বিজ্ঞাপনৰ নাৰী আৰু নাৰীৰ ৰূপচর্চা- ৰ’দালি চেতিয়া
ভােল যাওঁ, বুর্বক সজাওঁ নিজকে বিজ্ঞাপনে মেলি দিয়া সেই ৰং-বিৰঙী পােহাৰত বিমুগ্ধ হৈ। বিজ্ঞাপনৰ সফলতা আচলতে সেইখিনিতেই; সেইখিনিতেই নিহিত হৈ থাকে ব্যৱসায়িক লাভা-লাভৰ অংকৰ মূল সূত্র। আমি বুজি নাপাওঁ, বুজাৰ প্ৰয়ােজনবােধেই নকৰোঁ অথবা বুজি পালেও সেই মায়াময় পৃথিৱীখনত আমি ইমানেই মােহাবিষ্ট হৈ থাকোঁ যে, সঁচা-মিছাৰ প্রভেদ অনুধাৱন কৰাটো আমাৰ বাবে হৈ পৰে দুৰূঢ়। এক কথাত আমাক অন্ধ কৰি তােলে বিজ্ঞাপন জগতখনৰ চকু চাট মাৰি ধৰা পােহৰে। ফলশ্রুতিত আমি হৈ পৰোঁ বিজ্ঞাপনে আমাক পৰিচয় কৰাই দিয়া বজাৰখনৰ নিত্য-নতুন সামগ্ৰীৰ অন্ধ অনুগামী।
মানুহ স্বাভাৱিকতে সৌন্দৰ্য প্রিয়। সেইবাবে নিজকো সুন্দৰ কৰি ৰখাৰ প্রৱণতাও অস্বাভাৱিক নহয়। বৰং নিজক ধুনীয়াকৈ উপস্থাপন কৰিব জনাটো একপ্রকাৰ কলা। কিন্তু সৌন্দৰ্যক আমি সংজ্ঞাৱদ্ধ কৰিছোঁ কিদৰে? বাহ্যিক দৃষ্টিত এখন ধুনীয়া মুখ আৰু এটি আকর্ষণীয় শৰীৰৰ অধিকাৰী হ’ব পৰাটোহে যেন সুন্দৰ হােৱাৰ প্ৰধান আৰু একমাত্র চর্ত! আৰু তেনে হ’বলৈকে গৈ কেৱল ছাল-চুলিৰ পৰিচৰ্য্যা আৰু দেহৰ ওজন কম-বেছি কৰাৰ কছৰতত পাহৰি পেলাইছোঁ স্বাস্থ্য আৰু মানসিক পৰিপুষ্টিৰ কথা। ফলত ভিতৰি ভিতৰি আমি হৈ পৰিছোঁ নিশকতীয়া আৰু লেহুকা; দেহাটোও হৈ পৰিছে নানানটা ৰােগৰ ভঁড়াল। কেৱল বাহ্যিক সুন্দৰতাৰে উজ্বলি উঠিবৰ বাবে ৰূপচর্চা কৰিছোঁ, বিজ্ঞাপনে চিনাকি কৰাই দিয়া ন ন প্রসাধন সামগ্রী বিচাৰি বজাৰখন চলাথ কৰিছোঁ। অৱশ্যে এইখিনিতে উল্লেখ নকৰিলে ভুল হ’ব যে, স্বাস্থ্য ৰক্ষাৰ বাবে প্রয়ােজনীয় বিবিধ সা-সামগ্ৰীৰেও বজাৰখন ভৰি আছে আৰু সেইসমূহৰ খা-খবৰ আমাক বিজ্ঞাপনেই দি আছে। কিন্তু ৰূপসজ্জা বা ৰূপচর্চাৰ জগতখনৰ কথা কিছু সুকীয়া।
প্রতি নাৰীৰ আসক্তি এনেও বেছি। নিজকে সজাই পৰাই ধুনীয়াকৈ থাকি নাৰীয়ে ভাল পায়। গতিকে কম-বেছি পৰিমাণে হ’লেও প্রসাধন অথবা ৰূপচর্চা নাৰীৰ দৈনন্দিন জীৱনৰ অপৰিহায্য অংশ বুলি ক’লে নিশ্চয় ভুল কোৱা নহ’ব। আচলতে ৰূপৱতী হােৱাৰ তাড়না নাৰীৰ সহজাত। ইয়াত ঋণাত্মক বুলিবলৈ একোৱেই নাই। কিন্তু সুন্দৰী হ’বলৈকে আজিৰ সময়ত বিজ্ঞাপনৰ জগতখনে দেখুওৱা অলীক স্বপ্নই একাংশ নাৰীক কিদৰে প্ৰভাৱিত কৰিছে সেয়া সঁচাকৈয়ে চিন্তনীয় বিষয়।
বিশেষকৈ নতুনকৈ যৌৱনত ভৰি দিয়া কিশােৰীসকলৰ মানসিক জগতখনত বিজ্ঞাপনৰ প্ৰভাৱ (বা কুপ্রভাৱ) কেনে হ’ব পাৰে সেয়া বিচার্য বিষয়। সাধাৰণতে এইছােৱা বয়সত কিশােৰী যুৱতীসকল কল্পনা আৰু স্বপ্নৰ দুনীয়া এখনত বাস কৰে। নিজৰ ৰূপ-লাৱণ্য অথবা সৌন্দৰ্য্যৰ প্ৰতিও হৈ থাকে অত্যন্ত সচেতন। সমবয়সীয়া আন ছােৱালীৰ শৰীৰৰ গঠন, ছালৰ বৰণ, উচ্চতা আদিৰ সৈতে নিজক তুলনা কৰি কেতিয়াবা হীনমন্যতাবােধতাে ভােগে তেওঁলােক। মুখমণ্ডলৰ শালমইনাকেইটাৰ পৰা আৰম্ভ কৰি দেহত জমা হোৱা অতিৰিক্ত মেদখিনিয়ে তেওঁলােকক অস্বস্তিত পেলায় বাৰুকৈয়ে। বহুক্ষেত্ৰত দেখা যায় নিজৰ শাৰীৰিক অৱয়ব অথবা সৌন্দৰ্যক লৈ অসুখী বহু কিশােৰীয়ে মানুহৰ সন্মুখত ওলাবলৈ বা মুখা-মুখিকৈ কথা-বতৰা পাতিবলৈও আত্মবিশ্বাস হেৰুৱাই পেলায়। তেনে এক অস্বস্তিকৰ অৱস্থাত তেওঁলােকক সপােন দেখুৱাই বিজ্ঞাপনৰ ৰঙীন জগতখনে। তেওঁলােকৰ মন আৰু দৃষ্টি কাঢ়ি নিয়ে টেলিভিছনৰ পর্দা অথবা আলােচনী, বাতৰি কাকতৰ পৃষ্ঠাত ওলােৱা মসৃণ ছাল-চুলিৰ সুগঢ়ী সুন্দৰীবােৰে। এৰা, তেওঁলােকৰ দৰে ধুনীয়া হ’ব পৰা হ’লে!!তেওঁলােকৰ দৰে ধুনীয়া হ’বৰ বাবেই কিশােৰী-যুৱতীহঁতে পাঁচমিনিট, এসপ্তাহ বা এমাহতে মাখনৰঙী ছাল, ৰেচমী চুলিৰ গৰাকীনি হ’ব পৰা বিধে বিধে ফে’চ-ক্রীম, ফে’চ ৱাচ্ছ, হেয়াৰ চেম্প’-কণ্ডিশ্যনাৰবােৰৰ মােহত পৰে। পৰাটোৱেই স্বাভাৱিক। বিজ্ঞাপনবােৰৰ উপস্থাপন শৈলীয়েই যে তেনেকুৱা! এইখিনিতে কৈ থােৱা উচিত যে, বিজ্ঞাপনৰ দ্বাৰা অৱগত হৈ নিজৰ দৰকাৰী সামগ্রীকেইপদ গােটাই লােৱাটো মুঠেই দোষজনক নহয়। কিন্তু বিজ্ঞাপনত প্রদর্শিত; বিশেষকৈ ৰূপচর্চাৰ সৈতে জড়িত বিজ্ঞাপনবােৰত যিসকল কমনীয়-আবেদনময়ী সুন্দৰী মডেল-অভিনেত্রীৰ ৰূপৰ পােহাৰ মেলা হয় সেইসকলৰ দৰে হােৱাৰ দিবাস্বপ্নত মগ্ন হৈ নিজৰ শাৰীৰিক অথবা মানসিক ক্ষতি কৰাটোহে অমূলক।
দেখা যায় যে, সৌন্দৰ্য চৰ্চাৰ সৈতে জড়িত প্রসাধন সামগ্রীবোৰৰ বিজ্ঞাপনত নাৰীদেহ এটাক মূৰৰ চুলিকোছাৰ পৰা আৰম্ভ কৰি ভৰিৰ তলুৱালৈকে যিমান পাৰি সিমান সুন্দৰ আৰু আকর্ষণীয় ৰূপত তুলি ধৰাৰ প্ৰতিযােগিতা চলে; য’ত নাৰী বা নাৰীৰ শৰীৰটোক বস্তু হিচাপেহে গণ্য কৰা হয়। উপস্থাপিতও কৰা হয় তেনেদৰেই। গতিকে ব্যৱসায়িক লাভা-লাভৰ উদ্দেশ্যৰে প্ৰচাৰিত ‘বিজ্ঞাপন’বােৰতাে মডেলগৰাকীক অর্থাৎ ‘বস্তু’টোক যথাসম্ভৱ চকুত লগাকৈ প্ৰদৰ্শন কৰা হয়; যাতে দর্শক বা গ্রাহক আকৃষ্ট হয় আৰু সেই নির্দিষ্ট ব্ৰেণ্ড বা কোম্পানীটোৰ সামগ্রী ক্রয় কৰিবলৈ আগ্ৰহী হৈ উঠে। আৰু এই আগ্রহৰ অন্তৰালতে নিহিত হৈ থাকে বিজ্ঞাপনত দেখুওৱা সুন্দৰীগৰাকীৰ দৰে সুন্দৰ হােৱাৰ হাবিয়াস। এই হেঁপাহ আৰু হাবিয়াসৰ জন্ম দিব পৰাকৈ বিজ্ঞাপনবােৰ নিঃসন্দেহে সক্ষম আৰু সফল। নহ’লেনাে বিশ বা ত্রিশ ছেকেণ্ডৰ ভিডিঅ’ এটাৰ চমকণিত অথবা কাকত-আলােচনীত দেখিবলৈ পােৱা একোখন ছবি আৰু দুশাৰীমান বাক্যই কিদৰে আমাক প্রলােভিত কৰিব পাৰে? কিদৰে প্ৰৰােচিত কৰিব পাৰে সেই নির্দিষ্ট বস্তুবিধৰ শৰণাপন্ন হ’বলৈ?
এনেবােৰ প্ৰশ্নৰ উত্তৰ বিচাৰি চোৱাৰ প্ৰয়ােজনবােধ আমি খুব কমেই কৰোঁ। কাৰণ বিজ্ঞাপনত আমি যি দেখোঁ তাকেই অনুসৰণ কৰোঁ, বিজ্ঞাপনে আমাক যি কয় তাকেই সত্য বুলি বিশ্বাস কৰোঁ। সেইবাবেই আমি বগা হ’বলৈ কিনি আনাে ফেয়াৰনেছ ক্রীম, ছালৰ দাগ আঁতৰাবলৈ বা ছাল মিহি কৰিবলৈ ব্যৱহাৰ কৰোঁ নির্দিষ্ট ব্রেণ্ডৰ চাবােন নতুবা স্কীণ টনাৰ, ক্লীণজাৰ ইত্যাদি। এইবােৰৰ সুফল নামমাত্রও নাই বুলি ক’লে সমূলি ভুল হ’ব। একেদৰে বিজ্ঞাপনবােৰ অনর্থক বুলিও ক’ব নােৱাৰোঁ। বিজ্ঞাপনৰ দ্বাৰা আমি আমাৰ দৰকাৰী বস্তুবােৰৰ সৈতে চিনাকি হৈছোঁ, ব্যৱহাৰ কৰিছোঁ, তাৰ ফল ভােগ কৰিছোঁ। এইক্ষেত্ৰত ক’বলগীয়া কাৰাে একো থাকিব নােৱাৰে। কিন্তু বহুক্ষেত্ৰত আমাক আভূৱা ভাৰি থকা এই জগতখনৰ সত্যতা সম্পর্কে আমি বাৰু কিমান সচেতন?
পৰাকৈ। আৰু তাকে দেখি আমাৰ কোমলবয়সীয়া কিশােৰী-যুৱতীসকলে নিজকো তেনে সাঁচত গঢ়িবলৈ গৈ নিজৰ শৰীৰৰ ক্ষতি সাধন কৰিছে। বিজ্ঞাপনৰ মডেলৰ দৰে ক্ষীণাংগী, আৱেদনময়ী, লাহী-পাহি হােৱাৰ বাসনাত খােৱা-বােৱাৰ ক্ষেত্ৰত হীন-দেঢ়ি কৰি বেমাৰ চপাই লৈছে, এটাৰ পাছত আন এটা ব্ৰেণ্ডৰ প্রসাধন সামগ্রী ব্যৱহাৰ কৰি নিজৰ প্ৰাকৃতিক সুন্দৰতাখিনিৰাে ক্ষয়-ক্ষতি কৰিছে। কেৱল সেয়ে নে; ইমানৰ পাছতাে কল্পনা কৰাৰ দৰে দেখনীয়াৰ হ’ব নােৱাৰি মানসিকভাৱেও দুর্বল হৈ পৰিছে।
এৰা, বিজ্ঞাপনৰ এই মায়াময় জগতখনে আমাক এনেকৈ মােহাচ্ছন্ন কৰি ৰাখিছে যে, আমি বহু সময়ত ভাবিয়েই নাচাওঁ দৈনিক কোটি কোটি টকা উপার্জন কৰা এই মডেল-অভিনেত্রীবােৰে সঁচাকৈয়ে পাঁচটকীয়া ফেয়াৰনেছ ক্ৰীমৰ টিউব ব্যৱহাৰ কৰেনে? নে মূৰৰ উফি গুচাবলৈ এটকীয়া চেম্পোৰ পেকেট? কথাবােৰ হাস্যকৰ। তথাপি আমি বিশ্বাস কৰোঁ। বিশ্বাস কৰােৱায় আমাক বিজ্ঞাপনে। সি যি কি নহওক, এই সঁচা-মিছাবােৰৰ মাজৰ পৰাই আমি আমাৰ প্ৰয়ােজনীয়খিনি বাছি ল’ব লাগিব, ব্যৱহাৰাে কৰিব লাগিব দৈনন্দিন জীৱনত। মাথোঁ নিজক বুর্বক অথবা মূৰ্খ নসজালেই হ’ল।
2:35 pm
ভাল লাগিল
।
7:49 pm
সুন্দৰ বিশ্লেষণ ।