আহুকাল- জয়ন্ত কুমাৰ ডেকা
আড্ডা দিয়া বন্ধুৰ সংখ্যা তেতিয়া লাহে লাহে কমি আহিছিল৷ সকলো ব্যস্ত৷ দুই এজনে গাৰ্হস্থ্য জীৱনতো প্ৰৱেশ কৰিলে৷ মুঠতে লাহে লাহে সময়ৰ হাতোৰাত সকলো বন্দী৷
ব্যতিক্ৰম আছিল মাথো লগৰ ভাস্কৰ৷ মানে সময়ৰ অভাৱ নাছিল তাৰ৷ দিনত এটা ৰাজনৈতিক পাৰ্টিৰ অফিচত কিছু হলি-গলি আৰু আবেলি আড্ডা পইণ্টত অকলে হ’লেও এবাৰ পৰিদৰ্শন৷ কিন্তু ক’ব লাগিব মনটো তাৰ বহুত ডাঙৰ৷ লগৰ কাৰোবাৰ কিবা সমস্যা বুলি জানিলে প্ৰথম সহায়কজন সিয়ে হয়৷ অৱশ্যে সাধাৰণ সমস্যাবোৰত হে কিন্তু৷ আৰু বিনিময়ত কেতিয়াবা লাগে তাক দিনৰ জৰ্ডা পাণৰ খৰচটো৷ দিনটোত ছয়-সাতখনলৈ জৰ্ডা পাণ গ্ৰহণ কৰিব পৰা ক্ষমতা আছিল তাৰ৷
আড্ডা পইণ্টত কেতিয়াবা আমাক লগ পালেই হ’ল, মুখত পাণ এখন চোবাই চোবাই তাৰ বৰ্তমানৰ অৱস্থাৰ লগতে ভৱিষ্যত পৰিকল্পনাবোৰ আমাৰ আগত শুনাই৷ মানে একেসময়তে তিনিজনীৰ লগত কেনেদৰে লিলি চলাই আছে আৰু ভৱিষ্যতে কিদৰে ৰাজনীতিত ভৰি দিব, এম.এল.এ. হ’ব ইত্যাদি ইত্যাদিবোৰ৷
সেইদিনা আবেলি লগৰ ইমৰানে ফোন কৰিলে৷
: ঐ ক’ত আছ তই? ভাস্কৰে তোক আৰু মোক উজানবজাৰলৈ মাতিছে৷ ইমিডিয়েট পোৱাকৈ৷
: কিয়?
স্বভাবিকভাৱে প্ৰশ্ন কৰিলোঁঁ৷
: নাজানো বে৷ কিন্তু দুয়োকে সোনকালে বিবেকানন্দ কেন্দ্ৰৰ আগলৈ মাতিছে৷ কিবা প্ৰব্লেমত পৰিছে বোলে সি৷ যাওঁ ব’ল৷ সিও আমাক যথেষ্ট সহায় কৰে দেচোন৷
বৰ বিশেষ নাভাবি গাড়ী ষ্টাৰ্ট দিলোঁঁ৷ দুয়ো মানে মই আৰু ইমৰান প্ৰায় একেলগেই উজানবজাৰ পালোঁঁ৷ ভাস্কৰ তাতে ৰৈ আছে৷
: ও… কি হ’ল ক? আমাক মাতিলি যে?
অলপ ইতস্ততঃ কৰি সি লাহে লাহে ক’বলৈ আৰম্ভ কৰিলে,
: এহ নক’বি আৰু, ডাঙৰ প্ৰব্লেম এটা হ’ল ৰে৷ ৰশ্মিক লৈ মানে পাৰ্কলৈ আহিছিলোঁঁ৷ এতিয়া মানে তাইৰ….
: দে কৈ যা৷
ইমৰানে অলপ খঙেৰেই ক’লে৷
: নহয় অ’ ….নাজানো তাইৰ গা তৎক্ষণাত বেয়া হ’লচোন৷ পাৰ্কৰ বেঞ্চত বহি আছে৷ ভালদৰে থিয় হ’বও পৰা নাই৷ সেয়েহে তহঁতক মাতিছোঁঁ৷ ব’লনা তাইক ৰূমত থৈ আহোঁগৈ৷ তাইৰ ৰূমমেট কেইজনীক ফোন কৰি ক’লোঁঁ৷ অকলে নিবলৈ ভাল নালাগে বাবেই তহঁতক মাতিলোঁঁ৷
: ক’ত ৰূম তাইৰ?
ময়ে সুধিলোঁ৷
: ইয়াত, শিলপুখুৰীতে৷
মই আৰু ইমৰানো পিছে পিছে বাইকত শিলপুখুৰীলৈ আহিলোঁঁ৷ তাইক ৰূমত থৈ আহি তিনিও পথৰ দাঁতিতে কিছু সময় থিয় দিলোঁ৷
: কি হ’ল নো তাইৰ? এনেকে যে তৎক্ষণাত গা বেয়া হ’ল?
নীৰৱতা ভাগি ইমৰানেই আৰম্ভ কৰিলে৷ কওঁ-নকওঁ কৈ ভাস্কৰে মুখ খুলিলে,
: আজি kiss day আছিল বুলি ক্ষণিকৰ মৌনতা৷ নাজানো ভাই…তাৰ পিছতে তাইৰ গা বেয়া হ’বলৈ ধৰিলেচোন!
তীব্ৰ অস্বাভাবিক লাগিল কথাষাৰ৷ তথাপিও একো নকৈ মনে মনে ৰ’লোঁঁ৷ প্ৰায় একমিনিটৰ মৌনতাৰ অন্তত ইমৰান যেন আৰ্কিমিডিচ হৈ পৰিল আৰু ভাস্কৰৰ ওপৰত চিঞৰিবলৈ আৰম্ভ কৰিলে,
: হাৰামী! দিনটো জৰ্ডা পাণ চোবাই থাকিবি৷ তাৰ পিছত ‘কিছ ডে’ উদযাপন কৰিবি? ছোৱালী বেহুঁচ নহৈ কি হ’ব! আজি এতিয়ালৈ কেইখন চোবালি কুকুৰ?
☆ ★ ☆ ★ ☆
9:48 am
হাঃ হাঃ ডেঞ্জাৰেই দেখোন! মজা লাগিল৷
11:09 pm
মজ্জা