ফটাঢোল

ধেন দিয়া – নয়নমণি হালৈ

শইকীয়া চাৰক আপোনালোকে চিনি পায়নে? আপোনালোকে নাপালেও আমাৰ নলবাৰীত শইকীয়া চাৰক চিনি নপোৱা মানুহ কোনো নাই। মাত্ৰ এটা ঘটনাৰ বাবেই ৰাতাৰাতি শইকীয়া চাৰ নলবাৰীত বিখ্যাত হৈ পৰিছিল। আহক, আজি আপোনালোকক শইকীয়া চাৰৰ কাহিনীটো কওঁ।

কাহিনীটো সৰু। শইকীয়া চাৰে তেতিয়া শিৱসাগৰৰ এখন অতি ভিতৰুৱা ঠাইৰ পৰা আহি আমাৰ নলবাৰীৰ প্ৰখ্যাত কলেজখনত প্ৰবক্তা হিচাপে জইন কৰিছে। ডেকা মানুহ, উত্‍সাহী মানুহ। আহিয়েই তেওঁৰ মনত ভাৱ হৈছে যে ‘মই যদি সলসলীয়াকৈ নলবৰীয়া ক’ব নোৱাৰোঁ তেন্তে এই কলেজৰ ধুনু মইনাহঁতৰ অন্তৰ  জয় কৰিব কেতিয়াও নোৱাৰোঁ।’ সেই ভাবিয়েই নলবৰীয়া কথা, তাৰ সুৰ আয়ত্ত কৰাটোক তেওঁ একপ্ৰকাৰ প্ৰত্যাহ্বান হিচাপেই ল’লে। সহকৰ্মীসকলকো ক’লে বোলে- ‘মই যদি এমাহত সলসলীয়াকৈ নলবৰীয়া ক’ব নোৱাৰোঁ, তেন্তে মোৰ নামো অমুক শইকীয়া নহয়।’

সঁচাসঁচিকৈয়ে খুব কম দিনত শইকীয়া চাৰ বহুখিনি আগবাঢ়ি গ’ল। ভজলুক, সৈফৰাম, মৈতফালৰ পৰা তন্ধে, এন্ধে, নাংগে সৱ ক’ব পৰা হৈ গ’ল। কিন্তু এদিনেই শইকীয়াৰ কেণা লাগিল। শইকীয়াই ক’ৰবাত শুনিলে এটা কেতিয়াও নুশুনা শব্দ “ধেন দিয়া”। এই ‘ধেন দিয়া’ মানে আকৌ কি! শইকীয়াৰ লাগিল হাঁহাকাৰ। গ’ল সহকৰ্মী মহন্তৰ ওচৰলৈ। মহন্ত আকৌ আগৰ পৰাই কুৰ্চূতীয়া স্বভাৱৰ। মহন্তই “এইটো শব্দ মই আগতে শুনা নাইহে, আপুনি এটা কাম কৰক, অসমীয়া বিভাগৰ গায়ত্ৰীক সোধক” বুলি কৈ মোছৰ তলত মিচিককৈ হাঁহি এটা মাৰিলে।

গায়ত্ৰী দাস আকৌ দেখাই-শুনাই সাক্ষাত্‍ তিলোত্তমা। লাজলাজকৈ শইকীয়া গায়ত্ৰীৰ ওচৰলৈ গ’ল-

: গায়ত্ৰী কথা এটা সোধোঁ বেয়া পাবা নেকি?

: সোধক আকৌ। গায়ত্ৰীৰ মনত আবেগৰ ৰামধেনু এখন উজ্বলি উঠিল।

: এই ‘ধেন দিয়া’ মানে কিহে? গায়ত্ৰীৰ ৰামধেনু এইবাৰ মেঘ হৈ উৰি গুচি গ’ল।

: হেই হেই- বুলি দুবাৰ উচ্চাৰণ কৰিয়ে গায়ত্ৰীয়ে ‘মই নাজানো আপুনি বেলেগক সোধক’ বুলি দুইহাত দূৰলৈ পিছুৱাই গ’ল।

শইকীয়া বৰ হতাশ হ’ল। কেচটো কি! শইকীয়া এইবাৰ বৰঠাকুৰৰ ওচৰলৈ গ’ল। বৰঠাকুৰ আকৌ মহন্তৰো বাপেক। কূটবুদ্ধিৰ ভড়াল। বৰঠাকুৰে এইবাৰ চিৰিয়াছ লুক এটা লৈ ক’লে- “ইমান সহজ কথাটোকে আপুনি নাজানেনে! ‘ধেন দিয়া’ মানে হ’ল ‘থিয় দিয়া’, মানে থিয় হৈ থকা।”

: অ মানে থিয় দি থকাকে এইফালে ধেন দিয়া কয়?

বৰঠাকুৰে হয় বুলি মূৰ দুপিয়ালে৷ শইকীয়া আশ্বস্ত হ’ল। বৰঠাকুৰে মলি দিয়া চাধাপালি পৰম তৃপ্তিৰে ওঁঠৰ ফাঁকত গুজি শইকীয়া ক্লাছলৈ বুলি ওলাই গ’ল।

এইখিনিতে পাঠকৰ সুবিধাৰ্থে জনাই থওঁ যে নামনিত ‘ধেন দিয়া’ মানে হৈছে গৰু-ছাগলীয়ে পোৱালী জগোৱা। কিন্তু গাঁৱৰ অশিক্ষিত মহিলাৰ মাজত এই শব্দটো গালি-গালাজ বা লেতেৰা অৰ্থত মানুহৰ ক্ষেত্ৰতো প্ৰয়োগ কৰে। মামণি ৰয়চমৰ ‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’ উপন্যাসতো এই শব্দটো মহিলাৰ ক্ষেত্ৰতে প্ৰয়োগ কৰা হৈছে। জীৱ-জন্তুৰ ক্ষেত্ৰত এইটো প্ৰচলিত শব্দ, কিন্তু মানুহৰ ক্ষেত্ৰত এইটো তেনেই নীচক লাজলগা শব্দ।

যিয়েই নহওক, গ’ল কথা গুচিল। এই ঘটনাৰ মাহচেৰেক পিছত সহকৰ্মী অধ্যাপক তামুলীৰ জীয়েকৰ বিয়া। বিয়াঘৰ ৰজনজনাই আছে। সন্ধিয়া সময়। কলেজৰ ডেকা প্ৰফেছৰসকলৰ ভাগে ভাগে আড্ডা, ৰং-ৰহইচ চলিছে। বিয়াঘৰত মাত লগাই কলেজৰ অধ্যক্ষ ভট্টচাৰ যাবলৈ ওলাইছে। ভট্টচাৰ কথাই-কামে গুৰু গম্ভীৰ প্ৰকৃতিৰ বয়োজ্যেষ্ঠ মানুহ। তেখেতৰ মুখৰ ওপৰত কথা কোৱা দূৰৰ কথা, চকুৰ ফালে চাই কথা ক’বলৈও বহু অধ্যাপকে ভয় কৰে। ভট্টচাৰে বিয়াঘৰীয়াক মাত লগাই বাহিৰলৈ ওলাই আহি দেখিলে শইকীয়া, বৰঠাকুৰ, মহন্তকে ধৰি ডেকা প্ৰফেচৰসকলে আচুতীয়া এঠাইত আড্ডা পিটি আছে। এটা বিশেষ কাৰণত ভট্টচাৰ তেওঁলোকৰ কাষ চাপিল আৰু সুধিলে- “তোমালোকৰ কোনোবাই আমাৰ বাইদেৱেৰাক দেখিছিলা নেকিহে? অলপ আগতে মোৰ লগত আছিল, এতিয়া ক’ত জানো গ’ল!” ভট্টচাৰে তেখেতৰ পৰিবাৰক বিচাৰি নাপাই সুধিছিল।

আমাৰ সদা উত্‍সাহী শইকীয়াই টপককৈ মাত দিলে-

: বাইদেউক এইমাত্ৰ দেখি আহিছোঁ চাৰ মই।

: দেখিছা, ক’ত দেখিছা?

: আপোনাৰ গাড়ীখন য’ত ৰাখিছে, তাৰ পিছফালে থকা গছডালৰ তলতে বাইদেৱে ধেন দি আছে। কোনোবাই যেন তাত এটা এটম বোমাহে পেলালে।

: কি ক’লা তুমি?

: হয় চাৰ, মই নিজ চকুৰে দেখি আহিছোঁ, গছডালৰ তলৰ এন্ধাৰখিনিতেই বাইদেৱে ধেন দি আছে।

ভট্টচাৰে নিজ কাণকে বিশ্বাস কৰিব নোৱাৰি তাতেই ঢলি পৰিব খুজিছিল, লগে লগে কোনোবা এজনে হেনো থাপ মাৰি ধৰিলে৷ শুনামতে বৰঠাকুৰে হেনো মুহুৰ্ততে সেই ঠাই পৰিত্যাগ কৰিছিল আৰু শইকীয়াই পিছদিনাৰ পৰাই পকেটত এখন চুৰী লৈ ঘূৰি ফুৰিছিল। বৰঠাকুৰক পালেই পেটত সুমুৱাই দিব বোলে।

মুঠতে এতিয়া শইকীয়া চাৰক নিচিনা মানুহ নলবাৰীত নাই।

☆ ★ ☆ ★ ☆

11 Comments

  • ৰাজশ্ৰী শৰ্মা

    আকৌ পঢ়িলো, আকৌ হাঁহিলো।ভাল লাগিল দেই।

    Reply
  • Rimjhim Borthakur

    হাঁহিলো ঠিকছে

    Reply
  • আকৌ পঢ়িলোঁ ৷বঢ়িয়া

    Reply
  • Rintumoni Dutta

    তামাম

    Reply
  • মুনীন্দ্ৰ মহন্ত

    ধেন (ধ্যান ইয়াত উহ্য) দি পঢ়ি মজ্জা লাগলাক কিন্তুু ৷ আৰু লিখবা দে বাপাসোণা ৷

    Reply
    • নয়ন

      ধন্যবাদ দাদা৷ চেষ্টা নিশ্চয় কৰিম৷

      Reply
  • মদন দাস

    কিছু হাঁহিলো দাদা অকলে অকলে।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *