ভাগ্যৰ লিখন নহয় খণ্ডণ- নয়নজ্যোতি বৰঠাকুৰ
বহুত জল্পনা কল্পনা, বাক-বিতণ্ডতাৰ অন্ত পেলাই শেষত লগৰ এটাক সাৰথি কৰি ছোৱালী চাবলৈ যোৱাটো ঠিৰাং কৰিলোঁ। এফালে প্ৰেমিকাৰ দোৰ্ঘোৰ প্ৰতিবাদ আনফালে জীৱনত ছোৱালী চাবলৈ যোৱা আৰু ছোৱালী ঘৰৰ আতিথ্য গ্ৰহণ কৰাৰ বাবে মই নাছোৰবন্দা। জীৱনত যদি সেইকণ সুখ ল’বলৈ নাপাওঁ, কিহৰ জীৱন। সিফালে ছোৱালী এগ্ৰিকালচাৰ বিভাগৰ কৰ্মচাৰী। নকল চাই মাহঁতে ৰাহি জোৰা আহিছে বুলিও ক’লে। মোৰ কিন্তু বিশ্বাস হোৱা নাছিল সেইকাৰণে মইও তাইৰ নকলটো পুনৰ বেলেগ এজনক নিজে দেখুৱাবৰ বাবে মাৰপৰা দুয়োটা নকল বিচাৰি ল’লোঁ। ছোৱালীজনীৰ ফটো চোৱাৰ হেঁপাহ আছিল যদিও মাক নক’লোঁ। সিফালে ভালপোৱা ছোৱালীজনীৰ কথাও মাহঁতক ক’বলৈ সাহস কৰিবপৰা নাছিলোঁ। লগৰটো আকৌ ONGC ৰ কৰ্মচাৰী কেমিষ্ট। সি জীৱনটো পঢ়াকেই মোৰ বুলিলে, ছোৱালী বুলিলে গোটেইটো লাজত তলমূৰ ওপৰেই নকৰে। মাকৰ এটাই কথা তেওঁৰ ল’ৰাই জীৱনত বিয়া পাতিব নোৱাৰিব কাৰণ কটকীয়ে দিয়া ছোৱালীৰ ফটো দেখি তাৰ মন মিলে কিন্তু নকল নিমিলে। মইও এদিন কৈয়ে দিলোঁ আপুনি তাৰ নকলটো মোক দিবচোন। মাকে নকলটো দি ক’লে, যত যি পয়মাল এইটোৱেই বুলি কাগজখনত গণটো দেখুৱালে। মই চালোঁ দেৱাৰী গণ। তেতিয়া মনতে ভাৱিলোঁ ঠিকেইতো আছে।
মাকক ক’লোঁ, “দেৱগণ হৈও কিয় মিলা নাই।”
মাকে ক’লে, “হেৰৌ দেৱাৰী মানে ৰাক্ষস গণ।”
মই কি বুলি হাঁহি হাঁহি পেট বিষোৱাই দিলোঁ।
মই তেতিয়া ক’লোঁ “সি চোন খোৱাবোৱা মানুহৰ দৰেই কৰে। মাছ আনে তিনিটাৰ জোখত এপোৱা, মাংস আনে ২০০ গ্ৰাম। তাতকৈতো মই বেছি ৰাক্ষস।”
মই মাকক প্ৰস্তাৱ দিলোঁ, “এইবোৰ চাই থাকিব নালাগে, যোৰা মিলিছে বুলি ছোৱালী ঘৰক কৈ দিয়ক, বিয়া হৈ যাব।”
মাকো বৰ একেচেকা, “নাই দেই, জোৰা নোচোৱাকৈ ছোৱালী বিয়া পাতি আনি ল’ৰাটোৰ জীৱন নষ্ট কৰিব নোৱাৰি।”
মইও বৰ তৰ্কযুদ্ধ নকৰি লাহেকৈ নকলটো হাতত লৈ গুচি আহিলোঁ। সেইদিনাই সন্ধিয়া লগৰটোক শিৱসাগৰ পুখুৰীপাৰত হাৱা খাবলৈ মাতিলোঁ।
সিও আহিল, কথাৰ মাজতে তাক সুধিলোঁ, “তোৰ বিয়াৰ কাৰণে ছোৱালী চাই আছে তই মোক কোৱা নাই যে?”
সি ক’লে, “কি বুলিনো কওঁ, জোৰাই নাহে।”
মই ক’লোঁ, “তইও সেইবোৰ বিশ্বাস কৰনে?”
সি ক’লে, “মোৰ সেইবোৰ একো নাই, মেইন বুজাপৰা, কিন্তু মা-বাবাই এটা ল’ৰা কাৰণে চাই থাকে।”
ভাবি থাকোঁতেই পতককৈ সুযোগ বুজি কৈয়ে দিলোঁ, “মামা, মোৰ লগৰ এজনৰ নকলটো বদলাই দিব লাগে, বিশেষ একো নাই গণটো দেৱাৰী ঠাইত দেৱগণ হ’ব লাগে।”
মামাই প্ৰথমতে ধেমালি বুলি ভাবিছিল কিন্তু পাছত মই চিৰিয়াছ বুলি গম পাই মোক ক’লে, “হেৰৌ সেইটো কেনেকৈ চেঞ্জ কৰিবি, মই নোৱাৰিম দেই, সেইবোৰ বহুত হিচাপ কৰিব লাগে। জন্মৰ সময়ৰ পৰা আৰম্ভ কৰি মাহ, তিথি, পক্ষ সৱ মিলাই বনোৱা হয়।”
মইও নাছোৰবান্দা “আপুনি কৰিবই লাগিব।”
এইবাৰ মামাক তাৰ নকলটো দি দিলোঁ, তেতিয়া মামাই ক’লে, “হেই মই এইবোৰ নোৱাৰোঁ। তাতে লোকৰ নকল, এইবোৰ বেয়া কথা।” মই বোলো, “যি হয় হ’ব, আপুনি এই হিচাপবোৰ মিলাই দিয়ক। আৰু আপুনি যদি নকৰে মই মোৰ নকলটোৰ হিচাপবোৰ লিখি দিয়েই তাৰ বনাই দেখুৱাই দিম।” সঁচাই আলোচনা কৰিলেহে সমাধান নিগৰিত হয়।
মামাই ক’লে, “তই যি কৰ কৰি থাক, মই এইবোৰ নোৱাৰোঁ কৰিব।”
মইও ঠোঁট মুখ চেলেকি গুচি আহিলোঁ। কিন্তু সমাধানৰ পথ এটা পাই গ’লোঁ। এইবাৰ ঘৰলৈ আহি তাৰ সোঁৱৰণী নামটো চালোঁ, দেখিলোঁ দুয়োটাৰে প্ৰথম আখৰৰ মিল আছে, ৰাশিও একে। ধুই, ইমান চিন্তা কৰি লাভ নাই বুলি কলম কাগজ লৈ বাকচটো বনাই কৰ্ণ কেইডাল আঁকি ৰাঃ, কেঃ, শনিঃ ইত্যাদি হুবহু মোৰ নকলৰদৰেই লিখি গণটো দেৱগণলৈ কনভাৰ্ট কৰি দিলোঁ। সিফালে পুৱাই মায়ে পুনৰ নকলৰ কথা সুধিলে দেখুৱালোঁ নে নাই। এইবাৰ মই ক’লোঁ, “ছোৱালীজনীৰ ফটো কপি দিয়াচোন, আজি দেখুৱাৰ আগতে চাই লওঁ।” মায়ে ফটো দি দিলে মইও হ’ব মোৰ টেবুলৰ ওপৰত থৈ আহা বুলি ক’লোঁ। অফিছলৈ ওলাই লাহেকৈ ফটোকপি চালোঁ, ষ্টুডিঅ’ত মৰা, ধুনীয়া ফটো। এইবাৰ পুনৰ নকল কেইটা লগত লৈ ফটোকপি বেগটোত ভৰাই ল’লোঁ। অফিছ কৰি বাহিৰে বাহিৰে বন্ধুৰ ঘৰ পাই বন্ধুৰ দেউতাকক লগত লৈ নকল দেখুৱাবলৈ মই এজনৰ ওচৰলৈ তেখেতক লৈ গ’লোঁ। তেখেতে ঘৰৰপৰা ওলাব লৈয়ে ক’লে, “হেৰা, ইয়াৰ নকলটো দিয়াচোন।”
মই ঘপহকৈ ক’লোঁ, “নালাগে খুড়া, মই সিদিনা লৈয়ে গৈছিলোঁ, কিন্তু আপুনি থাকিলে ভাল কাৰণেই মই আপোনাক লগত লৈ যাবলৈ আহিলোঁ।”
খুড়াই ঠিক আছে তেন্তে বুলি কৈ ওলাই আহিল আৰু বাইকত উঠিয়ে ব’ল, “বুদ্ধিনকে দেখুৱাই আহোঁ, আমাৰ সৱ সিয়েই চায়।”
মই বোলো ভালেহে আগতে ক’লে নহ’লে মৰিলোঁৱেইহেঁতেন। তাৰ পাছত প্লেন চেঞ্জ কৰি ক’লোঁ, “খুড়া, এই সময়ত বুদ্ধিন খুড়াই নাচায় নহয়, ব’লক কৃষ্ণ বৰতাকে দেখুৱাই আহোঁ। আমি তেওঁকেই দেখুৱাওঁ।” খুড়াই প্ৰথমতে অলপ মনটো বেয়া কৰিছিল যদিও মান্তি হ’ল। যথাসময়ত কৃষ্ণ বৰতাৰ ঘৰ পালোগৈ। ভাগ্য ভাল আছিল, তেখেত ঘৰতে আছিল। তেওঁক যোৱাৰ কাৰণ ক’লোঁ আৰু তেওঁ আমাক বহিবলৈ দিলে। খুড়াকেই ভিতৰৰপৰা বঁটাটো আনিবলৈ ক’লোঁ। বঁটাটোত তামোল-পান অৰিহণা আগবঢ়াই নকল দুটা খুড়াৰ হাতেৰেই আগবঢ়াই দিবলৈ ক’লোঁ। কৃষ্ণ বৰতাক চাবলৈ দি মই খুড়াৰ লগত আগৰ কথা পতাত লাগি গ’লোঁ। টাউনখন আগতে কেনেকুৱা আছিল, ক’ত কি দোকান আছিল। লক্ষ্য এটাই তেওঁক অতীতত ভৰাই ৰাখি মই বৰ্তমানক চম্ভালি লওঁ। কাৰণ কৃষ্ণ বৰতাই মাজে মাজে কিবা যে সুধিব সেইটো খাটাং। খুড়াইও এফালৰপৰা অতীত ৰোমন্থন কৰি ক’ত কি আছিল, কি কৰিছিল কৈ গ’ল। মইও কথাবোৰ শুনি সুধি গ’লোঁ, শলাগ ল’লোঁ। এখন কাণ কৃষ্ণ বৰতাৰ ফালে। মাজতে সুধিলেই, “ল’ৰাৰ গণটো দেৱগণ আছিলে”।
মই বোলো অ’ হয়। খুড়াই অলপ ৰৈ মাজতে ক’লে, “দেৱাৰী”, মই কথা থাপ মাৰি ধৰি ক’লোঁ, “হয় খুড়া, মই চাইছিলোঁ।” ভাগ্য ভাল কৃষ্ণ বৰতাৰ সৰুকৈ ক’লে শুনাত অলপ প্ৰব্লেম হয়। মুঠতে ভগৱান সুপ্ৰসন্ন আজি। বহুত হিচাপ নিকাছ কৰি শেষত ক’লে, “জোৰা আহিছে কিন্তু বিয়াৰ পাছতে সত্যনাৰায়ন পূজা এভাগি পাতি দিব।”
খুড়াই সুধিলে, “কিয়?”
মই ক’লোঁ,” এনেইও বিয়াখন সুকলমে হৈ যাবলৈ কিবা এটি আগ কৰি থোৱাটো ভালেই কথা দিয়কচোন।”
কৃষ্ণ বৰতাই ক’লে, “সেইটো হয়েই তথাপিতো নপতাকৈ নাথাকিব।”
খুড়াই ক’লে, “হ’ব দে, ১০/১২ জনী মানৰ পাছত এইকণেই যে ৰাহিজোৰা আহিলে।” অলপ ঘৰুৱা কথাপাতি খুড়াক থ’বলৈ ঘৰলৈ আহিলোঁ, লগৰটো তেতিয়াও ডিউটিৰপৰা পোৱাই নাছিল। মই এইবাৰ দ্বিতীয় প্লেনটো আগবঢ়াই ক’লোঁ, “খুড়া, আপোনালোকৰ মহাশয়ক তাৰ ছোৱালী চাবলৈ যাম বুলি নক’ব দেই, নহ’লে সেইটোৱে ফ্ৰীকে কথাই পাতিব নোৱাৰিব।” খুড়ীৰ মনত ফূৰ্তি, ল’ৰাৰ জোৰা আহিল। কিন্তু মোৰ কথাষাৰ শুনি আচৰিত হৈ ক’লে, “তেনেহ’লে।”
মই ক’লোঁ, “তাক মই মোৰ বাবে চাবলৈ যাম বুলি লৈ যাম কিন্তু আপোনালোকে একেবাৰে নক’ব। অহা দেওবাৰে যাম সি আৰু মই।” সিহঁতৰ ঘৰৰপৰা ওলাই সেইদিনা মাত্ৰ এটা টিউচন কৰি তাক পুনৰ ফোন কৰি কে:পি:এম চাৰিআলিত লগ কৰিম বুলি ক’লোঁ। লগ কৰি তাক মোৰ ছোৱালী চাবলৈ যাবলৈ লগ ধৰাত সি মোৰগৰাকীৰ কথা সুধিলে, তাইক মই ঠগিছোঁ কিয়? মই বোলো হেৰৌ ফুৰিবলৈহে যাম, বিয়া পাতিবলৈ নাযাওঁ, ঘৰৰ মাহঁতৰ কামোৰবোৰৰ পৰা বাচিবলৈ। ঘৰলৈ আহি মাক ক’লোঁ, ” অহা দেওবাৰে যোৰহাট যাম, আপুনি খবৰটো দি দিব।” মায়ে কাক কেনেকৈ দিলে নাজানিলোঁ কিন্তু এড্ৰেছটো সুধি ল’বৰ বাবেই ছোৱালী ঘৰৰ ম’বাইল নম্বৰটো বিচাৰি ৰাখিবলৈ ক’লোঁ।
যথাদিনত লগৰটোৱে তাৰ গাড়ী লৈ ঘৰৰ সন্মুখত হাজিৰ। মই তাক চালোঁ, বেটাই পুৰা হেণ্ডচাম হৈ ওলাইছে। ভালেই লাগিল দেখি, মইও ততাতৈয়াকৈ ওলাই লাজতে মাৰ মুখলৈ নোচোৱাকৈয়ে যাওঁ বুলি কৈ গাড়ীত উঠিলোঁ। গাড়ীত বহি নানান কথা বতৰা পাতি গৌৰীসাগৰ তেল দিপুত গাড়ী ৰখালে, সি তেল ভৰাবলৈ লোৱাত মই পইছাতো দিবলৈ নাটক কৰিলোঁ, সি নল’লে।
মই বোলো, “যা তেনেহ’লে গৌৰী হোটেলৰপৰা মিঠাই লৈ ল তোৰ পচন্দত” বুলি ১০০০ টকা দি পঠালোঁ।
সি ক’লে “মিঠাই নিবলৈ কৈছ নে মাংস নিবলৈ।”
মই বোলো, “জীৱনত প্ৰথমবাৰ আতিথ্য গ্ৰহণ কৰিম, ভালকৈ লৈ ল?”
সি ক’লে, “পচন্দ নহ’লে এনেই যাব।”
মই বোলো, “দান দিলোঁ বুলি ধৰি ল’ম।” সি মেহেঙা মেহেঙকৈ ৫ বিধমান মিঠাইৰ এটা প্ৰকাণ্ড টোপোলা লৈ আহিল।
মই বোলো “ইমান ডাঙৰ টোপোলাত কি আনিলি?”
সি ক’লে “চিংৰা, কচুৰি, কালাকান্দ, কাজু বৰফি, নিমকি, জেলেপী।”
শুনিয়েই মাথা বেয়া হৈ গ’ল, মই গৈ আকৌ এই চিংৰা, কচুৰি, জেলেপী বদলাই আনিলোঁ।
মই বোলো, “ইজ্জত মাৰিব বিচাৰিছিলি নেকি?”
সি হাঁহি হাঁহি পুনৰ গাড়ী ষ্টাৰ্ট দিলে। যথাসময়ত গৈ যোৰহাটৰ সেই বিশেষ ঘৰটোত পদাপৰ্ণ কৰিলোঁ। দেউতাকজন আগবাঢ়ি আহি নমস্কাৰ জনালে। আমিও নমস্কাৰ জনাই নিজৰ পৰিচয় দিলোঁ। দেখিলোঁ ছোৱালী চাবলৈ গৈছিলোঁ কিন্তু তেওঁলোকৰ একেবাৰে মোমায়েক, মামীয়েক সৱ আছে।
তাৰমানে ল’ৰা চোৱাপৰ্বও ধুম-ধামেৰে চলাইছে। নানান কথাৰ মাজতে মই লগৰটোৰ চিনাকিটো সজোৰে উত্থাপন কৰিলোঁ, “ই মোৰ লগৰ ৰাজীৱ শৰ্মা দেই, ONGC ৰ কৰ্মচাৰী।”
তেতিয়া মোমায়েকে প্ৰকৃততে মাইনীক চাবলৈ অহা কোনজন বুলি সুধিলে।
মইও ধেমেলীয়া সুৰত ক’লোঁ, “চাবলৈ দুয়োজনেই আহিছোঁ, কিন্তু প্ৰকৃততে কোনজন হ’ব সেইটো পাছতহে গম পাব।” তেনেতে ৰাজীৱৰ দেউতাকে মোলৈ ফোন কৰিলে। কথা পাতি শেষ হোৱাৰ লগে লগে ছোৱালীৰ মাকে ডাইনিং হললৈ মাতিলে। উৎকণ্ঠাৰ অন্ত পৰিব এতিয়া বুলি লগৰটোৰ কাণত কৈ লাহেকৈ বহাৰপৰা উঠি ডাইনিং হললৈ গৈ নিৰ্দিষ্ট ঠাইত বহিলোঁ। তেনেতে হাতত চাহৰ ট্ৰেখন লৈ লাজ লাজকৈ ছোৱালী এজনী ভয়ে ভয়ে কিটচেনৰপৰা ওলাই আহিল। ছোৱালীজনীক বেঁকাকৈ চাইছোঁ দেখিলোঁ ফটোত দেখাতকৈ বহুত বেছি ধুনীয়া। লগৰটোৱে একেবাৰে ধুনীয়াকৈ চাইছে। অলপ সময়ৰ কাৰণে মনটোত কিবা শোক এটাই খুন্দা মাৰি ধৰিছিল। তেনেতে এটা মিঠা মাতেৰে চাহ খাব বুলি কৈ ছোৱালীজনী ভিতৰলৈ সোমাই গ’ল। মই লাহেকৈ চাহৰ কাপত চুমা দি লগৰটোক পচন্দ হৈছে নাই সুধিলোঁ।
সি ক’লে, “হৈছে, কিয় নহ’ব, ধুনীয়া ছোৱালী।”
মই ক’লোঁ, “তোৰ পচন্দ হ’লেই হ’ল।” সি পাগল বুলি কৈ হাঁহিলে। চাহ খাই থকাৰ মাজতে মাকে ঘৰত কোন কোন আছে সুধিলে। মই ক’লোঁ, “ইয়াৰ ঘৰত ই, মাক আৰু দেউতাক। আমাৰ ঘৰত ইহঁতৰ ঘৰতকৈ এজন বেছি মানে মোৰ ভাইটি এটা আছে।” তেনেতে মোৰ ম’বাইলটো বাজি উঠিল, স্ক্ৰীণখন চাই মাথা ঘূৰাই গ’ল, মোৰ প্ৰেয়সীৰ ফোন।
লাহেকৈ ফোনটো লগৰটোক দেখুৱাই “মই আহি আছোঁ, তই কথা পাতচোন” বুলি কৈ লাহেকৈ বাহিৰলৈ ওলাই আহিলোঁ। ফোনটো কাট খাই যোৱাত মই পুনৰ লগালোঁ, ফোনটো ৰিচিভ কৰিয়েই আৰম্ভ কৰিয়েই দিলে কাজিয়া।
“তুমি মোক মিছা কথা কৈ ক’ত ছোৱালী চাবলৈ গৈছা, ৰাজীৱ দাৰ দেউতাকক লগ পাইছিলোঁ, তেওঁ তোমাৰ ছোৱালী চাবলৈ গৈছা বুলি মোক কৈছে।”
ইমান বুজাইছোঁ নাই নুবুজে, শপতেও কাম দিয়া নাই, শেষত ক’লে “যদি সেইজনী ৰাজীৱ দাই বিয়া নাপাতে তেতিয়া বুজিম তুমিয়েই চাবলৈ গৈছিলা। তেতিয়া কিন্তু কথা বেয়া হ’ব”। মইও ভগৱানৰ নাম লৈ হ’ব বুলি ক’লোঁ। তাৰ পাছত ফোনটো কাটি সোমাই গ’লোঁ, কিন্তু কি আচৰিত হাঁহিটোও যেন নোলাব। লগৰটোৱে সুযোগ বুজি মনে মনে কৈয়ে দিলে, “এইক তই কোৱা নাছিলি নেকি? সেইকাৰণেই মই নাহোঁ বুলি কৈছিলোঁ। মোলৈও Message কৰি আছে।”
মই যিমান পাৰোঁ সহজ হ’বলৈ চেষ্টা কৰি ক’লোঁ, “সেইবোৰ বাদ দে, তই ভালকে কথা পাতিবি, মোৰ মনটো ভাল লগা নাই। তয়ে ইজ্জততো বচাবি আৰু”। সিও মোৰ খাতিৰত বৰ এক্টিভলি কথা পাতিলে। ছোৱালীজনীয়ে লুচী, ভাজিও দি গ’লহি, মোমায়েক, খুৰাক, মামীয়েক, দেউতাক সকলোৱে একেলগে খালোঁ, বহুত কথা পাতিলোঁ। মোতকৈ ৰাজীৱে বেছি টকটকীয়াকৈ কথা পাতিলে। কাৰণ তাৰ লাজ কৰিবলগীয়া একো নাই। শেষত ছোৱালীৰ লগত কথা পাতিবৰ বাবে দেউতাকহঁতে তাইক বহুৱাই তেওঁলোক আঁতৰি গ’ল। মই লগৰটোক খোঁচ মাৰি কথা পাতিবলৈ ক’লোঁ, মই এনেই লাজ কৰা যেন দেখুৱাই মাজে মাজে পঢ়া শুনা, অফিছৰ কথা সুধিলোঁ। তায়ো সুধিলে। কিন্তু লগৰটোৱে সঁচাই সেইদিনা মোৰ অন্তৰ জয় কৰিলে। কোনোদিন ছোৱালীৰ চকুত চকুত থৈ কথা নপতা ল’ৰাটোৱে ইমান সুন্দৰকৈ কথাৰ আঁত ধৰিছে। লাহেকৈ ৰূমটো হাঁহিৰে মুখৰিত হ’ল। ঠিক সেইসময়তে পুনৰ ফোনটো বাজি উঠিল, চালো Rajib’s father calling. ফোনটো ধৰিয়ে কৈয়ে দিলোঁ, “খুৰা, ইয়াৰ ছোৱালী পচন্দ হৈছে।” বাকীডোখৰ ক’বলৈ নাপালোঁ ফোনটো কাটি দিলে নহয়, মই এনেই ক’লোঁ, “খুৰা, মই ঘৰত গৈ পাতিম, এতিয়া কথা পাতি আছোঁ, ইয়াৰ পচন্দই মোৰ ……” ঠিক তেনেতে কাণতেই ফোনডাল বাজি উঠিল, লাজো পালোঁ। কিন্তু সেইবোৰ ভ্ৰূক্ষেপ নকৰি একো নোচোৱাকৈ খুৰা বুলি ফোনটো ৰিচিভ কৰিয়েই, “অ’ খুৰা, মানে….” সিটো মূৰৰপৰা, “কোন খুৰা হাঁ, একেবাৰে ছোৱালী চাবলৈ গৈ ক’বই নোৱাৰা হৈছা ন, ৰ’বা আহি লোৱা, কাইলৈ মজা দি আছোঁ।” আৰু কি কৈছে শুনিবলৈ ধৈৰ্য নাই, মাত্ৰ খুউব জোৰে জোৰে আঙুলি কেইটাই ভলিউমৰ বুটামটো পিটিকি আছোঁ, যাতে কথাবোৰ নুশুনে কোনেও। মই বুজাই যে লাভ নাই কথাটো জানি, “হ’ব হ’ব, মই গৈ কথা পাতি আছোঁ” বুলি কৈ একো নুশুনি ফোনটো খঙতে কাটি দিলোঁ। অলপ ৰূমটো ঠাণ্ডা হৈছিল যদিও মই পুনৰ সহজ হৈ কথাৰ ভাগ ল’লোঁ। ৰাজীৱেও হয়তো অনাকাংক্ষিত বিপদৰ আগজাননী গম পাইছিল, সেয়েহে সি অলপ গহীনাই ক’লে, আমিও দেৰি নকৰোঁ, ঘৰ পাই আকৌ ডিমৌ যাবলৈও আছে। মইও ঠিক আছে তেনেহ’লে “তোমাৰ মা, দেউতাহঁতক মাতা বুলি ক’লোঁ।” সকলোৱে আমাক কথা পাতি আগবঢ়াই দিবলৈ ওলাই আহিল, তেনেতে মই মোমায়েকক ভিতৰতে ৰখাই হাঁহি ক’লোঁ, “মামা, আপোনাৰ ভাগিনীৰ নকল দিছিল মোলৈ কিন্তু জোৰা আহিল লগৰটোলৈ, বেচেৰাই ক’ব নোৱাৰে তাৰ ছোৱালী চাবলৈ আহিছে বুলি কিন্তু তাৰ মাক-দেউতাকে গম পায়। আপোনালোকেও ইচ্ছা কৰিলে নকলটো এবাৰ চাব পাৰে। মই তাৰ নকলটো দি গৈছোঁ ৰ’ব।” বুলি পকেটত হাত ভৰালোঁ। মামা শিলপৰা কপৌজনীৰ দৰে মোৰ মুখলৈ চাই থাকিল। মই পুনৰ ক’লোঁ, “মামা, আপোনাৰ ভাগিনৰ লগত ভাল মিলিব, আৰু সিও ongc ৰ permanent employee আনহাতে মই কিন্তু NRHM অৰহে Contractual হে।” এইবাৰ মামাই কিবা এটা ক’বলৈ মুখ মেলিবলৈ লৈছিলে, মই একো নাই হৈ কৈয়ে দিলোঁ, “মামা, জন্ম, মৃত্যু, বিবাহ ক’ত কেতিয়া কেনেকৈ হ’ব কোনেও নাজানে।” মামাই সেইটোতো হয়েই বাৰু বুলি ক’লে। মই মামাক ৰাজীৱৰ নকলটো লৈ লওক বুলি পকেটৰপৰা কাগজখন দি দিলোঁ। মামাক ক’লোঁ, ইয়াতে ৰাজীৱৰ দেউতাকৰ নম্বৰটো আছে, আপোনালোকৰো ল’ৰা পচন্দ হ’লে ফোন কৰি ডাইৰেক্ট ক’ব। মামাই কাগজখন পকেটত ভৰাই মুখৰ ভিতৰতে কিবা এটা ক’লে। মই বুজিবৰ চেষ্টা নকৰিলোঁ। তেনেতে বাহিৰৰপৰা দেউতাকে মোমাই-ভাগিনৰ কথা শেষেই নাই হোৱা নেকি বুলি সুধিলে। মইও হাঁহি হাঁহি ওলাই আহিলোঁ কিন্তু মামা নৰমেল হ’ব পৰাই নাছিল। মই হাঁহি হাঁহিয়েই লগৰটোক সকলোৱে শুনাকৈ ক’লোঁ, “ঐ তই মাইনীৰ ফোনৰ নম্বৰটো ল’লি নে বাৰু কথা পাতিব লাগিব নহয়। আজিটো মোক কথা পাতিবলৈ সুবিধাই নিদিলি।” সেইটোৱে যেন এইবাৰহে লাজ পালে, সি গোটেইটো ৰঙা-চিঙা পৰি “তই ল’ আকৌ বুলি ক’লে।” মাইনীয়ে লাজতে তলমূৰ কৰিলে। মই মামাক ক’লোঁ, “মামা নম্বৰটো message এটা কৰি দি দিব।” মামাই হ’ব বাৰু বুলি ক’লে। আমিও গাড়ীত উঠি লাহেকৈ বাই-বাই দি আঁতৰি আহিলোঁ। পাছত দুয়োঘৰৰ মানুহৰ অহা যোৱা হ’ল, বিয়াৰ দিনো ঠিক কৰিলে। এদিন অফিছৰপৰা ঘূৰি আহোঁতে সিহঁতৰ ঘৰত সোমালোঁ, ৰাজীৱৰ মাক বোৱাৰীয়েকৰ প্ৰশংসাত পঞ্চমুখ।
মইও লাহেকৈ “খুৰী, ইহঁত দুটাৰ নকল দুটা মোৰ ওচৰতে আছে, থৈ দিয়ক বুলি দি দিলোঁ।”
মাকে নকলটো হাতত লৈ ল’ৰাৰ গণটো দেখিলে, “দেৱ গণ।” আচৰিত ভাবে মোক ক’লে, এইটোত চোন দেৱগণ হৈ আছে ।”
মই “চাওঁ চাওঁ” বুলি খুউব আগ্ৰহ দেখুৱালোঁ।
তাৰপাচত ক’লোঁ, “অ’ হয়তো, কি কৰা যায়, মই আপোনাৰ আখৰবোৰ ধৰিব নোৱাৰিব বুলি নিজেই লিখিছিলোঁ, ভুলতে দেৱাৰী ঠাইত দেৱ হৈ ৰ’ল।”
মাকে অলপ তবধ মাৰি চিন্তা কৰিছিল, মই পুনৰ একেটাই ক’লোঁ, “খুৰী, আচলতে জন্ম, মৃত্যু, বিবাহ কাৰ কেতিয়া কেনেকৈ ক’ত লিখা থাকে কোনেও নাজানে। আৰু মইও আমি জোৰা চাই মিলিছে বুলিয়ে ছোৱালী ঘৰত কৈছিলোঁ, সেইটো বিশ্বাস কৰিয়ে সিহঁতেও কৈছিল যে সিহঁতৰ এইবোৰ চোৱা-চিতাত আপত্তি নাই, প্ৰকৃততে মনৰ মিলহে আচল মিল।”
এইবাৰ খুড়ীয়ে অলপ চিন্তা কৰি ক’লে, “হ’ব দে আৰু, যি হ’ব লগা আছে হ’ব। বিয়াৰ পাছত এনেইও সত্যনাৰায়ন পূজা এভাগ দেউতাকে আগ কৰিয়ে থৈছে। নকল চাই ৰাহি যোৰা মিলাই বিয়া পতা চাগে আমাৰ ল’ৰাৰ ভাগ্যতে নাছিল। হ’ব দে এইবোৰ কথা আৰু বেলেগক নক’বি, মইও নকওঁ।”
মই “ঠিক আছে খুৰী, খুৰাকো নক’ব, মই বাৰু ৰাজীৱক কৈ দিম।”
খুৰীয়ে ক’লে, “তাকো নালাগে ক’ব।”
“ঠিক আছে খুৰী।”
নিৰ্দিষ্ট দিনত তাৰ বিয়া ধুম-ধামেৰে হ’ল। যি চাবলৈ গৈছিলে সি দৰাধৰা হ’ল আৰু মোৰ প্ৰেয়সীয়ে সেইখন বিয়াত মেইন পাৰ্ট কৰিলে। ছোৱালী নথকা ঘৰ, খুৰীৰ লগত লাগি জোৰোণৰ বজাৰৰপৰা আৰম্ভ কৰি দৰাধৰাৰ ছাতিলৈকে কিনিলে। তেখেতেই আকৌ আমাৰ দুটাৰ অমৰ প্ৰেম কাহিনী আমাৰ ঘৰত ব্যক্ত কৰি মোকো উদ্ধাৰ কৰিলে। ভগৱানৰ কৃপাত সিহঁত দুয়োটাই আজি দুটা সন্তানৰ গৰাকী আৰু এটা আদৰ্শ পৰিয়াল, নাতি পাই আইতাকেও নকলৰ কথা পাহৰিলে চাগে। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কুশলে ৰাখক সিঁহতক।
6:54 pm
বহুত ভাল লাগিল ।
8:22 pm
ধন্যবাদ ককাইদেউ
7:20 pm
মজা
8:24 pm
ধন্যবাদ বাইদেউ ।
9:03 pm
বৰ ভাল লাগিল..মেইন পাৰ্ট লৈ পূণ্যৰ কাম কৰিলা…ঘৰ পাতি দিয়াটো মহাপূণ্য ..পৰিয়ালটি কুশলে থাকক..
7:52 pm
ধন্যবাদ মানসী ।