পাচৱৰ্ড- মৌচুমী গগৈ
আজি এমাহ ধৰি লকডাউনৰ ফলত বন্ধ হৈ থকা কলিংবেলটো হঠাতে বাজি উঠাত মিমি আচৰিত হৈ পৰিল৷ অফিচৰ কাম কৰি থকাৰ পৰাই তাই লেপটপটো টেবুলত থৈ দৌৰি ওলাই আহিল৷ কলিং বেলৰ শব্দও যে কেতিয়াবা ইমান মধুৰ হ’ব পাৰে, তাই ভবাই নাছিলে৷ দুৱাৰ খুলিয়েই তাই এজন যুৱক ৰৈ থকা দেখিলে৷
যুৱক : হাই, মই জিত।
মিমি: হেল্লো।
যুৱক: ছৰী টু ডিষ্টাৰ্ব ইউ। মোৰ ৱাই-ফাইটোৰ কিবা এটা প্ৰব্লেম হৈছে। কাম কৰা নাই৷ যদি বেয়া নোপোৱা, তোমাৰ ৱাই-ফাইৰ পাচৱৰ্ডটো দিবা নেকি৷ মাত্ৰ এঘণ্টাৰ কাৰণে৷ নহ’লে মোৰ ইণ্টাৰভিউটো আধৰুৱা হৈয়েই থাকি যাব৷ প্লিজ!
মিমি : ইটচ্ অকে৷ মোৰ পাচৱৰ্ডটো হৈছে, মিমি ২৮ @ ০৪৷ স্মল লেটাৰ
যুৱক : থেংকিউ।
কেইদিনমান পিছৰ কথা৷ ঘৰৰ সকলোৱেই ৰাতিপুৱাৰ পৰা মিমিক ফোন কৰি শুভেচ্ছা জনাই আছে৷ মিমিৰ কিন্তু মনটো অকনমানো ভাল লাগি থকা নাই৷ অফিচৰ বন্ধু-বান্ধৱসকলৰ লগত আজিৰ দিনটো উপভোগ কৰিম বুলি কিমান যে ভাবি আছিল তাই, কিন্তু লকডাউনে সকলো শেষ কৰি পেলালে। মিমিয়ে বিচনাতে শুই শুই সেইবোৰকে ভাবি আছিল৷ তেনেতে আকৌ কলিং বেলটো বাজি উঠিল৷ এইবাৰ তাই দৰজা খুলিয়েই আচৰিত হোৱাৰ পাল৷
জিতে হাতত এটা কেক লৈ মিমিৰ দুৱাৰমুখত হাজিৰ৷
জিত : হেপ্পী বাৰ্থডে মিমি।
মিমি : কিন্তু তুমি কেনেকৈ গম পালা?
জিত : সেইদিনা তুমি যে পাচৱৰ্ডটো দিওঁতে ২৮ @ ০৪ বুলি কৈছিলা, আজি যিহেতু এপ্ৰিলৰ ২৮ তাৰিখ গতিকে তোমাৰ জন্মদিন বুলি অনুমান কৰি কেক এটা বনাই আনিছো৷ জন্মদিন নহ’লেও মোৰ চাকৰিটো হোৱাৰ পাৰ্টী বুলিয়েই কেকটো কাটা৷
মিমি : ৱাও! কংগ্ৰেছুলেচনচ্! অৱশ্যে আজি মোৰ জন্মদিন হয়। তথাপিও তোমাৰ চাকৰিটো হোৱাৰ বাবেও আমি চেলিব্ৰেছন কৰিম।
জীৱনৰ আটাইতকৈ বেয়া জন্মদিন বুলি দিনটোৱেই মিমিৰ জীৱনলৈ ক’ব নোৱাৰাকৈয়ে সুখৰ নিজৰা বোৱাই আনিলে।
☆ ★ ☆ ★ ☆
8:12 pm
বঢ়িয়া লাগিল ৷
9:33 am
ভাল লাগিল
12:40 pm
ৱাহ্ কি ধুনীয়া !
বৰ ভাল লাগিল…মেইল আইদিৰ পৰা এজ ওলা য় ?