চিটিবাছৰ খালী ছীটটো- দিগন্ত কুমাৰ ভট্টাচাৰ্য
সময় প্ৰায় পাঁচ বাজি গৈছে সন্ধিয়া। চিটিবাছখন আহি গণেশগুৰি ষ্টপেজত ৰৈছিল। ঠিক যেন কইনাঘৰত কইনাজনীক উলিয়াই আনি দৰাৰ ওচৰত বহুৱাইছে আৰু বৰযাত্ৰীৰ সকলোৰে চকু সেই মুহূৰ্তত কইনাজনীৰ ওপৰতেই স্থিৰ,
: চাপৰ যেন লাগিছে৷
: শকত নেকি অ’ অলপ?
: হ’লেও মিলিব আমাৰ পোনা দাৰ লগত৷
গুণগুণনি আৰম্ভ হয়। তেনেধৰণৰ গুণগুণনি শুনিবলৈ পোৱা গ’ল গণেশগুৰি ষ্টপেজত।
: ছীট নাই যেন লাগিছে৷
: থিয় হ’বলৈ জেগা হ’ব নে নাই?
: হ’লেও যাবই লাগিব কিবাকৈ। চাৰে ছয়টাৰ আগতে আদাবাৰী পাবই লাগিব।
তিনিখন মুখে তিনিঠাইৰপৰা বাছখনলৈ চাইছে। এখন বিমৰ্ষ। বয়স প্ৰায় পঁচিশ বছৰ। তেওঁৰ নাম অঞ্জন কলিতা। এখন অস্থিৰ, অশান্ত। বয়স প্ৰায় চল্লিশ। নাম ৰাতুল শৰ্মা। এখন ভাগৰুৱা। বয়স প্ৰায় ষাঠী বছৰ। নাম নৰেণ দত্ত। অঞ্জনে প্ৰথমে উঠিলে বাছখনত। বয়স কম, গাত জোৰ-উদ্দাম আছে, পাৰিবই। প্ৰাইভেট কোম্পেনী এটাত চাকৰি কৰে। লগৰ তিনিজনৰ লগত জালুকবাৰীৰ ভাৰাঘৰ এটাত থাকে। ইউনিভাৰ্চিটিত পঢ়ি থকা সময়ৰে পৰা সেই ভাৰাঘৰটোতে আছে সি আৰু লগৰ তিনিজন। অঞ্জন ভীৰ ফালি বাছখনৰ মাজলৈ সোমাই গ’ল। মাজত থাকিলে সুবিধা, আগৰ বা পিছৰফালে ছীট খালী হ’লেই বহিবলৈ দৌৰাসকলৰ প্ৰথমৰফালে থকাৰ সুযোগ পোৱা যায়। ৰাতুল শৰ্মাও মাজলৈকেই আহিল। হাতত বে’গ প’লিথিনৰ মোনা এটা। মোনাত ফাইল এটা আৰু কিবাকিবি নথি পত্ৰ আছে। নৰেণ দত্ত সন্মুখৰ দুৱাৰেৰে উঠিলে।
: পিছে দি উইথবা লাগে…নিয়ম বনে দিছি না৷
তিনিওখন মুখে ওচৰে-পাজৰে বহি থকা মানুহখিনিলৈ চালে। নাই, কিছুসময়লৈ কোনো এজনৰে নমাৰ আশা নাই।
অঞ্জনৰ ফ’নটো বাজি উঠে। ভাইব্ৰেছনত আছিল, সেয়েহে কোনেও ৰিংটোন শুনা নাই। খপজপকৈ এবাৰ সোঁপকেট, এবাৰ বাওঁপকেটৰ ওপৰে ওপৰে হাত ফুৰাই শেষত সোঁপকেটলৈ হাখন সুমুৱাই ম’বাইলটো আনি কাণৰ ওচৰলৈ নি সৰুকৈ ক’লে,
: হেল্লো!
প্ৰায় একমিনিটমান সি শুনিলে। মাজে মাজে হু, অ, হয় আদি কৈ থাকিল।
: মই এতিয়া বাছত উঠিলোঁ হে। ৰূম পাই ফোন কৰিম, হ’ব?….বাছত ভীৰ….মোৰ কি টেনছন হোৱা নাই? যোৱা দুদিনে ময়োতো শুব পৰা নাই৷ বুজাচোন… বৰ্ণালী…ৰ’বা…হেল্লো…হেল্লো
গাড়ীৰ ঘুৰুঙ-ঘাৰাঙ শব্দ আৰু হেণ্ডিমেনৰ “চিৰিয়াখানা ওলে আহিব” বা “এ ৰিছকা, ছাইড দিবি” আদি চিঞৰক তল পেলাই অঞ্জন কলিতাৰ শেষৰ শব্দকেইটা তাৰ মুখেৰে ডাঙৰকৈ ওলাল। ওচৰৰ কেইবাজনেও তালৈ ঘূৰি চালে। নৰেণ দত্তয়ো নোচোৱাকৈ নাথাকিল। “প্ৰেমৰ লাফৰা হ’ব পাক্কা” বুলি মনতে ভাবি দুই-এযোৰ চকুৱে অঞ্জনে এতিয়া কি কৰে বা তাৰ মুখৰ অভিব্যক্তি চাই টাইমপাছ অলপ কৰা ভাল বুলি তাকে চোৱাত লাগিল। কণ্ডাক্টৰজনে ভাৰা খুজি আহি আছিল। কণ্ডাক্টৰক আহিবলৈ ৰাস্তা এটা সাজি দিয়াৰ স্বাৰ্থত থিয় হৈ থকা কেইজনে নিজৰ জেগাসমূহ এখোজ-দুখোজ অগা-পিছা কৰাৰ কাৰণে কেইখনমান মুখে অঞ্জনক নেদেখা হ’ল। “এহ, বাদ দে” ভাবত সেইসকলে অঞ্জনক চোৱাৰ দুনাই চেষ্টা নকৰিলে আৰু।
: ফোনটো কিয় থৈ দিলা তেনেকৈ?…অলপতো বুজা। মই কি কষ্ট কৰি থকা নাই? দিনটো দুপইচাৰ কাৰণে কেনেকৈ কাম কৰোঁ, তুমি নাজানা? দেউতাহঁতক অলপ সময় বিচৰা না প্লিজ৷ নহ’লে মই কথা পাতিম?নালাগে? জানো, মোৰ নামটোকে শুনিবলৈ নোখোজে, কিন্তু বুজাবলৈ চেষ্টাতো কৰিব পাৰা…কি কৈছা? শুনি পোৱা নাই…হেল্লো, বৰ্ণালী…হেল্লো
বৰ্ণালীয়ে ফ’নটো কাটি দিলে নে নেটৱ’ৰ্কৰ প্ৰ’ব্লেম? ফ’নটোৰ স্ক্ৰীণখনলৈ চাই অঞ্জনে বুজিবলৈ চেষ্টা কৰিলে। বিমৰ্ষ চকুযুৰিৰে সি খিৰিকীৰে চাই গ’ল….চিৰিয়াখানা, এআইডিচি…..।
: ৰাতুল নহয়নে?
চিটিবাছৰ মহিলা ছীটত বহি থকা এগৰাকীয়ে ৰাতুল শৰ্মাক মাতিলে।
: অ, হয়। নীলু বাইদেউ দেখোন। ভালে আছে?
ৰাতুল শৰ্মাই মহিলাগৰাকী বহি থকা ছীটটোৰ ফালে গাটো ঘূৰালে।
: ভালেই দিয়া। দিছপুৰত মোৰ বাইদেউৰ ছোৱালীজনীক বিয়া দিছোঁ নহয়, তালৈকে গৈছিলোঁ। তুমি খীনালা বহুত। বহুবছৰ দেখাও নাছিলোঁ। ভালে আছা নে?
: ভাল বেয়াৰ মাজতে। কাহিলীপাৰালৈ গৈছিলোঁ। দেউতাৰ পেঞ্চনটো হোৱা নাই যে। ডিপিআই অ’ফিচৰ পৰা কিবা ভেৰিফিকেশ্যন এখন লিখাই আনিব লাগে। যোৱা এসপ্তাহে আহি আছোঁ, হোৱা নাই কামটো৷
: তোমাৰ কনট্ৰেকছুৱেল চাকৰিটো কি হ’ল? শিক্ষামন্ত্ৰীয়ে কিবা হ’ব বুলি কৈছে নে?
: সেইটো বাদ দিয়া তিনি বছৰেই হ’ল। তাৰ পাছত কিবাকিবি নিজেই কৰি আছোঁ আৰু। ক’তো ঠিকমতে গত লগা নাই একোকে। এক অশান্তিকৰ জীৱন বাইদেউ…
: ওহ, এতিয়া ঘৰতে আছা?
: হয়। নলবাৰীলৈকে গৈ আছোঁ এতিয়া। যোৱা এমাহে এদিন বাদ দি এদিন আহি আছোঁ পেঞ্চন অ’ফিচলৈ। এসপ্তাহে কাহিলীপাৰালৈ দৌৰি আছোঁ। কাম হোৱা নাই। আকৌ পৰহি আহিম।
: মই জু-ৰোড তিনিআলিত নামো হাঁ। ভালে থাকিবা।
“ভাগ্যে বাইদেউৰ ছোৱালীজনীক ইয়াৰ লগত বিয়া নিদিলোঁ। ময়েইতো আছিলোঁ মাজৰ মানুহ, কি যে নহ’লহেঁতেন” মানুহজনীৰ মুখত সন্তুষ্টিৰ ৰেখাকেইডালমান বিয়পি পৰে।
বাছখন ৰ’ল। মানুহজনী নামি গ’ল। বেলেগ মহিলা এগৰাকী সেই ছীটটোত বহিল। আন বহুকেইখন মুখৰ লগতে সেই তিনিখন মুখেও খালী ছীটৰ সন্ধান কৰিলে। নাই। বাছ চলিল আকৌ।
বহি থকা মানুহ এজনে খিৰিকীৰে বাহিৰলৈ চালে। ৰাস্তাৰ দাঁতিৰ দোকানবোৰত লাগি থকা ফলক কেইখন মনোযোগেৰে চালে। হয়তো ঠাইৰ নামটো পঢ়িছে। অঞ্জন কলিতা, ৰাতুল শৰ্মা আৰু নৰেণ দত্ত – তিনিওৰে চকুত পৰিল মানুহজন।
: গুৱাহাটী কমাৰ্চৰ পিছৰ ষ্ট’পেজটোৱেই চান্দমাৰী নহয় জানো?
কাষতে বহি থকাজনক সুধিলে মানুহজনে।
অঞ্জন কলিতা, ৰাতুল শৰ্মা আৰু নৰেণ দত্ত, তিনিও নিশ্চিত হ’ল যে মানুহজন নামিব। তেওঁলোকে ছীটটোৰ ওচৰলৈ আহিবলৈ তৎপৰ হ’ল। কিন্তু সেই তৎপৰতা আনে যাতে মন নকৰে, সেই বাবেই সন্তপৰ্ণে আৰু যথেষ্ট সতৰ্কতাৰে ছীট দখলৰ প্ৰতিযোগিতাত নামিল। কমাৰ্চ পাৰ হ’ল। ফ্লাইঅ’ভাৰ আৰম্ভ হ’ল। মানুহজনে বে’গটো লৈ থিয় হ’ল। থিয় হোৱাৰ লগে লগেই বহুকেইযোৰ চকুৱে তেওঁক খেদি গ’ল, তেওঁৰ খালী হ’বলৈ ধৰা ছীটটোলৈও লোলুপ দৃষ্টি গ’ল।
ছীটটোৰ তীব্ৰ দাবীদাৰ আছিল অঞ্জন কলিতা, ৰাতুল শৰ্মা আৰু নৰেণ দত্ত। তিনিওজন ছীটটোৰ একেবাৰে ওচৰত বা ক’বলৈ গ’লে ‘লোকেল’।
আটাইতকৈ ওচৰত আছিল অঞ্জন কলিতা। সি মানসিকভাবে দুৰ্বল। তাৰ মন, কিছুদেৰি ছীটত বহি ইয়েৰফোন উলিয়াই ভালকৈ বৰ্ণালীৰ লগত কথা পতা। হেঁচা-ঠেলাত থিয় হৈ কিমান বুজাব তাইক….
ৰাতুল শৰ্মা নলবাৰীলৈ যাব। এতিয়া আদাবাৰীৰপৰা নলবাৰীলৈ শেষৰ বাছকেইখন হে পাব। তেওঁ জানে যে তাত বহিবলৈ ছীট নাপায়। সেয়েহে শৰ্মাৰ মন, কিছুদেৰি আদাবাৰীলৈ বহি গ’লে অন্ততঃ ভৰি দুখনে কিছু শক্তি পাব।
নৰেণ দত্ত মালিগাঁৱত নামিব। মালিগাঁও চাৰিআলিৰ পৰা তেওঁৰ ঘৰলৈ এক কিল’মিটাৰ। এইখিনি সময়ত দুটকা বেছি দিলেও ৰিক্সা এখন পোৱা নাযায়। খোজ কাঢ়ি যাবই লাগিব। সেয়ে নৰেণ দত্তৰ মন, মালিগাঁৱলৈ বহি গ’লে ভৰি দুখনে আৰু এক কিল’মিটাৰ খোজ কাঢ়িবলৈ না নকৰে।
নৰেণ দত্তও আহি বহিবলৈ লৈছিল হে, তেওঁ ব্ৰেক লগাই দেহৰ কিছু অংশ অঞ্জন কলিতাৰ কৰঙনত পেলালে। তিনিজনৰ মাজত এক অৰিয়াঅৰি হ’ল?
: মই প্ৰথমে বহিছোঁ, মইহে ছীটটোৰ হাকদাৰ
বুলি গালি-গালাজ আৰম্ভ হ’ল? নাই, নহ’ল। ৰাতুল শৰ্মাই বে’গটো উঠাই কান্ধত ল’লে। নৰেণ দত্তলৈ চাই হাঁহিলে। “খুৰা, বহক আপুনি” বুলি কৈ অঞ্জনলৈ চালে। শৰ্মাই জানে যে কোন বহিব, কোন উঠিব সেয়া অঞ্জনৰ ওপৰতহে নিৰ্ভৰ কৰিছে। অঞ্জন কলিতা থিয় হ’ল। এনে নহয় যে সি উপায় নাপাই বয়সস্থ নৰেণ দত্তক ছীটটো এৰি দিলে। সেয়া তাৰ বিবেকেই কৈছিল।
: বহক আপুনি, মই থিয় হৈয়ে পাৰিম৷
অঞ্জনো থিয় হ’ল। ভাগৰুৱা নৰেণ দত্ত বহি পৰিল। “এহ, হ’ব দিয়ক (বা হ’ব দিয়া), আপুনিয়ে (বা তুমিয়ে) বহক (বা বহা)” বুলি ক’বলৈও ভাগৰুৱা দত্তৰ মন নগ’ল। তেওঁ মাত্ৰ দুয়োজনলৈ চাই হাঁহিলে। অসমীয়া মানুহৰ হাঁহি আৰু দুচকুৰ প্ৰোজ্জ্বল দৃষ্টিতেই লুকাই থাকে – ধন্যবাদ, থেংক ইউ, ছ’ৰি…সকলো। প্ৰায়ভাগেই মুখেৰে নকয়। নৰেণ দত্তই দুয়োৰে মুখলৈ চাই থাকিল।
: মই মালিগাঁৱত নামিম। আপোনালোকৰ কোনোবা এজনে বহিব পাৰিব তেতিয়া।
দুয়োজনলৈ চাই নৰেণ দত্তই ক’লে।
দুয়োজনে হাঁহিলে। কি ক’ব বা কি নক’ব সেয়া বুজি নাপাই মিচিকিয়ালে। ৰাতুল শৰ্মাৰ ফ’নটো আকৌ বাজিল।
: নহ’ল এ মাই আজিও কামটো…ডিপিআই’তে ফঁচি আছে৷ যাই আছু দে। ঘৰতে ভাত খাম। ন’টা মানত পাম। ভাত খাই ঘুমাবি তুহাত।
ফ’নটো থ’লে। গাড়ী চলি থাকিল। ৰাতুল শৰ্মাই অস্থিৰ দৃষ্টিৰে বাহিৰলৈ চাই গৈছে। অঞ্জন কলিতাই বিমৰ্ষ দৃষ্টিৰে বাহিৰলৈ চাই গৈছে। নৰেণ দত্ত এতিয়া সিমান ভাগৰুৱা নহয়। অলপ ৰিলাক্সড্…সেয়েহে তেওঁ দুয়োজনকে চাই গৈ আছে। এইবাৰ অঞ্জনৰ ফ’নটো বাজিল হয়তো। তাৰটোত শব্দ নাই। খপজপকৈ ফ’নটো উলিয়ালে সি।
: বৰ্ণালী, মই ৰূম পালেই ফ’ন কৰিম। ছীট এটাও নাই বহিবলৈ। মালিগাঁও পাম আৰু। তুমি মালিগাঁৱলৈ অহা নাইতো? চাই গ’লোঁহেঁতেন মুখখন। ধেত, ধেমালি কৰা নাই ও, ময়ো তোমাৰেই সমানেই অস্থিৰ৷ কৰি আছোঁ জালুকবাৰীত নামি। বৰ্ণালী, শুনা..কিবা এটা কৰিম৷ তোমাক যে মই বহুত ভাল…..
মালিগাঁৱত ৰ’ল চিটিবাছখন। নৰেণ দত্ত নামিল।যাওঁতে ৰাতুল শৰ্মালৈ চাই সুধিলে,
: নলবাৰীলৈ যাব? আকৌ ডিপিআই’লৈ কেতিয়া আহিব?
: হয়। ডিপিআই পৰহি আহিম৷
ৰাতুল শৰ্মাই এনেয়ে কৈ থ’লে। কিয় সুধিলে সেয়াও নাভাবিলে। পঞ্চলিশ মিনিট একেলগে আহিলেও আত্মীয়তা বাঢ়ে কেতিয়াবা। নামোতে নৰেণ দত্তই অঞ্জন কলিতাৰ কান্ধত হাতখন ক্ষন্তেক সময়ৰ বাবে ৰাখিলে। এক শেঁতা হাঁহি বাগৰি গ’ল তেওঁৰ দুই ওঁঠৰ মাজেৰে। বাছখন চলিল আকৌ। ৰাতুল শৰ্মা আৰু অঞ্জন কলিতা, কোনো এজনেই খালী হোৱা ছীটটোত বহিবলৈ লৰাঢপৰা নকৰিলে। তেওঁলোকৰ লক্ষ্যও যে সমাগত। চিটিবাছৰ পৰা নামি নৰেণ দত্ত ফুটপাথৰ ওপৰত উঠি দুইমিনিট কিবা ভাবিলে। দুটা কৰিবলগীয়া কাম আছে তেওঁৰ।
এক : পৰহি পিয়নজনক কৈ থ’ব, নলবাৰীৰ পৰা এজন শিক্ষকৰ পেঞ্চনৰ কামৰ কাৰণে কোনোবা মানুহ এজন আহিলে পোনে পোনে তেওঁৰ ওচৰলৈ লৈ আহে যেন। ডিপিআই’ৰ বৰবাবু হিচাপে অ’ফিচত কামবোৰ ঠিকমতে হয় নে নহয়, সেয়া চোৱাটোও তেওঁৰ এক কৰ্তব্য।
দুই : জীয়েক বৰ্ণালীক গৈ অঞ্জন নামৰ ল’ৰাজনৰ কথা ভালকৈ সুধিব। এদিন তাক ঘৰলৈ আহিবলৈ ক’ব তাইৰ দ্বাৰাই। ল’ৰাজন হয়তো বেয়া নহ’ব (এইটো কথা তাইক নক’ব, তেওঁ নিশ্চিত যে সি ভালেই)…
10:59 am
বিৰাট ভাল লাগিল৷ মজা৷
11:07 am
দাদা বঢ়িয়া লাগিল ।???
11:11 am
পঢ়িলে পঢ়ি থাকিবলৈকে মন যায়।
11:11 am
বৰ ধুনীয়া লাগিল দিগন্ত দা।
11:28 am
ভাল লাগিল, দিগন্ত দা ।
11:31 am
খুব ভাল লাগিল দিগন্ত দা
11:53 am
বঢ়িয়া লাগিল দিগন্ত। ফিনিছিঙ তামাম
12:24 pm
বহুত বহুত ভাল লাগিল ।
1:05 pm
ভাল লাগিল দিগন্ত
1:20 pm
বুকু বিষাই যোৱাকে ভাল লাগিল। ফেণ্টাষ্টিক
1:31 pm
ভাল গল্প।
2:02 pm
খুব ভাল লাগিল, বিশেষকৈ সামৰণিটো। you always rock
2:21 pm
বৰ ভাল লাগিল।
2:32 pm
? ভাল লাগিল
2:52 pm
শেষৰ টুইষ্টটোৱে সোনত সুৱগা চৰালে৷ সাংঘাতিক❤️!
3:34 pm
শেষৰখিনিয়ে কাহিনীক নতুন মাত্ৰা দিলে। বৰ ভাল লিখা তুমি। বিৰাট ভাল পালোঁ।
3:46 pm
খুব ভাল লাগিল পঢ়ি, গল্পটোৰ সমাপ্তিয়ে মনটো কিবা ভাল লগায় দিলে ?
4:40 pm
বিৰাট ভাল লাগিল।সমাপ্তি অতি সুন্দৰ।
6:44 pm
খুব ভাল লাগিল দাদা
10:01 pm
বৰ ভাল লাগিল পঢ়ি। শেষৰ খিনিয়ে কিবা এটা ভাল লগাই গ’ল।
10:53 pm
মজা৷
সকলো কাহিনীৰ পৰিসমাপ্তি এনেধৰণৰে যোগাত্মক হোৱা হ’লে৷
11:12 pm
খুবেই ভাল লাগিল। সামৰণি ফেন্টাস্টিক।
11:33 pm
একে উশাহত পঢ়িলোঁ …. সুন্দৰ সমাপ্তিয়ে বৰ তৃপ্তি দিলে ৷
12:38 am
সুখৰ সমাপ্তি ।বৰ ভাল লাগিল দাদা ।
9:01 am
বিৰাট ভাল লাগিল। শেষৰ কণে মুখত হাঁহি বিৰিঙাই গ’ল।
10:32 am
শেষ খিনি।
11:46 pm
দিগন্তদা, বহুদিনৰ মূৰত মনটো ভাল লগাই দিলে। থেংকিউ।
11:49 pm
ইমান যে ভাল লাগিল কবলৈ ভাষা নাই!
9:42 pm
আজিহে পঢ়িলোঁ৷ ভাল লাগিল গল্পটো৷
2:13 am
বিৰাটেই ভাল লাগিল গল্পটো। বৰ সুন্দৰ উপস্থাপন।???