ফটাঢোল

সৰু মানুহ ডাঙৰ মানুহ-অভিজিত মেধি

মই লাগিলে য’তেই নাথাকোঁ বা যিয়েই নকৰোঁ, আচলতে মই যে বুঢ়া বকুলৰ তলত নেওতা গাই আৰু এচাৰিৰ কোবত টিকা ফটাই ডাঙৰ হোৱা মানুহ সেইটো কথা না সলনি কৰিব পাৰোঁ, না সেইটো পাহৰিব পাৰোঁ। অতীতৰ যি আধাৰৰ ওপৰত এজনে নিজৰ বৰ্তমান গঢ়ি তোলে সেই আধাৰৰ কথা পাহৰাৰ অভিনয় হয়তো কৰিব পাৰি, কিন্তু বাস্তৱিকতে পাহৰি যোৱাটো অসম্ভৱ। তাতে ত্ৰিশৰ দেওনাখন পাৰ হোৱাৰ পাছৰে পৰা আজিকালি শৈশৱৰ কথাবোৰ দেখোন বেছিকৈহে মনত পৰা হৈছে। এই স্কুলখন আগতে এনেকুৱা আছিল, অমুকৰ জোকোৱা নাম তমুক আছিল, গহীন মহিলাগৰাকী এসময়ত হাঁহিচম্পা আছিল…কত কিমান যে কথা! হয়তো চকুৰ সমুখতে নিজৰ সন্তানক ডাঙৰ হোৱা দেখি থকাত শৈশৱ বুলিলে আজিকালি অলপ বেছিকৈয়ে নষ্টালজিক হৈ উঠা হৈছোঁ। নন-ষ্টিক চৰুত দুটোপাল তেল দিলেও যে বহলকৈ বিয়পি ভাজি এখন বনাব পৰা হৈ উঠে, ঠিক তেনেকৈ সৰু অজুহাততে আজিকালি সোঁৱৰণীৰ বহল পাতনি মেলিবলৈ মনটো সাজু হৈ উঠে।

দুদিনমান আগৰ কথা, বাংগালোৰৰে বন্ধু এজনৰ ঘৰলৈ ভাত খোৱাকৈ গৈছিলোঁ। আয়োজন বহুত, কিন্তু চিধাই চকু পৰিল পুৰি-তৰকাৰিৰ ওপৰত, পাঁচ মিনিট সময়ো নালাগিল সেইখিনি খতম কৰিবলৈ। বন্ধু পত্নী দৌৰাদৌৰিকৈ আৰু পুৰি বনাবলৈ সাজু হ’ল। ভদ্ৰতাৰ খাতিৰত “নাই নাই, আৰু নালাগে” বুলি কোৱাত আশ্বস্ত হৈ তেওঁ পুনৰ বহিবলৈ লোৱাত মনটো বেয়াই লাগিবলৈ ধৰিছিল। পিচে ময়ো কম নহয়। লগে লগে ক’লোঁ আগতে এনেকুৱা পুৰি-ভাজি পালে কিমান যে খাইছিলোঁ, স্কুলীয়া দিনত এবাৰ এখন বিয়াত আঠাইশখন পুৰি খাই লগৰকেইজনক বাজীত হৰুৱাৰ কথাটোও উল্লেখ কৰি আজিকালি অৱশ্যে কমকৈ খাওঁ বুলি সামৰি থ’লোঁ। সময়ৰ শৰ সময়ত মাৰিলে সময়মতে ফলাফল পোৱা যায়, বন্ধুপত্নীয়ে লগে লগে আৰু এপাচি পুৰি লৈ আহিল। মোৰ কথাৰ আঁত ধৰি বন্ধুৱেও ক’লে যে সৰুতে বিয়া-সবাহত সিও হেনো পপকৰ্ণ, কুলফিৰ কাউণ্টাৰত দবাই খাইছিল। বাঃ…! বিশ-পঁচিশ বছৰ আগতেই মোৰ বন্ধুৱে পপকৰ্ণ আৰু কুলফিৰ কাউণ্টাৰ থকা বিয়া খাইছিল, কম ডাঙৰ মানুহ নাছিল মোৰ বন্ধু! লগে লগে মনত ছবি এখন ভাঁহি উঠিল। নতুন আৰু দামী চোলা-পেণ্টৰ লগত বাটাৰ জোতা পিন্ধি এখন ব্যয় বহুল বিয়াৰ পেণ্ডেলত সৌৱা দৌৰি ফুৰিছে সাত-আঠ বছৰীয়া মোৰ বন্ধু। লগে লগে অন্য এখন ছবিও মনলৈ আহিল- চুলিত নাৰিকল তেল লগাই, পুৰণি কাপোৰ এযোৰ আৰু হাৱাই চেণ্ডেল পিন্ধি সৌৱা তথৈবচ পেণ্ডেল এটাত কলৰ ডোনাত মছুৰ দাইল, অলপ ভাত আৰু লাব্ৰা এখন লৈ মই “মিলে সুৰ মেৰা তুমহাৰা” কৰি আছোঁ। দুখন বিপৰীত ছবি, এখনত বৰ ঘৰৰ ল’ৰা মোৰ বন্ধু, আনখনত মই, দুখীয়া মাষ্টৰৰ পুতেক।

ঘৰলৈ ওভতি ফুলা পেটডাল লৈ বিচনাত পৰিও সৰুকালৰ কথাবোৰকেই ভাবি থাকিলোঁ। ভাবোঁতে ভাবোঁতে অনুভৱ হ’ল দৰাচলতে মই ভবাৰ দৰে ইমানো বেয়া অৱস্থা নাছিল আমাৰ। সৰুতে ঘৰৰ ওচৰৰে প্ৰাথমিক বিদ্যালয়খনত পঢ়িছিলোঁ। একেলগে পঢ়া অভাৱী ঘৰৰ ল’ৰা-ছোৱালীখিনিৰ তুলনাত আমি বহুত কিবা-কিবি পোৱা বুলিয়েই ক’ব লাগিব। কিতাপ-বহী কঢ়িয়াবলৈ মোৰ এটা টিনৰ বাকচো আছিল, যাৰ ওপৰত কটাৰীৰে নিজৰ নামটোও লিখি লৈছিলোঁ। কাৰেণ্ট থাকিলে সন্ধিয়া লেম জ্বলাব লগীয়া নহৈছিল। হাইস্কুল পোৱালৈ পঢ়া সময়ত মহে আমনি নিদিবলৈ টেবুলৰ কাষত কচোৱা এডালো জ্বলাই লৈছিলোঁ। ক’তা…একে লগৰে বহুতে দেখোন ফটা গোৰোহাত দিবলৈ চেণ্ডেল এযোৰো পোৱা নাছিল সেই সময়ত! ঘৰৰ ওচৰৰে সমবয়সীয়া এজনে কেৰোচিন পুৰি পুৰি লেমৰ পোহৰতে ডাক্তৰ হৈ উজলিল। সেই হিচাপত আমিতো ৰাজকোঁৱৰৰ দৰেই সা-সুবিধা পাইছিলোঁ। সা-সুবিধাৰ মাপকাঠিত ওপৰত থাকিও কিডাল উল্টালোঁ? উপাৰ্জনৰ মাপকাঠিৰে নহ’লেও কষ্টৰ বলত অৰ্জন কৰা সন্মানৰ মাপকাঠিত সেই ডাক্তৰজন আমাৰ তুলনাত বহুত ডাঙৰ মানুহ।

অন্য এজন বন্ধুৰ কথাও এইখিনিতে উল্লেখ কৰিবই লাগিব। হাইস্কুলীয়া দিনত একেলগে পঢ়া এই ল’ৰাজন এসময়ত মোৰ ভাল বন্ধুবোৰৰ মাজৰে এজন আছিল। সময় আৰু সাংসাৰিক জীৱনৰ পাকচক্ৰত পুৰণি বন্ধুবোৰৰ লগত আজিকালি যোগাযোগ নোহোৱাৰ লেখিয়াই হৈছে। পাহৰা কিন্তু মুঠেই নাই, বৰঞ্চ তাৰ কথা মাজে মাজে এতিয়াও উলিয়াওঁ ঘৰত। একেলগে পঢ়া দুই এজনক আজিকালি অলপ পাহৰিছোঁ যদিও এইজন বন্ধুক ভালকৈ মনত ৰখাৰ কাৰণ আছে। বন্ধু আছিল দুখীয়া ঘৰৰ, পঢ়া শুনাত ভাল, তাতোকৈও ভাল আছিল স্বভাৱত। দুপৰীয়া স্কুলত জিৰণিৰ ঘণ্টাটো বাজিলেই আমি পঞ্চাশ পইচাৰ ৰঙীণ বৰফ নতুবা এটকীয়া গাখীৰ বৰফ খাবলৈ দৌৰ দিওঁ। বন্ধুৰ হাতত পইচা নথকাত এবাৰ নে দুবাৰ পইচা যাচিছিলোঁ। মোৰ পৰা পইচা লোৱাৰ সময়ত সি কৈছিল- “কাইলৈ মই তোক বৰফ খুৱাম দে”। পাছদিনা খুৱাইছিলেও। দুৰ্গা পূজা বুলিলে আমি নতুন কাপোৰ পিন্ধি পূজা চাবলৈ, বেলুন আৰু পিষ্টল কিনিবলৈ উদ্বাউল হৈছিলোঁ। আনহাতে পূজা মণ্ডপৰ এটা চুকত চাইকেল এখনত দুটামান বেলুন বান্ধি প্ৰতিবছৰে দোকান দিছিলে বন্ধুজনে। আমাক দেখিলে মিঠা বৰণীয়া ল’ৰাজনৰ মুখখন সম্ভাষণৰ হাঁহিত পোহৰ হৈ উঠে, জবৰদস্তি পাঁচটকীয়া বেলুন এটা বিনা পইচাত দিবলৈ চেষ্টা চলায়। অনিচ্ছাকৃতভাৱে হ’লেও তাৰ হাঁহিটোৱে উপলুঙা কৰে আমাৰ নতুন কাপোৰক। যাহওক, এনেকৈয়ে এদিন আমি মেট্ৰিক দিব পৰাকৈ ডাঙৰ হ’লোঁ। মেট্ৰিকৰ পাছত মই চহৰত থাকি পঢ়িবলৈ লোৱাত যোগাযোগ নোহোৱা হৈ থাকিল, তথাপিও ইজন-সিজনৰ মুখে খবৰবোৰ পাই থাকিছিলোঁ। চাকৰি সূত্ৰে অসমৰ বাহিৰলৈ অহাত সেইখিনিৰো মুদা মৰিল। কিছুবছৰ আগতে এবাৰ ছুটী লৈ অসমলৈ যাওঁতে অন্য এজন বন্ধুৰ সৈতে তাৰ ঘৰ গৈ ওলাইছিলোঁ। সি ঘৰত নাছিল, টেটৰ পৰীক্ষা দি সি হেনো মাষ্টৰ হ’ল, নগাঁও নে তেজপুৰৰ পিনে থাকে বুলি ক’লে মাকে। ভাল লাগিছিল খবৰটো শুনি। তাৰপিছত ময়ো পুনৰ যোগাযোগ কৰাৰ চেষ্টা কৰা নাছিলোঁ। এনেকৈয়ে আছিল, শেহতীয়াকৈ ফেচবুকত বন্ধু নোহোৱালৈকে। হঠাতে যোৱাকালি মোৰ ফেচবুক পোষ্ট এটাত তাৰ মন্তব্য দেখিলোঁ- “আমাকতো চাগে পাহৰিলিয়েই, সৰু মানুহ যে…”। হাঁহি উঠিল তাৰ মন্তব্যটোত। কাৰণ তাৰ কথা ক’লে যিজন ল’ৰাৰ কথা মনলৈ আহে, সেইজন ল’ৰা ওঁঠ চেপিলে গাখীৰ ওলোৱা বয়সতেই বহুত ডাঙৰ মানুহ হৈছিল, অন্ততঃ আমাৰ নিচিনাবোৰৰ তুলনাত।

আচলতে মানুহৰ এই সৰু ডাঙৰৰ তুলনাবোৰ একেবাৰে আপেক্ষিক। কথাটো বীৰবলৰ সাধু এটাৰ সৈতে ৰিজাব পাৰি- এই যে আকবৰে বালিত আঁচ এডাল টানি সেইডাল নুচুৱাকৈ বীৰবলক চুটি কৰিবলৈ কয়, বীৰবলে কাষতে নতুনকৈ দীঘল আঁচ এডাল টানি দিয়ে…। আমি মানুহবোৰো সময়ৰ বালিত টনা একো একোডাল আঁচ। যদিও প্ৰকৃততে আমাক আনে নুচুৱে কিন্তু সমাজ এখনত আমাৰ সৰু-বৰ নিৰ্ভৰ কৰে ওচৰে পাজৰে থকা অন্য আঁচবোৰৰ ওপৰত। অৱশ্যে এটা কথা ঠিক, দৈর্ঘতা নিৰূপণৰ প্ৰণালী ব্যক্তিভেদে বেলেগ। কেতিয়াবা নিজ সন্তুষ্টি অনুযায়ী প্ৰণালী সলায়ো ল’ব পাৰি। যেনে ধৰক মই শচীন তেণ্ডুলকাৰতকৈও ধনী মানুহ। শচীনে হেনো দেশ-বিদেশত ক্ৰিকেট খেলি থাকোঁতে নিজৰ ল’ৰা-ছোৱালী দুটা ডাঙৰ হোৱা নেদেখিলেই, ইপিনে মোৰ দুবছৰীয়া সুপুত্ৰই মাজৰাতি উঠি “দে’তা, ফুফু” বুলি জেদ ধৰিলে তাক শোৱনিকোঠাৰ পৰা চ’ৰাঘৰ ফুৰাই আনি উল্লু বনাবলৈ মই কিন্তু ঘৰতেই থাকোঁ।

☆ ★ ☆ ★ ☆

4 Comments

  • ডলী তালুকদাৰ

    ভাল লাগিল পঢ়ি।

    Reply
  • Bornali S Mudoi

    বৰ ভাল লাগিল

    Reply
  • Sadananda Bhuyan

    সুন্দৰ, বহুত ভাল লাগিল ।

    Reply
  • HEMANTA KAKATI

    আচলতে মানুহৰ এই সৰু ডাঙৰৰ তুলনাবোৰ একেবাৰে আপেক্ষিক। সেইটোৱেই মেইন৷ ভাল লাগিল অভিজিত!

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *