ফটাঢোল

ফীজ-মৃদুলা গগৈ

পুৱা কোনোদিন আঠ বজাৰ আগত শুই নুঠা কবিতাবৌ আজি চাৰি বজাতে সাৰ পালে৷ চকুকেইটা মেলিয়ে কাষতে শুই থকা বৰুৱাদাৰ ফালে মুখখন ঘূৰালে। ইফালে বৰুৱাদাই ঘৰঘৰাই নাক বজাই শুই আছে৷ ৰাতি বহুত দেৰিলৈকে মোবাইলত ভিডিঅ’ চোৱাৰ অভ্যাস তেওঁৰ৷ কি কৰে এতিয়া কবিতাবৌৱে৷ এই ব্ৰহ্মপুৱাতে বৰুৱাদাক উঠাই দিব লাগিলে দিনটোলৈ বৰুৱাদা গেঁঠেলা কোমোৰাটোৰ দৰে হৈ থাকিব৷ একো কামেই নিসিজিব কবিতাবৌৰ৷ অলপ সময় ধৈৰ্য ধৰাই ভাল বুলি ভাবি চকু দুটা মুদি নিজৰো টোপনি আনিবলৈ চেষ্টা কৰিল৷ নাই! নাহে টোপনি৷ কেইবাটাও চিন্তা মানুহজনীয়ে পাগুলি আছে৷ ক’ৰ পৰা টোপনি আহিব৷ বিচনাতে গাটো ঘনাই ইকাতি-সিকাতি কৰি থাকিল৷ কিজানিবা বৰুৱাদাৰ টোপনি ভাগেই৷

যেনেতেনে ছয় বাজিবলৈ পালেহে৷ কবিতাবৌ আৰু ৰৈ নাথাকিল৷ বহি ল’লে বিছনাত৷

: হেৰি, সাৰ পাইছেনে?

নাই, বৰুৱাদাৰ কেট-কুট নাই। এইবাৰ গাত ধৰি হেঁচুকি দিলে।

: বোলো সাৰ পাইছেনে?

: কি হ’ল অ’? শুবলৈ নিদিয়া কিয় মোক?

: কথা এটা শুনকচোন৷

: শুনি আছোঁ কৈ যোৱা৷

: পূজাৰী এজন বিচাৰিব লাগিছিল৷

: আকৌ পূজাৰী!

ঘপহকৈ বহি লৈ বৰুৱাদাই ডাঙৰকৈ চকুকেইটা মেলিল। চকু ডাঙৰ নহ’বনো কিয়? পোন্ধৰ দিনেই হোৱা নাই নাম এষাৰ পাতি গৈছে। ভগৱানৰ নামত এমাহত দুটাকৈ কাৰ্য কৰা বৰুৱাদাৰ বাবে বৰ সহজ কথা নহয়। গাঁৱৰ ঘৰত হোৱা হ’লেও এক কথা৷ তাতে এই গুৱাহাটী হেন চহৰত৷

বৰুৱাদাহঁতে যোৱা মাহত গুৱাহাটীত নতুনকৈ ঘৰটো লৈছে৷ ঘৰ মানে ভাড়াঘৰ৷ ছোৱালীজনীয়ে এইবাৰ HS ফাইনেল পৰীক্ষা দিলে৷ গুৱাহাটীতে মাক আৰু জীয়েক থাকি লৈ ক’চিং ক্লাচ দিয়াব৷ এমাহৰ ছুটি লৈ বৰুৱাদাও আছেহি৷ অচিনাকি ঘৰ এটাত থাকিবলৈ লৈছে। আগতে বা কোন মানুহ থাকি গৈছে৷ গতিকে কবিতা বৌৰ মতে নাম এষাৰ গোৱাই লোৱাটো ভাল৷ ভগৱান থিতাপি লয় বোলে৷ কবিতাবৌৱে যি এবাৰ ভাবিলে সেইটো তেওঁ কৰিহে এৰিব৷ কবিতাবৌৰ কথা বোলে শিলৰ ৰেখা৷ উপায়হীন হৈ বৰুৱাদাই গুৱাহাটীত ভকত বিচৰাৰ চিন্তা কৰিল৷ চিন্তা মানে তেওঁৰ লগৰ কোন কোন গুৱাহাটীত থাকে মনত পেলালে আৰু মোবাইলত নম্বৰবোৰ বিচাৰিলে৷ ভাগ্যে যেনিবা মনত পৰিল তেখেতৰ গাঁৱৰে বীৰেণলৈ৷ সৰুৰে পৰা বীৰেণৰ ভগৱানত অটল বিশ্বাস৷ গতিকে সিয়ে ভালদৰে জানিব। তাতে তাৰ গুৱাহাটীত থকাও বহুত বছৰ হ’ল।

বীৰেণৰ কথা মতে বীৰেণৰ লগতে গৈ বৰুৱাদা ভকত এজনৰ ঘৰ পালেগৈ৷ ভকতে সকলোখিনি দিহা পৰামৰ্শ দিলে৷ কি কি সামগ্ৰী লাগিব কিমানকৈ লাগিব সকলোখিনিৰ পৰিমাণসহ তালিকাও দিলে৷ কেইজন ভকত যাব লাগিব সুধিলে৷ ভকতজনৰ মতে তেখেতসকলে এজনগৈও নাম গাই থৈ আহে আৰু লাগে বুলিলে দহজনো যাব৷ গৃহস্থই যি কয় আৰু৷ বৰুৱাদাৰ ঘৰটোও সৰু৷ বেছি মানুহ হ’লে অসুবিধাও। একেবাৰে কম হ’লেও ভাল নালাগিব৷ গতিকে সকলো দিশ চালি জাৰি চাই পাঁচজন ভকতৰ কথা কৈ গুচি আহিল৷ যা-যোগাৰ সকলো কৰিলে। আগদিনা ভকতজনলৈ আকৌ এবাৰ ফোন কৰিলে৷ ভকতেও থূলমূলকৈ গোটেইখিনি পৰামৰ্শ আকৌ এবাৰ দিলে৷ বৰুৱাদাই ধন্যবাদ দি ফোনটো কাটিবলৈ লওঁতেই সিফালৰ পৰা,

: হেৰি নহয় সেইদিনা আপোনাক আমাৰ ফীজটোৰ কথা কোৱা হ’লনে বাৰু?

বৰুৱাদাই অলপ থতমত খাইছে যদিও ঘেঁহাই-ঘোপাই বোলে,

: না..না..নাই কোৱা নহয়৷ কিমান আপোনালোকৰ ফীজ?

: নামতীজনক একহাজাৰ টকা দিব৷ বাকী কেইজনক আঠশকৈ দিলেও হ’ব৷

বৰুৱাই পিছৰখিনি কি পাতিলে গমেই নাপালে৷ হিচাপ কৰি চালে দেখোন পাঁচহাজাৰেই লাগে প্ৰায়। মূৰটো ভমভমাবলৈ ধৰিলে বৰুৱাদাৰ৷ সদায় হিচাবত চলা মানুহ তেওঁ৷ নিজৰ ওপৰতে খং উঠিল৷ কিহে পাইছিল পাঁচজন ভকত মাতিবলৈ৷ এজন মতা হ’লেও হয়৷ গোটেইখিনি বজাৰ সমাৰ কৰি টকা দুহেজাৰ হাতত ৰাখিছিল৷ হঠাতে কিবা প্ৰয়োজন হ’ব বুলি৷ কি কৰা যায় এতিয়া! ইফালে দহ বাজিবৰ হ’লেই। এ.টি.এমখন লৈ এতিয়াই যোৱা ভাল বুলি লৰালৰিকৈ পেণ্ট চাৰ্টযোৰ পিন্ধি ল’লে। কামত ব্যস্ত কবিতাবৌৱে একো ভূ পোৱা নাই তেতিয়ালৈ। কাপোৰ-কান্দি পিন্ধি থকা মানুহটোক দেখি তেওঁ সুধিলে-

: ক’লৈ যায় আকৌ এই ৰাতিখন৷

: ফীজ আনোগৈ৷

চকুকেইটা ডাঙৰ কৰি বৰুৱাদা গপগপাই ওলাই গ’ল৷

সময়মতে ভকত আহিল। খুব সুন্দৰকৈ নাম গালে৷ শুনি থাকিলে শুনি থাকিবলৈ মন যোৱা কণ্ঠ৷ এঘাৰ বজাৰ ভিতৰত সকলোখিনি কৰ্ম কৰি আজৰি হ’ল ভকত। খোৱা-বোৱাৰ নামত নিয়মটোহে কৰিল৷ গোটেইখিনি বান্ধিয়ে ল’লে। আৰু বোলে কেইবাঘৰতো নিমন্ত্ৰণ আছে গতিকে সময় কম তেখেতসকলৰ৷ সেৱা-সৎকাৰ কৰি বিদায় দিয়া হ’ল ভকতক। ভকতে যাবলৈ লৈ দুৱাৰ মুখতে বৰুৱাদাৰ ফালে চাই,

: আমাৰ গাড়ীভাৰাটো দিবলৈ থাকিল নহয়৷

: কি..কিমান আপোনালোকৰ গাড়ীভাৰা?

ভয়ে ভয়ে সুধিল বৰুৱাদাই। সন্মুখত যেন বন্দুক টোঁৱাই কোনোৱা ৰৈহে আছে৷ খুব জোৰেৰে ডিঙিৰ পৰা মুখলৈ নিজৰ মাতটো আনিব লগা হৈছে৷ পাঁচশ টকা গাড়ী ভাৰাৰ সৈতে ভকতক বিদায় দি দীঘলকৈ উশাহ এটা লৈ চকীখনতে বহি দিলে বৰুৱাদা৷ কবিতাবৌৱে প্ৰসাদৰ ভাগ এটা আনি বৰুৱাদাৰ সন্মুখত দিলেহি৷

: প্ৰসাদ লওক৷

: ভকত যোৱাৰ পিছত এইখিনি বুটমাহ বুলি ক’লেই হয়।

খাওঁ নাখাওঁকৈ মুখলৈ নিলে কেইটামান৷ কবিতাবৌৱেও বৰুৱাদাৰ মুখলৈ চাই  অকণ অকণকৈ মুখত দিলে৷ ভকত থাকোঁতে প্ৰসাদৰ ভাগটো সন্মুখত লৈছিলহে দুয়ো৷ মুখলৈ নিয়ে মানে ভকতে সামৰিলেই। বিদায় সেৱাই জনাবৰ হ’ল৷ গাঁৱৰ ঘৰত কিমান সকাম পাতিলে বৰুৱাদাই, ঘৰৰ গোটেইখিনি মানুহে খোৱাৰ পিছতহে ভকত যায়৷ ক’ত গাঁৱৰ ঘৰৰ সকাম আৰু ক’ত গুৱাহাটীৰ! সকাম পাতি মনটো পৱিত্ৰ লগাৰ সলনি বৰুৱাদাৰ গাটো জ্বলি-পুৰিহে থাকিল৷ ইমানখিনি টকাৰে গোটেই গাঁওখনত ভোজভাত খুৱাব পাৰিল হয়৷ কবিতাবৌৰো মনত অসন্তুষ্টি অলপ থাকি গ’ল৷ ভাবি ভাবি চাগৈ বৌৱে এইবাৰ পূজা এভাগ কৰাৰ কথা ভাবিল৷ সেয়েহে আজি বৰুৱাদা শুই উঠালে উচপিচ কৰি আছে৷ কবিতাবৌৰ মুখত পূজাৰীৰ কথা শুনিয়ে বৰুৱাদাই বোলে,

: হেৰা ফীজটো প্ৰথমে সোধি লওঁ নেকি পূজাৰীজনৰ?

☆ ★ ☆ ★ ☆

7 Comments

  • HEMANTA KAKATI

    পুজাতকৈও পূজাৰীৰ ফীজ মেইন মানে?
    ভাল লাগিল মৃদুলা

    Reply
  • Sadananda Bhuyan

    বেলেগ লিখিলে ।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    আগত ভকত আৰু পূজাৰী পূজা, পিচতহে আন কথা৷ ভাল লিখিলে৷

    Reply
  • নীলাক্ষি দেৱী ডেকা

    শকতি নাথাকিলে ভকতি নহয়। বৰ ভাল লাগিল পঢ়ি।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *