁৰ এণ্টিমেটাৰ প্ৰপালশ্বনৰ মহাকাশযানখনৰ কণ্ট্ৰোল পেণেললৈ নজৰ দিলে৷ প’লাৰ অৰবিট স্থাপন কৰাত তেওঁলোকৰ যানখন সফল হৈছে৷ দলনেতা হিচাপে তৰুণৰ বুকুখন ফুলি উঠিল৷ মাত্ৰ ২০ বছৰমান হৈছেহে, মানব জাতিয়ে পোহৰৰ বেগত মহাকাশ যাত্ৰাত সফল হোৱাৰ৷ এই কঠিন ব্ৰহ্মাণ্ডীয় যুদ্ধৰ সময়ত, তাৰ ছমাহৰ আগতে ঘৰুৱা গ্ৰহ পৃথিৱীত এৰি থৈ অহা তৰালীলৈ মনত পেলাবলৈ সময়ো নাই, আগ্ৰহো নাই৷ আচলতে, এই অভিযান আৰম্ভ হোৱাৰ কেইদিনমান আগতে আমেৰিকাৰ হিউষ্টনত লগ পোৱা সুন্দৰী গবেষিকা ভিক্ত’ৰিয়াই তাক তৰালীৰ কথা কেতিয়াবাই পাহৰাই পেলাইছিল৷ এনেয়ো তৰালীৰ লগত কতোৱা দিনবোৰ শেষৰ ফাললৈ নেযায় নুপুৱাই হৈছিলগৈ৷ ইমান পেনপেনুৱা স্বভাৱৰ তৰালী! সকলো সময়তে খালি কবিতা, আকাশ, বতাহ, পাহাৰ, সাগৰৰ কথা বতৰাই আমুৱাই গৈছিল তাক৷ মহাকাশ যাত্ৰা আৰম্ভ হোৱাৰ আগদিনা ভিক্ত’ৰিয়াই তাৰ গালত দিয়া চুমাটোলৈ মনত পেলাই তৰুণে তাৰ যানৰ ট্ৰান্স-গ্যালাক্টিক কমিউনিকেটৰত পৃথিৱীলৈ বতৰা দিয়াত ব্যস্ত হ’ল৷ পিচে তাৰ বাৰ্তা সম্পূৰ্ণ নৌহওঁতেই, এক নীলৰঙী পাৰ্টিকল বীম আহি সিহঁতৰ যানখনত আঘাত কৰিলেহি৷ এই আঘাতৰ প্ৰচণ্ড এছাৰত সি আৰু তাৰ দলৰ সকলোৱেই নিজৰ আসনৰ পৰা চিটিকি কণ্ট্ৰোল কোঠাৰ মধ্যাকৰ্ষণহীনতাত উফৰি পৰে৷
ভক্কৰৰ দফা :
তৰুণ আৰু তাৰ দলৰ সকলোৱেই মহাকাশযানখনত পাৰ্টিকল বীমৰ আঘাতত হোৱা সুৰুঙাৰে মহাকাশৰ শূণ্যতালৈ উফৰি পৰে৷ অক্সিজেনৰ অভাৱত আতাইকেইজন এজন এজনকৈ মৃত্যুৰ কবলত বাগৰি পৰে৷ মৃত্যুৰ মহানিদ্ৰাত জাঁহ যোৱাৰ কিছু মুহূৰ্তৰ আগতে তৰুণৰ, সি তৰালীক কৰা প্ৰবঞ্চনালৈ মনত পৰি, সাংঘাতিক এটা অনুশোচনাৰ ভাব আহিল৷ চিৰনিদ্ৰাত বিলীন হোৱাৰ আগতে তাৰ এটাই কথা মনত আহিল, ভগবানৰ সৃষ্ট এই সুন্দৰ ব্ৰহ্মাণ্ডত, কিয় ইমান মতান্তৰ, কিয় ইমান সংঘৰ্ষ? কিয় সকলো ব্ৰহ্মাণ্ডবাসীয়ে শান্তিৰে সহবাস কৰিব নোৱাৰে৷
11:23 am
তামাম দাদা, বঢ়িয়া লাগিল
1:38 pm
মজা