বিবাহকাণ্ড ড্যা বিগিনিং-পৰশ মণি শৰ্মা৷
কাহিনী-চিত্ৰনাট্য সংলাপ : পৰশ মণি শৰ্মা৷
প্ৰযোজক আৰু সহ পৰিচালক : মহাজন৷
হেকাস্মতী সাম্ৰাজ্য৷ ৰাজদৰবাৰৰ কাম-কাজ চলি আছে৷
প্ৰথম দৃশ্য :
কটক-কাটাক শব্দ কৰি খৰম পিন্ধা বৰলা ব্ৰাহ্মণ ৰূপী দেৱজিত (দেৱজিত শৰ্মা) আগ বাঢ়ি আহিছে হেকা ৰজাৰ (হেমন্ত কাকতি) ৰাজ সভালৈ আৰু হাতত তেওঁৰ এটা ঘটি। সোমাই আহি ব্ৰাহ্মণে ৰজালৈ চায়,
: মহাৰাজ মই এহেজাৰ বছৰ তপস্যা কৰি আজি শুভ ফল পায় আপোনাৰ ওচৰলৈ আহিছোঁ।
ৰজা টু ব্ৰাহ্মণ : ৰাজন, আপুনি এহেজাৰ বছৰ তপস্যা কৰি কি ডাল শুভ ফল পালে হে!
ব্ৰাহ্মণ টু ৰজা : ভগৱান শ্ৰীকৃষ্ণই মোক অমৰ হ’বলৈ বৰ দিলে হে।
ৰজা : ভাল কথা ৰাজন৷ পিচে, মই কি কৰিব লাগে৷ আপোনাক এবাৰ ৰাজ্যৰ পৰা খেদা হৈছে৷ আপুনি কৰা ভুলৰ কোনো ক্ষমা নাই৷ আপুনি ধ্যানত যোৱাৰ আগে আগে কবিতা লিখি লিখি ৰাজ্যৰ আপীবোৰক চেনী বনাই গ’ল৷ এতিয়া এই ৰাজ্যৰ অলিয়ে-গলিয়ে কেৱল প্যাৰ-মুহব্বত৷ বেলেগ একো নাই৷ গতিকে, আপুনি অমৰ হ’লেও হওক৷ আমাৰ ইয়াত আপোনাৰ কাম নাই৷
ব্ৰাহ্মণ : কিন্তু মহাৰাজ মোৰ চিন্তা এটাই যে মই বিয়া পাতিব লাগিব৷ তেতিয়াহে মই অমৰ হ’ব পাৰিম৷ কিন্তু, কেতিয়া পাতিম? মই এনেকৈ বৰলা হৈ থাকিলে কেইবছৰমানহে জীয়াই থাকিব পাৰিম৷ গতিকে মোলৈ আপোনাৰ ৰাজ্যৰ সকলোতকৈ ধুনীয়া ছোৱালীজনী বিয়া দিয়ক ৰাজকোষৰ খৰচত৷
এনেতে প্লাষ্টিকৰ হাঁহি এটা মাৰি হাতত জৰ্দা মিশ্ৰিত বিমল পাণ মচলা পেকেট লৈ হেকা ৰজাৰ ৰাণী নীলাক্ষীৰ আগমন।
ৰাণী টু ৰজা : হু ইজ হি হাবী? (ৰাণীয়ে ইংৰাজী ক’বলৈ নতুনকৈ শিকিছে)
ৰজা টু ৰাণী : হাবী বুলিলা যে? মই লকডাউন চলি থাকিলেও দাড়িখিনি কাটিয়েই আছোঁ৷
ৰাণী টু ৰজা : তুমি আণ্ডাৰষ্টেণ্ড নকৰিবা৷ এইটো নতুন লেংগুৱেজ৷ সেইটো বাদ দিয়া৷ কোৱা এওঁ কোন?
ৰজা : এওঁ এহেজাৰ বছৰ পুৰণি বৰলা ফকীৰ৷ শাও খাই আজি পয়ত্ৰিছবছৰমান আগতে এওঁৰ পুনৰ জন্ম হ’ল৷ পাছত সাধনা কৰি এতিয়া বিয়া পাতি অমৰ হ’বলৈ আহিছে৷ বিশ্বই চিনি নোপোৱা, পৃথিৱীৰ বোজা শ্ৰীল শ্ৰীদে মিষ্টাৰ দেৱজিত বামুণ এওঁ৷
ৰজাই দিয়া এনে পৰিচয় শুনি দেৱজিত মুনি খঙত অগ্নিশৰ্মা হৈ ৰজালৈ চাই ক’বলৈ ধৰিলে,
: মুৰুখ ৰজা৷ হামকা কি চমঝতা হ্যেই! মুনিক ঠাট্টা কৰিবলৈ আহিছ! হামু তোমাক অভিশাপ দেটা হে কি তোমাৰ খনদান খতম হৈ যায়েগা৷ হাম বিহাৰ কে চমস্তীপুৰ ধিচটিকমে সাধনা কৰকে তুমক’ শ্ৰাপ দেতা হ্যেই….
এইবুলি দেৱজিতে হাতৰ ঘটিতোৰ পৰা পানী অলপ হাতত লৈ ৰজাৰ মূৰলৈ ঘটিটোকে দলিয়াই দিয়ে।
ঘটি দলিয়াই দিওঁতে ৰজাৰ চকুত লাগি হেকা ৰজাৰ চকু বেল্টি খায় গ’ল। হেকাৰজা অৱশেষত অন্ধ হৈ গ’ল৷ “নাহী” বুলি কৈ ৰাণীয়েও চকুত ক’লা কাপোৰ এখন মাৰি ল’লে৷ ঋষিয়ে অবাইচ মাত কিছুমান মাতি ওলাই গ’ল৷
দ্বিতীয় দৃশ্য :
শয়ণকক্ষত ৰজা-ৰাণী
বিচনাত পৰি থকা হেকা ৰজাৰ অৱস্থা দেখি ৰাণী নীলাক্ষীৰ কান্দি কান্দি মুখৰ মেক-আপ খতম। ক’লা কাপোৰখনো ভিজি গৈছে৷ ৰাণীয়ে মন্ত্ৰী দিম্পলক আদেশ দিলে
: মন্ত্ৰী দিম্পল কামীহাৰ (come here)। ইউ গৌ এণ্ড ফাইণ্ড ডক্টৰ এণ্ড টেক ডক্টৰ হিয়েৰ।
দিম্পলে কাণৰ হেডফোনটো খুলি ৰাণীক ক’লে,
: কিবা কৈছিল ৰাণী?
ৰাণীয়ে পিন্ধি থকা চেণ্ডেল এপাত দিম্পলৰ গালৈ মাৰি ক’লে,
: গাধ ক’ৰবাৰ! দিনটো কাণত সেই এৰালডাল লগাই এয়া ৰাজকাৰ্য কৰিছ তই৷ পাষণ্ড৷ এতিয়াই ডাক্তৰ এটা বিচাৰি আনগৈ।
মন্ত্ৰী ওলায় যায় ডক্টৰ বিচাৰি।
ৰাণীয়ে কৰণ-অৰ্জুন আয়েংগে টাইপত কান্দি কান্দি ৰজাক কয়,
: মহাৰাজ, হামাৰে ডাক্টৰ আয়েংগে। ইউ বিচনাত ৰেষ্ট ইন পিছ নাও।
কাষতে ৰাজকুমাৰী ৰিমঝিম ৰীমাই কান্দি কান্দি পৰি থাকে৷
এডভাৰ্টাইজমেণ্ট আৰম্ভ :
হাতত কমলা পছন্দ লৈ ৰূপহী গাভৰু কাজল প্ৰিয়া আৰু লগত মাধৱ দাস। ফুলনিৰ বাগিচা এখনত দুয়ো বহি কে পি খোৱাৰ দৃশ্য আৰু বেকগ্ৰাউণ্ডত “ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি” গানটো। শেষত কাজলে মাধবলৈ চায় কয়,
: মোৰ কে পি শেষ হৈ গৈছে৷
তেতিয়া মাধৱে পকেটৰ পৰা ফটককে বিমলৰ পেকেটটো উলিয়াই কয়,
: জুবা কেশ্বৰী; ঠিক তোমাৰ দৰে৷
এডভাৰ্টাইজমেণ্ট শেষ।
তৃতীয় দৃশ্য :
ৰাজ্যৰ মূল পথটোৱেদি মহামন্ত্ৰী দিম্পলে গাধ এটাৰ ওপৰত উঠি গৈ কবিৰাজ ডা° পাৰ্থ সাৰথিৰ ঘৰ পায়গৈ৷ কবিৰাজে বৰপানী চুই উঠিছিলহে৷
মন্ত্ৰী টু কবিৰাজ : ডাক্তৰ বাবু, আমাৰ ৰজা হেকাৰ চকু লুটি খাই গ’ল গতিকে আপোনাক ফটাফট মাতিছে।
কবিৰাজ : আৰে মই বৰপানী চুই আহিছোঁহে৷ গা ধুবলৈ আছেই৷ পুজা-পাঠ কৰিবলৈ আছেই৷ অলপ সময় ৰ’ব লাগিব৷
মন্ত্ৰী : নৌ প্ৰবলেম৷ তেতিয়ালৈকে মই টীকটক ভিডিঅ’ এটা বনাই লওঁ৷
এইবুলি মন্ত্ৰীয়ে এৰালডাল আকৌ কাণত ভৰাই ল’লে৷
কিছুসময়ৰ পাছতে ডা° পাৰ্থ গধুৰ বস্তা এটা লৈ মন্ত্ৰীৰ ওচৰ পালেহি আৰু গাধৰ পিঠিত উঠি হেকা ৰজাৰ ৰাজ সভালৈ ওলাল৷ বাটত ধুনীয়া ধুনীয়া আপী কিছুমান দেখি মন্ত্ৰীৰ মন মে লড্ডু ফুটা৷ কিন্তু পিছত কবিৰাজ বহি থকাৰ বাবে একো সুবিধা কৰিব নোৱাৰিলে৷ তেনেকৈয়ে গৈ গৈ দুয়ো ৰাজপ্ৰসাদ পালেগৈ৷
চতুৰ্থ দৃশ্য :
হেকাৰ ৰাজ কাৰেং পাই কবিৰাজ পাৰ্থই ৰজাৰ কাষ চাপি সুধে,
: মহাৰাজ ক্যা হোৱা? কেইছে হোৱা? কৌন কিয়া য়ে?
কবিৰাজৰ প্ৰশ্ন শুনি ৰাণীয়ে মাত লগালে,
: হেৰেউ, এইটো ডাক্তৰ নে নিউজ চেনেলৰ ফটোৱা ৰিপ’ৰ্টাৰ?
কবিৰাজে মাত নিদি কাঠৰ প্ৰকাণ্ড হাতুৰি এটা উলিয়াই মজিয়াত থ’লে আৰু তাৰ তলত থকা মেগনিফাইং গ্লাছখন উলিয়াই ৰজাৰ চকু আৰু নিজৰ চকুৰ মাজত সেইখন ফিটিং কৰিলে৷
কবিৰাজ : মহাৰাণী, মই এই চকু ঠিক কৰিব নোৱাৰোঁ৷ এই চকুত দেৱতাৰ শাও লাগিছে৷ অশ্বমেধ যজ্ঞ কৰিব লাগিব আৰু এহেজাৰজন ফকীৰক ভোজ খুৱাব লাগিব৷
ৰাণীয়ে কিবা কোৱাৰ আগতেই হেকাৰজাই ক’বলৈ ধৰিলে,
: কৰাম কৰাম৷ সকলো কৰাম৷ কিন্তু অশ্ব মানে ঘোঁৰা ক’ত পাম? আমাৰ ইয়াত গাধহে আছে৷
: হ’ব মহাৰাজ৷ দুটা গাধৰে গাধমেধ যজ্ঞ কৰালেও হ’ব৷
কবিৰাজে ক’বলৈ ধৰিলে৷
এইবাৰ ৰজাই ক’বলৈ ধৰে,
: মুঠতে মোৰ চকুকেইটা ভাল হ’ব লাগে৷ মোৰ ছোৱালী ৰীমাক বিয়া দি ল’ব পাৰিলে মই মৰিলেও মোৰ ক’বলগীয়া একো নাই৷
কথা মতেই কাম৷ সকলোৱে গাধমেধ যজ্ঞৰ প্ৰস্তুতিত লাগিল৷
এডভাৰ্টাইজমেণ্ট আৰম্ভ :
হাতত কমলা পছন্দ লৈ ৰূপহী গাভৰু কাজল প্ৰিয়া আৰু লগত মাধৱ দাস। ফুলনিৰ বাগিচা এখনত দুয়ো বহি কে পি খোৱাৰ দৃশ্য আৰু বেকগ্ৰাউণ্ডত “ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি” গানটো। শেষত কাজলে মাধবলৈ চায় কয়,
: মোৰ কে পি শেষ হৈ গৈছে৷
তেতিয়া মাধৱে পকেটৰ পৰা ফটককে বিমলৰ পেকেটটো উলিয়াই কয়,
: জুবা কেশ্বৰী; ঠিক তোমাৰ দৰে৷
এডভাৰ্টাইজমেণ্ট শেষ।
পঞ্চম দৃশ্য :
গাধমেধ যজ্ঞ চলি আছে৷ যজ্ঞৰ আহুতি চলি আছে৷ কাষত এখন বিচনাত হেকাৰজা শুই আছে৷ চকুদুটা কলপাতেৰে ঢাকি থোৱা আছে৷ এনেতে চৌদিশে হুলস্থূল লাগে৷ ৰাজকুমাৰী কোঠাত নাই৷ কোঠাৰপৰা তললৈ নামি যোৱাৰ সুবিধা হোৱাকৈ খিৰিকীত শাৰী এখন ওলমি আছে৷ কিন্তু ৰাজকুমাৰী ক’লৈ গ’ল৷ কোনোবাই পলুৱাই নিয়া নাইতো! ৰজাই কথাটো গম পাই চিঞৰিবলৈ ধৰে,
: হেৰেউ দেৱজিত বামুন৷ ইমান নীচ তই৷ মোৰ ছোৱালীজনীহে পালিগৈ নে?
ৰজাই এপাল সৈন্য দেৱজিতৰ কুটীৰলৈ পঠিয়ালে৷ দেৱজিত নাই৷ খবৰ ৰজাৰ কাণ পালেহি৷ ৰজাই গাধমেধ যজ্ঞ আধাতে সামৰি ৰাজমন্ত্ৰী দিম্পলক দেৱজিতক বিচাৰি আনিবলৈ পঠিয়ালে৷ কিন্তু আচৰিত৷ মন্ত্ৰীও নাই৷ ৰাণীয়ে মাত দিলে,
: তাক বিচাৰি লাভ নাই৷ ইউজলেচ এটা৷ কৰ’বাত বহি কাণত পঘাডাল ভৰাই আছে হ’বলা!
গাধমেধ যজ্ঞলৈ মাতি অনা ঋষি-মুণিবোৰে এই অপমান সহ্য নকৰি ৰজাক বেলেগ বেলেগ ডিজাইনৰ শাও দিলে৷ তাৰ মাজৰে এজনে “তোৰ পতন তই নিজ চকুৰে দেখিবলৈ পাবি” বুলি শাও দিয়ে৷ লগে লগে ৰজাই এটা চকুৰে দেখে৷
ষষ্ঠ দৃশ্য :
পিছদিনাৰ ৰাজদৰবাৰ৷
কিছুসময় সকলো নিমাত৷ কিছু সময় পাছতে মন্ত্ৰী দিম্পল আৰু ৰাজকুমাৰী ৰীমা বৰমালা পিন্ধি সোমাই আহে৷ সকলো অবাক৷
হেকাৰজা : মন্ত্ৰী, তই এনে কাম কৰিবি বুলি ভবা নাছিলোঁ৷ মোৰ নাক কাণ কাটি শেষ কৰিলি৷ কিন্তু ৰীমা তই! তোক মই কি দিয়া নাছিলোঁ৷ মোৰ একমাত্ৰ সন্তান তই৷ তই এনে কৰিবি বুলি ভবা নাছিলোঁ৷ কিন্তু, মই এই বিয়া মানি ল’ব নোৱাৰোঁ৷ তোৰ দৰে ভিখহু এটাক মই হেকাস্মতি সাম্ৰাজ্য এৰিব নোৱাৰোঁ৷
এইবাৰ ৰাণীয়ে মাত দিলে : কীপ কুৱায়েট৷ মোৰ কথা শুনক৷ যি হ’ল হ’ল৷ ই এনেই বেয়া নহয়৷ কেৱল ইয়াৰ কাণৰ পঘাডাল এৰুৱাব লাগিব৷
দুয়ো ৰজা-ৰাণীৰ আগত আঁঠু লয়৷
এডভাৰ্টাইজমেণ্ট আৰম্ভ :
মডেল চেঞ্জ৷
হাতত একলহ চাঁই আপং লৈ ৰূপহী গাভৰু টুটু পামেগাম৷ নদী এখনৰ ঘাটত বহি দুয়ো ফ্ৰাই কান্দুলি মাছৰ লগত ছাঁই আপং খোৱাৰ দৃশ্য আৰু বেকগ্ৰাউণ্ডত “ফুল আনি মানে বাকিছা, বাকিছা মানে ফুল আনি” ৰিমিক্স গানটো। শেষত টুটুৱে মাধবলৈ চায় কয়,
: মোলৈ কি আনিছা?
তেতিয়া মাধৱে পকেটৰ পৰা ফটককে ৰজনীগন্ধা পেকেটটো উলিয়াই কয়,
: মুহ মে ৰজনীগন্ধা, কদমৌ মে দুনীয়া৷
এডভাৰ্টাইজমেণ্ট শেষ।
শেষ দৃশ্য :
দেৱজিত বামুনৰ কুটীৰ৷ নিজৰ বিয়া চলি আছে৷ নিজেই মন্ত্ৰপাঠ কৰি বিয়াত পুৰোহিতো হৈছে, কণ্যাদানো কৰিছে৷ ওৰণিখন অলপ ডাঙি মুখত কে.পি. এমোকোৰা সোমোৱাই সেয়া বামুনৰ কইনা কাজল প্ৰিয়া৷
ড্যা এণ্ড
☆ ★ ☆ ★ ☆
1:38 am
মজা
6:01 pm
ধন্যবাদ। লাইক শ্বেয়াৰ আৰু কোমেণ্ট কৰি যাব।
1:25 pm
বঢ়িয়া চিনেমা চালো দেই। এডকেইটা মজা।
5:58 pm
ধন্যবাদ। লাইক শ্বেয়াৰ আৰু কোমেণ্ট কৰি যাব।
9:28 am
মজা চিনেমা৷