ৰামানুজ গোস্বামীৰ দ্বিতীয়খন প্ৰকাশিত গ্ৰন্থৰ সমালোচনা- জ্যোতিৰূপম দত্ত
এসময়ৰ এজন জনপ্ৰিয় অসমীয়া লেখক ৰামানুজ গোস্বামীৰ দ্বিতীয় প্ৰকাশিত গ্ৰন্থখন পঢ়িলো৷ কবলৈ গ’লে মোৰ লগতে এইখন গ্ৰন্থই সকলো পঢ়ুৱৈকে হতাশ কৰিলে৷ উল্লেখযোগ্য যে ৰামানুজ গোস্বামীৰ প্ৰথমখন কিতাপ ‘দ্যা লায়ন্স আৰ্মি’ৰ সফলতাৰ পাছত সকলোৱে অতি উৎসুকতাৰে লেখকৰ দ্বিতীয়খন কিতাপলৈ বাট চাই আছিল৷ কিন্তু সদ্যপ্ৰকাশিত ‘দ্যা ইগল অব জেৰুজালেম’ শীৰ্ষক এই কিতাপখন লেখকৰ প্ৰথম কিতাপখনৰ তুলনাত এক ভগ্নাংশমানো নহয় বুলিয়েই মই কব খোজো৷
ৰামানুজ গোস্বামীৰ প্ৰথমখন কিতাপ ‘দ্যা লায়ন্স আৰ্মি’ৰ মুখ্য উপাদান আছিল বুৰঞ্জী আৰু কল্পনাৰ এক উপাদেয় মিশ্ৰণ৷ সেইখন উপন্যাসে ভাৰতৰ স্বাধীনতা সংগ্ৰাম তথা দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ বহু ঐতিহাসিক তথ্যক কল্পনাৰ পৰশ দি পাঠকক ৰোমাঞ্চিত কৰিবলৈ সক্ষম হৈছিল৷ ‘দ্যা লায়ন্স আৰ্মি’ৰ কাহিনীটোত এমুঠিমান সাহসী অসমীয়াই বীৰত্বৰে ‘স্বাধীন ব্ৰহ্মপুত্ৰ উপত্যকা’ৰ দেখা সপোনৰ এক নিটোল বৰ্ণনা আছিল৷ সেই ব্যতিক্ৰমী উপন্যাসখনৰ কাহিনীভাগ বহুক্ষেত্ৰত বুৰঞ্জীৰ বহু জনা-নজনা তথ্যৰে সংপৃক্ত আছিল৷ সেই কিতাপখনৰ বিভিন্ন অংশত বুৰঞ্জী বিষয়টোত লেখকৰ গভীৰ অধ্যয়নৰ পৰিপুষ্টতা প্ৰকাশ পাইছিল৷ ঐতিহাসিক বিষয়বস্তু, সামাজিক অৱস্থা, ৰাজনৈতিক ঘটনাপ্ৰৱাহ আৰু ভৌগোলিক বিষয় সন্দৰ্ভত প্ৰচুৰ অধ্যয়ন নাথাকিলে এনে ধৰণৰ উচ্চস্তৰৰ গদ্য সৃষ্টি কৰা সকলোৰে বাবে সহজ নহয়৷ বাৰ্লিনত নেতাজী আৰু হিটলাৰৰ মুখামুখি, হিকাৰি কিকান নামৰ সামৰিক গোটৰ গুপ্তচৰগিৰি, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ জাপানী প্ৰধানমন্ত্ৰী হিডেকি ট’জৰ কামকাজৰ বিৱৰণ, বেটল অৱ ইম্ফলৰ এগৰাকী যোদ্ধা জেনেৰেল ৰেন্যা মুটাগুচীৰ যুদ্ধকৌশল আদি ৰুদ্ধশ্বাস বৰ্ণনাৰে ভৰি আছিল ‘দ্যা লায়ন্স আৰ্মি’৷
ইতিহাসৰ অধ্যয়নে এটা জাতিক শক্তিশালী কৰে৷ ইতিহাসৰ অধ্যয়নেই ’ইতিহাস’ হবলৈ উপক্ৰম হোৱা কালচোৱাত সেই উপন্যাসখনে বহু পাঠকক ভুগোল আৰু ইতিহাস পঢ়িবলৈ আকৃষ্ট কৰিবলৈ সক্ষম হৈছিল৷ বহুকেইজন পঢ়ুৱৈয়ে অকপটে স্বীকাৰ কৰিছিল যে ‘দ্যা লায়ন্স আৰ্মি’ পঢ়িয়েই তেওঁলোকে নতুনকৈ অসমৰ ইতিহাস আৰু ভুগোল পঢ়িবলৈ লৈছিল৷ তাতে সেই কিতাপখনত থকা বহুকেইখন সমসাময়িক তথা কাল্পনিক মেপৰ ছবিয়েও পঢ়ুৱৈক বিষয়বস্তুৰ গভীৰলৈ সোমোৱাৰ ক্ষেত্ৰত সহায় কৰিছিল৷ ধনশিৰি নৈৰ বুকুত হোৱা তয়াময়া যুদ্ধখনৰ সৈতে থকা মেপখনে যিদৰে পঢ়ুৱৈ এজনক সেই যুদ্ধখনৰ এজন বুলি ভাবিবলৈ বাধ্য কৰে ঠিক তেনেদৰেই তেজপুৰৰ বৃটিছ অস্ত্ৰাগাৰ লুণ্ঠন কৰাৰ লোমহৰ্ষক বিৱৰণৰ সৈতে সন্নিবিষ্ট কৰা সাংকেতিক মেপখনেও পঢ়ুৱৈক সিংহসেনা বাহিনীৰেই এজন কৌশলী যোদ্ধাৰূপে কল্পনা কৰিবলৈ উদ্বুদ্ধ কৰে৷
বুৰঞ্জীৰ কথাবোৰ সাধাৰণতে বহুতৰ বাবে একেঘেয়ামী তথা নীৰস হয়৷ পিছে ‘দ্যা লায়ন্স আৰ্মি’ উপন্যাসখনত বুৰঞ্জীৰ সাধাৰণ ’শুষ্ক কাষ্ঠং’ কথাবোৰো ৰামানুজ গোস্বামীৰ বৰ্ণনাত কালিদাসে কোৱাৰ দৰে ’নীৰস তৰুবৰ পূৰতঃ ভাতি’ৰ দৰেই হৈ উঠিছিল৷ কিন্তু সদ্যপ্ৰকাশিত দ্বিতীয় কিতাপখন অজস্ৰ বেৰেবিবাং কথা তথা তৰাং কথাৰে ভৰপূৰ৷ প্ৰথম কিতাপখনৰ বাবে ৰামানুজ গোস্বামীয়ে কৰা অধ্যয়নৰ এক ধনিষ্ঠামানো এইখন কিতাপৰ বাবে কৰা নাই৷
আজিকালিৰ স্কুল-কলেজৰ পাঠ্যক্ৰমত বুৰঞ্জী বিষয়ক পাঠৰ অভাৱে নতুন প্ৰজন্মৰ মনত ইতিহাস সম্বন্ধীয় বহু প্ৰশ্নৰেই উদ্ৰেক কৰে৷ বুৰঞ্জীৰ বহু তথ্যসংপৃক্ত তথা কাল্পনিক, ৰোমাঞ্চকৰ বৰ্ণনাৰে সমৃদ্ধ ‘দ্যা লায়ন্স আৰ্মি’ নামৰ উপন্যাসখনে পঢ়ুৱৈসকলক এক নতুন ৰসৰ সন্ধান দিবলৈ সক্ষম হৈছিল৷ ইতিহাসৰ তথ্যসমূহ উপন্যাসৰ মাধ্যমেৰে উপস্থাপন কৰাৰ ক্ষেত্ৰত ৰামানুজ গোস্বামীৰ সেই ব্যতিক্ৰমী শৈলীয়ে পঢ়ুৱৈসকলক বৰ্তমান যুগত লাহে লাহে হেৰাই যাবলৈ ধৰা ইতিহাসৰ সেই স্বৰ্ণিম কালছোৱাৰ নানা তথ্য কৌশলেৰে সংপৃক্ত কৰি ৰসাস্বাদন কৰিবলৈ উদ্বুদ্ধ কৰিবলৈ সক্ষম হৈছিল৷ কিন্তু সদ্যপ্ৰকাশিত কিতাপখনে এনে পঢ়ুৱৈসকলক বুৰঞ্জীমুলক লেখাৰ অধ্যয়নৰ প্ৰতি অনীহা জাগ্ৰত কৰি তোলাৰ সম্ভাৱনাই অধিক৷
‘দ্যা লায়ন্স আৰ্মি’ৰ মুল উপজীৱ্য আছিল উত্তেজনাপূৰ্ণ অংশসমূহৰ চুটি চুটি বাক্যৰে গঠিত ৰোমাঞ্চকৰ বৰ্ণনা৷ তাতে চৰিত্ৰসমূহৰ মুখৰ সংলাপসমূহো নাটকীয়তাৰহিত সাধাৰণ ভাষাত দিয়া হৈছিল৷ অযথা দীঘল ব্যাকৰণিক সংলাপ পৰিহাৰ কৰি সাধাৰণ মানুহৰ মুখেৰে স্বতঃস্ফূৰ্তভাৱে ওলোৱা কথাৰ দৰেই আছিল উপন্যাসখনৰ চৰিত্ৰৰ সংলাপসমূহ৷ কিন্তু সদ্যপ্ৰকাশিত কিতাপখনৰ সংলাপবোৰ কিছুমান আমনিদায়ক নাটক, চিনেমা আদিত কোনো চৰিত্ৰই অকলে অকলে দীঘলীয়াকৈ নিজে নিজে কৈ থকা স্বগতোক্তিসদৃশ হৈছে৷ এনেবোৰ কথাই এইখন কিতাপৰ উত্তেজনাপূৰ্ণ মুহূৰ্তসমূহৰ ৰোমাঞ্চকৰ ক্ষণবোৰত পাঠকৰ মুৰত পানী ঢলাৰ দৰেহে হৈছে৷
‘দ্যা লায়ন্স আৰ্মি’ৰ মুখ্য উপাদান আছিল নিটোল হাস্যৰস৷ চৰিত্ৰসমূহৰ কথা-আচৰণৰ দ্বাৰাই লেখকে হাস্যৰস সৃষ্টি কৰি বুৰঞ্জীৰ কথাবোৰৰ বৰ্ণনাৰ মাজত পাঠকক একপ্ৰকাৰৰ ‘কমিক ৰিলিফ’ দিবলৈ সক্ষম হৈছিল৷ এই প্ৰক্ৰিয়াৰে লেখক ৰামানুজ গোস্বামীয়ে উপন্যাসখনৰ কাহিনীটোৰ শেষলৈ পঢ়ুৱৈক বান্ধি ৰাখিবলৈ সক্ষম হৈছিল৷ কিন্তু সদ্যপ্ৰকাশিত দ্বিতীয় উপন্যাসখনত লেখকে নোহোৱা নোপোজা কিছুমান অশ্লীল শব্দ, অদৰকাৰী অশ্লীল বৰ্ণনা, স্থূল হাস্যৰস ব্যৱহাৰ কৰি কিতাপখনৰ মান তললৈ নমোৱাত নিজেই সহায় কৰিছে৷ এইখনৰ কেইপৃষ্ঠামান পঢ়িয়েই বহু পঢ়ুৱৈয়ে বিৰক্ত হোৱাৰেই সম্ভাৱনা অধিক৷
আচলতে কবলৈ গ’লে দ্বিতীয়খন কিতাপত পাঠকৰ বাবে আমোদজনক, চিন্তাদায়ক একোৱেই নাই৷ কিন্তু একেই লেখকৰ প্ৰথম কিতাপ ‘দ্যা লায়ন্স আৰ্মি’খনৰ চল্লিছটা অংশৰ প্ৰতিটোতেই একোটাকৈ সুকীয়া কাহিনী সোমাই আছিল৷ মাতৃভূমিৰ প্ৰতি থকা আবেগ, নিজৰ প্ৰাপ্য অধিকাৰক পাবলৈ নিজকে বলিদান দিবলৈও কুণ্ঠাবোধ নকৰা অসমীয়াৰ আবেগৰ মূৰ্ত প্ৰকাশ প্ৰতিটো পৃষ্ঠাতেই নিহিত হৈ আছিল৷ সেইখন কিতাপত লেখকে এফালে সিন্ধু সভ্যতা আৰু আনফালে ইৰাৱতী সভ্যতাৰ মাজতেই ‘স্বাধীন ব্ৰহ্মপু্ত্ৰ উপত্যকা’ৰ সপোনৰ মনোৰম সৌধ ৰচিছিল৷ উপন্যাসখন পঢ়ি যাওঁতে পঢ়ুৱৈয়ে এসময়ত অসমৰ পৰাক্ৰমী খিলঞ্জীয়া বুদ্ধি, বল, বিক্ৰমৰ দ্বাৰা পৰৰাষ্ট্ৰৰ শোষণক ওফৰাই অসমৰ ভূমিক স্বাধীন কৰাৰ এক কাল্পনিক কাহিনীৰ মাজত নিজকে বিলীন কৰিবলৈ সুযোগ পাইছিল৷ সেই উপন্যাসখনত অসম, ভাৰত তথা বিশ্বৰ বিভিন্ন ক্ষেত্ৰত প্ৰভাৱান্বিত কৰা বহুকেইটা ঐতিহাসিক চৰিত্ৰকো কাহিনীৰ মাজলৈ কৌশলেৰে অনা হৈছিল৷ তেনে বহুকেইটা নায়ক তথা খলনায়কৰ চৰিত্ৰক লেখকে উপন্যাসখনত কৌশলেৰে সন্নিবিষ্ট কৰিছিল৷ আমেৰিকান লেখক উইনষ্টন গ্ৰুমৰ ১৯৮৬ ত প্ৰকাশিত ‘ফৰেষ্ট গাম্প’ নামৰ উপন্যাসখনতো নায়কে ঘটনাক্ৰমে ভিয়েটনাম যুদ্ধকে ধৰি আমেৰিকান বুৰঞ্জীৰ বহুকেইটা উল্লেখযোগ্য ঘটনাৰ অংশীদাৰ হৈ পৰে৷ এই উপন্যাসখনৰ আধাৰতে একে নামৰ চিনেমা এখনো নিৰ্মিত হৈছিল৷ ‘দ্যা লায়ন্স আৰ্মি’ উপন্যাসখনতো বহুকেইটা ঐতিহাসিক চৰিত্ৰসমূহৰ অন্তৰ্ভুক্তি হলেও উপন্যাসখনৰ মুল কাহিনীৰ মাজত পিছে অকণো যতি পৰিবলৈ দিয়া নাছিল৷ পিছে আগৰ উপন্যাসখনৰ এই ধাৰাটো অক্ষুণ্ণ ৰাখিবলৈ গৈ সদ্যপ্ৰকাশিত উপন্যাসখনত লেখক ৰামানুজ গোস্বামীক বাৰুকৈয়ে মুখঠেকেঁচা খোৱাহে দেখা গ’ল৷
‘দ্যা লায়ন্স আৰ্মি’ৰ চৰিত্ৰসমূহৰ মাজত লেখকে নিজকে সুন্দৰকৈ অৱস্থান কৰিছিল৷ নিজৰ চৰিত্ৰটোক উপন্যাসখনৰ এটা পাৰ্শ্বচৰিত্ৰ হিচাপে কৌশলেৰে চিত্ৰায়ণ কৰি বৰ্ণনাক্ৰমত পাঠকক আন আন চৰিত্ৰসমূহৰ সৈতে একাত্ম হবলৈ দিছিল৷ এটা খণ্ডত লেখকে নিজৰ শিক্ষাগত জ্ঞান আৰু কৰ্মক্ষেত্ৰৰ অভিজ্ঞতাৰে খৰাংপীড়িত কৃষিভূমিলৈ পানী বোৱাই নিয়া মৃত প্ৰকল্প এটাক পুনৰজীৱন দিয়াৰ দৰে আশাব্যঞ্জক উপকাহিনী এটাৰ বৰ্ণনাতো নিজকে মহীয়ানৰূপে সাব্যস্ত কৰা নাছিল৷ কিন্তু ৰামানুজ গোস্বামীয়ে দ্বিতীয় প্ৰকাশিত কিতাপখনত নিজকে অতিমানৱৰূপে প্ৰতিষ্ঠা কৰাৰ ব্যৰ্থ প্ৰয়াসৰ আতিশয্যই পঢ়ুৱৈক হাঁহিৰ খোৰাকহে দিছে৷
দ্বিতীয় প্ৰকাশিত কিতাপখনৰ আন এক দুৰ্বল দিশ হ’ল সামৰিক ৰণকৌশল আৰু যুদ্ধক্ষেত্ৰৰ পৰিস্থিতিৰ জোৰা-টাপলি মৰা বৰ্ণনা৷ ৰামানুজ গোস্বামীৰ প্ৰথম প্ৰকাশিত উপন্যাস ‘দ্যা লায়ন্স আৰ্মি’ৰ আন এক গুৰুত্বপুৰ্ণ অংশ আছিল জল-স্থল আৰু আকাশী যুদ্ধৰ পুংখানুপুংখ বিৱৰণ৷ আনকি যুদ্ধত ব্যৱহৃত বিভিন্নধৰণৰ সামৰিক অস্ত্ৰ, যান-বাহন আদিৰো বিশদ বিৱৰণে উপন্যাসখনক এক অন্য মাত্ৰা প্ৰদান কৰিছিল৷ ইয়াৰ উপৰিও সেইসময়ৰ সামৰিক বাহিনীৰ সৰ্বাধিনায়ক তথা উচ্চপদস্থ বিষয়াসকলৰ সামৰিক ৰণকৌশলৰ ভুল-ত্ৰুটিসমূহ ফঁহিয়াই দেখুওৱা বিশ্লেষণসমূহেই লেখকৰ বিষয়টোৰ ওপৰত থকা অধ্যয়নশীলতাৰ প্ৰমাণ দিছিল৷ কিন্তু বোধকৰো আলস্য অথবা প্ৰথম কিতাপখনৰ সফলতাই লেখক ৰামানুজ গোস্বামীৰ মুৰত ধৰি দ্বিতীয় কিতাপখনৰ কাহিনীভাগৰ অৱস্থা তথৈবচ কৰাত সহায় কৰিলে৷
স্বৰ্গদেউ পক্ষীৰ ৰহস্যময়তাই ৰামানুজ গোস্বামীৰ প্ৰথম কিতাপখনৰ পঢ়ুৱৈসকলৰ মনত এক অদ্ভুত সাঁচ বহাইছিল৷ প্ৰথম দৃষ্টিত পুৰ্ণজন্ম, জয়াল পৰিবেশ, ক’লা মেকুৰী আদিৰ বিৱৰণ অতিৰঞ্জিত যেন লাগিলেও মোৰ বোধেৰে লেখকে এই অবাস্তৱ বৰ্ণনাখিনিৰে উপন্যাসখনৰ কল্পনাপ্ৰসুত স্থান, চৰিত্ৰসমূহ আৰু বুৰঞ্জীৰ সত্য তথ্যখিনিৰ মাজত এডাল প্ৰয়োজনীয় সীমা আঁকিবলৈ সক্ষম হৈছে৷ পিছে দ্বিতীয় কিতাপখনত ‘স্বৰ্গদেউ পক্ষী’ৰ অনুকৰণত ‘ইগল’ এটাৰ কাণ্ডকাৰখানাই পঢ়ুৱৈৰ মনত বিৰক্তিৰ ভাৱ আনি দিয়াৰ ক্ষেত্ৰতহে ইন্ধন দিয়া দেখা গ’ল৷
দ্বিতীয়খন কিতাপৰ ছপা তথা কলেৱৰ হিচাপে দামো অধিক হৈছে৷ লেখকৰ প্ৰথমখন কিতাপ ‘দ্যা লায়ন্স আৰ্মি’ৰ পৃষ্ঠাসংখ্যা আছিল ৩৪৮ আৰু দাম আছিল মাত্ৰ ২২০/- টকা! সুদৃশ্য বেটুপাত তথা অংগসজ্জাৰে জাকতজিলিকা কিতাপখনে প্ৰথম দৰ্শনতে বহুতকে আকৃষ্ট কৰিছিল৷ কিন্তু পিছৰ কিতাপখনৰ ছপাবন্ধা, মুদ্ৰিত কাকতৰ গুণমান আদিৰ লক্ষ্য কৰিলে এইক্ষেত্ৰত নিৰ্ধাৰণ কৰা মুল্য বহুত বেছি যেন অনুভৱ হয়৷
কিন্তু ৰামানুজ গোস্বামীৰ দ্বিতীয়খন প্ৰকাশিত গ্ৰন্থখনৰ কেইটামান ইতিবাচক দিশৰ কথা নক’লে ভুল হ’ব৷ দ্বিতীয় প্ৰকাশিত কিতাপখনত প্ৰথমখনৰ দৰে বুৰঞ্জীমুলক তথ্যৰ বাহুল্যতা নাই৷ এইখনত বুৰঞ্জীমুলক তথ্যসমূহ সুন্দৰকৈ জড়তাবিহীন ভাৱে উপন্যাসখনৰ মুল কাহিনীভাগৰ সৈতে সংপৃক্ত কৰা হৈছে৷ প্ৰথম গ্ৰন্থখনৰ তুলনাত এইখন গ্ৰন্থত বানানৰ ক্ষেত্ৰতো গুৰুত্ব দিয়া দেখা গৈছে৷
‘ফেচবুক’তে প্ৰথমবাৰলৈ নিয়মীয়াকৈ লিখিবলৈ লৈ অতি কম সময়ৰ ভিতৰতে এজন শক্তিশালী তথা জনপ্ৰিয় লেখকৰূপে আত্মপ্ৰকাশ কৰা ৰামানুজ গোস্বামীয়ে দ্বিতীয় কিতাপখনৰ ক্ষেত্ৰত একপ্ৰকাৰ মুখথেকেঁচা খাই পৰা বুলিয়েই কব লাগিব৷
(কাল্পনিক লেখা৷ স্থান, কাল সকলো কাল্পনিক৷ )
☆ ★ ☆ ★ ☆
10:28 am
ৱাঃহ জ্যোতি দা লায়ন্স আৰ্মী আকৌ এবাৰ পঢ়িবলৈ লোভ লগাই দিলে
10:35 am
বাহ! তামাম সমালোচনা জ্যোতি! মুগ্ধ হলো৷ পিচে সমালোচনা কৰিবলৈয়ে পঢ়িব লাগিব দ্বিতীয়খনো৷ হাঃ হাঃ
11:16 am
কেনেকৈ লিখে হে আপোনালোকে ইমান সুন্দৰকৈ! লেখক আৰু সমালোচক দুয়োকে চ্যেলুট। দুয়ো বৰ সন্মানীয়।
12:51 pm
কমেণ্ট কৰিবলৈ সাহসেই নহয়।
1:22 pm
কি সাংঘাটিক সমালোচনা দিছে হে গুৰুজী ।
3:12 pm
কি কৌশল হে লিখাৰ। অতি আনন্দ পালো পঢ়িম
3:19 pm
দাদা ভাল লাগিল
3:29 pm
ব্যতিক্ৰমী শৈলী। সেইবাবেই আপোনাৰ লেখাৰ ফেন আমি
6:29 pm
প্ৰভু ..একদম আউট অৱ্ চিলেবাছ্ এক্সিলেন্সি !!
মোৰ নহৈ অইনৰ হলেও একেই চেলুট মাৰিলো হেতেন…
6:30 pm
বহুত ভাল লাগিল দাদা ৷ দ্যা লায়ন্স আৰ্মি পঢ়িলোঁ ৷
6:35 pm
ভাল লাগিল, ধন্যবাদ।
6:46 pm
লায়ন্স আৰ্মি আৰু এই সমালোচনা… সোণতহে সুৱগা চৰালে।
অতি মনোমোহাকৈ যেনেকৈ বিৰুৱে বন্ধুৰ গুণ বখানিছিল, ঠিক তেনেকৈ দ্বিতীখনৰ আঁৰেৰে লায়ন্স আৰ্মিক অনন্য ৰূপত দাঙি ধৰিলে। হেটচ অফ।
6:48 pm
চেল্যুট দিল চে।বৰ ভাল লাগিল।
6:57 pm
এইবাবেই একে উশাহে পঢ়ো আপোনাৰ লেখা৷ প্ৰতিটো সংখ্যাকেই আপুনি সমৃদ্ধ কৰি আহিছে এনে লিখনিয়ে৷
7:28 pm
এইটো পঢ়াৰ পিছত আৰু কিতাপখন নপঢ়াকৈ থাকিব নোৱাৰিম। ধুনীয়া লিখিছে।
8:15 pm
জবৰদস্ত ষ্টাইল৷ আপোনাৰ লিখন শৈলী সদায় ঈৰ্ষনীয় ৷
8:40 pm
????? একো বুজি পোৱা নাই। বৰ্ণনা প্ৰথম খনৰ কিন্তু দ্বিতীয় খনৰ কথা কৈ আছে। হলেও আমি আশাত বন্দী জীৱ। প্ৰভুৰ কৃপা থাকিলে অনতি পলমে পায় যাম কিজানি।
অভিনন্দন
10:54 pm
মানিছোঁ৷ লিখনি নহয় সমালোচনা ভাগ পঢ়ি ভাল লাগিল৷
11:36 pm
ভাল লাগিল, উৎকৃষ্ট সমালোচনা । পিছে দ্বিতীয়খন গ্ৰন্থ প্ৰকাশ হোৱা গম নেপালো..
12:23 am
আন্তৰিক ধন্যবাদ৷ লেখাটো কাল্পনিক৷ দ্বিতীয়খন প্ৰকাশেই হোৱা নাই৷
12:24 am
সকলোকে আন্তৰিক ধন্যবাদ জনালো৷
10:01 am
বাঃ! পঢ়ি থাকোঁতে গমেই নাপালোঁ দ্বিতীয় গ্ৰন্থখন যে প্ৰকাশেই পোৱা নাই। ভাল লাগিছে সমালোচনাটো। ‘দ্যা লায়ন্স আৰ্মি’ পঢ়া নাই যদিও কিতাপখন পঢ়িবলৈ আগ্ৰহী হৈ উঠিছোঁ।
8:44 am
কি সুন্দৰ!
9:44 am
ফটাঢোলৰ মূল ৰস অক্ষুন্ন ৰখাৰ চেষ্টাৰে গ্ৰন্থ আলোচনা (সমালোচনা)৷ মজা লাগিল এই শৈলী৷
2:01 pm
সুন্দৰ লিখিলে দেই !
3:55 pm
আপোনাৰ লেখাৰ সদায়েই অনুৰাগী। কিতাপখন পঢ়িবলৈ নোপোৱাটো দুৰ্ভাগ্যৰ কথা। আপোনাৰ লেখাটো পঢ়ি এতিয়াই পঢ়িবলৈ মন গৈছে। কিন্তু উপায়…!
8:23 am
??
8:49 am
পলমকৈ পঢ়িলো৷ সুন্দৰকৈ লখিছে৷ উদ্দেশ্য সফল৷