এটা কলা মেকুৰী- ডাঃ চৈয়দা চেমিন ইছলাম
পৰীক্ষা বুলি এক ধ্যানে গৰুৰ বিষয়ে ৰচনা খন লিখি মুখস্থ কৰি আছিল ৰাখীয়ে। বহা চকী খনৰ বাউসীটোতে মূৰটো থৈ দুচকু মুদি চিঞৰি চিঞৰি মুখস্থ মাতি থাকিল তাই।
দুচকু খুলি হে উচপ খাই উঠিল – উৱা, সিহঁতৰ গাভিনী গাইজনী দেখোন তাইৰ টেবুলৰ কাষত!
হাঁহি উঠি গ’ল তাইৰ।
গৰুৰ ৰচনাখন ডাঙৰ ডাঙৰ কৈ পঢ়ি থকা কাৰণেই তাই আহি এইখিনি পালেহি চাগৈ।
– “হেই এইজনী! কেলেই আহিছ ইয়াত? মই গৰুৰ ৰচনা পঢ়া শুনি তোৰ কথা কৈ থকা বুলি ভাবিলি হ’ব পায়?
যা, যা।
মায়ে দেখা পাব লাগিলে – ভালকৈ মজাটো পাম দুয়ো।
যা, যা।
“মেও… মেও” শব্দ কৰি মেকুৰী এজনী সাউতকৈ ৰাখীৰ গাৰ কাষেৰে পাৰ হৈ গুছি গ’ল!
উচপ খাই উঠিল ৰাখী।
আৰ্তনাদ কৰি আটাহ পাৰি চিঞঁৰি উঠিল-
বচোৱা…!
বচোৱা মোক!
ভূ …ত…!!
ঠাইতে ঢলি পৰিল তাই।
সাৰ পাই চকু মেলি চৌপাশে চালে ৰাখীয়ে। সকলো স্বাভাৱিক!
কেৱল মাকেহে কান্দি কান্দি তাইৰ মূৰে-কপালে তেল, গংগা জল ছটিয়াই হাত বুলাই আছে।
– কি হ’ল মাজনী?
কিয় এনেকুৱাখন কৰিছিলি তই?
– মা, আমাৰ গাইজনী কেনেকৈ হঠাতে কলা মেকুৰী হৈ গ’ল?
– মই কেনেকৈ জানিম? তইহে জানিবি। তই বা কি দেখা পাইছিলি?
– আমাৰ গাইজনীয়ে আহি মোৰ পঢ়া টেবুলৰ কাষত ৰৈ আছিল। মই তাইৰ লগত ধেমালি কৰি পঢ়ি থাকোঁতে চকুৰ পচাৰতে হঠাতে কেনেকৈ ক’লা মেকুৰী হৈ গ’ল? ভয় খাই গ’লো মই।
আমাৰ গাইজনীক ভূতে ধৰিলে কিজানি, নহয়নে মা?
– ভূত?
ৰাখীয়ে কিবা এটা ক’বলৈ মুখ মেলোতেই হঠাতে ৰাখীৰ দেউতাকৰ গলগলীয়া কণ্ঠস্বৰৰ ভোৰভোৰণি শুনা গ’ল তাই পঢ়া কোঠাৰ পৰা –
“পৰীক্ষা আছে বুলি স্কুল ছুটিৰ পিছততো অলপো ৰেষ্ট লোৱাৰ নামেই নাই! কেৱল খেলা আৰু টিভি চোৱা!
দিনটো এনেকৈ থাকি ভাগৰে-জোগৰে টোপনিয়েই আহিছিল হ’বলা তাইৰ! আমাৰ ভয়তহে চাগৈ পঢ়া টেবুল খনত বহি আছিল।
হেৰা, এনেকৈ টোপনিয়াই পঢ়িলে এনেকুৱা নহৈ কি হ’ব হে তাইৰ?
আচল কথাটো গম পাইছানে নাই তুমি?
আমাৰ গাইজনী গোহালীৰ ভিতৰত সন্ধিয়া পঘা ডালেৰে যেনেকৈ বান্ধি থৈছিলো, তেনেকৈয়ে ধুনীয়াকৈ শুই আছে বেচেৰীয়ে।
টোপনিৰ জালত আমাৰ মাজনীয়ে গৰুৰ বিষয়ে ৰচনা লিখিব গৈ আমাৰ গাইজনীকে দেখা পালে তাই। পিছত ছবিটো আঁকিবলৈ গৈ টোপনিৰ ভৰত গৰুৰ ঠাইত “মেকুৰী”ৰ ছবিখনকে আঁকি থলে!
পঢ়া টেবুলত বহি বৰশী বাই থাকিলে গৰুৰ পৰা মেকুৰী হোৱা নেদেখি আৰু কি দেখিব ?
– কি?
“গৰু”ৰ বিষয়ে ৰচনাত “মেকুৰী”ৰ ছবি?
☆ ★ ☆ ★ ☆