ফটাঢোল

ভিক্ষাৰী- দিপাংকৰ দত্ত

চোতালৰ গছজোপাতে চাইকেলখন আঁউজাই ৰমাকান্ত হাজৰিকাই ইফালে সিফালে চাই মুখত কৃত্ৰিম হাঁহি এটা মাৰি ভিতৰলৈ বুলি খোজ দিলে। ৰ’ব, হাঁহি মৰা দেখি আপুনি নাভাবিব যে হাজৰিকা কোনোবা মিতিৰৰ ঘৰলৈ আহিছে, হাজৰিকাৰ ভাষাত হাজৰিকা আহিছে এখন বজাৰলৈ, অৰ্থাৎ আমি যাক ভদ্ৰ ভাষাত অফিচ বুলি কওঁ; হাজৰিকাই এই ছমাহতে পেঞ্চনৰ বাবে তাঁতবাতি কৰি ইয়াক অফিচ নুবুলি বজাৰ বুলিব যে পাৰি, অন্ততঃ সেইকণ জ্ঞান আহৰণ কৰি লৈছে।

অফিচৰ বাৰাণ্ডাত উঠিয়েই এইবাৰ হাজৰিকাই সমগ্ৰ পৰিৱেশ অধ্যয়নৰ এক চেষ্টা চলালে। এই পৰিৱেশ অধ্যয়ন নকৰাৰ ফল হাজৰিকাই পূৰ্বতে পাই থৈছে। এবাৰ হাজৰিকাই পূৰ্ব অধ্যয়ন নকৰাকৈ কেৰাণী মহী তালুকদাৰৰ টেবুলত গৈ নিজৰ ফাইলটোৰ কথা সোধোতে যিহে ধমক খাই ওলাই আহিছিল আজিও মনত পৰিলে হাজৰিকাৰ আগবঢ়োৱা ভৰি কোঁচ খাই আহে। পিছতহে হাজৰিকাই ভোলা চকীদাৰৰ পৰা জানিছিল যে তালুকদাৰে সেইদিনা পুতেকৰ লগত কাজিয়া লাগি অফিচলৈ  আহিছিল। এই যে চকীদাৰ ভোলা, পূৰ্ব অধ্যয়নত ই এটা গুৰুত্বপূৰ্ণ ফেক্টৰ। ইয়াক হাতত কাবু কৰিব পাৰিলে বহুখিনি সহজ হৈ পৰে। সেই আশাৰেই হাজৰিকাই বাৰাণ্ডাত থিয় হৈ খোঁচনিৰ পৰা তামোলৰ হাঁচতিখন উলিয়াই ভোলাক দেখে নেকি ইফালে-সিফালে চালে। আশা কৰা ধৰণেৰে ভোলা আহি  তামোলৰ আগত উপস্থিত। ভোলাক তামোল দিয়াৰ সময়তে হাজৰিকাই ইংগিতেৰে পৰিৱেশ কেনেকুৱা সুধিলে। ভোলাই তামোলখনৰ ধাৰ শুজি ইংগিতেৰে  পজিটিভ দেখুৱাই খুব ব্যস্ততাৰে সন্মুখৰ দোকানখনলৈ ওলাই গ’ল। এইখিনি সময়ত ভোলাই এনে ব্যস্ততা দেখুৱাই যেন গোটেই অফিচৰ ফাইলসোপা তাৰ চহীটোলৈহে ৰৈ আছে। স্কুলবিলাকৰ মাষ্টৰবোৰেও কিন্তু ভোলাক যথেষ্ট সমীহ কৰি চলে। আনকি যিজন প্ৰতাপী হেডমাষ্টৰে নিজৰ সহকৰ্মীৰ আগত দপদপাই ফুৰে তেনে হেডমাষ্টৰো এই জিলা শিক্ষা বিষয়াৰ অফিচত আহি ভোলাৰ আগত লেতুসেতু হৈ ঘূৰি ফুৰা হাজৰিকাই নিজেই দেখিছে। ভোলাৰ পাৱাৰ দেখি মাজে মাজে হাজৰিকাৰ নিজৰ চাকৰিটোৰ ওপৰতে খং উঠে, মনে মনে নিজকে ভোলাৰ ঠাইত কল্পনা কৰিও চাইছে। সেইসময়ত হাজৰিকাৰ নিজৰে কিবা চুপাৰমেন টাইপ ফিলিং এটা আহে। এইবাৰ হাজৰিকাই তালুকদাৰৰ ৰূমৰ পৰ্দাখন সামান্য ডাঙি ভিতৰলৈ চালে, ইতিমধ্যে ভিতৰত দুজন কাষ্টমাৰ তালুকদাৰৰ লগত বহি কথা পাতি আছে আৰু তাৰে এজনে পকেটৰ পৰা কিবা এটা উলিয়াই তালুকদাৰৰ হাতত দিছে। তালুকদাৰেও হাঁহি এটা মাৰি বস্তুটো নিজৰ পকেটত ভৰাই টেবুলৰ ফাইলবোৰৰ মাজৰপৰা ফাইল এটা উলিয়াই কাষ্টমাৰ দুজনক অভয়বাণী দিছে যে, দুই-এদিনতে কামটো হৈ উঠিব। হাজৰিকাই ছমহীয়া অভিজ্ঞতাৰে ইতিমধ্যে বুজি উঠিছে যে এই সময়ত বিশেষকৈ বহনী সময়ত তালুকদাৰে অন্য মানুহৰ উপস্থিতি একেবাৰেই বেয়া পায়। গতিকে হাজৰিকা কিছুসময় বাহিৰতে অপেক্ষা কৰি ৰ’ল। মানুহ দুজন ওলাই অহাৰ পিছত হাজৰিকা তালুকদাৰৰ ৰূমলৈ সোমাই গ’ল। সোমায়েই হাজৰিকাই তালুকদাৰৰ টেবুলৰ সন্মুখৰ চকীখনত নোকোৱাৰ আগতেই বহি পৰিল; কাৰণ হাজৰিকাই জানেই যে তালুকদাৰে কোনোদিন বহিবলৈ নকয় আৰু বহি কথাষাৰ নপতালৈকে হাজৰিকাৰ শান্তি নালাগে। হাজৰিকাই পাৰ্যমানে কোমলকৈ মাতষাৰ উলিয়াই সুধিলে, “ছাৰ, ভালনে?” কেৰাণী তালুকদাৰে  তেওঁক মাষ্টৰবোৰে ছাৰ বুলি নামাতিলে খুৱ বেয়া পায়, এক কথাত অফেণ্ডেড্  হয়। তালুকদাৰে তলৰ মূৰ ওপৰ নকৰাকৈয়ে খুব ব্যস্ততাৰে ফাইলসমূহ চাই আছে যেন টেবুলত বছৰৰ পাছত বছৰ ধৰি জমা হোৱা ফাইলবোৰ আজিয়েই শেষ কৰিব। প্ৰায় দহমিনিটমান সময় হাজৰিকা মাত-বোল নোহোৱাকৈ বহি থাকিল। এই দহমিনিট সময় হাজৰিকাৰ অৱস্থাটো চাকৰিৰ ভাইভাত বহি থকাৰ দৰে হয়। কিছু সময়ৰ পিছত তালুকদাৰে হাজৰিকা যে তেওঁৰ সন্মুখত বহি আছে তেওঁ যে কামৰ প্ৰেছাৰত গমেই পোৱা নাই এনে ভাব দেখুৱাই ক’লে, “অ’ হাজৰিকা দেখোন, আপোনাৰ কামটো হোৱাই নাই নহয়, পিছত আহিব”। এইখিনি সময়তে হাজৰিকা দোধোৰ-মোধোৰত পৰে, এই যে পিছত আহিবলৈ ক’লে, পিছত মানে কোন তাৰিখে বা কোন বাৰে তালুকদাৰক সুধিব নে নোসোধে! সুধিলেও তালুকদাৰে ভেকাহি মাৰি ক’ব, মই কি কেৱল আপোনাৰ কাম কৰিম বুলি ইয়াত বহি আছোঁ নেকি? গতিকে নোসোধাকৈ অনিশ্চয়তাৰেই হাজৰিকা ৰূমৰ পৰা ওলাই আহিল।

গছত আঁউজাই থোৱা চাইকেলখন লৈ হাজৰিকা পিঠিত জুনমহীয়া চোকা ৰ’দটো বান্ধি পুনৰ ঘৰৰ অভিমুখে ৰাওনা হ’ল। ঘৰ আহি পাই বাৰাণ্ডাৰ চকীখনতে হাজৰিকা অলসভাবে বহি পৰিল। কিছু সময় পিছত ভিতৰলৈ চাই হাজৰিকানীক চিঞৰি মাতিলত হাজৰিকানী ভিতৰৰ পৰা ওলাই আহিল।

– আপুনি কেতিয়া আহিল?

– হ’ল অলপ সময়।

– কাম হ’ল জানো?

হাজৰিকানীয়ে বিশেষ আশা নকৰাকৈয়ে গতানুগতিক ভাবে এনেকৈ সুধিলে যেন হাজৰিকাই উত্তৰ দিয়াৰ কোনো প্ৰয়োজন নাই।

হাজৰিকাই উত্তৰ নিদি কিছু সময় পিছত ক’লে

– হেৰা চাহ একাপ দিয়া।

হাজৰিকানীয়ে ভিতৰলৈ গৈ কিছু সময় পিছত হাতত চাহকাপ লৈ  ওলাই আহি হাজৰিকাক চাহকাপ দি ওচৰতে বহি ল’লে। চাহ খাই থকাৰ মাজতে হাজৰিকানীয়ে তামোল কাটি-কাটিয়েই মাত লগালে,

-হেৰি কাম এটাকে নকৰেনো কিয়! ৰমা বামুণৰ ঘৰলৈকে গৈ মঙলখন চোৱাই আহকগৈচোন, ক’তবা আপোনাৰ ফাইলটো ফছি আছে। কিজানিবা কিবা সমাধান ওলায়েই!

 হওঁতে হাজৰিকা হাইস্কুলৰ বিজ্ঞানৰ শিক্ষক আছিল যদিও পানীত সাঁতুৰিব নজনা মানুহে যিদৰে খেৰকুটাকে সাৱটি ধৰি বাচিবলৈ চেষ্টা কৰে হাজৰিকানীৰ উপায়টোৱেও হাজৰিকাৰ মনত তেনে আশাৰেই সঞ্চাৰ কৰিলে। হাজৰিকানীক হা-না একো নক’লে যদিও চাহ কাপ খায়েই হাজৰিকা চাইকেলখন লৈ ৰমা বামুণৰ ঘৰৰফালে ওলাই আহিল।

ৰমা বামুণৰ অঞ্চলটোত এটা নাম আছে। গাঁৱৰ মানুহবোৰে কোৱাকুই কৰে বোলে ৰমা বামুণে মঙল চাই নদীৰ তলত থকা বস্তুও ক’ত আছে ক’ব পাৰে। হাজৰিকা গৈ ৰমা বামুণৰ পদূলিত ৰৈ দেখে দহ-বাৰখনকৈ চাইকেলেৰে ইতিমধ্যে ৰমা বামুণৰ পদূলি পূৰ্ণ কৰি ৰমা বামুণৰ খ্যাতিৰ প্ৰমাণ ডাঙি আছে। চাইকেলবোৰৰ মাজতে হাজৰিকাই নিজৰ চাইকেলখন সুৰক্ষিত কৰি ৰাখি ঘৰৰ ভিতৰলৈ সোমাই গ’ল। হাজৰিকাক দেখি ৰমা বামুণে আথে-বেথে বহিবলৈ দি অহাৰ কাৰণ সুধিলে। হাজৰিকাই বিৱৰি কোৱাত ৰমা বামুণে অলপ সময় তভক মাৰি ভিতৰলৈ গৈ কাঠি কেইডালমান লৈ ওলাই আহি পুনৰ হাজৰিকাৰ ওচৰত বহি গণনা কৰাত লাগিল। গণনা কৰাৰ মাজে মাজে ৰমা বামুণে নিজৰ সফলতাৰ নিদৰ্শনসমূহো হাজৰিকাৰ আগত দাঙি গ’ল, এনে এটা ভাবত যাতে ইয়ালৈ আহিছে যেতিয়া হাজৰিকা এতিয়া নিশ্চিন্ত মনে থাকিব পাৰে। অলপ সময় পিছত কিছু চিন্তিত মনে ৰমা বামুণে কপাল কোঁচ খুৱাই-খুৱাই ক’লে,

– বুইছে হাজৰিকা, ক’ত আপোনাৰ ফাইল ওলাব! বহুত বাধা আছে।

হাজৰিকাই সেপঢুকি সুধিলে,

– দেউ উপায় কি?

– আপুনি এটা ক’লা ছাগলী বামুণক দান দিব লাগিব আৰু তিনিজন ভিক্ষাৰীক  ঘৰত এসাঁজ খুৱাব লাগিব তেহে আপোনাৰ ফাইলটো লৰচৰ কৰিব, ৰমা বামুণে ক’লে।

নিজৰ ফিজটো বামুণলৈ আগবঢ়াই হাজৰিকা চিন্তিতমনে বামুণৰ ঘৰৰ পৰা ওলাই আহিল। বস্তুখিনি যোগাৰ কৰাত হাজৰিকাৰ বিশেষ চিন্তা কৰিবলগীয়া নাই, আৰু ক’লা ছাগলীজনীও যে ৰমা বামুণকে দিব লাগিব তাৰো ইংগিত ৰমা বামুণে হাজৰিকাক দি পঠাইছে যেতিয়া সেইটোৰো হেস্ত-নেস্ত হ’ল বুলিবই পাৰি কাৰণ বামুণৰ মতে গাঁৱৰ বাকীবোৰ মানুহে তেওঁৰ তাতেই দানসমূহ দিয়ে যেতিয়া হাজৰিকাইনো কোনসতে বেলেগক বিচাৰি ফুৰিব। চিন্তাৰ প্ৰধান কাৰণটো হ’ল তিনিজন ভিক্ষাৰী বিচৰা। এইহেন “সৱ কা সাথ সৱ কা বিকাশৰ”  দিনত লাগ বুলিলেই তিনিজনকৈ ভিক্ষাৰী ক’ত পায়। সকলোতে বিনামূলীয়া চাউলৰ উভৈনদী, এনেহেন পৰিৱৰ্তনৰ দিনত তিনিটাকৈ ভিক্ষাৰী পোৱাটো যে মামুলী কথা নহয় বা এক কথাত অমিতাভ বচ্চনৰ ডন চিনেমাৰ “মুস্কিল হি নহী নামুনকিন হেয়” ডায়লগটোৰ নিচিনা কথা বুলি হাজৰিকাই অনুভৱ কৰিব পাৰিছে।

ঘৰলৈ আহিয়েই হাজৰিকাই গোটেইখিনি ভাঙি পাতি কৈ এতিয়া তিনিজন ভিক্ষাৰী ক’ত পাওঁ বুলি স্বাগতোক্তি কৰিলে। হাজৰিকানীয়ে কথাটো শুনিয়েই মিচিকিয়াই হাঁহি ক’লে-

– অ’ আই, এইটোনো কি সমস্যা হে। কিয় আপুনি জানো কৈ নাথাকে আপোনাৰ পৰা তালুকদাৰ, কাকতি, ভোলাহঁতে সদায় পইচা-পাতি খুজি থাকে। তেন্তে সিহঁততকৈ উৎকৃষ্ট ভিক্ষাৰী আৰু ক’ত বিচাৰি পাব! আৰু এটা কথা ইমান ষ্টেণ্ডাৰ্ড  ভিক্ষাৰী আহিলে ডাইনিং টেবুলত খুৱাইও বেয়া নালাগিব দিয়কচোন।

হাজৰিকানীয়ে ইমান সহজতে সমাধানটো দিয়া দেখি হাজৰিকাৰ মনটো কিবা মুকলি মুকলি লাগিল। হাজৰিকানী যে ইমান স্মাৰ্ট ভাৱিয়েই হাজৰিকাৰ বুকুখন ফুলি উঠিল। এৰা হয়তো, সন্মুখতেই আছিল ভিক্ষাৰীকেইটা তেওঁহে মন কৰা নাছিল। হাজৰিকানীলৈ চাই হাজৰিকাই ক’লে

– হেৰা, মই কাইলৈ অফিচলৈ গৈ তালুকদাৰহঁতক মংগলবাৰে এসাঁজ খাবলৈ মাতি থৈ আহিম, তুমি মাত্ৰ বজাৰৰ লিষ্টখন মোক দিবা।

 কথাষাৰ কৈয়ে হাজৰিকাই তালুকদাৰহঁতক আকৌ এবাৰ ভিক্ষাৰী ৰূপত ভাবিলে আৰু লগে লগেই তেওঁৰ মুখত সন্তুষ্টিৰ হাঁহি এটা বিয়পি পৰিল।

☆ ★ ☆ ★ ☆

11 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *