নমতা বিয়া খাবলৈ গৈ হোৱা লটিঘটি-অগ্নিভ দত্ত
তেতিয়া আমি কটন কলেজৰ প্ৰথম বৰ্ষৰ ছাত্ৰ৷ এছ আৰ বি মানে ছেকেণ্ড মেছৰ আবাসী৷
ৰাতিপুৱা শুই উঠি মুখত ব্ৰাছদাল লৈ এটা ক’ৰিদৰৰ পৰা আনটো ফালে থকা পানীৰ টেপটোলৈ খোজকাঢ়ি গৈ আছোঁঁ৷ অলপ পাছত দেখোঁ নটিছ বৰ্ডৰ ওচৰত বিৰাট ভিৰ৷ সাধাৰণতে সেইখিনিত ভিৰ হ’লে গম পাওঁ- ধুমকেতু ওলাইছে৷ ধুমকেতু মানে হ’ল লেটনাইট ওলোৱা ৱাল মেগাজিন৷ কোনে উলিয়াই, কোনে লিখে একো গম নোপোৱাকৈ ওলায় সেই মেগাজিন৷ কোনোবাটোৰ প্ৰেমকাহিনী, কাৰোবাৰ বিৰহৰ কাহিনী কাৰোবাক কামোৰ বা কেতিয়াবা প্ৰাপ্তবয়স্কৰ বাবে লিখা মুখৰোচক কথাৰে ভৰ্তি থাকে এই ধুমকেতু৷ গতিকে ধুমকেতু ওলালে পঢ়ি ৰস লোৱা মানুহ যথেষ্ট গোট খায়৷ ধুমকেতু বুলিয়েই গৈ দেখোঁ তাত সেয়া একো ধুমকেতু নাই৷ কি হ’ল কথাটো বুলি দাঁত ব্ৰাছ কৰি কৰি নোটিছ বৰ্ডৰ ওচৰ পাই দেখোঁ কথা সাংঘাতিক৷ কেনেকৈ হ’ব পাৰে এইহেন ঘটনা৷ আকৌ এবাৰ চকু-তকু মোহাৰি ল’লোঁঁ৷
আৰে ঠিকেই দেখিছোঁঁ দেখোন৷ এছ কে ৰয়ৰ জীয়েকৰ বিয়া৷ এছ কে ৰয় মানে হ’ল আমাৰ হোষ্টেলৰ সন্মুখৰ প্ৰকাণ্ড জুৱেলাৰীখনৰ মালিক৷ হয়তো সেইসময়ত অসমৰ সকলোতকৈ ডাঙৰ নহ’লেও ডাঙৰবিলাকৰ ভিতৰত এখন আছিল সেই জুৱেলাৰীখন। জুৱেলাৰী আৰু ঘৰ একেলগে৷ আৰু সেই এছ কে ৰয়ৰ জীয়েকৰ বিয়ালৈ গোটেই হোষ্টেলক নিমন্ত্ৰণ জনাইছে৷ আকৌ এবাৰ ওচৰলৈ গৈ নোটিছ বৰ্ডত ওলমি থকা বিয়াৰ ইনভিটিছন কাৰ্ডখন চুই চালোঁঁ৷ ঔৱা সঁচাই বিয়াৰ কাৰ্ড৷ ধুনীয়া কাৰ্ডখন আকৌ এবাৰ চুই চালোঁ আমি আটাইবোৰে এটা এটাকৈ৷ তেতিয়াহে মন কৰিলোঁ ইমান দিনে ভানুৰ জীয়েক ভানুৰ জীয়েক বুলি ৰাতি হোষ্টেল বাৰান্দাৰ পৰা চিঞৰ মৰা ছোৱালীজনীৰো ধুনীয়া নাম এটা আছে৷ ভানু মানে হেনো এছ কে ৰয়ৰ মানুহগৰাকীৰ নাম৷
কোনে কেনেকৈনো সেই নাম উলিয়াই আনিলে ৰয়ৰ ঘৰৰ পৰা সেয়াহে কেতিয়াও গম নেপালোঁঁ৷ যি কি নহওক তাৰ পাছতে ভাবিলোঁ নাম ছে ক্যা মতলব৷ বিয়া খোৱাটোহে মেইন কাম৷
ইতিমধ্যে ল’ৰাবোৰৰ মাজত হুৱা-দুৱা লাগিলেই৷ কি পিন্ধিম কি নিপিন্ধিম চিন্তা চৰ্চা কৰি তত নোপোৱা হৈছে সকলোৱেই৷ ইমান ডাঙৰ বিয়া গতিকে কাপোৰ-কানিৰো ষ্টেনৰ্দাদ এটাতো মোটামুটি থাকিব লাগিব৷ কোনোবাই কাপোৰ ইষ্ট্ৰি কৰিবলৈ ওলাল৷ কোনোবাই বেলেগ হোষ্টেলৰ লগৰ ল’ৰাৰ পৰা ভাল কাপোৰ গোটাবলৈ গ’ল৷ কোনোবা দুটামানহেনো এল জিৰ ঘৰ পৰ্য্যন্ত পাইছিলগৈ জেকেট কোট গোটাবলৈ৷ মুঠতে হাঁহাকাৰ অৱস্থা৷
দিনটোৰ ব্যস্ততা আগ্ৰহ সকলোবোৰ অন্ত পেলাই সেই অপেক্ষাৰত মুহূৰ্তটো পালেহি৷ সেই বছৰ বছৰ ধৰি ৰৈ থকা বিয়াখন খাবলৈ সাজু হ’লোঁঁ৷ বছৰ বছৰ ধৰি মানে ৰয়ৰ ঘৰলৈ কেতিয়াও কাকো মানে হোষ্টেলৰ কাকো একো এটা অনুষ্ঠানতে মতাৰ কোনো ৰেকৰ্ড নাছিল বোলে৷
গতিকে এইবাৰ হোষ্টেল একদম উদুলি-মুদুলি৷ তেনেকুৱাতে কোনোবা এটাই আহি ক’লে,
: এটা কথা, গোটেইসোপা খাবলৈ নোপোৱাৰ নিচিনাকৈ একেলগে যোৱাটো ভাল নহ’ব নেকি?
: অ’ অ’ ঠিকেই কৈছ৷
এই বুলি তপৰাই ৰাজীৱে মাত দিলে৷
: আমি গ্ৰুপ বনাই বনাই যাম৷ দেখিবলৈও বেয়া নেদেখিব। কেতিয়া খাম কেতিয়া ওলাই আহিম গমেই নাপাব৷
লগে লগে একদম ছলিউচনো উলিয়াই দিলে ৰাজীৱে৷
সেইদিনা সম্ভৱ বুধবাৰ আছিল৷ সাধাৰণতে হোষ্টেলত বুধবাৰে ভাতৰ লগত মাংস থাকে৷ একেকোবেই মাংস বুলি ক’লে বেয়া দেখি মাংসৰ পানী আৰু লাক ভাল থাকিলে দুটুকুৰা মাংস৷ তথাপিও সেই বাতি মাংস খাবলৈ আমি গধূলিৰ পৰা খাপ পিতি থাকোঁ আৰু হোষ্টেলত কোন নাই সেইদিনা খবৰ পুৰা পাক্কা থাকে৷ কাৰণ নথকাটোৰ বাতিটো সেইদিনা বেলেগে হজম কৰিব পাৰে৷
কিন্তু সেইদিনা হঠাত পৰিস্থিতি সলনি হৈ গ’ল৷ ঐ মোৰ বাতি কোনোবাই খাবি নেকি? ইটোৱে সিটোক নিজৰ মাংস বাতি আগবঢ়াই দিছে কিন্তু বাতি লোৱা মানুহ নাই। ইফালে আমাৰ ওপৰৰ বেটছৰ কেইজনমানে হায়াৰ চেকেণ্ডেৰীহেন পৰীক্ষাও বাদ দি দিছে ৰয়ৰ ঘৰৰ বিয়া খোৱাৰ নামত৷ পিছদিনা পৰীক্ষা, কিন্তু কাৰো খবৰেই নাই, ধান্দা কেৱল বিয়া খোৱাত৷
ইতিমধ্যে সাজিকাচি এটা দুটাকৈ আহি হোষ্টেলৰ সন্মুখৰ টেবুল টেনিছ বৰ্ডখনৰ ওচৰতে গোট খাইছেহি৷ আগফালৰ লাইট চাইট বন্ধ কৰি দিয়াত গোটেইখন আন্ধাৰ মুন্ধাৰ হৈ পৰিছে৷ হোষ্টেলৰ গেট গধূলিয়েই বন্ধ কৰি দিয়া হয় যাতে কোনোৱেই মনিটৰ/চুপাৰৰ পাৰমিছন নোলোৱাকে হোষ্টেলৰ পৰা ওলাই যাব নোৱাৰে৷ কিন্তু গেট বন্ধ থাকিলে কি হ’ব? বহু বছৰৰ আগতে কোনোবা পালোৱানে গেটৰ কাষৰ লোহা দুডাল টানি ইমান ধুনীয়াকৈ ফাঁক কৰি থৈছে যে অকনমান ইকাটি-সিকাটি হৈ একে কোবে হোষ্টেলৰ ইটোফাল ওলাব পাৰি৷ ৰাতি মনে মনে চিনেমা চাবলৈ যোৱা, ৰেল ষ্টেচনত চাহ খাবলৈ যোৱাৰ ৰাষ্টাও সেইটোৱেই আমাৰ৷
যি কি নহওক প্ৰথম বেটছত আমি সাতটা মান ওলালোঁ সেই লোহাৰ ৰডৰ ফাঁকেৰে৷ ৰাষ্টাটো পাৰ হ’লেই বিয়া ঘৰ৷ আকৌ এটাৰ ফান্দা,
: আব্বে ডাইৰেক্ট সোমাই গ’লে ভাল নালাগিব নেকি! এনেই একপাক সেইফালৰ পৰা মাৰি আহি সোমাওঁঁ৷
অকনমান ইফালে গৈয়ে ঘূৰি আহি টিপটপ বিয়া ঘৰৰ গেট পালোঁগৈ৷ গেটৰ মানুহজনৰ লগত নমস্কাৰ আদান প্ৰদান কৰি দ্বিতীয় মহলালৈ উঠিবলৈ ধৰিলোঁঁ৷ বিয়াখন দ্বিতীয় মহলাত পাতিছে৷ আমিকেইটা ভাগ ভাগ হৈ বহিলোঁ গৈ মানুহৰ মাজত৷ ৰাজীৱৰ আকৌ নতুন আইদিয়া হোষ্টেলৰ পৰা অহা যেন নেদেখুৱাওঁ মানুহক। সিয়েই আৰম্ভ কৰিলে আমাৰ ফালে চাই মানুহে শুনাকৈ,
: বুইছ সেইকাৰণেই ফ্লাইটত আহিবলৈ বেয়া পাওঁ।
কি ফ্লাইট, কি কথা আমি পাত্তাই পোৱা নাই৷ সেইসময়তে কইনাৰ ককায়েকে হাত যোৰ কৰি মানুহক মাত লগাই লগাই আমাৰ ওচৰ পাই আমাকো নমস্কাৰ দি ক’লে,
: আপোনালোক হোষ্টেলৰে নহয় জানো? ভালদৰে খাই-বৈ যাব দেই। বহক৷
ইটোৱে সিটোৰ মুখলৈ চাই হ’ব হ’ব বুলি ৰাজীৱকো ফ্লাইটৰ ফাণ্ডা সিমানতে সামৰিবলৈ ইংগিত দিলোঁঁ৷
অলপ পাছত খাবলৈ মতাত গোটেইকেইটা গলোঁ। খোৱা পাতত ইতিমধ্যে আমি ভবাতকৈও বেছি বস্তুৰে ভৰি পৰিছে৷ খাবলৈ লৈহে মন কৰিলোঁঁ ৰাতিপুৱালৈকে জণ্ডিছ হোৱাৰ কাৰণে বইল খাই থকা লক্ষ্মীয়ে একান্তমনে চিকেন লেগ-পিচ চোবাব লাগিছে৷
ৰাজীৱে তালৈ চাই ক’লে
: ঐ তোৰ দেখোন জণ্ডিছ হৈ আছিল? ইয়াত চিকেন মাৰি দিছ যে?
: ধেই জণ্ডিছ ভালহৈ গ’ল আজিৰ পৰা৷
একান্তমনে লেগ-পিচ চোবাই চোবাই লক্ষ্মীয়ে উত্তৰ দিলে৷
আমাৰ ভালদৰে খোৱা বোৱা হোৱাৰ পাছত বিয়া ঘৰৰ পৰা বিদায় ল’লোঁ বৰ বেছি পলম নকৰাকৈ, কাৰণ ৰাইজ বহুত আহিবলৈ বাকী৷
হোষ্টেল আহি পোৱাৰ পাছত যেতিয়া বিয়াৰ ইলাহী কাৰবাৰ শুনিলে তাৰপাছত সৰু সৰু গ্ৰুপ-চ্ৰুপ বাদ দি জাকে জাকে ল’ৰা গৈ বিয়া ঘৰ সোমাবলৈ ধৰিলে। ইতিমধ্যে বিয়াৰ খবৰ বাকী হোষ্টেললৈও বিয়পি পৰাত সেইবোৰৰ পৰাও এটা-দুটাকৈ ল’ৰা আহিব ধৰিলে৷
বিয়াঘৰত বেলেগ আলহীতকৈ হোষ্টেলৰ ল’ৰাৰ সংখ্যা বেছি হ’বলৈ ধৰিলে লাহে লাহে৷ প্ৰথম চেকেণ্ড বেটছত খোৱা ল’ৰাই আকৌ এবাৰো মাৰি আহিবলৈ ধৰিলে৷
ইফালে বিয়া ঘৰত হাঁহাকাৰ লাগো লাগো অৱস্থা; ইমানবোৰ ল’ৰাক খোৱাবলৈ হ’লে বাকী বিয়ালৈ অহা মানুহলৈ খাদ্যৰ টনা-টনি লগাৰ চান্স বেছি৷ চেকেণ্ড টাইম খাবলৈ যোৱা দেৱজিতক হঠাৎ আহি কইনাৰ ককায়েকে একাষৰীয়াকৈ মাতি আনিলে৷ মাতি আনি তাক লাহেকৈ হাতযোৰ কৰি ক’লে,
: মানে আমিতো মানে বহুত মানুহৰ কাৰণে বিয়াখন আয়োজন কৰা নাছিলোঁ। আৰু ল’ৰা নাহিলে ভাল আছিল৷
ইফালে বাকী তাত থকা ল’ৰাবোৰৰ মাজত বুবু-বাবা লাগিছে কি হ’ল কিয় দেৱজিৎক মাতিছে ককায়েকে বুলি? যেতিয়াই শুনিলে বিয়াত বেছি ল’ৰা যোৱাত ভাল পোৱা নাই কইনা ঘৰে, কেইটামানে লগে লগে গুজৰি উঠিলেই নহয়৷ কেইটামানৰ তাতো ফাণ্ডা,
: আমি থোৰে বিয়া খাব আহিছোঁঁ, আমিতো আমাৰ বাইদেউক শুভকামনা যাচিবলৈহে আহিছোঁ৷
হুলস্থূল লাগিয়েই গ’ল হঠাতেই গোটেইখন। ইফালে ৰয়ৰ ঘৰৰ মানুহে হাতযোৰ কৰি সকলোকে ঠাণ্ডা হ’বলৈ কৈছে আৰু আমাৰ ল’ৰা গৰম, বিয়ালৈ মাতি অপমান কৰিছে। মুঠতে হুৱা-দুৱা লাগি গ’ল হঠাৎ গোটেইখন৷
খঙৰ কোবত হাঁহাকাৰ লাগিল, বিয়ালৈ মাতি এনে অপমান৷ হুলস্থূূল মানে বেছিয়েই লাগিল৷ সেই হুলস্থূল শুনি সেইখিনিতে হোৱা আন এখন বিয়া, দত্তবৰুৱা পৰিয়ালে ৰাতিয়েই আহি সকলোকে বিয়া খাবলৈ নিমন্ত্ৰণ জনালেহি৷ লাজত বাৰু কোনো যাবলৈ সাজু নহ’ল, কোনোবা চিনিয়ৰ দুজনমান গৈ মাত লগাই আহিলগৈ দত্তবৰুৱা পৰিয়ালত৷ ইফালে লাহে লাহে যেনিবা ঠাণ্ডা হ’ল ল’ৰাবোৰ, দুই এজনে গৈ কইনা ঘৰক বেয়া চেয়া নাপাবলৈ কৈ আহিল গৈ৷ শেষত ঠাণ্ডা হ’লগৈ গোটেইখন৷ কিন্তু তেতিয়ালৈ কোনেও ধৰিব পৰা নাই, বিয়া খাবলৈ যদি নিমন্ত্ৰণ দিছিল, তেনেহ’লে জানিব লাগিছিল কিমান ল’ৰা যাব, কোনোবাই আকৌ বুজাইছে, আচলতে দহটামান যাব বুলি ভাবিছিল, কিন্তু ২০০-৩০০ যোৱা কাৰণেহে কথাটো বেয়া হ’ল৷
এইবোৰ কথা আলোচনা-বিলোচনা কৰি ৰাতি এপৰত সকলো শুবলৈ গ’ল৷ পিছদিনাও আলোচনা চলিল, কিন্তু উৰহী গছৰ ওৰটো ওলাল কেইদিনমানৰ পাছতহে৷ সেই বিয়ালৈ আচলতে আমাক মতাই নাছিল।ৰয়ৰ পৰিয়ালে বিয়াৰ চিঠিখন দিছিল হোষ্টেলৰ সন্মুখৰ বৰ্মন পাণ দোকানীক৷ কিন্তু চিগাৰেট-পাণ খাবলৈ যাওঁতে সেই চিঠি পৰিল কোনোবা এজন দুষ্ট বুদ্ধিৰ হাতত৷ লগে লগেই চিঠিৰ মি: বৰ্মন গুচি হৈ পৰিল ‘সকলো আবাসীলৈ’ নিমন্ত্ৰণ। পাছত গোপন সূত্ৰে বহু বছৰৰ পাছত গম পোৱা গ’ল, চিঠিখন বৰ্মনৰ দোকানৰ পৰা সংগ্ৰহ কৰাজন আমাৰ লগৰেই তন্ময় আৰু সেইখন হাতত পৰিল কটনৰ সেই সময়ৰ জি এছ জয়দ্বীপদাৰ হাতত, বাকীখিনি ইতিহাস!
বাকী ভানুৰ জীয়েকৰ বিয়া আমাৰ জীৱনৰ অন্যতম এখন বিয়া হৈ ৰ’ল, আজিও সেইখন বিয়াৰ কথা ওলায়েই যেতিয়াই কটনৰ কথা ওলায়৷
☆ ★ ☆ ★ ☆
7:14 pm
হহুঁঁৱালে দেই
3:06 am
Thanks
11:04 am
সুন্দৰ
11:06 am
হাঃ হাঃ, মজা লাগিল অগ্নিভ
12:51 pm
ধেৎতেৰি…হাঃ হাঃ???
1:58 pm
বঢ়িয়া জমনি, মজা লাগিল ।
11:54 pm
ধেৎ তেৰি , … ??
9:04 am
কিছু হাঁহিলো দেই…বৰ ভাল লাগিল..
3:06 am
Thanks