ফটাপ্ৰেম- অভিজিৎ গোস্বামী
কাহিনী কলেজৰ দিনৰে। অসমৰ পৰা বাহিৰত পঢ়িবলৈ যোৱা সময়ৰ ঘটনা, ২০০৫ চনৰে কথা। তেতিয়া মোবাইল ফোনটো আজিৰ দৰে ইমান সহজলভ্য হোৱা নাছিল। গতিকে পিতায়ে দিয়া পইচাৰে কিবাকৈ নকীয়া ১১০০ মডেলৰ ফোন এটা যোগাৰ হ’ল। প্ৰথম ফোন জীৱনৰ, যথেষ্ট আনন্দ পাইছিলোঁ সেইটো জেপত লৈ ফুৰি। জীৱনৰ প্ৰথম চিমখন আছিল তেতিয়াৰ হাটছ উৰফে আজিকালি ভডাফোনৰ। তেতিয়া আজিকালিৰ দৰে হোৱাতচআপও নাছিল, গতিকে ফোন কৰাটো অলপ খৰচীয়ে আছিল। কিন্তু তেতিয়া প্ৰায়বোৰ কোম্পানীৰ মেছেজৰ ভাল অফাৰ পোৱা গৈছিল। এদিনৰ বাবে প্ৰায় ১০০ বিনামূলীয়া মেছেজ পোৱা গৈছিল, গতিকে যোগাযোগৰ প্ৰথম পচন্দ এচ এম এচ হৈ পৰিছিল। কিন্তু দিনটোৰ ভিতৰত ১০০ মেছেজ শেষ কৰাটো সাধাৰণ কথা নাছিল যদিহে এগৰাকী প্ৰেমিকা নাথাকে। মোৰ ৰূমমেট আছিল তেজপুৰৰ লগৰ এটা। সি একমাহ আগতীয়াকৈ বেংগালুৰু গৈ পোৱাৰ বাবে, চিনিয়ৰ ৰূমমেটকেইজনৰ লগত ঘূৰি পকি ফুৰিছিল। চিনিয়ৰ এজনক ট্ৰেইনত যাওঁতে লগ পোৱা ছোৱালী এজনী চিনাকি কৰাই মেলি সেইফালে ছিনিয়ৰৰ প্ৰেমৰ চেটিং কৰাত লাগি আছিল। ছোৱালীজনী যিহেতু বেলেগ এখন কলেজৰ আছিল গতিকে সেইফালে অহা যোৱা কৰি, তাত বহুতো ছোৱালীৰ লগত তাৰ চিনা পৰিচয় হৈ অলপ পপুলাৰ হৈ পৰিছিল। মোৰ ৰূমমেট অলপ চকলেটি হিৰ’ টাইপ আছিল বাবে তাৰ অলপ লেবেলও আছিল।
ইফালে কলেজৰ ক্লাছ শেষ হোৱাৰ পাছত মই লাহে লাহে আমনি পোৱা আৰম্ভ হ’ল। কাৰণ কৰিবলগীয়া একো কামেই নাই, চিনাকিও নাই তেনেকৈ। গতিকে ৰূমমেটক কামোৰাত লাগিলোঁ বোলো,
: কিবা এটা যোগাৰ কৰি দে নহ’লে মই, ব’ৰ খাই মৰিম বে। ছোৱালী এজনীকে চিনাকি কৰাই দে ভাই, মেছেজ কৰি সময়খিনিও খেদাব পাৰিম মনটোও ভাল লাগিব তোৰতো চিনাকি বহুত।
কেইবাদিনো লেথাৰিকে কামোৰাৰ পাছত, সি বোলে,
: এজনী ছোৱালী আছে, মোৰ মোবাইলত ৰঙ নম্বৰ হৈ ফোন লাগিছিল এদিন। মাতটো বিৰাট ধুনিয়া, কিন্তু মই কোন কলেজৰ হয় আৰু কেনেকুৱা দেখাত সেইটো নাজানো।
মই বোলো,
: হ’ব দে নাই মোমাইতকৈ কণা মোমায়ে ভাল। মাতষাৰ সুৰীয়া যদি দেখাত ঠিকেই হ’ব দে৷
বুলি নম্বৰটো লৈ মিচন প্ৰেম আৰম্ভ কৰাত লাগি গ’লোঁ।
পোন প্ৰথমতে পুৰণা চালু ফৰ্মুলা লগাই ফোন লগাই অমুক হয় নেকি বুলি সুধি, নহয় বুলি কোৱাত ফোনটো ৰাখিলোঁ। তাৰ পাছত দ্বিতীয় ফৰ্মুলা মতে তোমাৰ মাতটো বিৰাট ধুনিয়া বুলি মেছেজ এটা এৰি দিলোঁ। তিনি দিন পাছত ঠেংকিউ বুলি ৰিপ্লাই ভাগো আহিলে আশা কৰা ধৰণেই। গতিকে মন ৰাইজাই কৰাত লাগিলেই কাৰণ মিচন ভবা মতেই আগবাঢ়িছে। দুদিন মানৰ পাছৰ পৰাই লাহে লাহে এটা দুটাকৈ মেছেজ মেছেজ খেলাত লাগি গ’লোঁ আৰু। লাহে ধিৰে ১০০ মেছেজও দিনটোৰ বাবে নোযোৰা হ’লগৈ। গতিকে লাহেকৈ ফোনত বাৰ্তালাপ আৰম্ভ কৰিব পৰা হ’লগৈ। ছুটি বাৰ্তালাপৰ পৰা ধিৰে ধিৰে দীঘলীয়া বাৰ্তালাপালৈ ৰূপান্তৰ হ’ল। লাহেকৈ ৰাতি গান গাই শুৱাই দিবলগীয়া পয্যায়লৈ গতি কৰিলে। প্ৰেম নিবেদন কৰা হোৱা নাছিল পিচে দেই তেতিয়ালৈকে। মনত ঠিৰাং কৰি আছোঁ যে, মাত্ৰ চেহেৰাহে চাবলৈ আছে গতিকে সেইফেৰা হ’লেই প্ৰেম নিবেদন কৰিম আৰু। এনেদৰে ২০ দিনমানৰ পাছত লগ হোৱাৰ পৰিকল্পনাটো নিৰ্ধাৰণ কৰিব পৰা হ’ল। প্লেনীং মতেই নিৰ্ধাৰিত দিনটোত মই মোৰ বন্ধু আৰু তাৰ লগৰ দুজনী মিলি গন্তব্যস্থানলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। ছোৱালীজনীৰ কলেজ আমাৰ কলেজৰ পৰা প্ৰায় ২০ মাইল মান আঁতৰত আছিল। গতিকে তাহাঁতৰ কলেজৰ কেফেটেৰীয়াত লগ পাম বুলি ঠিক কৰিলোঁ। হাতত দামী চকলেট দুটা, ৰঙা গোলাপ এপাহ আৰু কাৰ্ড এখন লৈ গৈছিলোঁ। মানে আজি কিবা এটা ফাইনেল কৰিহে আহিম টাইপ উৎসাহ। গৈ পাই ফোন কৰিলোঁ বোলো মই আহি পালোঁ তুমি ক’ত আছা? অলপ সময়ৰ পাছত তেখেত আহি পালেহি, দেখাৰ লগে লগেই মোৰ মুখ কেহেৰাজ বৰণৰ হৈ পৰিল। ছোৱালীজনী আহিছে লগতে এটা ল’ৰা লৈ, মোৰ দেখিয়ে মন টেঙাই গ’ল বোলো কেচ কি! লাহেকৈ হাতত থাকা বস্তু কেইপদ লুকুৱাই হেণ্ডচেক কৰি কথা পাতাত লাগিলোঁ। তাই আহিয়েই চিনাকি কৰি দিছে,
: এয়া ৰাহুল মোৰ বয়ফ্ৰেণ্ড, তোমাক কোৱা হোৱাই নাছিল পাই। ই নাছিল আচলতে আজিহে আহি পাইছেহি গুৱাহাটীৰ পৰা, মই জানা কৈয়ে আছোঁ ইয়াক তোমাৰ কথা, এইবাৰ পৰিক্ষাত তুমি কিমান সহায় কৰিলা যে কি কম।
কাৰণ মৰতীক মই ৰাতিপুৱাই এলাৰ্ম লগাই উঠি, ৪ তাত ফোন কৰি উঠাই আকৌ নোটছ পঢ়ি শুনাও গতিকে বান্দৰীক সহায় কম কৰিছোঁ নে কিবা। তাৰ পাছত মই বোলো যিমান সোনকালে পাৰি পলোৱাই ভাল বুলি ভাবি অলপ দেৰি কথা পাতি কফি একাপ খাই পলাই পত্ৰং দিলোঁ। লগত নিয়া চকলেটকেইটা লগত যোৱা ছোৱালী দুজনীকে দিলোঁঁ৷ বাকী বস্তু কেইপদ ৰাস্তাত দলিয়াই দুখ মনেৰে ঘৰ পালোঁহি।
☆ ★ ☆ ★ ☆
12:13 pm
হৃদয় ভাঙি চূড়মাৰ হৈ গ’ল ৰে!
12:16 pm
দাদা কি কব আৰু ? ? ?
12:38 pm
দুঃখিত
12:40 pm
দাদা অ মই যে পলাই হে বাচিছিলো দেউ ??
4:41 pm
দেহিঐ!
4:49 pm
অন্তৰখনে হাহাকাৰ কৰি উঠিছে।
12:04 pm
হয় দিয়ক হে ???
9:30 pm
দুখ ভৰি দাস্তান! মজা লাগিল৷
12:04 pm
দাদা কুলি হেন মাতত ভোল যাব নাপায় দেই ?