ফটাঢোল

লকডাউনত চবজিৱালা-পদ্মলোচন ভৰদ্বাজ 

লকডাউনত হাজৰিকাৰ এই ঘৰ-টিভি-চোতাল কৰি কৰি আমনি লাগি গৈছে! কি খন যে হৈছে, কিহে যে পাইছে ! কথাবোৰ ভাবি হাজৰিকাৰ মূৰ গৰম হৈ যায় । চোতালত পায়চাৰি কৰি থাকোঁ‌তে দেখিলে সিফালৰ পৰা বিহাৰী গামোচাৰে পাগ মাৰি, লুঙী পিন্ধি ডাড়ি চুলিৰে ভোবোকাৰ হোৱা পাচলি বেপাৰি এটাই ঠেলাত পাচলি আনি আছে । পাচলি বেপাৰিক দেখি হাজৰিকাৰ মুৰত এটা বুদ্ধি খেলালে।

” ঐ চবজিৱালা চাওঁ‌”।

“কি ল’ব চাহাব?”

চবজিৱালাৰ ওচৰলৈ গৈ হাজৰিকাই ফুচফুচাই ক’লে,

” তই মোৰ ঘৰতে অকমান টিভি চা, মই থেলা খন লৈ পাক এটা মাৰি আহোঁ‌, আমনি লাগি গৈছে বুজিছ।”

” হেৰি হাজৰিকা, মই আপোনাৰ পিচফালৰ গলিটোৰ বৰুৱাহে। মোৰো আমনি লাগি থেলাৱালাটোক মোৰ টিভিৰ সন্মুখত বহুৱাই অকমান ওলাই আহিছোঁ‌”।
☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *