ফটাঢোল

লকডাউনৰ ডুখৰীয়া ছবি : মনমী ভট্টাচাৰ্য

বিলাসী কৰোণাৰ ত্ৰাসত লকডাউন ২ মানিছে উত্তৰ প্ৰদেশৰ নয়দাৰ প্ৰতিটো গলিয়ে। কেইটামান নিশকতীয়া চেৰেলা কুকুৰে টহল দি ফুৰিছে মাথো মহানগৰীৰ ৰাজপথত। সেউজীয়া, সুমথিৰাক ডবাই সুউচ্চ ৰঙা আসনত নয়দা। চাফাই কৰ্মী আৰু চিকিউৰিটি গাৰ্ডৰ বাদে পোক পৰুৱাৰো প্ৰৱেশত নিষেধাজ্ঞা এপাৰ্টমেণ্টৰ মূখ্য দ্বাৰত। মিচেছ শইকীয়াৰ ৰাজকীয় এপাৰ্টমেণ্টটোত চাৰিজন কৰোণা পজিটিভ। বিলাত ফেৰৎ বেমাৰী। কাজেই শইকীয়ানী মানে জুপি বাইদেউ ঘৰৰ চাৰিদুৱাৰত আবদ্ধ (sealed)৷

লকডাউন ১ ত পদ্মা আৰু ৰেণুকাক দাষ্টাৰৰ ডিক্কিত ভৰাই কাহিলি পুৱাই আনি দিছিল শইকীয়াই। গধূলি আকৌ থৈ আহিছিল গৈ। ইমাৰজেন্সীত ওলাই যাবলৈ স্বয়ং মোডীজীয়ে অনুমতি দি থৈছে। আৰু ইমাৰজেন্সীৰ সংজ্ঞা প্ৰত্যেকৰে বাবে ভিন্ন। আলফুলীয়া মানুহজনীৰ ঘৰুৱা কাম কৰা কি স’তে চাই থাকিব তেওঁ! মেনিকিউৰ কৰা হাতে বাচন ধোৱা, হাইলাইট কৰা চুলি পাকঘৰত ডেমেজ হোৱা চাবলৈ ইমানো কঠুৱা নহয় তেখেত। সকলো সঠিকভাৱে চলি ‌আছিল, গাৰ্ডেও নিজৰেই আৱাসীৰ ডিক্কি চেক কৰাৰ নিচিনা পাপ কথা ভুলতেও মনলৈ অনা নাছিল। পদ্মাক বেলকনি চাফা কৰা দেখি প্ৰতিবেশী আণ্টিয়ে কেনা লগাব খুজিছিল যদিও সংস্কাৰী, কৰ্মঠ আইজনীক সহজে মেনেজ কৰিছিল জুপি বায়ে।

এই বিলাতফেৰৎ কেইটাই আহি পানী খোৱা পুখুৰীত বিহ ঢালিলে। চিনাকি মহলৰ এগৰাকী লকডাউন ডিপ্ৰেছনত আত্মঘাতী হ’ল। কাৰণ কামৰ হেঁচা। বুদ্ধিমতী নিধিহঁত কাহানিবাই মাকৰ ঘৰ পালেগৈ।

নিমাখিত শইকীয়া ভিনদেউ ৱৰ্ক ফ্ৰম হোম কৰাৰ নামত চাকৰি বচাবলৈ ‌আপ্ৰাণ চেষ্টা কৰি থাকিল। নীতা আৰু ৰণক মোডীজীৰ আত্মনিৰ্ভৰশীলতাৰ দোহাই‌ দি মেগী, ব্ৰেড বাটাৰ নিজেই যতনাই খাবলৈ দীক্ষা দিয়া হ’ল। জুপি বাইদেউ কোমল হৃদয়ৰ মাতৃ। সকলো কষ্ট অগ্ৰাহ্য কৰি কাৰ্ড ৰাইচ, বইল ভেজ, ষ্টিম্ড ৰাইচ আদি বিশেষ পকৱান বনাই থাকিল। কিন্তু ভিনদেউ আৰু দুই পুত্ৰ কন্যা সদা সন্ত্ৰস্ত। যাতে ক’তো একো অমঙ্গল নঘটে।

হওঁতে ডিপ্ৰেছনৰ কাৰণ মাথো কামৰ হেঁচাই নহয়। আৰু বহুতো কাৰণ আছে। এইহেন লকডাউনৰ আৱেষ্টনীত পাৰ্লাৰ এক সপোন। সামাজিক দূৰত্বৰ নামত প্ৰকৃত বয়স আৰু প্ৰজেক্টেড বয়সৰ মাজৰ দূৰত্ব টুটি আহিছে। চেকুৰা চেকুৰ বগা হাইলাইট, চন্দ্ৰকান্তাৰ ক্ৰুৰ সিঙক মনত পেলাই দিয়া ভ্ৰূ, উফ! মোছখিনি যেনিবা মাস্কখনে ঢাকি ৰাখে। মাস্ক অচ্ছে হে!

ৰণে এদিন আব্দাৰ জুৰিলে, তাৰ চুলিখিনি ট্ৰিম কৰি দিব লাগে। স্কুলৰ গ্ৰুপ ভিডিঅ’ কলত অস্বস্তিবোধ হয় তাৰ। ভিনদেৱে দিব খুজিছিল। কিন্তু জুপি বা খুব কৰ্মঠ সিদিনা। ট্ৰিমহে। ভাতৰ লগত পানী খোৱাৰ লেখীয়া কথা। কাজেই নতুন ট্ৰিমাৰটো ৪ নম্বৰত দিলে চলাই। বেচেৰীয়ে পাহৰি থাকিল সেয়া যে ৰণৰ মূৰ।

কামৰ হেঁচাই অলপ ‘মন্দবুদ্ধি’ বনাই লোকক। আৰু জুপি বা যে আলফুলীয়া। ৰণক ভিনদেৱে চম্ভালি ল’লে। কেইদিনমান টুপী এটা পিন্ধিলেই হ’ল। আফটাৰ অল, জুপি বাক লকডাউন ডিপ্ৰেছনৰ পৰা বচাই ৰখাটো ঘৰখনৰ প্ৰাধান্যৰ শীৰ্ষত।

জুপি বাইদেউ খুবেই প্ৰগলভা, মুখপুথিত নিতান্তই এক্টিভ। মানুহগৰাকীৰ মনটো উদাৰ। উদাৰতাখিনি কাৰ্পণ্য নকৰাকৈ সামাজিক মাধ্যমত প্ৰকাশো কৰে।

এইহেন এক্টিভ মানুহজনীৰ আপডেটবোৰ আজিকালি কাঙাল হৈ আহিছে। লকডাউন ডিপ্ৰেছনৰ ইও এক কাৰণ নহ’লেই হয়। লকডাউনৰ তৃতীয় পৰ্যায়ত ছেল্ফী দিয়াৰ প্ৰশ্নই নুঠে। ট্ৰলৰো ভয় আজিকালি। পুৰণি ফটোত যিহে বাইদেউৰ আজলী ৰূপ, সীতা গীতা মনলৈ আহি যায়। ড্ৰাইভাৰজনো অহা নাই। অন্যথা স্নাতক ড্ৰাইভাৰজনৰ হতুৱাই দুই এটা বিশেষ আপডেটৰ পেট্ৰন বনাব পৰা গ’লহেঁতেন। মুঠতে লকডাউনে কুঁহিয়াৰ পেৰা দি পেৰি‌ আছে জীৱনৰ ৰস।

অৱশেষত নিঃকিন মুখপুথিপ্ৰেমী বাইদেউৰ উকমুকি নোপোৱা সময়ৰ ত্ৰাণকৰ্ত্তা হ’বলগীয়া গৰাকী অমুকী। এনেহেন আইডিয়া “যো বদল দে বাইদেউ কী লকডাউন ৱালী দুনিয়া।”

কথাতে মৌ সৰা বাইদেউৰ অনুৰোধ ৰাখিবলৈ অমুকীৰ কাউণ্টডাউন আৰম্ভ হ’ল, ফৰিঙাৰ মৰণ কালৰ লেখীয়া কাউণ্টডাউন। কাজেই ফুড ফটোগ্ৰাফীৰ আইডিয়া দিলোঁ। বাইদেউ একেবাৰে জঁই পৰি গ’ল। মই বুজিলোঁ, ভুলটো ৰেণুকাৰ। অত বছৰে বাইদেউক পাকঘৰৰ কুটা এডালো চুব নিদিয়াৰ লেখীয়া। ইপিনে ময়ো লাপিলুপা ৰান্ধনী, আধুনিক ব্যঞ্জন বনাব নিশিকিলোঁ। তথাপি মহানুভৱতা দেখুৱাই চাব খুজিছিলোঁ, নিজৰেই ব্যঞ্জনৰ ফটো দি। মোৰ এনেয়ো টাইমলাইনত ব্যঞ্জন আপলোড দিয়া অভ্যাসটো কম। পিচে বাইদেৱে ক’লে, ইমান‌ স্বাৰ্থপৰ হৈ মোক কষ্ট নিদিয়ে। বুজাই বুজে, ফুড আপডেটত ক্ৰোকাৰীৰ গুৰুত্ব কি! জুপি বাইদেউৰ নিচিনা স্পৰ্শকাতৰ মহিলাক এই কথা বুজোৱাৰ মৰসাহ মোৰ নাই।

আকৌ ফৰিঙাৰ (অমুকীৰ)মৰণৰ কাল। এবাৰ ভিডিঅ’ কল কৰি ধেমালিৰ সুৰত নোৱাৰিম বুলি ক’বহে পালোঁ, মানুহজনী কেহেৰাজ বৰণ হ’ল। বুজিলোঁ গত্যন্তৰ নাই মোৰ। পানীত ডুবিবলৈ ধৰা মানুহে খেৰকূটাকে আশ্ৰয় কৰাৰ দৰে লকডাউনৰ এই মুখপুথি আপডেটৰ অভাৱগ্ৰস্ত জীৱনত অমুকীৰ লেখীয়া এগৰাকীৰ পৰা আইডিয়া লোৱাৰ দুঃসময় আহিছে। মোৰ বন্ধু মহলৰ যিসকলে মুখপুথিত ৰেচিপি দিয়ে, প্ৰায়ভাগেই শিকিবলগীয়া বা স্বাস্থ্যসন্মত ৰেচিপি। জুপি বাইদেউক ক্লাছ থকা ৰেচিপি লাগে। নক’লেও বুজা যায়। মুঠতে এক অচিন সন্ত্ৰাসে কৰোণা সন্ত্ৰাসকো ধূলিৎসা কৰাৰ উপক্ৰম হ’ল। বাইদেউৰ জোকৰ লেখীয়া স্বভাৱ। এৰুৱাই অহাটো টান। শেষত মই ইউ টিউবৰ আশ্ৰিতা হ’লোঁ। বাইদেউক দিয়া প্ৰথম ৰেচিপিটো এনে ধৰণৰ:

২৫ টা হেশটেগেৰে বাইদেৱে ইটালীয়ান ফ্ৰিটাটা (frittata) আপডেট দিলে। লকডাউন কুকিং# ফ্ৰিটাটা# …….. আৰু বহুতো চিনাকি অচিনাকি শব্দ। (সহজ ভাষাত আমাৰ কণী ভাজি) কিন্তু কেতিয়াবা নামৰ গ্লেমাৰ মূখ্য হৈ পৰে। প্ৰক্ৰিয়াটো এনেধৰণৰ, বাইদেউক মচালা অমলেট বনাবলৈ ক’লোঁ। অকণমান পিছত ফোন আহিল, অমলেট নহ’লগৈ, পেনখন নতুন, বহি উঠা নাই। মই ক’লোঁ:-

: একো নাই। ভাগি যোৱা টুকুৰাবোৰ ডিজাইনাৰ স্কুয়েৰ চাইজৰ বাউল এটাত লৈ চছ আৰু মিক্স হাৰ্বেৰে গাৰনিছ কৰক। অলপ ব্লাৰ পিক লওক, ফকাছ ৰাখক বেকগ্ৰাউণ্ড ক্ৰোকাৰীত।

ফ্ৰিটাটাত আশানুৰূপ নহয় অত্যধিক লাইক, কমেণ্ট আহিল। জোকে মোক বেছি জোৰেৰে ধৰিলে। ময়ো শৰণ লৈ থাকিলোঁ ইউটিউবৰ আৰু মোৰ সীমিত জ্ঞানবুদ্ধিপ্ৰয়োগ কৰি। এতিয়া লকডাউন যিমানেই দীঘলীয়া হ’ব ময়ো হেশটেগৰ মকৰাজালত মেৰ খাই গৈ থাকিমগৈ চাগে!

☆★☆★☆

6 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *