ফটাঢোল

কেণ্ডেল লাইট ডিনাৰ-হিমাংশু ৰাজখোৱা

: আজি ৰাতি মই ৰান্ধিব নোৱাৰোঁ, বাহিৰত খাম।

: হ’ব দিয়া।

: ক’ত খাম ভাবিছা? খৰিকা? মিছিঙ কিটছেন? ভোট জলকীয়া নে একেবাৰে দিছাংলৈকে যাবা?

: এঃ এইবোৰত আৰু কিমান খাবা, ব’লা আজি ভিভাণ্টা যাওঁ! কেণ্ডেল লাইট ডিনাৰ কৰোঁ!

: সচাঁ! ইম্মান যে ভাল তুমি! সোনকালে আহিবা হাঁ।

: হ’ব, চাৰে ছটাত ৰেডী থাকিবা।

: বাই।

: বাই।

সন্ধিয়া ৭ বজাত গনেশগুৰিৰ ফালৰ পৰা এখন গাড়ীত এহাল দম্পতী খানাপাৰাৰ ফাললৈ! পৰিবেশ ৰোমাণ্টিক।

: এই ৰাষ্টাটোত যে আজিকালি ইমান ফাষ্টফুডৰ দোকান হ’ল ন?

: হুম্!

: এই গোৱিন্দমখন যে তাৰ ফুচকাবোৰৰ ইমান সোৱাদ!

: ওম, ইউনিভাৰ্চিটি হোষ্টেলত থাকোঁতে সদায় সন্ধিয়া আমাৰ ফুচকা খোৱাৰ কম্পিটিছন হৈছিল, মই প্ৰায়েই জিকিছিলোঁ।

: অঁ, আমাৰো! মোৰ একেৰাহে ৩৫ টা ফুচকা খোৱাৰ ৰেকৰ্ড আছে!

: ৩৫ টা? মাত্ৰ? মই তোমাক হৰুৱাব পাৰিম!

: ইঃ ক’লেই হ’বনে? চেলেঞ্জ কৰিবা?

: ঠিক আছে!

: গাড়ীখন ফুচকাৰ থেলা এখনৰ ওচৰত ৰ’ল।

এটা এটা কৈ দাদাই ৩২ টা ফুচকা খাই ৰৈ দিলে আৰু বৌৱেো৩৩ নম্বৰ ফুচকাটো খাই বিজয়ৰ হাঁহি মাৰিলে।

৬৫ টা ফুচকাত ১৩০ টকাৰ বিল পেমেণ্ট কৰি দুয়ো পুনৰ ঘৰলৈ ওভতিল। ডিনাৰৰ মুড আৰু প্ৰয়োজন, দুয়োৰে নোহোৱা হৈছিল। বৌৰ পেটত ৩৩ টা ফুচকাই বিদ্ৰোহ কৰা আৰম্ভ কৰিলে যদিও বিজয়ৰ আনন্দত তেওঁৰ মুখখন চলমান গাড়ীখনৰ ভিতৰৰ আন্ধাৰখিনিতো জিলিকি উঠিল।

দাদা হাৰিল, পিচে এই পৰাজয়ৰো এক সন্তুষ্টি আছিল!
আপুনিও বাৰু দাদা হাৰিল বুলিয়েই ভাবি আছে নেকি?

☆ ★ ☆ ★ ☆

11 Comments

  • Bhaskar Jyoti Sarma

    দাদাৰ এনেকুৱা ঢেৰ কাহিনী আছে

    Reply
  • মৌচুমী হাজৰিকা

    বৌক কথাটো বুজাই কব লাগিব। ভিভান্তাৰ ফুচকা world’s best বুলি। ৱেইট এণ্ড ৱাটচ দাদা !!! Joke apart ভাল লাগিল পিছে !!!

    Reply
  • অলকেশ ভাগৱতী

    এইটো ডেফিনিটলি আপোনাৰ নিজৰেই কাহিনী হব৷ মজ্জা?

    Reply
  • অভিজিত কলিতা

    শিকি ললোঁ‌। মজা লাগিল

    Reply
  • শৰৎ মহন্ত । নগাঁও ।।।

    পঢ়িলো। ভাল লেখিছা। নতুন পুৰণি
    নাজানো । ভাল লাগিল ।
    —-‘———
    মোৰ লেখাটো ৰ মতামত দিব লাগিছিল।
    —————-
    বাকীখবাকীখিনি পঢ়িম।

    Reply
    • শৰৎ মহন্ত । নগাঁও ।।।

      পঢ়িলো। ভাল লেখিছা। নতুন পুৰণি
      নাজানো । ভাল লাগিল ।
      —-‘———
      মোৰ লেখাটো ৰ মতামত দিব লাগিছিল।
      —————-
      বাকীখিনি লাহে লাহে পঢ়িম।

      Reply
  • প্ৰণামী ডেকা

    কি কিটিপ ঔ???

    Reply
  • HEMANTA KAKATI

    হাঃ হাঃ তামাম হিমাংশু

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    হাঃ হাঃ ! দাদাৰ বুদ্ধি তামাম৷

    Reply
  • dulendra chetia

    Eyak koi ram thogon

    Reply
  • সুকুমাৰ গোস্বামী

    এইজন আকৌ কোন দাদা ওলাল !!?

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *