লকডাউন মুদ্রা দোষ- ধনজিৎ বৰুৱা
কেনেকৈ গঢ় লয় কোনেও নাজানে।
কিন্তু তুফানৰ মুদ্রাদোষবোৰ বদলি হৈ থাকে। আগতে কথাৰ মাজত কৈছিল – “বহৌত বঢ়িয়াঁ”৷
সোমৰসৰ বাতিটো লৈ সাপ্তাহিক বজাৰৰ মানুহ গৰাকীক দিলে কৈ – “বহৌত বঢ়িয়াঁ”।
স্মশানলৈ নিবলৈ খৰি আনিব দিলে৷ দুখতে ক’লে – “বহৌত বঢ়িয়াঁ”।
মনে খোৱা এজনীক মনে মনে অনিৰুদ্ধই নিলে৷ খঙতে ছোৱালী বাপেকৰ মুখৰ আগতে দিলে কৈ – “বহৌত বঢ়িয়াঁ”।
তাৰ পাছত আহিল – “এই ডাবাং”৷
যোনে যি নকওক – “এই ডাবাং”৷
“মাৰ গা বেয়া, ব’ল চোন চিভিলৰ পৰা আহোঁ ”
” এই ডাবাং, যাওঁ ব’ল ”
একমাত্র বন্ধু তোলনে খঙতে কয়, “ . . . আৰু চাবি হিন্দী ধপবাজী চিনেমা বোৰ৷”
আজি দুয়োটাই বজাৰ কৰিছে৷ দোকানীজনৰ ঘৈণীয়েকজনীয়েও কিবাকিবি সহায় কৰি আছিল দোকানতে৷
– “হেৰা তোমালোক দুইজনে আঁতৰৰ পৰাই লোৱা, চাওঁ বেগখন দিয়া।”
তুফানে বেগ খন দি হাঁহি মাৰি – “বৰ অভাৱ হৈছে নবৌ,
দিয়ক দিয়ক৷ . . . পিয়াৰ চে”৷
তোলনে আৰু তাত আলু কিনিবলৈ ৰৈ নাথাকিল৷