বিশ্বকৰ্মায়ো মোক সুদাই এৰা নাই – দেৱাংগ পল্লৱ শইকীয়া
২০০০ চনত আমাৰ এখন স্কুটাৰ আছিল। এন ভি। আমাৰ বাবে ঢেৰ। হোষ্টেলৰ পৰা ঘৰলৈ গ’লে সেইখনত উঠি পাক দিওঁ। ৰং-বৰণ, কণ্ঠ চব ঠিকেই আছিল, মাত্ৰ কেতিয়াবা মন গ’লে ষ্টাৰ্ট বন্ধ হয়। তাৰপিছত সাধ্য নাই। মন গ’লে এবাৰতে হ’ল, মন নগ’লে নাই।
গৰমৰ বন্ধত ঘৰলৈ যাওঁতে এদিন সেইখন লৈ টাউনৰ ফালে টহল দি আছিলো। কোনো সমস্যা নিদিয়াকে চলি আছিল। হঠাতে বাটতে বন্ধুক ৰৈ থকা দেখা পাই স্কুটাৰখনৰ ষ্টাৰ্ট বন্ধ কৰি বন্ধুৰ লগত কথা পাতিবলৈ ধৰিলো। আনটো দিশৰ পৰা কটনত একেলগে পঢ়া বান্ধৱী ৰিক্সাৰে আহি আছিল। তেৱোঁ বন্ধত ঘৰত আছেহি। ৰিক্সাৰ পৰাই মাত লগালে-
: দেৱাংগ।
: অ’, ভাল, আহিলো। চলিছে ঠিকেই। ক’লৈ গৈ আছা? মিছন মাৰ্কেট? ৰিক্সা এৰি দিয়া। মইও সেইফালেই গৈ আছোঁ। মোৰ লগতে যাব পাৰিবা।
বান্ধৱীয়ে মোৰ কথাত পতিয়ন গৈ ৰিক্সা এৰি দিলে। বন্ধুৰ লগত স্কুটাৰত যাব।
মই বন্ধুক বিদায় দি স্কুটাৰ ষ্টাৰ্ট দিলো। এবাৰ, দুবাৰ, দহবাৰ, নাই নহ’ল। বেঁকা কৰি, পোন কৰি, জোকাৰি, শুৱাই ষ্টাৰ্ট কৰিছোঁ, স্কুটাৰৰ কেৰেপ নাই। সি নিজৰ মতত অটল হৈ আছে, আজি নহওঁ, মন বেয়া।
ঘাম ওলাইছে, ফোঁপাইছোঁ। লাজ-মান খণ্ডবাক্যৰ অৰ্থ কেনেকুৱা বুজিছোঁ, প্ৰতিটো কিকৰ লগে লগে। অৱশেষত সুহৃদয় বান্ধৱীয়ে উপায়হীন হৈ শেল মাৰিলে- “মই ৰিক্সা এখনকে লৈ যাওঁ দিয়া, তুমি লাগি থাকা।”
“তুমি লাগি থাকা” কথাকেইটা কাণত প্ৰতিধ্বনিত হৈ থাকিল।
তাইও জানিছে?
ৰিক্সাৰ পৰা স্কুটাৰত উঠিবলৈ নমা বান্ধৱী আকৌ ৰিক্সাত উঠি গুছি গ’ল।
“তুমি লাগি থাকা।”
বান্ধৱী গ’ল। কাষৰে ফুটপাথৰ দোকানত চাহ একাপ আৰু কেক এটাৰে শক্তি গোটাই লৈ মই আকৌ কামত ধৰিলো। নাঃ। আজি মই নহওঁ।
আধা ঘণ্টাৰ পাছত বান্ধৱী উভতি আহিল একেই ৰাস্তাৰে। ৰিক্সাৰে। লুকাবলৈ সুবিধা নাপালো। চলন্ত ৰিক্সাৰ পৰাই তেওঁ বাক্যবাণ এৰি গ’ল – “তুমি ষ্টাৰ্ট দিয়েই আছা?”
তাৰ দুইমিনিটমানৰ পাছতে ষ্টাৰ্ট হৈছিল।
এটা কাম নোহোৱা ষ্টাৰ্ট। সকলো মষিমূৰ হোৱাৰ পাছত হোৱা ষ্টাৰ্ট। এক নিষ্ঠুৰ ষ্টাৰ্ট।
*****
9:02 pm
ময়ে পাইছো দেই একদম একেটাই জ্বালা !
কেৱল স্কুটাৰৰ জেগাত মটৰ চাইকেল আছিল, ষ্টাৰ্ট কৰিবলৈ গাত বল থকা মানুহে জোৰকৈ বলেৰে কিক্ মাৰিব লাগে । মাৰিছিলো চাগে এঘণ্টামান, কাৰণ তাই টিউচনত যাওঁতে মোক কিক মাৰি থকায়ে পাইছিল, আৰু টিউচন শেষ কৰি উভতি আহোতেও মই কিকেই মাৰি আছিলো !!
লোকেচনটো আছিল কেৱল আপোনাৰ ফুটপথৰ সলনি বাইহাটা ৰেলৱে ষ্টেচনৰ ওচৰত !