ফটাঢোল

অথ: দণ্ডধৰ – কুসুমাঞ্জলি শৰ্মা

(১)

পটভূমি আৰম্ভ হব আজিৰ পৰা পয়সষ্ঠি বছৰমান আগৰ৷ আমাৰ চুবুৰীয়া এজন আছিল৷ নাম দণ্ডধৰ৷
ল’ৰাকালিত দণ্ডধৰ বৰ এলেহুৱা ল’ৰা আছিল৷ আমাৰ দেউতা-খুৰাৰ লগত চাৰি কিলোমিটাৰ দূৰৈৰ স্কুললৈ অহা যোৱা কৰে৷ গধূলিতে পঢ়া টেবুলত লেম এটা জ্বলাই পঢ়াত বহে৷ পিছে চাম ঢলে, দণ্ডধৰ ঢলে৷ পঢ়াৰ নামত কবিতা মুখস্থ কৰে৷ মাকে ভাত-পানী ৰান্ধি থকাৰ পৰাই শুনি থাকে৷
দণ্ড: -এটুকুৰা মঙহ লৈ পৰম হৰিষ হৈ কাক আহি পৰিল ডালত৷
খাবনে ৰাখি থব——–
মা চিঞৰি): -বাপা, মাতবোল নাই দেখোন!
দণ্ড: – হে এটুকুৰা মঙহ লৈ, পৰম হৰিষ হৈ———
মা: – অই দণ্ডধৰ,
দণ্ড: -এহেথুৰৰৰৰা –মাংচ লৈ—
পঢ়াৰ নাম লৈ টেবুলত টোপনি৷ আনহাতে আমাৰ দেউতা খুৰাৰ চিঞৰি চিঞৰি পঢ়া মাত সিহঁতৰ ঘৰৰ পৰাও শুনা যায়৷ মাকে গালি ধৰে৷
“তোক ঘুমটিয়ে মাৰে, চা চোন সৌ ভূষণহঁতে নেওতা মাতি আছে৷“

দণ্ড সাৰ পাই খক মককৈ আকৌ পঢ়ে৷ আকৌ মঙহ টুকুৰা কাউৰীয়ে লৈ উৰি যায়৷ আকৌ নিমাত৷
মাকে উঠি গৈ দেখে যে টেবুলত টোপনি৷ সেইদিনত তেওঁলোকৰ বাবে কেৰাচিন তেল কিনাটো বৰ ডাঙৰ কথা আছিল৷ তাতে এনেয়ে লেমৰ তেল পোৰা কথাটো ডাঙৰ! খঙতে নুমাই দি আহিল৷
মা: – (বাহিৰৰ পৰা) দণ্ড, তই শুইছা নে পঢ়ি আছা, মাত বোল নাই যে?
দণ্ড: -মাই, মই অংক কৰি আছোঁ!
মা: : -তোৰ লেম ক’ত?
দণ্ড: – অ মোৰ লেমটো ক’ত?
খঙত একো নোহোৱা হৈ মাকক চিঞৰিলে,
মাই মই নোৱাৰো অ–মই তোক মাষ্টৰৰ মাক কৰিব নোৱাৰোঁ অ——

দণ্ড কালক্ৰমত ক্লাছ এইট পাই পঢ়া এৰি ওদালগুৰি নে সেইফালে থকা ভকেচনেল শিক্ষানুষ্ঠানৰ পৰা কাৰ্পেণ্টি পাছ কৰি কাঠমিষ্ট্ৰি হ’ল৷ কাঠত ৰাণ্ডা মৰা দুখৰ কাম৷ সেইবোৰ যেনেতেনে কৰি টেবুল, তক্তাপোছ সাজে৷ কোনোবাই কিবা ক’লে সেইখনত উঠি জঁপিয়াই তেওঁৰ কাম যে কিমান মজবুত তাকে দেখুৱায়৷ কথাহ’ল, এনেকুৱা এলেহুৱা যে ভৰি ধুবও বেয়া পায়৷ আমাৰ সেই ঠাইবোৰত সকলোৱে সন্ধিয়া হাত-ভৰি ধোৱে৷ বহুদূৰৰ পৰা কামৰ পৰা অহাৰ পিছতো হাত-ভৰি নোধোৱে৷ ঘৈনীয়েকে ক’লে কয়, “মই নৈতে ধুই আহিছোঁ৷“

নৈৰ ঘৰৰ পৰা দূৰৈত আৰু পাৰত এখন শ্মশান আছে৷ গৰু-ছাগলী মৰিলেও পেলায়৷ নিশা ধনগুলৈ ওলায়৷ ঘৈণীয়েকে বেছিকৈ গালি দিলে, আমাৰ পদূলিলৈ আহি খুৰাক চিঞৰি চিঞৰি কয়, “শুন অ ভূষণ, তহঁতক সাক্ষী কৰি থ’লোঁ৷ মই যদি মৰোঁ, এইৰ কাৰণে মৰিম৷“
খুৰা: -কি উল্টা-পুল্টা বকি আছা?
দণ্ড: -তাই, ঘুনচাই মোক ভৰি ধুৱাই মাৰিব৷ তোক সাক্ষী কৰি থ’লোঁ৷

(২) অথ: বংশীধৰ/বংছী/চেপ্তা/চপেটা

সেই যে দণ্ডধৰ, তেখেতৰ বৰদেউতাকৰ পুতেক বংশীধৰৰ নাম কিদৰে চপেটা হ’ল তাৰ স’তে নতুন প্ৰজন্মৰ এক উদ্ভাৱনশীল পৰিমাৰ্জিত মননশীলতাৰ কথা জনা যায়৷
বংশীধৰ ওৰফে বংছীৰ আন এটা নাম আছিল চেপ্তা৷ সেই নামৰ উহ বিচাৰি গ’লে জনা যায়, অতিপাত খীণ বংশীধৰক সকলোৰে চেপেটা অথবা চেপ্তা বুলি মাতিছিল৷ পিছলৈ অৱশ্যে বংশীধৰ নামটোৱেই প্ৰচলিত আছিল৷ এটা সময়ত দৰঙী ব্যাসৰ ওজাপালিৰ দাইনাপালি হৈ বিভিন্ন ঠাইলৈ গৈছিল৷

ওচৰ চুবুৰীয়াৰ মাজত ব্যাসৰ ওজাপালিৰ দাইনাপালি বংশীধৰক, বংছী দাইনাপালি বুলিয়েই জনাজাত আছিল৷ কিন্তু চেপ্তা নামটোও চুৰ্চুৰিয়াকৈ চলি আছিল৷

কেইজনমান চেঙেলীয়াই সিহঁতৰ গ্ৰুপত আলোচনা কৰি নাম দিলে’চপেটা দাইনাপালি’!

চপেটা দাইনাপালি আকৌ সৰুতে মস্ত টেটোন অৰ্থাৎ এককথাত ’ধুৰ’ আছিল৷ সেই চপেটাৰ সৰুদিনৰ কাহিনীবোৰ বৰ ৰোমাঞ্চকৰ! মাকে ভাত ৰান্ধি থাকে, চেপ্তা ওৰ্ফে বংশীধৰে চিঞৰি চিঞৰি পঢ়ি থাকে৷

বংশীধৰ: -স্কুললৈ যোৱা ল’ৰাবোৰক সদায় সদায় খাচীয়া আলু উহোৱা দিব লাগে!
মা: – বংছীবাপা, সেইবিলাক কিতাপত আছে নেকি এ?
বংশীধৰ: -অ মাই! আছে৷
আকৌ পঢ়িব ধৰে!
“পঢ়া কথা আৰু কটাহবাঁহৰ জোপোহা কটাতকৈও টান৷“
মাকে পাকঘৰৰ পৰাই মনতে গমে “হয় কথাটো৷“
বংশীধৰে আৰু জোৰকৈ পঢ়ে, “পঢ়া ল’ৰাক সদায় সদায় খাচীয়া আলু আৰু হাঁহৰ ডিম উহাই দিব লাগে৷ বৰালি মাছ খুৱাব লাগে!“

খাচীয়া আলু আৰু হাঁহৰ ডিম উহোৱাৰে ভাত খাই বংশীধৰ স্কুললৈ যায়৷ যাওতে আমাৰ দেউতা খুৰাহঁতৰ পিছে পিছে যায়৷ কিন্তু চল কৰি বংশীধৰ ওৰফে চেপ্তা/চপেটা আৰু চুবুৰীয়া ফণীন্দ্ৰ ওৰফে দোতোৰাই জংঘলত দিনটো কটায়৷ দেউতাহঁত যেতিয়া স্কুলৰ পৰা ঘূৰি আহে, সেইকেইজনো পিছে পিছে ঘৰ পায়হি৷

বংশীধৰে হেনো ক ফলা খনো ভালকৈ নাজানে৷ স্কুললৈ কেতিয়াবাহে যায়৷ দিনটো হাবিতেই থাকে৷ কথাটো লাহে লাহে মাক বাপেকে গম পালে, এদিন বাপেকে কিতাপখন আনি পুতেকক পঢ়িব দিলে৷ হায়!
তথাপি কিবাকৈ কৰ পৰা মাতি মাতি( ৎ )ৰ ওচৰ পালেগৈ৷ সেইখিনিতে লেঠাটো লাগিল৷ আখৰটোৰ নাম পাহৰিলে৷ এবাৰ উপায় নাইকিয়া হৈ আকৃতি চাই ক’লে’ বতিয়া’!
বাপেকে ’গৰু’ বুলি কৈ দিলে এচাট!
এইবাৰ সি হেনো গমি-পিতি শুদ্ধকৈ পঢ়িলে, তোৰা
( তোৰা, বতিয়া দুবিধ মাছৰ নাম৷ )

(

৩)স্থানে স্থানে কচ্ছপং

প্ৰতিটো শ্ৰেণীতে দুয়ো মানে বংশীধৰ আৰু দোতোৰা অৰ্থাৎ ফণীধৰে জিৰাই-সঁতাই পোন্ধৰ বছৰ মান বয়সত প্ৰাথমিক বিদ্যালয় পাছ কৰি পুথি-পাঁজিৰ বোজাৰ পৰা মুক্ত হ’ল৷

বোলে, মাছ মাৰিবি খাইবি সুখে পঢ়িবি শুনিবি মৰিবি দুখে৷ মাছ ভাতেৰে সুখেৰে দিন ৰাতি গ’ল৷ শ্ৰী বংশীধৰ ওজাপালি দলত সোমাল৷ পিছলৈ পদোন্নতি হৈ বংছী ডাইনাপালি হ’ল৷ সমাজত হওতে লেখৰ মানুহ এজন হ’ল৷
’চেপা চোৰ’নাম এটাও কোনোবা কোনোবা অসাংস্কৃতিক লোকে পিছত কয়৷ এহো বাহ্য৷ গুৰুবাণী আছে নহয়’ মানুহ মাত্ৰেই ভুল’৷
চেপাচুৰি কৰা কথাটো বৰ মামুলি৷

কিন্তু বংশীধৰৰ সৰুদিনৰ এডভান্সাৰ কামসমূহৰ সংগী সেই দোতোৰা, তেওঁ বটালী বামুণৰ লগত লিটিকাই হৈ সোমাই কালক্ৰমত ফুল ফ্লেজ্ড বামুণ হৈ নিজা লিটিকাই নিয়োগ কৰি অকলে সকাম-নিকামৰ কাজ-কৰ্ম চলাব পৰা হ’ল৷ কিন্তু কথাহ’ল সকলো সময়তে ওচৰে পাজৰে সকাম নিকাম নাথাকে৷ তেনেসময়ত তেওঁলোকে কেইজনমান লগ হৈ কোনো এখন ঠাইলৈ মাহ ডেৰমাহৰ বাবে গৈ মন্দিৰে চন্দিৰে বহে৷ মানুহৰ হাত তথা কোষ্ঠী চোৱা কাম আদি কৰে৷ প্ৰতিকাৰ, বিধান আদি দিয়ে৷ দোতোৰা বামুণ আৰু বটালী বামুণ দুয়ো বেলেগে বেলেগে কাজ-কৰ্ম কৰিবৰ হেতু বেলেগ বেলেগ পৰিয়াললৈ যায়৷

এবাৰ দোতোৰা বামুণৰ ওচৰলৈ কোষ্ঠীসহ এজন দুখীয়ালোক আহিল৷
“দেউ, ঘৰখনত অপায়-অমঙ্গল নুগুচা হৈছে৷
দোতোৰা বামুণে চাই মেলি ক’লে, “গ্ৰহদোষ হৈছে, প্ৰতিকাৰ হিচাবে নবগ্ৰহৰ পূজা এভাগ দিব লাগিব৷ কিন্তু যোগাৰত অলপ খৰচ হব৷“
“কৰিম দেউ! কৈ যাওক!“
“শুনক…….লাগিব লগতে নটা গ্ৰহৰ নামত নটাকৈ চতুষ্পদী প্ৰাণী দান দিব লাগিব৷“
“মানে?“
“মানে, গৰু-ছাগলী, হাতী ঘোঁৰা আদি!“
“দেউ, বলে নোৱাৰিম নহয়৷“
“তেতিয়াহ’লে কচ্ছপ(কাছ) দান দিলেও হব৷ কচ্ছপৰো চাৰিটাকৈ ঠেং আছে৷“
“হব, সেইটো পৰা যাব৷“

ঠাইখন খাল বিলেৰে ভৰা আছিল৷ মাছ-কাছ উভৈনদী৷ যথাসময়ত গ্ৰহ-পূজা অনুষ্ঠিত হ’ল৷ সকলো যোগাৰ পাতি আহিল৷ ৰভাৰ তলত নটাকৈ কাছৰ ঠেঙত ৰচী বান্ধি, দোতোৰাৰ মন্ত্ৰোচ্চাৰণেৰে গ্ৰহপূজা-অৰ্চনা চলিল৷ ইফালে ঘূৰি ঘূৰি বটালী বামুণো আহি সেই ঠাই পালেহি৷ কাছসোপাক দেখি আশ্চৰ্যচকিত হৈ দোতোৰাক প্ৰশ্ন কৰিলে, “স্থানে স্থানে কচ্ছপং! কিনো অদ্ভুতং৷“
দোতোৰাই মন্ত্ৰোচ্চাৰণৰ মাজতেই আনে বুজিব নোৱাৰাকৈ উত্তৰ দিলে, “নকহবং, ন কহবং! তোৰো অৰ্ধং, মোৰো অৰ্ধং!“

★★★★

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *