ডকাইত নেকি?(মূল-সুকুমাৰ ৰায়) অনুবাদ- মানসী বৰা
সন্ধিয়া সময়, মন্থৰ খোজেৰে হাৰুবাবু ঘৰলৈ উভতিছিল। ষ্টেচনৰ পৰা ঘৰলৈ প্ৰায় আধা মাইলমান দূৰত্ব বাকী, বেলাটোও প্ৰায় শেষ হওঁ হওঁ। বেলিটোলৈ চাই হাৰুবাবুৱে খোজৰ গতি খৰতকীয়া কৰিলে, সন্ধিয়া লগাৰ আগতে ঘৰ সোমাব পাৰিলে ভাল। তেওঁৰ এহাতত এটা বেগ আৰু আনখন হাতত এটা ছাটি। গৈ থাকোঁতে হঠাতে তেওঁ অনুভৱ কৰিলে তেওঁৰ পিছে পিছে যেন কোনোবা আহি আছে, ঠিক আহি থকা নহয়, যেন তেওঁক কোনোবাই অনুসৰণ কৰিছে!আঁৰচকুৰে লক্ষ্য কৰি তেওঁ দেখিলে সঁচাকৈ কোনোবা এজনে তেওঁৰ পিছে পিছে হুৰমূৰাই আহি আছে।হাৰুবাবুৰ মনত কিবা এক অজান সংকাৰ ভাৱ আহিল, অলপ ভয় ভয় লাগিল৷ চোৰ, ডকাইত নহয়তো! হে ভগৱান! সন্মুখৰ সেই মুকলি পথাৰখন পাৰ হোৱা সময়ত অকলে পাই যদি ডিঙিটোতে দুই চাৰি মাৰ সোধাই তেনেহ’লে দেখোন মই মৰিলোঁৱেই।হাৰুবাবুৰ ক্ষীণ ক্ষীণ হাত, ভৰি দুখনত কঁপনি আৰম্ভ হ’ল আৰু উপায়বিহীন হৈ দৌৰা আৰম্ভ কৰিলে। কিন্তু এয়া কি মানুহজনেও দেখোন তেওঁৰ লগে লগে দৌৰা আৰম্ভ কৰি দিলে! হাৰুবাবুৱে ভাবিলে, চিধা মুকলি পথাৰৰ ফালেদি গ’লে ঠিক নহ’ব। বৰ আলিত উঠি বদিপাৰা হৈ যোৱা যাওক, অলপ বেছিকৈ খোজ কঢ়া হ’ব যদিও সেই সময়ত সেইটোৱেই সঠিক আৰু সুৰক্ষিত বিকল্প। সেই ভাবি তেওঁ হঠাত গলি এটাৰ ভিতৰত সোমাই বক্সিহঁতৰ সীমাবেৰা পাৰ হৈ একে দৌৰে বৰ আলিত উঠিলেগৈ। আই ঔ! সেইটো কি বদমাছ মানুহ! সিও দেখুন দেখ্দেখকৈ ঠিক তেনেকৈ বেঁকাপথেৰেই বৰ আলিত আহি হাজিৰ।
হাৰুবাবুৱে ছাটিটোকে সৰ্বশক্তিৰে মুঠি মাৰি ধৰিলে, মনতে ভাবিলে, কঁপালত যি আছে আৰু, কাষ চাপি আহিলে দুই-চাৰি চাটমান ঠিকচে কচি দিম। হাৰুবাবুৰ মনত পৰিল, ডেকাকালত তেওঁ ব্যায়ামগাৰত কচৰৎ কৰিছিল, সেই ভাবি এতিয়াও পেশীসমূহ টান হৈ আছেনে নাই জানিবলৈ দুই তিনিবাৰ হাতৰ পেশীবোৰ ফুলাই চালে।
অলপমান আগলৈ গ’লেই কালীবাড়ি। হাৰুবাবু তাৰ ওচৰ পাওঁতেই হঠাতে বাট এৰি, হাবি-জংঘল ভাঙি প্ৰাণ টাকি দৌৰিবলৈ ধৰিলে। পিছফালে ভৰিৰ শব্দ শুনি বুজিব পাৰিলে সেই লোকজনো তেওঁৰ পিছে পিছে দৌৰিছে। এইটো ডকাইত নোহোৱাটো হ’বই নোৱাৰে। হাৰুবাবুৰ হাত-ভৰি চেঁচা পৰি আহিল, কঁপালত বিন্দু বিন্দু ঘাম বাহিৰ হ’ল। তেনেতে হঠাতে শুনিবলৈ পালে সন্মুখৰ ঘাটৰ কাষত বহি কোনোবাই যেন কথা পাতিছে৷
ওচৰত মানুহৰ কথোকথন শুনা মাত্ৰকে হাৰুবাবুৰ হৃদয়ত মনোবল উভতি আহিল। দাংখাই ছাটিটো লৈ সিংহ বিক্ৰমেৰে উভতি চাই ক’লে,
: ঐ! তোৰ ধান্দা মই কি বুজা নাই বুলি ভাবিছ!আওমৰণে মৰাৰ ইচ্ছা নেকি তোৰ?
কিন্তু মানুহজনৰ মুখখন চাই হাৰুবাবুৰ কথাৰ জোৰ কমি গ’ল।অতি নিৰীহ ক্ষীণকায় ভাল মানুহৰ প্ৰজাতিৰ লোকজন, ডকাইতৰ নিচিনা একেবাৰে নহয়।
হাৰুবাবুৱে অলপ কোমলকৈ ধমক দি ক’লে,
: এনেই মোৰ পিছে পিছে কিয় ঘূৰিছে হয়?
মানুহজনে ভয়তে থতমত খাই ক’লে,
: এই ষ্টেচন মাষ্টৰ যে, তেঁৱেই ক’লে, আপুনি হেনো বলৰাম বাবুৰ ঘৰৰ ওচৰতে থাকে। আপোনাৰ লগত গ’লে ঠিকেঠাকে তেওঁৰ ঘৰ পাই যামগৈ। আপুনি কি এনেকৈ সদায় বেঁকা-বেঁকিকৈ যায় নেকি?
ঠিক এক মিনিট মুখ মেলি চাই হাৰুবাবুৱে কিবা এষাৰ ক’বলৈও একো উত্তৰ বিচাৰি নাপালে। ডিঙিটো তলমুৱা কৰি তেওঁ চিধা বাটেৰে ঘৰমুৱা হ’ল আৰু পিছে পিছে সেই অচিনাকি আগন্তুক।
☆ ★ ☆ ★ ☆
6:52 pm
বঢ়িয়া লাগিল দেই ?
9:32 pm
আন্তৰিক কৃতজ্ঞতা জনালোঁ…