মুক্তিত নিস্পৃহ যিটো- চিদানন্দ বৰা
দাদা, আলোচনীলৈ কিবা এটা দিবহে; গ্ৰুপৰ ইজ্জতৰো কথা আছে৷ অকল মিনতি খুৰীৰ কথাকেই লিখি থাকিলে নহ’ব; ৰাইজলৈ বুলিও কিবা এটা লিখক৷
লকডাউনৰ বিড়ম্বনাক নেওঁচিবলৈকে কেইজনমান ফটাঢুলীয়াৰ সমিলমিলত গঢ়ি উঠা গ্ৰুপটোত; এইয়া সুকুমাৰৰ মন্তব্য ৷
গ্ৰুপটোত বাইছ তেইশজনমান সদস্য আছে৷ অধিকাংশ সদস্যই খুউব ভাল লিখামেলা কৰে৷ ফটাঢোলৰ ৰথী মহাৰথী সকলৰ নাম-তালিকাত, এওঁলোকৰ নামবোৰো ট-টকৈ জিলিকি থাকে৷ তাৰে ভিতৰত দুই-এজন ইমানেই পাৰ্গত যে; ইচ্ছা কৰিলে মহাৰথী অৰ্জুনকো চেৰ পেলাই, একেপাত শৰতে আঁউসীৰ ঘোপমৰা অন্ধকাৰতো অনায়াসে ডঁৰিকণা মাছৰ চকু কাঢ়ি আনিব পাৰে৷ শব্দভেদী বাণ-নিক্ষেপনতো এইসকল তথৈবচ৷ হাতীয়ে পানীখোৱা বুলি ভাৱি নিক্ষেপ কৰা দশৰথৰ বাণে ভুলবশতঃ শ্ৰৱণকুমাৰৰ প্ৰাণ ল’লেও ; এইসকলৰ বাণে কিন্তু কাহানিও তেনে ভুল নকৰে৷
এনে সজ্জনৰ সংগত পৰিয়েই, বায়নৰ ঘৰৰ বোন্দাটোৰ দৰে ময়ো খোলত এচাপৰ দিয়াৰ মন মেলিলোঁ৷ সেয়ে ‘শুভস্য শীঘ্ৰম’ বোলা নীতিকথাফাঁকিত শৰণ লৈ, কায়মনোবাক্যে মবাইলৰ নোটপেডটো খুলি ল’লোঁ৷
পিচে, প্ৰাৰম্ভিকতে সূত্ৰ নাপাই মত্ত হোৱাদি, গোটেই স্বৰ্গ-মৰ্ত-পাতাল ভ্ৰমিবলৈ ধৰিলোঁ৷ নিৰ্দিষ্ট ‘মেটাৰ’ এটাৰ সন্ধানত ঘনেপতি উজুতিয়াই ফুৰা মনৰ দুৰৱস্থা দেখি অন্তৰখনো যেন বেদনাত উচুপি উঠিল! উদে মাছ খোৱা দেখি বোন্দাই পানীত জাপ দিয়াৰ কথা লোকৰ মুখত শুনিছিলোঁ যদিও, আজি তাক মৰ্মেমৰ্মে উপলব্ধি কৰাৰ সুযোগ পালোঁ৷ কিহৰ যে খজুৱতিত সুকুমাৰক এনেকৈ বাক্যদান কৰিলোঁ — তাৰেই অনুতাপত দগ্ধ হৈ নিজৰ দুইগালত দুটা ব্ৰহ্ম-চৰ সোধাবলৈ মন গ’ল৷ কিন্তু তাকে কৰিলে জানো গ্ৰুপৰ ইজ্জত থাকিব?
সেয়ে মাত্ৰা প্ৰদানৰ চেষ্টাত স্থিতপ্ৰজ্ঞ হৈ ৰ’লোঁ৷ শাস্ত্ৰ-ভাগৱতত অলপ ৰাপ থকা কাৰণেই গ্ৰুপৰ কিছুসংখ্যকে এই অধমক মাধৱ কন্দলি বুলিও মাতে৷ সেয়ে শাস্ত্ৰই শেষ ভৰষা বুলি ভাবি, এবাৰ তাতেই শৰণ লৈ চোৱা যাওক বুলি মনস্থ কৰোঁতেই, “মুক্তিত নিস্পৃহ যিটো, সেহি ভকতক নমো————” বোলা ঘোষাভাগৰ প্ৰথম কলিটো স্বতঃস্ফূৰ্তভাৱে অন্তৰাত্মাই গুণগুণাই উঠিল৷ লগেলগেই নিস্পৃহ ভকতৰ স্বৰূপত যোৰহটীয়া ভকত ৰিণ্টুমণি দত্তৰ মুখমণ্ডল উজলি উঠিলত; ততাতৈয়াকৈ ফোনটো লগালোঁ৷
: ককাইদেউ কওক৷
: হৌৰা, ভালনে তোমাৰ? ক’ত আছা?
: এহ্ নকব আৰু; কিমাননো কেঁচুৱাৰ গু-মুত্ৰ ধুই থাকিব! তাতে আকৌ পাকঘৰৰ দায়িত্বটোও মূৰপাতি ল’বলগীয়াত নপৰিচোনে! আজি এমাহে নখকিটাও কাটিবলৈ আজৰি পোৱা নাই৷ নখৰ ফাঁকত হালধী ৰঙেই নে কেঁচুৱাৰ হেৰিয়েই ———- ; সেয়ে বহুতদিনৰ মূৰত সুবিধা এটা পাই সান্ধ্যভ্ৰমণৰ চলেৰে সঞ্জীবৰ ৰূমলৈ আহিছোঁ৷
বেচেৰাৰ বিড়ম্বনা দেখি; দুখ এটা যেন ক্ৰমশঃ উজাই আহিল৷ সেয়ে তাৰ ঢলক ৰুধিবলৈকে মাজতে আকৌ মাত লগালোঁ৷
: হেৰি নহয়, সুকুমাৰে আলোচনীলৈ কিবা এটা লিখিবলৈ কোৱাত ময়ো আগপাছ নুগুনি পটককৈ ‘হা’ বুলি কৈ দিলোঁ হে; এতিয়া ফৰিঙৰ মৰণ মিলাতহে তোমালৈ বুলি ফোনটো কৰিলোঁ – – –
শেষৰ শাৰীটো সম্পূৰ্ণ হ’বলৈ নিদি দত্তই কৈ উঠিল —
: অজামিল উপাখ্যানকে ব্ৰজাৱলীত লিখি দিয়ক হে, ককাইদেউ৷ নহ’লে গ্ৰাহ-গজেন্দ্ৰ ভাগকে ———
উত্তৰৰ মতিগতি দেখি বিন্দুমাত্ৰও সন্দেহ নাথাকিল; নিস্পৃহ ভকত যে আজি সত-ৰজ-তম গুণেৰে পৰিপূৰ্ণ! সেয়ে আধৰুৱা বাৰ্তালাপতেই ফোনৰ সংযোগ বিছিন্ন কৰিবলৈ বাধ্য হ’লোঁ৷ সঞ্জীৱলৈ ফোন এটা কৰাৰ ইচ্ছা আছিল যদিও পৰিবেশৰ তলানলা পাই দুনাই ফোন কৰাৰ সাহসহে গোটাব নোৱাৰিলোঁ৷
পুনৰ মবাইলৰ নোটপেডলৈ বুলি ঢাপলি মেলিলোঁ৷ আজিৰ ভিতৰতে কিবা এটা লিখি সুকুমাৰলৈ পঠিয়াবই লাগিব; কাৰণ গ্ৰুপৰ ইজ্জতৰো কথা আছে৷
চাৰিবেদ, চৌধ্য শাস্ত্ৰ আৰু ওঠৰ পুৰাণ সৃষ্টি কৰাৰ পাছতো মহৰ্ষি বেদব্যাসৰ মনে যেতিয়া স্থিৰতা হেৰুৱাই কিংকৰ্তব্যবিমূঢ় হৈ পৰিছিল; তেতিয়াই নাৰদৰ আগমনত তেৰাৰ পৰামৰ্শতেই পাছলৈ বেদব্যাসৰ দ্বাৰা শ্ৰীমদ্ভাগৱতৰ ৰচনা হৈছিল৷ কিন্তু মোৰ এই সংকটকালত, কোন নাৰদৰূপী বৈষ্ণৱ আহি সংকটমোচন কৰিব, তাৰেই ভাৱনাত ক্ৰমশঃ আতুৰ হৈ পৰিছোঁ৷ তাতে আকৌ গ্ৰুপৰ ইজ্জতৰো কথা আছে!
সেয়ে এনে সন্ধিক্ষণত মনটো বান্ধি ৰাখিবলৈ অহোপুৰুষাৰ্থ কৰিছোঁ৷ জীৱনৰ চৰম সংকটকালত উপনীত হোৱা কালিদাসে যদি সামান্য মাটিৰ কলহ আৰু শিলৰ মাজৰ নিমাওমাও যুদ্ধখনতেই জীৱন জীনাৰ মন্ত্ৰ লভিব পাৰে; কংক্ৰিটময় জীৱনত তেইশটাকৈ বছৰে এগৰাকীকে সহি সহি দুঃসহ সংগ্ৰাম কৰা এই অধমেনো কিয় এনে মন্ত্ৰ লভিব নোৱাৰিম —- বুলি ধৈৰ্য্যৰে শুভ সময়ৰ নিৰ্ঘণ্টকলৈ বাট চালোঁ৷ তাতে আকৌ গ্ৰুপৰো ইজ্জতৰ কথা আছে!
জীৱনৰ প্ৰথম প্ৰেমপত্ৰ লিখোঁতেও আজিৰ দৰে মনোকষ্ট পোৱা নাছিলোঁ। লেমৰ ফিটা পুৰি পুৰি, প্ৰেমপত্ৰৰ প্ৰথম শাৰীটো সম্পূৰ্ণ কৰিবলৈ, দুই দিস্তা কাগজৰ শ্ৰাদ্ধ ঘটোৱা মূহুৰ্তখিনিও হয়তো আজিৰ দৰে হৃদয়বিদাৰক নাছিল! সঁচাকৈয়ে নিজৰ ওপৰত ধিক্কাৰ জন্মিব ধৰিলে। কি কৰোঁ, কি নকৰোঁ — এনে ভাৱত থাকোঁতেই ওচৰতে পৰি থকা আজিৰ “দৈনিক কাকত”খনত চকু পৰিল৷ ক্ষীপ্ৰতাৰে কাকতখন তুলি ধৰি প্ৰথম পৃষ্ঠাটো লুটিয়াই, দ্বিতীয়পৃষ্ঠাৰ এচুকত দুইচকু স্থিৰ হৈ ৰ’ল৷
“মীন ৰাশি (দ, চ )ঃ
এই ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো খুবেই সম্ভাৱনাপূৰ্ণ যদিও দুই এক আহুকালে পথভ্ৰষ্ট কৰাৰ কাৰণো দেখা যায়৷ বৃহস্পতি তুংগত আৰু মংগল চন্দ্ৰত অৱস্থান কৰাৰ কাৰণে বিদ্যাস্থান শুভ যদিও পত্নীভয়, সৰ্পভয়, ভকত নিন্দাৰ যোগ আছে৷ ন-উদ্যমেৰে লগা যিকোনো কামত দেৰীকৈ হ’লেও ফল লাভৰ আশা৷ এই ৰাশিৰ জাতক জাতিকা যদি কবি সাহিত্যিক হয়; তেন্তে এনে প্ৰাপ্তিৰ মনিকাঞ্চন সংযোগ ঘটা বাৰুকৈয়ে দেখা যায়৷ মাথোঁ তাৰ বাবে প্ৰয়োজন সু-নিৰ্দিষ্ট পৰিকল্পনা আৰু ধৈৰ্য্যৰে শুভক্ষণৰ অপেক্ষা৷ আপোন বুলি বিশ্বাস কৰা জনৰ ব্যৱহাৰে মনত দুখ দিব পাৰে৷ আয় দুই; ব্যয় পাঁচ৷ পাৰিলে যিকোনো ব্যক্তিক ফোন কৰাৰ পৰা বিৰত থাকক৷”
একেউশাহতে নিজৰ ৰাশিফলটো পঢ়ি শেষ কৰিলোঁ৷ আত্মপ্ৰত্যয় আৰু আত্মগ্লানিৰ যুগ্ম প্ৰতিচ্ছবিত, সুখ-দুখৰ মিশ্ৰিত ভাৱাবেগ এফেৰি বাৰুকৈয়ে বাগৰি গ’ল৷ ৰাশিফলটো আগতেই পঢ়াৰ সুযোগ পোৱাহেঁতেন কিজানি, যোৰহটীয়া ভকতলৈ ফোন কৰি ইদৰে লঘু হোৱাৰ অৱস্থাটোও নাহিলহেঁতেন! “দৈৱৰ লিখন নহয় খণ্ডন” — এইকথাকে সৰোগত কৰি ভকতজনাৰ প্ৰতি ওপজা ক্লেশভাৱো মনৰ পৰা দূৰ কৰিলোঁ৷ ইপিনে কবি সাহিত্যিকৰ বাবে আজিৰ দিনটো বিশেষ বুলি কোৱা কথাষাৰলৈ মনত পৰাত — হতাশাবোৰো নিমিষতে কৰ্পূৰৰ দৰে উৰি গ’ল৷ সেয়ে মনতে বল বান্ধি ন-উদ্যমেৰে সৃষ্টিৰ বাকৰি বুলি ভৱা মবাইলৰ নোটপেডলৈ ঢাপলি মেলিলোঁ। তাতে আকৌ গ্ৰুপৰ ইজ্জতৰো কথা আছে!
শুভলগনৰ অপেক্ষাত স্থিতপ্ৰজ্ঞৰ দৰে কেৱল নোটপেডত দৃষ্টি নিবন্ধ কৰি ৰৈছোঁ; কিবাকৈ বৰষিৰ পুঙা লৰিলেই কেনেকৈনো চিপটো মাৰিম — তাৰেই কল্পনাত!
ভাৱনাৰ মাজে মাজে গ্ৰুপৰ নটিফিকেচনবোৰতো চকু মাৰি থাকিলোঁ৷ কাৰণ সৎসংগই মানুহৰ মন-মগজুৰ উৎকৰ্ষ সাধন কৰে৷ ভকত য’ত ভগৱন্ত বিৰাজমান ত’ত৷ সেয়ে সান্ধ্য প্ৰসংগত কোনজন ভকতে কোনভাগ পুথি উলিয়াই লৈছে; কোনেনো কেইটা অনুচ্ছেদ শেষ কৰাৰ পৰিকল্পনা কৰিছে — তালৈকো মাজে-মাজে চকু মাৰি থাকিলোঁ৷ নিতৌ চাৰি পাঁচটা অনুচ্ছেদ সম্পূৰ্ণ কৰাত মালাধাৰী ভকতসকল সদা অভ্যস্ত৷ কোনো কোনোৱে আকৌ দহ বাৰটা পৰ্যন্ত সম্পূৰ্ণ কৰে৷ ভক্তিৰসত গদগদ হৈ পৰা ভকতসকলৰ অমিয়া মাতত মনটোও পবিত্ৰ হৈ পৰে৷ নৱৰসৰ নৱ সংগমত বেদাংগ / চেতাংগ সাহিত্যই চূড়ান্ত শিখৰ লভি যেতিয়াই বৈকুণ্ঠক চুমে; তেতিয়াই ধন্য হৈ পৰে জীৱন৷ এনে ভকত বৈষ্ণৱৰে পৰিপূৰ্ণ গ্ৰুপটোৰ ইজ্জতৰ খাটিৰতেই, কিবা এটা লিখিবই লাগিব বুলি দৃঢ়প্ৰতিজ্ঞ হ’লোঁ।
এদিনৰ বলত বলৱান হৈ, বৰপ্ৰাপ্ত জয়দ্ৰথে যিদৰে মহাবলী ভীমক বেহু-প্ৰবেশত প্ৰতিহত কৰিছিল; সেইদৰে মোৰো সাহিত্যিক হোৱাৰ পথো যে বিজতৰীয়া ৰাহু বা কেতুৰ দশাত পৰি কিবাকৈ ৰুদ্ধ হৈ পৰিছে; সন্দেহটো দৃঢ় হৈ পৰিল৷ তাতে ৰাশিফলৰ কথাখিনিয়ে সেই দৃঢ়তাত বাৰুকৈয়ে ৰহণ চৰাইছে৷
যোৰহাটীয়া ভকতৰ লগত ফোনত হোৱা কথাখিনিলৈ পুনৰ ঢাপলি মেলিলোঁ৷ কাৰণ — ভগৱন্ত ভকতৰ বশ্য৷ গতিকে ভকতৰ মুখেদি বাজ হোৱা বাক্যত ভগৱন্তৰ মহিমা লুকায়ো থাকিব পাৰে বুলি বাৰ্তালাপৰ সাৰাংশক পুনৰীক্ষণ কৰাৰ চেষ্টা কৰিলোঁ৷
অজামিল হেন মহাপাপীৰ মুখত নাৰায়ণৰ নাম শুনিয়েই বিষ্ণু-দূতৰ আগমন ঘটিছিল আৰু পৰিশেষত যমদূতে পলাই ফাঁট মাৰিছিল৷ ফাইনেলি — অজামিলৰো বৈকুণ্ঠপ্ৰাপ্তি৷
আৰু গজেন্দ্ৰ? হস্তীনীৰ লগত জলকেলি কৰি মত্ত হোৱা মহাপৰাক্ৰমী গজেন্দ্ৰক, গ্ৰাহে ভৰিত ধৰি পানীৰ তললৈ চোঁচৰাই নিছিল৷ অনিবাৰ্য মৃত্যু দেখি গজৰাজে যদি পদ্ম-পুষ্প শুৰত লৈ ভগৱানক আবাহন নকৰিলেহেঁতেন; দুনাই জলকেলি কৰাৰ সুবিধাও নাপালেহেঁতেন! ———– কথাখিনিয়ে অন্তৰাত্মাত চুনামীৰ সৃষ্টি কৰিলে৷ এনে সজ্জনৰে ভৰা সদস্যসকলৰ সংগ লভি ময়ো গজেন্দ্ৰৰ দৰে অহংকাৰী হৈ উঠা নাইতো; যাৰ পৰিনামত মোৰো অহংকাৰী সত্ত্বাক গ্ৰাহে গিলাৰ উপক্ৰম কৰিছে! যাৰ পৰিনামত সৰুকৈ লেখা এটিৰ সৃষ্টি কৰিবলৈকো বাৰে বাৰে অপৰাগ হৈ পৰিছোঁ! মাহেকৰ শেষত এশ ডেৰশজনীয়া ৰিজাল্ট চিটত নিজৰ নামটো দেখাৰ সপোন কি এইবাৰো সপোন হৈয়েই ৰ’বনেকি? নে ভকত নিন্দাৰ দৰে দোৰ্ঘোৰ অপৰাধৰ বাবেই আজি এনে বিপত্তি? নাই নাই — নিজৰ ভুল-ত্ৰুটিৰ দোহাই দি ভকতলৈ ফোন এটি কৰাই অতি উত্তম হ’ব! ভকতে ক্ষমা কৰা মানেই ভগৱন্তই ক্ষমা কৰা৷ তাতে আকৌ গ্ৰুপৰো ইজ্জতৰ কথা আছে৷
:: ক্ৰিং – – – ক্ৰিং – – – ক্ৰিং
:: কো–ন ব্বে—
:: হেল্লৌ , হেল্লৌ; ৰিণ্টুমণি মইহে – —
:: কোন মই – – – (অশ্লীল)? এই মাজৰাতি ফোন কৰিবলৈ কিহে – – – গুলিয়াই দিম – – (অশ্লীল)৷
:: হেল্লৌ হেল্লৌ; নম্বৰটো ক’ত লাগিছে বাৰু – – – –
:: চিনি পোৱা নাই — (অশ্লীল)? মুকেশ অম্বানীয়ে কৈছোঁ – – – কোকিলাবেনৰ একমাত্ৰ পুত্ৰ – – – ফ্ৰম কণিহা; গুলিয়াই চা-ল-নী বনাই দিম – – -(অশ্লীল); চিনি পোৱা নাই – – -(পুনৰ অশ্লীল)
গ্ৰাহে মোকো গিলিবলৈ যে নামমাত্ৰও বাকী থকা নাই; খাটাং হৈ গ’লোঁ৷ সেয়ে ফোনৰো সংযোগ সিমানতে বিছিন্ন কৰা হ’ল৷ আৰু গ্ৰুপৰ ইজ্জত ———- ? ক’ৰণাই মাৰি নিয়াহেঁতেনো কিজানি ইয়াতকৈ শান্তি লভিলোঁহেঁতেন!
এগালমান হতাশাই যেন মুহুৰ্ততে সৰ্বস্ব ছানি ধৰিলে আৰু কৰ্ণকুহৰত এটা কথাই অহৰ্নিশে বাজিবলৈ ধৰিলে —
——–
“দাদা, আলোচনীলৈ কিবা এটা দিবহে; গ্ৰুপৰ ইজ্জতৰো – – – – – – – – – ”
5:16 pm
বঢ়িয়া লাগিল
10:28 am
ধন্যবাদ ৷
5:56 pm
ভাল লাগিল।
10:17 pm
ধন্যবাদ ডলীী ৷
10:30 am
ধন্যবাদ ৷
3:18 am
তাতে আকৌ গ্ৰুপৰো ইজ্জতৰ কথা আছে৷ককাইদেউ টামামi
7:13 pm
ককাইদেউ, পৰবৰদিগাৰত দোৱা কৰিছো যাতে আপুনি সদায় এইদৰে সৎ-সঙ্গত থাকি এনেকুৱা ধুনীয়া লেখা প্ৰত্যেকবাৰেই লিখি থাকে।
“ভকতৰ সঙ্গ সদা নুগুচক”
বাকী এই ৰিণ্টুমনি-সঞ্জীবৰ গুলীলৈ ভয় নাখাব। দুইটাৰ হাত কঁপে, আপোনালৈ গুলিয়ালে কাষৰ তামোলজোপাত হে লাগিব।
বাকী মোৰ দৰে অনাথকো দয়া কৰি থাকিব
10:15 pm
বৰ সন্তোষ পালোঁ ৷ কৃষ্ণ ৷
7:19 pm
দাদা টামাম দেই ?
10:18 pm
ধন্যবাদ অভিজিত ৷
7:58 pm
বৰ সুখ পালো পঢ়ি। সেৱা এভাগ থাকিল
10:19 pm
বৰ সন্তোষ পালোঁ ৷ ধন্যবাদ ৷
11:09 pm
ভকতৰ সেৱা গ্ৰহন কৰিবা৷ মজা লাগিল চিদা
10:31 am
ধন্যবাদ দাদা ৷
11:54 pm
খুব ভাল লাগিল চিধা দা।
10:31 am
ধন্যবাদ
10:21 am
কৃষ্ণ, কি লিখিলে হে । ৰিন্তুমনিৰ গুলীটকৈও সাংঘাটিক দেখোন ।
10:32 am
ধন্যবাদ প্ৰভু ৷
2:53 pm
বাপ ! বৰ আমোদ দিলে ৷ আগলৈ আকৌ হেপাহ কৰি থাকিলোঁ ৷
7:25 pm
সুন্দৰ হৈছে, আগলৈও ভকতৰ লিখা পঢ়াৰ আশা কৰিলো।