ফটাঢোল

কৌতুক-পদ্মলোচন ভৰদ্বাজ

জাপানত এক অচিন বেমাৰত গণ্ডাই গণ্ডাই মানুহ মৰি আছে৷ কোনো ডাক্তৰে কোনো বৈজ্ঞানিকে ৰোগটো চিনাক্ত কৰিব পৰা নাই। পৃথিৱীৰ মুধাফুটা ডাক্তৰ আৰু বৈজ্ঞানিকসকলক নিমন্ত্ৰণ কৰা হ’ল৷ নলবাৰীৰ হৈ ধ্ৰুৱ আৰু পাৰ্থ গ’ল ফ্লাইটত। জাপানৰ এয়াৰ পৰ্টত নামিয়েই মৰাশৰ দম দেখি দুয়োজনৰ মুখৰ পৰা আপোনা আপুনি ওলাই গ’ল,

“হাউ, এন্‌কে ফেলে থৈছি…!!!”

লগে লগে সিহঁতক বেৰি থকা সাংবাদিকসকলে প্ৰচাৰ কৰি দিলে অসমৰ পৰা অহা দুজন বিখ্যাত বিজ্ঞানীয়ে ৰোগটো চিনাক্ত কৰিছে আৰু ৰোগটোৰ নাম দিছে,

‘এনকে-ফেলাই-টিচ’

☆ ★ ☆ ★ ☆

3 Comments

  • মুনমুন

    এনকেফেলাইটিছৰ আঁৰৰ ৰহস্য এয়া হে?

    Reply
  • Biduut Bikash Dutta

    হাউ, কি কয় এ!!

    Reply
  • দীপশিখা

    ওহ হয় নেকি

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *