ফটাঢোল

লিমাৰিক- মুকুন্দ বৰুৱা 

প্ৰধানমন্ত্ৰীৰ একান্ত আহ্বান
কৰিলে সকলো থানবান
বজাব লাগিছিল হাত তালি
বজালোঁ আমি কাঁহি- বাতি-থালী
প্ৰভু জনমত যে নেদেখো দুবাৰ।।

ক’ৰণাই কৰিলে সকলো পণ্ড
বিশ্ব অৰ্থনীতি আজি মন্দ
চাৰিওদিশে মৰিছে  মানৱ
ক’ৰণাই কৰিছে তাণ্ডব
তথাপিও নাই কোনো চেতনা আমাৰ।।

দুখীয়াৰ চিন্তা, কেনেকৈ পাওঁ এসাজ ভাত
কৰিবও নোৱাৰে প্ৰতিবাদ
একাউণ্টত ৫০০ টকা, মোদীৰ চিন্তা ফাইন
ৰাস্তাত দেখো এক দীঘলীয়া লাইন
৫০০ টকা ক’ৰণাতকৈ ডাঙৰ, কৈ থলোং

কৃষকৰ আজি হাহাকাৰ
কৰিব পৰা নাই বেপাৰ
মৰিছে গছ, গেলিছে খাদ্য
হাই! বিধাতাই দিলে কি ভাগ্য
কৃষিমন্ত্রী এদিন বজাৰত, অদ্ভুত কাণ্ড।।

উন্নয়নৰ আচনি বহু দামী দামী
বাৰিষাৰ বতৰ, হ’ব বানপানী
চিন্তা নাই , সকলোৱে পাব ৰেচন
মুঠতে ক’ৰণাই নিদিলেই হ’ল টেনশন
মন্ত্রীৰ কথা শিলৰ ৰেখা, কৰিব লক্ষ্য।।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *