ফটাঢোল

মাল্টিপোল চইজ- আদিত্য জ্যোতি বৰঠাকুৰ

: ঐ, আজি ক্লাচ নকৰ নেকি হে?

শংকৰে হাতৰ ঘড়ীটোলৈ চাই কৈ উঠিল। আমি চাৰিওটা, মানে মই, শংকৰ, বিজয় আৰু দেবজিত একেখন মহাবিদ্যালয়ৰ একেটা শ্ৰেণীৰে স্নাতক বৰ্ষৰ ছাত্ৰ৷ ক্লাচনো কি! কলেজৰ সন্মুখৰ গৌৰীশংকৰ পাণ দোকানৰ সন্মুখত তামোল চিগাৰেট পাণৰ মহাৰণ এখন কৰাৰ পাছত যিখিনি সময় পোৱা যায়, সেইখিনিয়েই৷ এইকেইদিন অৱশ্যে শ্ৰেণীত পাঠদান আৰম্ভ হৈছেহে মাত্ৰ৷ তথাপি দুই এটা শ্ৰেণীত উপস্থিত নাথাকিলে শিক্ষকে আমাক ডাইন’চ’ৰৰ শাৰীতে পেলাব পাৰে বুলিয়েই উপস্থিত থাকোঁ৷

: নাই, আজি ছাৰ অহা নাই৷ গা বেয়া নেকি৷

মুখৰ পৰা পাণৰ পিকখিনি চিৰিক কৈ এটা বিশেষ ভংগীমাৰে কাষৰ নলাটোৰ পানীলৈ নিক্ষেপ কৰি দেবজিতে কৈ উঠিল৷ দেবজিতৰ মুখত পাণ আৰু বিজয়ৰ ওঁঠত চিগাৰেট, বিৰোধী দলৰ মুখত থকা চৰকাৰ বিৰোধী শ্লোগানৰ দৰেই এক সুলভ দৃশ্য৷

: আজি নতুনকৈ অহা ছোৱালীকে চাওঁ ব’ল৷

শেষ হ’ব খোজা চিগাৰেটটোত শেষৰ টানটো মাৰি বিজয়ে কৈ উঠিল৷ নতুনকৈ শ্ৰেণীবোৰ আৰম্ভ হৈছে৷ জাক জাক নতুন মইনাৰে কলেজ ভৰি পৰিছে৷ এইখিনি সময়েই চকুকেইটাক সুন্দৰ পৃথিবীখনৰ লগত পৰিচয় কৰি দিয়াৰ উপযুক্ত সময়৷

: ব’ল৷
|

আটায়ে সমস্বৰে মাত দিলোঁ৷ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ শ্ৰেণীসমূহ আৰম্ভ হৈছে৷ যেনিয়ে যায় চকু চাৰিওফালে কেৱল ৰঙা-নীলা পখিলা৷ শংকৰ আৰু বিজয় স্তব্ধ হৈ ৰৈ গৈছে, প্ৰাচীন যুগত হোৱা হ’লে শিলৰ মূৰ্তিৰে ৰূপ ল’লেহেঁতেন৷ বহু কেইগৰাকী নৱাগতাৰ সৌন্দৰ্য্যত মোহিত হৈ ইফালে সিফালে ঘূৰি থাকোঁতেই এটা কোমল মাতৰ শব্দ কাণত সোমাল৷ ঘূৰি চালোঁ৷

: এক্সকিউজ মি!

: হয়, কোৱা৷ (সমস্বৰে)

সেই কোমল কণ্ঠৰ গৰাকীৰ ওচৰত চকু পৰি আমাৰ সকলোৰে শিপা গজাৰ উপক্ৰম হ’ল৷ চিনেমাৰ কোনোবা হিৰ’ইন হে যেন আমাৰ সন্মুখত থিয় দি আছে৷ সম্বিত হেৰাই যাব খোজোঁতেই পুনৰ মাত দিলে,

: লাইব্ৰেৰী কোন ফালে আছে বাৰু! মই মানে কলেজত নতুন৷

কাৰো জিভাৰ পৰা এটা শব্দও সৰি নপৰিল৷ মাত্ৰ আঙুলিৰে ইচাৰা কৰিলোঁ লাইব্ৰেৰীৰ ফালে৷ আমাক ধন্যবাদ দি পাৰ হৈ যোৱাৰ পাছতহে মনলৈ আহিল যে নৱাগতা এগৰাকীক প্ৰশ্ন কৰাৰ সুন্দৰ সুযোগ এটা হেৰুৱালোঁ৷ সূৱৰ্ণ সুযোগ এটা হেৰুৱাৰ পাছত এইবাৰ আমাৰ মগজুৰ সকলো কোষ সমানে সক্ৰিয় হৈ উঠিল৷ এইহেন বালিকাক বেলেগৰ প্ৰেয়সী হ’বলৈ দিব নোৱাৰি৷ আৰম্ভ হ’ল অপাৰেচন ‘প্ৰেয়সী’৷ প্ৰথম কামটো হ’ল নাম, শাখা আদিৰ সন্ধান কৰি কথা আগবঢ়োৱা৷ বহু কেইলানী আলোচনাৰ অন্তত লটাৰীৰ দ্বাৰা বিজয়ৰ নামটো নিৰ্বাচিত হ’ল, প্ৰথম সি কথা আগবঢ়াব৷ নোৱাৰিলে আমি তিনিওটাই একাদিক্ৰমে চেষ্টা কৰিম৷ মুঠতে এইটো এক প্ৰকাৰ চিণ্ডিকেটেই আৰম্ভ কৰি দিলোঁ৷

এক সপ্তাহ পাছত,

এতিয়ালৈ অগ্ৰগতি সন্তোষজনক৷ বিজয়ে নাম, শাখাৰ তথ্য সংগ্ৰহ কৰি কথা বতৰাও অলপ আগবঢ়াইছে৷ আজি কিবা এটা হেস্ত নেষ্ট কৰাৰ কথা৷ পূৰ্বৰ দৰেই গৌৰীশংকৰৰ পাণ দোকানৰ সন্মুখত ৰৈ বিজয়লৈ অপেক্ষাৰত৷ আমাৰ দুই এটা আলোচনাত গৌৰীশংকৰেও ভাগ লৈছে৷ সঁচা কথা ক’বলৈ গ’লে গৌৰীশংকৰ আমাৰ লোকেল বি বি চি! সকলো কথাৰে সম্ভেদ থাকেই তাৰ লগত৷ অৱশ্যে আমাৰ অপাৰেচনৰ কথা তাৰ আগত কোৱা নাই৷ চিগাৰেট পাণ খাই সাংকেটিক ভাষাত বিজয়ৰ বাবে অপেক্ষা কৰিছোঁ, কি ৰিজাল্ট লৈ আহে৷

: সৈটো বিজয় আহিছে৷

শংকৰৰ মাতত আমি কলেজৰ গেটৰ ফালে চালোঁ৷ হয়, বিজয় একদম বিজুলি বেগেৰে আহি আছে৷ ওচৰ পোৱাত একেলগে প্ৰশ্ন কৰিলোঁঁ,

: কি হ’ল ৰিজাল্ট?

বিজয় : নহ’ব বুলি ক’লে৷

আমি : কিয়? তই কি বুলি কৈছিলি?

বিজয় : কি কৈছিলোঁ সেইটো ডাঙৰ কথা নহয়, কিন্তু মোৰ কামটো নোহোৱাৰ বাবে তহঁতৰ বাবেও প্ৰেম নিবেদন কৰি দিলোঁ, মানে “মোক বাৰু পচন্দ নাই কৰা! কিন্তু বৰঠাকুৰ, শংকৰ, দেৱজিতক ভাল পোৱাত কিবা সমস্যা আছে নেকি?”

আমি : কি?

বিজয় : কিমান আৰু একেটা ফৰ্মুলাকে ব্যৱহাৰ কৰি থাকিবি৷ কৈ দিলোঁ সেয়ে তহঁতৰ হৈ৷ কিন্তু তহঁতকো পচন্দ নকৰে বুলি কৈ আৰু অসুবিধা নকৰিবলৈ ক’লে৷ নহ’লে দেউতাকক লগাই দিব৷

আমি : দেউতাকক লগাই কিডাল কৰিব?

বিজয় : আৰে তাই কলেজৰ প্ৰিন্সিপালৰ জীয়েক৷ তাই কওঁতেহে গম পালোঁ৷

আমি : বৰ্বাদ কৰিলি জহনী৷ নিজেতো মৰিলিয়েই, আমাকো ধংস কৰি দিলি৷

(ঘটনাৰ স্থান, কাল, পাত্ৰ সকলো কাল্পনিক৷ জীৱিত অথৱা মৃত ব্যক্তিৰ লগত কোনো সম্পৰ্ক নাই৷ কাকতালীয় সংযোগৰ বাবে কোনো দায়ী নহয়।)

☆ ★ ☆ ★ ☆

4 Comments

  • ববিতা শৰ্মা

    গৌৰীশংকৰৰ পানদোকান??
    বঢ়িয়া হৈছে।

    Reply
  • Abhijit Goswami

    এইটো মানুহে কয় মই লিখিব নাজনো.. ধোদ মানে এটা আৰু ? ? ? ?

    Reply
  • ৰিণ্টু

    বঢ়িয়া ৰামঠাকুৰ

    Reply
  • Sankar Jyoti Bora

    বঢ়িয়া আদিত্যI

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *